ক্ৰীড়া প্ৰবন্ধ
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰু ভাৰতৰ বলিং আক্ৰমণ
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেললৈ ভাৰতৰ প্ৰস্তুতি সম্পৰ্কত পূৰ্ব্বৰ খণ্ডত আলোচনা কৰোতে বেটিং বিভাগটোক সামৰি লৈছিলোঁ | বেটিঙৰ সমান্তৰালকৈ বলিং বিভাগ সম্পৰ্কতো আলোচনা কৰিবলগীয়া নিশ্চয় আছে | এনে এটা সময় ভাৰতীয় ক্ৰিকেটে পাৰ কৰি আহিছে যি সময়ত অকল বেটিঙক কেন্দ্ৰ কৰিয়েই দৰ্শকে খেল উপভোগ কৰাত আগ্ৰহী আছিল | কিন্তু আজি ভাৰতীয় ক্ৰিকেটে বেটিঙৰ সমান্তৰালকৈ বলিং শক্তিৰো উত্তৰণ ঘটাই সেই শক্তিৰে মেছ জিকাৰ সামৰ্থ্য আহৰণ কৰিছে | এটা সময়ত ভাৰতীয় দলৰ বলিং শক্তি বুলিলে স্পিনাৰ সকলেই মূখ্য ভূমিকা পালন কৰিছিল আৰু খুব কমসংখ্যক পেচ বলাৰেহে দলত স্থায়িত্ব লাভ কৰিছিল | কিন্তু বিগত ৮-১০ বছৰৰ পৰা ভাৰতীয় ক্ৰিকেটত কেইবাজনো প্ৰতিভাশালী পেচ বলাৰৰ আবিৰ্ভাৱ হ'ল আৰু এতিয়া বিদেশৰ মাটিতো পেচ বলাৰৰ শক্তিৰে মেছ জিকিব পৰাকৈ দলটো শক্তিশালী হৈ উঠিল | বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত খেলাৰ বাবে ভাৰতীয় দলটোত ছয়জন পেচ বলাৰ আৰু চাৰিজন স্পিনাৰ অন্তৰ্ভূক্ত হৈছে | পেচ বিভাগত আছে ঈশান্ত শৰ্মা, মহম্মদ ছামি, যশপ্ৰীত বুমৰাহ, উমেশ যাদৱ, ছাৰ্দুল ঠাকুৰ আৰু মহম্মদ ছিৰাজ | ৰবিচন্দ্ৰন আশ্বিন, ৰবীন্দ্ৰ জাডেজা, ৱাশ্বিংটন সুন্দৰ আৰু অক্ষৰ পেটেল থাকিব স্পিন আক্ৰমণত | মূল একাদশত ভাৰতে পাঁচজন বলাৰ খেলোৱাটো একপ্ৰকাৰ নিশ্চিত | এইক্ষেত্রত দল পৰিচালন বৰ্গই ৩-২ নে ৪-১ পদ্ধতি অৱলম্বন কৰে সেয়া শেষ মূহুৰ্ততহে জ্ঞাত হ'ব | যদি ভাৰতে তিনিজন পেচাৰ আৰু দুজন স্পিনাৰৰ সৈতে খেলপথাৰত নামে তেন্তে পেচ বলিংঙত ঈশান্ত শৰ্মা, মহম্মদ ছামি আৰু যশপ্ৰীত বুমৰাহ থকাৰ সম্ভাৱনা অধিক | তেনেদৰে স্পিন বলিঙত আশ্বিনৰ লগত থাকিব ৰবীন্দ্ৰ জাডেজা | অৱশ্যে ইংলেণ্ডৰ পৰিৱেশত দুজন স্পিনাৰৰ কাৰ্য্যকাৰিতা সম্পৰ্কেও দলে নিশ্চয় চিন্তা-চৰ্চা কৰিব, সেই দিশৰ পৰা যদি এজন স্পিনাৰ আৰু চাৰিজন পেচবলাৰ খেলাই তেতিয়া আশ্বিনে নিশ্চিতভাৱে অগ্ৰাধিকাৰ পাব | চতুৰ্থজন পেচ বলাৰৰ স্থানটোত শেহতীয়া প্ৰদৰ্শনৰ সুবাদত মহম্মদ ছিৰাজ নিশ্চিতভাৱে উমেশ যাদৱতকৈ আগত থাকিব | কিন্তু উমেশ যাদৱেও সুযোগ পোৱা মেছবোৰত কোনোদিনেই দলক নিৰাশ কৰা নাই | অক্ষৰ পেটেলেও শেহতীয়াকৈ যিধৰণৰ দুৰ্দান্ত প্ৰদৰ্শন কৰিলে তেনেক্ষেত্রত তেওঁৰ ওপৰতো সকলোৰে দৃষ্টি নিশ্চয় থাকিব যদিও আশ্বিন বা জাডেজাক অতিক্ৰমি মূল একাদশত খেলাটো তেওঁৰ বাবে সহজ নহ'ব | একেদৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টত দলৰ জ্যেষ্ঠ খেলুৱৈৰ অনুপস্থিতিত বেটে-বলে উজলি উঠা ছাৰ্দুল ঠাকুৰেও এইখন মেছত ৰিজাৰ্ভ বেঞ্চত বহাৰ সম্ভাৱনাই অধিক |
এতিয়া আহিছো প্ৰদৰ্শনৰ কথালৈ | বিগত কেইবাবছৰৰ পৰা ভাৰতীয় পেচ বলাৰৰ প্ৰদৰ্শনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে | পূৰ্ব্বতে বিদেশৰ বাউঞ্চী উইকেটত বলিঙক লৈ সমস্যাত ভোগা দলটোৱে এতিয়া সেই পৰিৱেশত প্ৰতিপক্ষক দুৰ্দান্ত পেচ বলিঙৰ শক্তিৰে যোগ্য প্ৰত্যুত্তৰ দিয়া পৰিলক্ষিত হৈছে | বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাৰতে বিদেশত ৱেষ্ট-ইণ্ডিজ, নিউজীলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাত ভাগ লয় | একেদৰে ঘৰৰ মাটিত দলটোৱে বাংলাদেশ, দক্ষিন আফ্ৰিকা আৰু ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট খেলে | এই আটাইকেইটা শৃখলাতে ভাৰতীয় পেচ বলাৰৰ প্ৰদৰ্শন আছিল চকুতলগা | দলৰ আটাইতকৈ অভিজ্ঞ পেচ বলাৰ ঈশান্ত শৰ্মাই ধাৰাবাহিক ভাৱে উইকেট দখল কৰি ১১ খন টেষ্টৰ ২০ টা ইনিংছত গড়ে ১৭.৩৬কৈ ৩৬টা উইকেট দখল কৰিছে | একেদৰে মহম্মদ ছামিয়ে ১০ খন মেছৰ ১৮টা ইনিংছত গড়ে ১৯.৭৭কৈ ৩৬টা, যশপ্ৰীত বুমৰাহে ৯ খন মেছৰ ১৭টা ইনিংছত গড়ে ২২.৪১কৈ ৩৪টা, উমেশ যাদৱে ৭ খন মেছৰ ১৪টা ইনিংছত গড়ে ১৮.৫৫কৈ ২৯টা আৰু মহম্মদ ছিৰাজে ৫ খন মেছৰ ১০টা ইনিংছত গড়ে ২৮.২৫কৈ ১৬টা উইকেট দখল কৰি দলৰ সফলতাত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াইছে | অষ্ট্ৰেলিয়াত অভিষেক ঘটোৱা ছাৰ্দুল ঠাকুৰেও মাত্র দুখন টেষ্ট খেলিয়েই নিজৰ উপযোগিতা প্ৰমাণ কৰিছে | ঈশান্ত শৰ্মাৰ অভিজ্ঞতাই দলক নিশ্চিতভাৱে উপকৃত কৰিব আৰু ঈশান্তেও পূৰ্ব্বতে ইংলেণ্ডত কৰি অহা প্ৰদৰ্শনৰ পুনৰাবৃত্তিৰ চেষ্টাও নিশ্চয় কৰিব | মহম্মদ ছামি আৰু যশপ্ৰীত বুমৰাহ এনেকুৱা একোজন বলাৰ যিয়ে নতুন আৰু পুৰণি দুইধৰণৰ বলতেই বলৰ ছুয়িঙত ভিন্নতা আনিবলৈ সক্ষম | চতুৰ্থজন পেচ বলাৰ যদি দলে খেলাই এইক্ষেত্রত অধিনায়ক আৰু মেনেজমেন্ট উভয়ে কিছু চাপৰ সন্মুখীন হ'ব | কাৰণ বিগত সময়চোৱাত উমেশ যাদৱেও যেতিয়াই সুযোগ পাইছে নিজৰ উন্নত প্ৰদৰ্শন আগবঢ়োৱাত কৃপণালি কৰা নাই | লগে লগে অষ্ট্ৰেলিয়াত অভিষেক ঘটোৱাৰ পিছৰে পৰা মহম্মদ ছিৰাজে যিধৰণে প্ৰতিদিনে উন্নতি কৰিছে তেৱো মূল একাদশত সুযোগ পোৱাৰ অন্যতম দাবীদাৰ | পেচ বলাৰৰ প্ৰদৰ্শনতকৈ ভাৰতীয় স্পিনাৰৰ প্ৰদৰ্শন অধিক চমকপ্ৰদ | ৰবিচন্দ্ৰন আশ্বিনে স্পিন বিভাগৰ নেতৃত্বত থাকি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত এতিয়ালৈকে ১৪ খন মেছৰ ২৪টা ইনিংছত গড়ে ২০.৮৮কৈ ভাৰতীয় বলাৰৰ ভিতৰত সৰ্ব্বাধিক ৬৭টা উইকেট দখল কৰিছে | আশ্বিনক যোগ্য সহযোগিতা আগবঢ়াই ৰবীন্দ্ৰ জাডেজাই ১০ খন মেছৰ ১৯টা ইনিংছত গড়ে ২৮.৬৭কৈ ২৮টা আৰু ইংলেণ্ডৰ বিৰুদ্ধে শেহতীয়া শৃখলাত অভিষেক ঘটোৱা অক্ষৰ পেটেলে চাঞ্চল্যকৰ প্ৰদৰ্শনেৰে মাত্র ৩ খন টেষ্টৰ ৬টা ইনিংছত গড়ে ১০.৫৯কৈ ২৭টা উইকেট দখল কৰি বলিং আক্ৰমণৰ শক্তি ইতিমধ্যে প্ৰমাণ কৰিছে | অৱশ্যে ইংলেণ্ডৰ পৰিৱেশত যিহেতু দলে মূল একাদশত মাত্র এজন বা দুজন স্পিনাৰকহে সুযোগ দিব তেনেস্থলত অক্ষৰ পেটেলে পৰৱৰ্তী সুযোগলৈ অপেক্ষা কৰিব লাগিব | দলত বলিং অলৰাউণ্ডৰ হিচাপে অন্তৰ্ভূক্ত হোৱা ৱাশ্বিংটন সুন্দৰেও বলিঙত বিশেষ চমকপ্ৰদ প্ৰদৰ্শন কৰিব নোৱাৰিলেও বেটিঙেৰে কিন্তু তেওঁ সকলোকে আকৰ্ষিত কৰিছে | ইংলেণ্ডৰ পৰিৱেশত পেচ বলাৰৰ দ্বায়িত্ব অধিক হ'ব যদিও আশ্বিনৰ নিছিনা বেটছমেনৰ মন অধ্যয়ন কৰিব পৰা বলাৰে নিশ্চয় সুযোগ সৃষ্টি কৰিব | খেলখনৰ পূৰ্ব্বে আঘাতৰ সমস্যাই দেখা নিদিলে নিশ্চিতভাৱে ভাৰতে নিজৰ সৰ্ব্বশ্ৰেষ্ঠ দলটোকে খেলপথাৰত নমাবলৈ চেষ্টা কৰিব | শেহতীয়া প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি এটা কথা ক'ব পাৰি যে পূৰ্ণশক্তিৰ ভাৰতীয় বলিঙৰ মুখামুখি হোৱাটো এতিয়া বিশ্বৰ যিকোনো দলৰ বাবে প্ৰত্যাহ্বানমূলক কথা | ঈশান্ত, ছামি, বুমৰাহ, ছিৰাজ, উমেশ আটাইকেইজন পেচাৰেই যিকোনো পৰিৱেশতেই আউটছুয়িং, ইনছুয়িং, ৰিভাৰ্ছ ছুয়িং, য়ৰ্কাৰ আদি অস্ত্র নিক্ষেপ পৰিবলৈ সক্ষম | ইংলেণ্ডৰ পৰিৱেশত এওঁলোক যিকোনো সময়তেই ভয়াৱহ হৈ উঠাৰ পুৰামাত্রাই সম্ভাৱনা আছে | ফাইনেল মেছখনত জয়ী হ'বলৈ হ'লে ভাৰতীয় পেচ বলাৰে যে ভাল প্ৰদৰ্শন কৰিবই লাগিব সেয়া নিশ্চিত | তেনেদৰে আশ্বিন আৰু জাডেজা হ'ল বৰ্তমান সময়ত বিশ্বৰ আটাইতকৈ সফল আৰু ভয়াৱহ স্পিন যুটি | আশ্বিনৰ স্পিনৰ বৈচিত্রই বিগত সময়ত কেনেদৰে বহু নামী বেটছমেনক ধৰাসায়ী কৰিছে সেয়া সকলোৰে জ্ঞাত | কিন্তু ছাউদাম্পটনত নিশ্চিতভাৱে ভাৰতীয় বলিং প্ৰত্যাহ্বানৰো সন্মুখীন হ'ব | কাৰণ নিউজীলেণ্ড দলত আছে কেন উইলিয়ামছ, ৰ'ছ টেইলৰ, টম লাথাম, হেনৰী নিক'লছৰ দৰে দুদ্ধৰ্ষ বেটছমেন | এতিয়া এই সকলোবোৰ প্ৰত্যাহ্বান ভাৰতীয় বলাৰে কেনেদৰে গ্ৰহণ কৰে সেয়া প্ৰত্যক্ষ কৰাৰ বাবে আমি ১৯ জুনলৈ অপেক্ষা কৰিব লাগিব | বিশ্ব ক্ৰিকেটত টেষ্ট ক্ৰিকেটৰ হেৰোৱা জনপ্ৰিয়তা ঘুৰাই অনাৰ ক্ষেত্রত এই টেষ্টখনত উভয় দলৰ প্ৰদৰ্শন আৰু ফলাফলে গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰিব বুলি আমি আশাবাদী |
Comments
Post a Comment