ইতিহাসৰ পৃষ্ঠাৰ পৰা---ভাৰতৰ প্ৰথম টেষ্ট বিজয়
ইতিহাসৰ পৃষ্ঠাৰ পৰা---
ভাৰতৰ প্ৰথম টেষ্ট বিজয়
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলক লৈ সকলো ব্যস্ত হৈ থকাৰ সময়তে ক্ৰিকেট ইতিহাসত ভাৰতে জয় কৰা প্ৰথমখন টেষ্টমেছৰ কথা গৌৰৱেৰে সুঁৱৰিব বিচাৰিছো | ১৯৩২ চনত ইংলেণ্ডৰ বিৰুদ্ধে খেলা টেষ্টখনেৰে ভাৰতে ক্ৰিকেট বিশ্বত ভৰি থোৱাৰ পিছত টেষ্ট ক্ৰিকেটত প্ৰথমটো বিজয়ৰ বাবে প্ৰায় বিশ বছৰ অপেক্ষা কৰিবলগীয়া হৈছিল | অৱশ্যে দ্বিতীয় বিশ্বযুদ্ধৰ বাবে সমগ্ৰ বিশ্বৰ ক্ৰীড়াক্ষেত্রত প্ৰায় দহ বছৰৰ এক অস্থিৰতা বিৰাজ কৰাৰ পৰিপেক্ষিতত ভাৰতে ১৯৩৭ চনৰ পৰা ১৯৪৭ চনলৈ কোনো টেষ্টমেছ খেলা নাছিল | ইংলেণ্ডৰ বিৰুদ্ধে ১৯৫২ চনৰ ফেব্ৰুৱাৰী মাহত শৃংখলাটোৰ পঞ্চমখন টেষ্টত বিজয় সাব্যস্ত কৰি ভাৰতীয় ক্ৰিকেটলৈ নৱজাগৰণ অনা সেই টেষ্টখনৰ পূৰ্ব্বে ভাৰতীয় দলে খেলিছিল ২৪ খন টেষ্ট | এই ২৪ খন টেষ্টৰ ভিতৰত ভাৰত পৰাজিত হৈছিল ১২ খন টেষ্টত আৰু ১২ খন টেষ্ট অমিমাংসিত ভাৱে সমাপ্ত হৈছিল | ইয়াৰ ভিতৰত ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে ১৪ খন, ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে ৫ খন আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫ খন টেষ্ট খেলিছিল | ১৯৫২ চনৰ সেই ঐতিহাসিক শৃংখলাটোত শক্তিশালী ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে অভূতপূৰ্ব্ব প্ৰদৰ্শন আগবঢ়াইছিল | ছিৰিজটোৰ প্ৰথম তিনিখন টেষ্ট অমিমাংসিত ভাৱে সমাপ্ত হোৱাৰ পিছত কাণপুৰত অনুষ্ঠিত চতুৰ্থখন টেষ্টত ইংলেণ্ডে ৮ উইকেটত বিজয় সাব্যস্ত কৰি শৃংখলাত ১-০ৰ অগ্ৰগতি লৈছিল | চতুৰ্থ টেষ্টত পৰাজয়ৰ পিছত চেন্নাইত (সেই সময়ৰ মাদ্ৰাজ) হ'বলগীয়া পঞ্চম টেষ্টত ভাৰতীয় মূল একাদশত পাঁচটাকৈ সালসলনি ঘটাই দল গঠন কৰা হৈছিল | বিজয় মঞ্জেৰকাৰ, চি.এচ. নাইডু, সাদু সিন্দে, নানা যোশী আৰু হেমু অধিকাৰীক দলৰ বাহিৰত ৰাখি দলভুক্ত কৰা হৈছিল লালা অমৰনাথ, মুস্তাক আলী, কম্বিটাৰাও গোপীনাথ, ৰমেশ ডিবেচা আৰু প্ৰবীৰ সেনক | পঞ্চম টেষ্টৰ মূল একাদশটো আছিল এনেধৰণৰ:- বিজয় হাজাৰে (অধিনায়ক), মুস্তাক আলী, পংকজ ৰয়, ভিনু কানকাড, লালা অমৰনাথ, ডাট্টু ফাডকাড়, পলী উমৰিগড়, কম্বিটাৰাও গোপীনাথ, ৰমেশ ডিবেচা, প্ৰবীৰ সেন (উইকেট ৰক্ষক) আৰু গুলাম আহমেদ | ইংলেণ্ড দলটোত পিটাৰ মে, কলিন কাইড্ৰে আৰু ফ্ৰেড ট্ৰুমেনৰ দৰে তাৰকাৰ অনুপস্থিতি স্বত্তেও দলটো আছিল যথেষ্ট শক্তিশালী | ডোনাল্ড কাৰৰ নেতৃত্বত দলত আছিল ডিক স্পুনাৰ, টম গ্ৰেভেনী, জেক ৰবাৰ্টছন, এলান ৱাটকিনছ, চাইৰিল পুল, মেলকম হিল্টন, ব্ৰায়ান ষ্টাথাম, ফ্ৰেড ৰিগৱে আৰু ৰয় টাট্টেসাল |
১৯৫২ চনৰ ৬ ফেব্ৰুৱাৰীৰ দিনা খেলৰ প্ৰথম দিনটোত ইংলেণ্ডৰ অধিনায়ক ডোনাল্ড কাৰে টছত জয়লাভ কৰি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈ প্ৰথমটো উইকেট সোনকালে হেৰুৱাই যদিও পৰৱৰ্তী সময়ত ডিক স্পুনাৰ, টম গ্ৰেভেনী আৰু জেক ৰবাৰ্টছনৰ দৃঢ়তাৰে প্ৰথম দিনটোৰ অন্তত ৫ উইকেটৰ বিনিময়ত ২২৪ ৰাণ সংগ্ৰহ কৰে | সেইদিনাই আবেলি সময়ত গ্ৰেট ব্ৰিটেইনৰ সম্ৰাট ষষ্ঠ জৰ্জৰ দেহাৱসানৰ খবৰ অহাত পৰৱৰ্তী দিনটো বিৰতি ঘোষণা কৰা হয় | তৃতীয় দিনা এটা সময়ত ইংলেণ্ডৰ স্কোৰ ২৪৪/৫ আছিল যদিও ভিনু কানকাডৰ বিদ্ধংসী বলিঙৰ বাবে তেওঁলোকে ২৬৬ ৰাণতে প্ৰথম ইনিংছ সামৰিবলৈ বাধ্য হয় | ইংলেণ্ডৰ ইনিংছত ডিক স্পুনাৰে ৬৬, জেক ৰবাৰ্টছনে ৭৭ আৰু ডোনাল্ড কাৰে ৪০ ৰাণ কৰাৰ বিপৰীতে ভিনু মানকাডে বাওহতীয়া স্পিনেৰে ৫৫ ৰাণৰ বিনিময়ত দখল কৰে ৮টা উইকেট | মানকাডৰ বলিঙৰ উপৰিও উইকেটৰক্ষক প্ৰবীৰ সেনৰ প্ৰদৰ্শনেও দৃষ্টি আকৰ্ষণ কৰিছিল | মানকাডৰ বলিঙতেই তেওঁ চাৰিটাকৈ ষ্টাম্পিং কৰি নিজ দক্ষতা প্ৰমান কৰে | ভাৰতে প্ৰথম ইনিংছ আৰম্ভ কৰি দলীয় স্কোৰ ৫৩ হওতেই মুস্তাক আলীৰ (২২) ৰূপত প্ৰথমটো উইকেট হেৰুৱায় | পৰৱৰ্তী সময়ত অধিনায়ক হাজাৰে (২০), মানকাড (২০) আৰু অমৰনাথ (৩১) বিশেষ সফল নহ'লেও পংকজ ৰয়ে খেলে ১১১ ৰাণৰ এটা স্মৰণীয় ইনিংছ | এটা সময়ত ভাৰতৰ স্কোৰ হ'লগৈ ২১৬/৫ আৰু তাৰ পিছত দুটাকৈ গুৰুত্বপূৰ্ণ যুটিয়ে খেলৰ ৰূপ সলনি কৰিলে | গোটেই শৃংখলাটোত ৰাণ সংগ্ৰহৰ বাবে কষ্ট কৰিবলগীয়া হোৱা পলি উমৰিগড়ক তেওঁৰ দুৰ্বল ফৰ্মৰ বাবে পূৰ্ব্বৰ ৩ নম্বৰৰ সলনি সেইখন টেষ্টত বেটিং কৰিবলৈ পঠিওৱা হৈছিল ৭ নম্বৰত | সথিক সময়তেই উমৰিগড়ে ফৰ্মলৈ আহি ষষ্ঠ উইকেটত ডাট্টু ফাডকাড়ৰ সৈতে ১০৪ আৰু সপ্তম উইকেটত গোপীনাথৰ সৈতে ৯৩ ৰাণৰ দুটা গুৰুত্বপূৰ্ণ যুটি গঢ়ে | ফাডকাড়ে ৬১ আৰু গোপীনাথে ৩৫ ৰাণৰ বৰঙণি আগবঢ়ায় | উমৰিগড়ে তেওঁৰ জীৱনৰ অন্যতম শ্ৰেষ্ঠ ইনিংছটো খেলি শতক অৰ্জন কৰে আৰু ১৩০ ৰাণত অপৰাজিত হৈ ৰয় | ১৯১ ৰাণৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি লৈ দলীয় স্কোৰ ৪৫৭/৯ হোৱা অৱস্থাত হাজাৰেই ইনিংছ ঘোষণা কৰি ইংলেণ্ডক দ্বিতীয় ইনিংছত বেটিঙৰ বাবে আমন্ত্রন জনায় | দ্বিতীয় ইনিংছ আৰম্ভ কৰি ইংলেণ্ড দলটো অধিক বিপৰ্য্যয়ৰ সন্মুখীন হয় আৰু মাত্র চাৰিজন বেটছমেনেহে দুটা অংকৰ স্কোৰ কৰিবলৈ সক্ষম হয় | জেক ৰবাৰ্টছনৰ ৫৬, এলান ৱাটকিনছৰ ৪৮ আৰু টম গ্ৰেভেনীৰ ২৫ ৰাণৰ সহায়ত ইংলেণ্ডে মাত্র ১৮৩ ৰাণতেই দ্বিতীয় ইনিংছ সামৰে | ভিনু মানকাড আৰু গুলাম আহমেদৰ স্পিন যুটিয়ে ইংলেণ্ডক অসহায় কৰি তোলে | মানকাডে ৫৩ ৰাণত ৪টা আৰু আহমেদে ৭৭ ৰাণত ৪টা উইকেট দখল কৰে | ইংলেণ্ডৰ ইনিংছ সমাপ্তিৰ লগে লগে ভাৰতে ১০ ফেব্ৰুৱাৰীৰ দিনটোত সেই ঐতিহাসিক জয় সাব্যস্ত কৰে এক ইনিংছ আৰু ৮ ৰাণৰ বিশাল ব্যৱধানত | ভাৰতীয় ক্ৰিকেটত এই জয়ে নৱজাগৰণৰ সৃষ্টি কৰি পৰৱৰ্তী সময়ত দেশখনত ক্ৰিকেটৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে | সমগ্ৰ দেশতে এই বিজয়ে আনন্দৰ বন্যা নমাইছিল | ভাৰতীয় ক্ৰিকেটক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ যাত্রা সেই মেছখনতে বিজয় হাজাৰে নেতৃত্বাধীন দলটোৱে আৰম্ভ কৰিলে | ইংলেণ্ডৰ উভয় ইনিংছত ভিনু মানকাডৰ বিদ্ধংসী বলিং, বেটিঙত পংকজ ৰয়ৰ দ্বায়িত্বশীল বেটিং, পলি উমৰিগড়ৰ সেই ঐতিহাসিক শতকীয় ইনিংছটো, ডাট্টু ফাডকাড় আৰু গোপীনাথে উমৰিগড়ক কৰা সহযোগিতা---এই সকলোবোৰ উপাদানে ভাৰতৰ জয়ৰ ভেটি গঢ়ি তুলিছিল | ভাৰতীয় ক্ৰিকেটক এই ঐতিহাসিক জয়েৰে নতুন গতি প্ৰদান কৰা প্ৰতিজন নায়কক আজি আমি পুনৰ সন্মান সসন্মানে সুৱৰিছো | তেওঁলোকে ভাৰতীয় ক্ৰিকেটক লৈ দেখা সপোনবোৰ বাস্তৱায়িত কৰাৰ ক্ষেত্রত আজিৰ প্ৰজন্মৰ খেলুৱৈসকল বহুখিনি সফল হৈছে | ভাৰতীয় ক্ৰিকেটে সদায়েই এক বৈশিষ্ট বহন কৰি আহিছে আৰু ভাৰতীয় ক্ৰিকেট অবিহনে বিশ্ব ক্ৰিকেটৰ কল্পনাও কৰিব নোৱাৰা এক পৰিৱেশ বহু পূৰ্ব্বেই সৃষ্টি হৈছে | প্ৰথমখন টেষ্টৰ বিজয়গাঁথা সোঁৱৰণেৰে ভাৰতীয় ক্ৰিকেটৰ এই স্বাভিমান চিৰদিন অটুট থকাৰ কামনা কৰিলোঁ ।
Comments
Post a Comment