মহাভাৰত আৰু নাৰী শিক্ষা
"বেটী বচাও বেটী পঢ়াও" আৰু মহাভাৰতীয় নাৰীৰ বিপৰ্যয় 'মহাভাৰত' কাব্যক সমল হিচাপে লৈ যিহেতু আলোচনা আগবঢ়াব বিচাৰিছো সেয়ে এই শ্লোকেৰেই আৰম্ভ কৰিব বিচাৰিছো— "ধৰ্মে চাৰ্থে চ কামে চ মোক্ষে চ ভাৰতৰ্ষভ ৷ যদিহাস্তি তদন্যত্ৰ যন্নেহাস্তি ন কুত্ৰচিৎ" ৷৷ ইয়াৰ অৰ্থ নতুনকৈ পুনৰ বহলাই কোৱাৰ প্ৰয়োজন অৱশ্যেই নাই যদিও থোৰতে ক'ব বিচাৰিছো যে সাম্প্ৰতিক সময়ত যিয়েই বিষয় লৈ আমি আলোচনা নকৰো কিয়, সেইসমূহ বহু হাজাৰ বছৰ পূৰ্ব্বেই মহাভাৰতীয় পৰিক্ৰমাত সংঘটিত হৈছে বা এই সম্পৰ্কে আলোচনা হৈছে ৷ মহাভাৰত প্ৰণেতাই এইবুলি দাবী কৰিছে যে মহভাৰতত যিখিনি আছে সেইখিনি সকলোতে বিয়ঁপি আছে আৰু মহাভাৰতত যিখিনি নাই সেয়া ক'তোৱেই পাবলৈ নাই ৷ এই দাবী অৱশ্যেই উলাই কৰিবপৰা বিধৰ নহয় ৷ সাম্প্ৰতিক সময়ৰ যি অস্থিৰতা, বিশৃংখলতা এই সকলোবোৰৰ আলোচনা মহাভাৰতীয় পটভূমিত আলচ কৰাৰ সম্যক চেষ্টা কৰিব বিচাৰিছো ৷ ○ পাঁচহাজাৰ বৰ্ষ পূৰ্ব্বেই সংঘটিত সেই সময়ৰ মহাভাৰতীয় ঘটনাপ্ৰবাহে আমাৰ ভাৰতীয় সভ্যতা-সংস্কৃতিত ইমানেই প্ৰভাৱ বিস্তাৰ কৰিলে যে আমি আজিও এই গণ্ডীৰ পৰা মুক্ত হ'ব পৰা নাই ৷ হত্যা, ধৰ্ষণ, লুণ্ঠন, প্ৰবঞ্চনা, না...








