বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ, বিশ্ব চেম্পিয়ন নিউজীলেণ্ড
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ
বিশ্ব চেম্পিয়ন নিউজীলেণ্ড
অৱশেষত দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত আমি টেষ্ট ক্ৰিকেটৰ বিশ্ব চেম্পিয়ন দল এটা পালো | ২০১৯ চনৰ আগষ্টত আৰম্ভ হোৱা দীৰ্ঘ সময়ৰ এই চেম্পিয়নশ্বিপৰ ফাইনেলত অৱশেষত নিউজীলেণ্ডে ভাৰতক সহজে ৮ উইকেটত পৰাজিত কৰি চেম্পিয়নৰ খিতাপ দখল কৰে | ইংলেণ্ডৰ ছাউডাম্পটনত ১৮ জুনৰ পৰা আৰম্ভ হোৱা ফাইনেল খনৰ প্ৰথম আৰু চতুৰ্থ দিনৰ খেল বৰষুণৰ বাবে সম্পূৰ্ণ বাতিল হয় | দ্বিতীয় আৰু তৃতীয় দিনটোত বৰষুণ আৰু কম পোহৰৰ বাবে খেলত ব্যাঘাত জন্মে যদিও ষষ্ঠ তথা সংৰক্ষিত দিনটো থকা বাবে ফলাফল ওলোৱাটো সম্ভৱ হৈ উঠে | প্ৰথম দিনটো বাতিল হোৱাৰ পিছত দ্বিতীয় দিনা নিউজীলেণ্ডে টছত জয়ী হৈ ভাৰতক বেটিঙৰ আহ্বান দিয়ে আৰু ভাৰতে দিনটোৰ সামৰণিত ৩টা উইকেট হেৰুৱাই ১৪৬ ৰাণ সংগ্ৰহ কৰে | দ্বিতীয় দিনাও বৰষুণৰ বাবে মাত্র ৬৪.৪ অ'ভাৰৰ খেলহে সম্ভৱ হয় | তৃতীয় দিনা ভাৰতে পুনৰ বেটিং কৰি নিউজীলেণ্ডৰ পেচ বলাৰৰ সন্মুখত সম্পূৰ্ণ অসহায় হৈ পৰে আৰু মাত্র ২১৭ ৰাণতেই প্ৰথম ইনিংছ সামৰে | ভাৰতৰ প্ৰথম ইনিংছত আজিংক্যা ৰাহাণে (৪৯), বিৰাট কোহলি (৪৪), ৰোহিত শৰ্মা (৩৪) আৰু শুভমন গিল (২৮)ৰ বাহিৰে আনসকলে বিশেষ অৰিহণা আগবঢ়োৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হয় | নিউজীলেণ্ডৰ কাঈল জেমিছনে সুন্দৰ বলিঙৰে ৩১ ৰাণৰ বিনিময়ত লাভ কৰে ৫টা উইকেট | ট্ৰেন্ট ব'ল্ট আৰু নীল ৱাগনাৰেও ২টাকৈ উইকেট দখল কৰে | নিউজীলেণ্ডে বেটিং কৰি দিনান্তৰ ২টা উইকেট হেৰুৱাই ১০১ ৰাণ সংগ্ৰহ কৰে | পৰৱৰ্তী চতুৰ্থ দিনটোও এটাও বল নপৰাকৈ খেল বাতিল হোৱাত পঞ্চম দিনটোত নিউজীলেণ্ডে বেটিং আগবঢ়াই নিয়ে আৰু ২৪৯ ৰাণত প্ৰথম ইনিংছ সামৰি ৩২ ৰাণৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি লয় | অ'পেনাৰদ্বয় টম লাথাম (৩০) আৰু ডেভন কনৱেই (৫৪) সুন্দৰ আৰম্ভণি দিয়াৰ পিছত অধিনায়ক কেন উইলিয়ামছনে (৪৯) ইনিংছ আগবঢ়াই নিয়ে | শেষৰফালে টিম ছাউডী (৩০) আৰু কাঈল জেমিছনে (২১) গুৰুত্বপূৰ্ণ ৰাণ সংযোগ কৰি প্ৰথম ইনিংছত অগ্ৰগতি নিশ্চিত কৰে | মহম্মদ ছামিয়ে ৭৬ ৰাণত ৪টা, ঈশান্ত শৰ্মাই ৪৮ ৰাণত ৩টা আৰু আশ্বিনে ২৮ ৰাণত ২টা উইকেট হস্তগত কৰে | দ্বিতীয় ইনিংছ আৰম্ভ কৰি পঞ্চম দিনটোৰ সমাপ্তিত ভাৰতে ৰোহিত আৰু গিলৰ উইকেট হেৰুৱাই ৬৪ ৰাণ সংগ্ৰহ কৰে যদিও পৰৱৰ্তী তথা সংৰক্ষিত ষষ্ঠ দিনটোত পুনৰ কিৱি পেচাৰৰ সন্মুখত দলটো অসহায় হৈ পৰে আৰু ১৭০ ৰাণতেই ইনিংছ সামৰে | ৰোহিতৰ ৩০ আৰু ঋষভ পন্টৰ ৪১ ৰাণৰ বাহিৰে আন বেটছমেন সকলৰ অৰিহণা আছিল নগণ্য | টিম ছাউডীয়ে ৪৮ ৰাণত ৪টা, ট্ৰেন্ট ব'ল্টে ৩৯ ৰাণত ৩টা আৰু কাঈল জেমিছনে ৩০ ৰাণত ২টা উইকেট দখল কৰি ভাৰতীয় বেটিঙৰ দুৰ্গ খহাই দিয়ে | মাত্র ১৩৮ ৰাণৰ অগ্ৰগতিৰে নিউজীলেণ্ডৰ সন্মুখত এক সহজ লক্ষ্য বান্ধি একপ্ৰকাৰ পৰাজয় নিশ্চিত কৰে ভাৰতে | ১৩৯ ৰাণৰ বিজয়লক্ষ্য লৈ নিউজীলেণ্ডে কেন উইলিয়ামছন (৫২*) আৰু ৰ'চ টেইলৰৰ (৪৭*)দৃঢ়তাৰে খুব সহজেই মাত্র ২টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হৈ ৮ উইকেটত ঐতিহাসিক বিজয় সাব্যস্ত কৰে | টেষ্ট ক্ৰিকেটৰ ১৪৪ বছৰীয়া ইতিহাসত প্ৰথমটো দল হিচাপে বিশ্ব চেম্পিয়নৰ খিতাপ যোগ্য দল হিচাপেই দখল কৰে নিউজীলেণ্ডে | শেহতীয়া ছিজন কেইটাত ভাৰত আৰু নিউজীলেণ্ড উভয় দলেই চকুতলগা প্ৰদৰ্শন কৰি আহিলেও এই ফাইনেলখনত ভাৰততকৈ নিউজীলেণ্ডক বহু বিশেষজ্ঞই আগস্থান দিছিল | নিউজীলেণ্ড দলৰ মূল চালিকাশক্তি হ'ল দলীয় অনুশাসন আৰু নেতৃত্বৰ সবলতা | শীতল মস্তিষ্কৰ অধিনায়ক কেন উইলিয়ামছনৰ নেতৃত্বত দলৰ প্ৰতিজন সদস্যই সকলো সময়তে খেলপথাৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰাৰ ক্ষেত্রত কোনোদিনে কৃপণালি কৰা নাই | টিম ছাউডী, ট্ৰেন্ট ব'ল্ট, নীল ৱাগনাৰ আৰু কাঈল জেমিছনৰ ৰূপত চাৰিজন বিশ্বমানৰ পেচ বলাৰে যিধৰণে বলিং কৰিলে সেয়া প্ৰত্যক্ষ কৰাৰ পিছত নিউজীলেণ্ডক সকলোৱে বিনাদ্বিধাই বিশ্ব চেম্পিয়ন বুলি মানিবলৈ বাধ্য | সদায় সন্মুখৰ পৰা নেতৃত্ব দিয়া কেন উইলিয়ামছনৰ লগতে জ্যেষ্ঠ খেলুৱৈ ৰ'চ টেইলৰৰ সময়োপযোগী অৰিহণাই দলৰ এই বিজয়ত বিশেষভাৱে সহায় কৰিছে | বিশ্ব ক্ৰিকেটত খুব দুৰ্ভগীয়া দল বুলি পৰিচিত নিউজীলেণ্ডে এইবাৰ সেই দুৰ্ভাগ্যক জয় কৰি শেষত বহু প্ৰতীক্ষাৰ অন্তত আই.চি.চি (ICC)ৰ মূখ্য প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হোৱাত বিশ্বত ভিন প্ৰান্তৰ ক্ৰিকেট অনুৰাগীসকল সুখী হোৱা পৰিলক্ষিত হৈছে | ২০১৫ আৰু ২০১৯ চনৰ এদিনীয়া বিশ্বকাপৰ একেৰাহে দুবাৰকৈ ফাইনেল খেলিও দুৰ্ভাগ্যজনক ভাৱে পৰাজিত হোৱা দলটোৰ এই বিজয়ত দেশখনত ক্ৰিকেটৰ জনপ্ৰিয়তাই অন্য এক মাত্রা পোৱাটো নিশ্চিত হ'ল | সম্প্ৰতি বিশ্ব ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ উইকেটৰক্ষক বি.জে. ৱাটলিঙেও জীৱনৰ অন্তিমখন টেষ্টত বিশ্ব চেম্পিয়নৰ খিতাপেৰে কেৰিয়াৰৰ মধুৰ সামৰণি মাৰিবলৈ সুযোগ পায় |
আনহাতে ভাৰতীয় দলৰ এই ব্যৰ্থতাই সকলোকে ব্যথিত কৰাৰ লগতে নিৰ্ণায়ক মেছত দলটোৰ দীৰ্ঘদিনীয়া ব্যৰ্থতাৰ ধাৰা অব্যাহত থকা বিষয়টোৱে চৰ্চা লাভ কৰিছে | ২০১৩ চনত চেম্পিয়নছ ট্ৰফীৰ খিতাপ জয় কৰাৰ পিছৰে পৰা আই.চি.চি. (ICC)ৰ কেইবাখনো মূল প্ৰতিযোগিতাত ফাইনেল খেলিও পৰাজিত হোৱা বিষয়টোৱে বিৰাট কোহলিৰ নেতৃত্বৰ ওপৰতো প্ৰশ্নৰ উদয় কৰিছে | মেছখনত পৰাজয়ৰ মূল কাৰণ হিচাপে ভাৰতীয় বেটছমেনৰ ব্যৰ্থতাকেই চিহ্নিত কৰা হৈছে যদিও পেচ বলাৰৰ সহায়ক উইকেটত দুজন স্পিনাৰৰ অন্তৰ্ভূক্তিৰ বিষয়টোও আলোচনাত আহিছে | সদা নিৰ্ভৰযোগ্য পেচাৰ যশপ্ৰীত বুমৰাৰ সমগ্ৰ মেছখনত ব্যৰ্থতাই সকলোকে চিন্তিত কৰাৰ লগতে ৰোহিত শৰ্মাই ভাল আৰম্ভণি কৰিও ইনিংছ দীঘলীয়া কৰিব নোৱাৰা কথাটোৱে সকলোকে কষ্ট দিছে | চেতেশ্বৰ পূজাৰাৰ অত্যাধিক ৰক্ষনাত্মক বেটিং, ঋষভৰ ধৈৰ্য্যৰ অভাৱ, কোহলি-ৰাহাণেৰ নিৰ্ভৰযোগ্যতাৰ অভাৱ আদি বিষয়ো নিশ্চয় আলোচনা কৰাৰ দৰকাৰ আছে | আগন্তুক ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া টেষ্ট শৃংখলাত দলটোৱে পুনৰ জয়ৰ ধাৰালৈ প্ৰত্যাৱৰ্তন কৰি অনুৰাগীৰ মন জয় কৰিব বুলি আমি সকলো আশাবাদী |
Comments
Post a Comment