Article

::ক্ৰিকেটৰ চুটি সংস্কৰণ আৰু শাস্ত্রীয় ক্ৰিকেটৰ অথন্তৰ::

 ক্ৰিকেট ভদ্ৰলোকৰ খেল হিচাপে আৰম্ভ হৈ বৰ্তমান সময়ত খেলবিধ সকলো শ্ৰেণীৰ মানুহৰ মাজতে সোমাই পৰিল | বিশ্বত নতুনকৈ বহুকেইখন উন্নত ৰাষ্ট্ৰয়ো শেহতীয়াকৈ নিজৰ ৰাষ্ট্ৰীয় দল ঘোষণা কৰি ক্ৰিকেটৰ পথাৰত নামি পৰিছে | ক্ৰিকেট খেলবিধ আৰম্ভ হোৱাৰ ইমান বছৰ পিছতো ফুটবলৰ লেখীয়াৰৈ এই খেলবিধ সমগ্ৰ বিশ্বত বিঁয়পি নপৰাৰ প্ৰধান কাৰণটো হ'ল- খেলবিধ খেলিবলৈ প্ৰয়োজন হোৱা সময় | ক্ৰিকেটৰ সবাতোকৈ পুৰণি সংস্কৰণটো হ'ল টেষ্ট মেছ | একোখন টেষ্টমেছ খেলিবলৈ খেলুৱৈসকল পাঁচদিন ব্যস্ত থাকিবলগীয়া হয় | খেলুৱৈসকলৰ লগতে খেলৰ অনুৰাগী সকলেও পাঁচদিনলৈ খেলখন উপভোগৰ বাবে সময় দিবলগীয়া হয় | একেদৰে সিমীত অ'ভাৰৰ ক্ৰিকেট মেছতো সম্পূৰ্ণ এটা দিন খেলৰ বাবে দিবলগীয়া হয় খেলুৱৈসকলৰ লগতে অনুৰাগী সকলে | ফুটবলত মাত্র নব্বৈ মিনিটত যি উত্তেজনা আৰু মনোৰঞ্জন দৰ্শক-অনুৰাগীয়ে লাভ কৰে সেইখিনি পাবৰ বাবে এজন ক্ৰিকেট অনুৰাগীয়ে কেতিয়াবা এদিন বা কেতিয়াবা সম্পূৰ্ণ পাঁচদিন অপেক্ষা কৰিবলগীয়া হয় | ফুটবলৰ নিচনাকৈ টেনিছ, বেডমিন্টন, হকী বা অইন এথলেটিকছ খেলসমূহ সমগ্ৰ বিশ্বতে জনপ্ৰিয় হোৱাৰ মূল কাৰণটোৱেই হ'ল- এই খেলসমূহত খুব কম সময়তে দৰ্শকে ফলাফল পোৱাৰ সুবিধা পায় আৰু খেল আয়োজক সকলেও কম সময়ত খেলবিধ সমাপন কৰাৰ বাবে খৰচৰ দিশটোতো লাভান্বিত হয় | এতিয়া ক্ৰিকেটকো সমগ্ৰ বিশ্বত মানুহৰ মাজলৈ লৈ যোৱাৰ বাবে খেলবিধৰ সৰ্ব্বোচ্চ সংস্থা "আই চি চি" (International Cricket Council)য়ে খেলবিধৰ চুটি সংস্কৰণ খেলোৱাৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰিছে | ২০০৩ চনত ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব'ৰ্ডৰ চিন্তাৰ ফচলৰূপে জন্ম হোৱা টি-২০ ক্ৰিকেট ২০০৫ চনৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ লোৱাৰে পৰা এই সংস্কৰণটোৱে প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰিছে | মাত্র চাৰে তিনি ঘন্টা সময়তে যি উত্তেজনা টি-২০ ক্ৰিকেটে দিয়ে সেয়া এদিনীয়া ক্ৰিকেট বা টেষ্ট ক্ৰিকেটে পূৰ্বতে দিব পৰা নাছিল | বিশ্ব ক্ৰিকেটৰ আগশাৰীৰ দেশসমূহে টি-২০ ক্ৰিকেটৰ ওপৰত বেছি বিনিয়োগ কৰি বহুকেইখন লীগ আৰম্ভ কৰিলে | ইণ্ডিয়ান প্ৰিমীয়াৰ লীগ(IPL), বিগ বেশ্ব লীগ(BBL), কেৰিবিয়ান প্ৰিমীয়াৰ লীগ(CPL) ইয়াৰেই ফচল | ক্ৰিকেটৰ এইটো সংস্কৰণে বহু মানুহক ক্ৰিকেটৰ প্ৰতি আকৰ্ষিত কৰালে, নতুন নতুন দেশে ক্ৰিকেট খেলিবলৈ আগবাঢ়ি আহিল | শেহতীয়াকৈ টি-২০কো চেৰ পেলাই আৰম্ভ হৈছে টি-১০ ক্ৰিকেট | ইয়াত উত্তেজনা আৰু অধিক, ১০ অ'ভাৰত কোনে কিমান বেছি শক্তিৰ প্ৰদৰ্শনেৰে ৰাণ সংগ্ৰহ কৰিব পাৰে মূলতঃ তাৰেই যুঁজ হয় | সেইখিনিলৈ সকলো ঠিকেই আছিল, কিন্তু ক্ৰিকেটৰ চুটি সংস্কৰণৰ জনপ্ৰিয়তাই ক্ৰমশঃ ক্ৰিকেটৰ প্ৰকৃত সৌন্দৰ্য্য কাঢ়ি নিয়া পৰিলক্ষিত হৈছে | ক্ৰিকেটাৰ সকলেও নিজকে চুটি সংস্কৰণত অধিক সময় দিয়াৰ ফলত টেষ্ট ক্ৰিকেটত আশানুৰূপ প্ৰদৰ্শন আগবঢ়োৱাত ব্যৰ্থ হৈছে | ৫০ অ'ভাৰৰ এদিনীয়া ক্ৰিকেট ঠিকেই আছে, তাত বেটছমেন সকলে নিজকে চম্ভালিবলৈ কিছু সময় পায়, একেদৰে এজন ব'লাৰৰ ক্ষেত্রতো একে কথাই প্ৰযোজ্য | টেষ্ট ক্ৰিকেট হ'ল ক্ৰিকেটৰ সম্পূৰ্ণ কলাত্মক সংস্কৰণ, য'ত এজন ক্ৰিকেটাৰৰ প্ৰকৃত পৰীক্ষা সমাপন হয় | এজন বেটছমেনৰ বাবে দুদিন বা আঢ়ৈ দিন বেটিং কৰাটো যেনেকৈ এক ডাঙৰ প্ৰত্যাহ্বান তেনেদৰে এজন ব'লাৰৰ বাবেও এদিনতেই ২০/২৫ অ'ভাৰ বলিং কৰাটো এক অগ্নিপৰীক্ষা | বেটছমেন এজনৰ সন্মুখত যিহেতু খৰতকীয়াকৈ ৰাণ সংগ্ৰহৰ কোনো চাপ নাথাকে তেনেৱস্থাত তেওঁ ক্ৰিকেটৰ ব্যাকৰণ ব্যৱহাৰ কৰি বেটিং কৰাৰ সুবিধা পায় | নিজৰ বেটিঙৰ কৌশলগত ক্ৰুটিসমূহ  আঁতৰাই শুদ্ধখিনি আয়ত্ব কৰি কাৰিকৰী দিশত এজন নিখুঁত বেটছমেন হোৱাৰ বাবে টেষ্ট ক্ৰিকেট উপযুক্ত মঞ্চ | লগতে খেলুৱৈজনৰ শাৰিৰীক সক্ষমতা, মানসিক শক্তি আৰু পৰিস্থিতি মোকাবিলা কৰাৰ যোগ্যতাও টেষ্ট মেছতেই প্ৰমাণিত হয় | ব'লাৰ এজনেও এখন টেষ্ট মেছত যথেষ্টখিনি বলিং কৰাৰ সুবিধা পোৱা হেতুকে নিজৰ বলিঙৰ পৰীক্ষণসমূহ কোনো বাধা নোপোৱাকৈ কৰাৰ সুযোগ পায় | এটা দিনৰ বিভিন্ন সময়ত বলিঙৰ বিভিন্ন কৌশল প্ৰয়োগ হয়, তাত নতুন বল আৰু পুৰণি বলত ব্যবহৃত কৌশল ভিন্ন হয় | কিন্তু এজন খেলুৱৈয়ে নিজকে ইমানখিনি কাৰিকৰী ভাৱে পৰীক্ষা কৰাৰ সুযোগ টি-২০ বা টি-১০ ক্ৰিকেটত পাব নে ? ৰাণৰ পাহাৰ সৃষ্টি কৰাৰ চাপ লৈ খেলা বেটছমেন সকলে ইয়াত ক্ৰিকেটৰ সকৱো ব্যাকৰণ পাহৰি কেবল "বিগ হিট"ৰ ওপৰত গুৰুত্ব দিয়া দেখা যায় | বিশ্ব ক্ৰিকেটত এটা সময়ত যিধৰণে বহুকেইজন Technically Correct বেটছমেনে ৰাজত্ব কৰিছিল আজিৰ প্ৰজন্মৰ মাজত তেনেকুৱা বেটছমেন আঙুলিৰ মুৰত গণিব পৰা | ক্ৰিকেটৰ সেই বিশেষ শ্বটবোৰ-- স্কোৱেৰ কাট, ফ্লিক, ৰিভাৰ্ছ চুইপ, ক'ভাৰ ড্ৰাইভ আদিবোৰ এজন কাৰিকৰী ভাৱে শুদ্ধ বেটছমেনেহে সথিকভাৱে খেলিব পাৰে | চুটি সংস্কৰণত সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ব'লাৰসকল | মাত্র ৩/৪ অ'ভাৰৰ এটি স্পেলত তেওঁলোকে ককাল পোনাবলৈ সময়েই নাপায়, বেটছমেনৰ তাণ্ডৱত বহু ব'লাৰৰ কেৰিয়াৰ অকালতে শেষ হৈছে | তাৰ মাজতো বহু বুদ্ধিমান ব'লাৰ অৱশ্যেই আছে যিসকলে বেটছমেনৰ কাৰিকৰী দুৰ্ব্বলতাৰ সুযোগ ভালদৰেই লৈছে | ক্ৰিকেটৰ প্ৰকৃত সৌন্দৰ্য্য যিহেতু টেষ্ট ক্ৰিকেটত সোমাই আছে সেয়ে আমি টেষ্ট ক্ৰিকেটক বাদ দি ক্ৰিকেটৰ কল্পনাও কৰিব নোৱাৰোঁ | অৱশ্যে ICCয়ে "বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ" আয়োজন কৰি টেষ্ট ক্ৰিকেটক জীয়াই ৰখাৰ বাবে কৰা প্ৰচেষ্টা প্ৰশংসনীয় | এজন সম্পূৰ্ণ ক্ৰিকেটাৰ হিচাপে তেওঁকহে গণ্য কৰা হয় যিয়ে জীৱনত এখন হ'লেও টেষ্টমেছ খেলিছে, সেয়ে দেশীয় ক্ৰিকেট ব'ৰ্ডসমূহেও ঘৰুৱা ক্ৰিকেটত খেলুৱৈসকলক  দীঘলীয়া সংস্কৰণ খেলোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো দৰকাৰ | ক্ৰিকেটক জনপ্ৰিয় কৰাৰ স্বাৰ্থত টি-২০ বা টি-১০ৰ নিচিনা চুটি সংস্কৰণৰ আৱশ্যকীয়তা অৱশ্যেই আছে যদিও ইয়াৰ মাত্রাধিক্যই এজন ক্ৰিকেটাৰক কেনেদৰে বিপথে নিব পাৰে সেই বিষয়ে ক্ৰিকেট ব'ৰ্ড আৰু খেলুৱৈসকলে বুজি  উঠাটো প্ৰয়োজনীয় বিষয় | টেষ্ট ক্ৰিকেটেও সেই একেই উত্তেজনা আৰু মাদকতা দিবলৈ সক্ষম যিটো আমি চুটি সংস্কৰণত পাইছো, মাথো অনুৰাগী সকলো আস্থাৱান হোৱাটো দৰকাৰ | টেষ্ট ক্ৰিকেটৰ উত্তেজনা যোৱা কেইবাটাও শৃঙ্খলাত দৰ্শক-অনুৰাগীয়ে প্ৰত্যক্ষ কৰিছে | মূল আৰু শেষ কথা-- ক্ৰিকেটক জীয়াই ৰখাৰ স্বাৰ্থত টেষ্ট ক্ৰিকেট অধিক খেলোৱাৰ বিকল্প নাই | অন্যথা এদিন ক্ৰিকেট আৰু বেচবলৰ মাজত বিশেষ পাৰ্থক্য নাথাকিবগৈ |


দীপজ্যোতি শৰ্মা
বেলতলা, গুৱাহাটী |
ফ'ন:- ৮৬৩৮৭৬৩২৪৫

(সাপ্তাহিক জনমভূমি কাকতৰ "ক্ৰীড়া জগত" শিতানত ০৫/০৫/২১ ইং তাৰিখে প্ৰকাশিত)

Comments