মহাভাৰত আৰু নাৰী শিক্ষা
"বেটী বচাও বেটী পঢ়াও" আৰু মহাভাৰতীয় নাৰীৰ বিপৰ্যয়
'মহাভাৰত' কাব্যক সমল হিচাপে লৈ যিহেতু আলোচনা আগবঢ়াব বিচাৰিছো সেয়ে এই শ্লোকেৰেই আৰম্ভ কৰিব বিচাৰিছো—
"ধৰ্মে চাৰ্থে চ কামে চ মোক্ষে চ ভাৰতৰ্ষভ ৷
যদিহাস্তি তদন্যত্ৰ যন্নেহাস্তি ন কুত্ৰচিৎ" ৷৷
ইয়াৰ অৰ্থ নতুনকৈ পুনৰ বহলাই কোৱাৰ প্ৰয়োজন অৱশ্যেই নাই যদিও থোৰতে ক'ব বিচাৰিছো যে সাম্প্ৰতিক সময়ত যিয়েই বিষয় লৈ আমি আলোচনা নকৰো কিয়, সেইসমূহ বহু হাজাৰ বছৰ পূৰ্ব্বেই মহাভাৰতীয় পৰিক্ৰমাত সংঘটিত হৈছে বা এই সম্পৰ্কে আলোচনা হৈছে ৷ মহাভাৰত প্ৰণেতাই এইবুলি দাবী কৰিছে যে মহভাৰতত যিখিনি আছে সেইখিনি সকলোতে বিয়ঁপি আছে আৰু মহাভাৰতত যিখিনি নাই সেয়া ক'তোৱেই পাবলৈ নাই ৷ এই দাবী অৱশ্যেই উলাই কৰিবপৰা বিধৰ নহয় ৷ সাম্প্ৰতিক সময়ৰ যি অস্থিৰতা, বিশৃংখলতা এই সকলোবোৰৰ আলোচনা মহাভাৰতীয় পটভূমিত আলচ কৰাৰ সম্যক চেষ্টা কৰিব বিচাৰিছো ৷
○ পাঁচহাজাৰ বৰ্ষ পূৰ্ব্বেই সংঘটিত সেই সময়ৰ মহাভাৰতীয় ঘটনাপ্ৰবাহে আমাৰ ভাৰতীয় সভ্যতা-সংস্কৃতিত ইমানেই প্ৰভাৱ বিস্তাৰ কৰিলে যে আমি আজিও এই গণ্ডীৰ পৰা মুক্ত হ'ব পৰা নাই ৷ হত্যা, ধৰ্ষণ, লুণ্ঠন, প্ৰবঞ্চনা, নাৰী নিষ্পেষণ সেই সময়তো চলিছিল আৰু আজিও তাৰ ধাৰা প্ৰবহমান ৷ নাৰীৰ প্ৰতি যুগে যুগে সমাজে কৰি অহা অন্যায়ৰ প্ৰতিবাদ প্ৰতিবাৰেই তীব্ৰতাৰে হৈছে যদিও এই ব্যাধি যেন ওৰ পৰাৰ কোনো লক্ষণেই নাই ৷ মহাভাৰত-ৰামায়ণ বা পুৰাণ, উপনিষদ আদিৰ আলম লৈ আমি সদায়ে দম্ভালি মাৰি অহা ঐতিহ্যমণ্ডিত ভাৰতীয় সভ্যতা-সংস্কৃতিয়ে কোনোদিনেই কিন্তু নাৰী শিক্ষা বা কন্যা সন্তানৰ উৎকৰ্ষ সাধনৰ কোনো বাৰ্তা আমাৰ বাবে এৰি যোৱা নাই ৷ আশ্বৰ্য্যজনক ভাৱে ৰামায়ণৰ সময়তেই হওক বা মহাভাৰতীয় পৰিক্ৰমাতেই হওক বহু বিখ্যাত ৰাজ পৰিয়ালৰ ৰাজকন্যা সকলৰ শিক্ষা-সংস্কাৰৰ বিষয়ে ক'তো একো উল্লেখ নাই ৷ ৰাম-লক্ষ্মণৰ বাবে যদি বিশ্বামিত্ৰ বা বশিষ্টৰ দৰে গুৰু নিয়োগ সম্ভৱ হৈছিল তেন্তে সেই পৰিয়ালৰে একমাত্ৰ কন্যা সন্তান শান্ত্বাৰ বাবে কোনো গুৰু নিয়োগ কৰা হৈছিলনে ? বা শান্ত্বা সম্পৰ্কে কিবা আলোচনা, টোকা মহাকাব্য প্ৰণেতাই এৰি গৈছেনে ? নিশ্চয় এৰি যোৱা নাই ৷ এৰি যোৱাহেঁতেনে শান্ত্বা কেতিয়াও কুইজৰ প্ৰশ্ন হ'বই নোৱাৰে ৷ সঁচাকৈ লাজৰ কথা নহয়নে ? এটা বিখ্যাত ৰাজ পৰিয়াল, যিটো পৰিয়ালৰ দুই সন্তানক কেন্দ্ৰ কৰি ৰচিত হৈছে এখন মহাকাব্য, কিন্তু সেই পৰিয়ালটোৰ কন্যা সন্তানক আমি চিনিয়েই নাপাওঁ। শান্ত্বাৰ কথা বাৰু এৰিলো, ৰামায়ণৰ মূখ্য নাৰী চৰিত্ৰ সীতাৰ শিক্ষা-দীক্ষাৰ তথ্য ক'ত পাম আমি ? ৰামচন্দ্ৰৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ বাবেহে আমি সীতাক চিনি পালো নেকি ? এজন পুৰুষেই হওক বা এগৰাকী নাৰীয়েই হওক ভৱিষ্যত জীৱনত প্ৰতিষ্ঠিত হোৱাৰ বাবে তেওঁ লাভ কৰা শিক্ষা-সংস্কাৰ বহুত গুৰুত্বপূৰ্ণ কথা ৷ মহাভাৰতীয় পৰিক্ৰমাতো এই কথাটোৱে আমাক বাৰুকৈয়ে বিষন্ন কৰিছে যে বহু প্ৰভাৱশালী নাৰী চৰিত্ৰৰ শিক্ষাগ্ৰহণ সন্দৰ্ভত কোনো তথ্য পোৱাৰ উপায় নাই ৷ সত্যৱতী, অম্বা, অম্বিকা, অম্বালিকা, গান্ধাৰী, কুন্তী, সুভদ্ৰা, ভানুমতী, দুঃশলা, লক্ষ্যণা আদি ৰাজকন্যা বা সম্ভ্ৰান্ত পৰিয়ালৰ নাৰী চৰিত্ৰৰ শিক্ষাগ্ৰহণ সম্পৰ্কত মহাকাব্য নিমাত কিয় ? এই নাৰীসকলক কেন্দ্ৰ কৰি ঘটনাপ্ৰৱাহ আগবাঢ়িল, কাহিনীয়ে মোৰ সলালে, অথচ এই নাৰীসকলৰ শৈক্ষিক জীৱনৰ তথ্য অন্ধকাৰত ৷ নিশ্চিতভাৱেই তেওঁলোক শিক্ষাৰ সংস্কাৰেৰে সংস্কাৰী আছিল, অন্যথা মহাভাৰতীয় পৰিক্ৰমাত এওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলেহেঁতেন ৷ কিন্তু সম্পূৰ্ণ উদ্দেশ্য প্ৰণোদিত ভাৱে মহাভাৰত বা ৰামায়ণ প্ৰণেতাই নাৰী শিক্ষাৰ বিষয়টো অন্ধকাৰত ৰখাটোৱে সেই সময়ৰ পুৰুষতান্ত্ৰিক সমাজৰ নাৰীৰ প্ৰতি থকা অৱহেলাকেই আঙুলিওৱা নাইনে ? মহাভাৰতৰ সেই বিখ্যাত কুৰুবংশৰ ৰাজকুমাৰ সকলৰ বাবে দ্ৰোণ, কৃপাচাৰ্য্য আদিৰ দৰে বিখ্যাত শিক্ষক নিয়োগৰ কথা উল্লেখ আছে৷ একেদৰে কৰ্ণয়ো পৰশুৰামৰ ওচৰত শিক্ষাগ্ৰহণ কৰা বা কৃষ্ণ-বলোৰামেও সান্দিপনীৰ ওচৰত বিদ্যা-শিক্ষা গ্ৰহণৰ কথা উল্লেখ আছে । তাৰ বিপৰীতে ৰাজকুমাৰী বা অইন কন্যা সন্তান সকলৰ বিদ্যা গ্ৰহণৰ তথ্য ক'তো পোৱা নাযায় ৷ সেই সময়ৰ ঐতিহ্যমণ্ডিত সমাজব্যৱস্থাই নাৰী শিক্ষাৰ দিশটোত আমাৰ বাবে উদাহৰণ ৰাখি যোৱাহেঁতেনে আমি হয়তো স্কুললৈ গৈ শিক্ষা গ্ৰহণ কৰা প্ৰথমগৰাকী ভাৰতীয় নাৰী হিচাপে সাৱিত্ৰীবাই ফুলেৰ (১৮৪০ চন) পূৰ্ব্বেই আন কাৰোবাক চিনি পালোহেঁতেন ৷ একেদৰে প্ৰথম স্নাতক ডিগ্ৰীধাৰী মহিলা পোৱাৰ বাবে ১৮৮৩ চনপৰ্যন্ত আমি কাদম্বিনী গাংগুলী আৰু চন্দ্ৰমুখী বসুৰ সফলতালৈ অপেক্ষা কৰিব নালাগিলহেঁতেন ৷ ভাৰতীয় সমাজব্যৱস্থাই নাৰীক এনে এক গণ্ডীৰ ভিতৰত ৰাখি আগবাঢ়িছিল যে নাৰীয়ে সম্পূৰ্ণৰূপে পুৰুষৰ ছাঁত থাকিহে নিজৰ ব্যক্তিত্ব প্ৰকাশৰ অৱকাশ পাইছিল৷ সকলোবোৰ ঘটনাৰ প্ৰতি লক্ষ্য কৰিলে আমি দেখা পাওঁ যি এগৰাকী নাৰী কাৰোবাৰ কন্যা, কাৰোবাৰ ভগ্নী, কাৰোবাৰ পত্নী, কাৰোবাৰ মাতৃ হোৱা বাবেহে আমি চিনি পাইছো বা ঘটনা প্ৰৱাহত তেওঁৰ গুৰুত্ব বাঢ়িছে৷ নাৰীক স্বকীয়তাৰে উপস্থাপন কৰাৰ বদন্যতা দেখুৱাব নোৱাৰাটোৰে মহাকাব্য প্ৰণেতাই তৎকালীন সমাজ ব্যৱস্থাৰ এটা ফোপোলা স্বৰূপ আমাৰ ওচৰত দাঙি ধৰিছে ৷
○আনহাতে কন্যা সন্তানৰ ভ্ৰুণ হত্যাৰ যিটো বিষয়ে আজিও আমাৰ দেশক গ্ৰাস কৰি আছে সেই একেই ব্যাধিয়ে আমাৰ মহাভাৰতীয় যুগতো ক্ৰিয়া কৰা বুলি আপোনাৰ মনে নধৰেনে ? ঘটনাপ্ৰবাহৰ বহু সময়ত আমাৰ নজৰলৈ হোৱা বহু ৰাজ পৰিয়ালেই হওঁক বা সাধাৰণ প্ৰজাৰ পৰিয়ালেই হওঁক পুত্ৰ সন্তান বাঞ্চা কৰা পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত এক চতুৰ্থাংশ পৰিয়ালতহে আমি কন্যা সন্তানৰ উপস্থিতি দেখা পাওঁ ৷ ৰামায়ণৰ কথালৈ যদি আহো ৰজা দশৰথৰ চাৰিজন পুত্ৰ সন্তানৰ বিপৰীতে আছিল শান্ত্বাৰ ৰূপত একমাত্ৰ কন্যা সন্তান ৷ একেদৰে মহাভাৰতৰ সময়ত হস্তিনাপুৰত ৰজা ধৃতৰাষ্ট্ৰৰ এশজন পুত্ৰৰ বিপৰীতে এজনী কন্যা সন্তান থকাৰ বিপৰীতে পাণ্ডুৰ নাছিল কোনো কন্যা সন্তান ৷ বহু যুগ আগৰ পৰাই ভাৰতীয় সমাজ ব্যৱস্থাত সন্তান জন্মৰ ক্ষেত্ৰতো লিংগ বৈষম্যৰ পয়োভৰ দেখা গৈছে আৰু তাৰ উদাহৰণ অলেখ ৷ সেই সময়ৰ সমাজ ব্যৱস্থাত পৰিয়াল, সমাজ সকলোৱে পুত্ৰ সন্তানক প্ৰাধান্য দিছিল আৰু কন্যা সন্তান জন্ম পোৱাটো আছিল যেন এক অপযশ ৷ ক্ষত্ৰিয়সকলে নিজৰ বল-বিক্ৰমেৰে নিজৰ সাম্ৰাজ্যৰ পৰিসৰ বৃদ্ধিত গুৰুত্ব দিছিল আৰু তাৰ বাবে ওচৰ-চুবুৰীয়া ৰাজ্য বা দেশক বশ কৰি ৰখাটো জৰুৰী আছিল ৷ এইটো কৰিব যাওতেই যুদ্ধ-বিগ্ৰহ অৱশ্যম্ভাৱী আছিল আৰু এইক্ষেত্ৰত পুত্ৰ সন্তানৰ উপলব্ধতা এক যোগাত্মক দিশ বুলি গণ্য কৰিছিল ৰাজ পৰিয়ালে ৷ নাৰীক ব্যৱহাৰ কৰা হৈছিল , কেৱল মাত্ৰ ব্যৱহাৰহে কৰা হৈছিল ৷ যিসকলৰ কন্যা আছিল সেইসকলেও নিজ নিজ কন্যা সন্তানক প্ৰভাৱশালী ব্যক্তিৰ সৈতে বৈবাহিক বন্ধনত বান্ধি সুবিধা আদায় কৰাত পিছ পৰি ৰোৱা নাছিল ৷ হাৰিয়ানা, উত্তৰ প্ৰদেশ, গুজৰাট, মধ্যপ্ৰদেশ আদি ৰাজ্যত আজিৰ দিনতো কন্যা সন্তানৰ ভ্ৰুণ হত্যা বা জন্মৰ পাছতেই কন্যা সন্তান হত্যাৰ খবৰ এক সাধাৰণ ঘটনা ৷ হাৰিয়ানাৰ দৰে ৰাজ্যত আনকি এচাম অন্ধবিশ্বাসী মানুহৰ মাজত এনেকুৱা প্ৰথাও প্ৰচলিত আছে যে কন্যা সন্তান জন্মৰ পাছত গাখীৰত জুবুৰিয়াই হত্যা কৰা হয় ৷ এনে ভ্ৰুণ হত্যাৰ ঘটনাৰ ফলতেই এটা সময়ত জনগাঁথনিত বাৰুকৈয়ে প্ৰভাৱ পৰিছিল আৰু বিবাহোপযোগী ল'ৰাৰ বিপৰীতে এজনী কইনা যোগাৰ কৰাটো এটা সময়ত হৈ পৰিছিল এক বৃহৎ প্ৰত্যাহ্বান ৷ এনেকুৱাত হাৰিয়ানা, উত্তৰপ্ৰদেশ আদি ৰাজ্যৰ সমাজত এজনী কন্যা সন্তানকেই এটা পৰিয়ালৰ চাৰি/পাঁচজন ল'ৰাই বিয়া পতাৰ ঘটনা সম্পৰ্কেও আমি পঢ়িবলৈ পাইছো ৷ এতিয়া দ্ৰৌপদীয়েও বিনা প্ৰতিবাদে পাঁচজন স্বামী বৰণ কৰা কথাটোৰ সৈতে আমি সেই সময়ৰ সমাজ ব্যৱস্থাত কন্যা সন্তানৰ ভ্ৰুণ হত্যাৰ বিষয়টো সংযোগ কৰিব নোৱাৰো নে ? আজিৰ আধুনিক সভ্য সমাজৰ বাবে দ্ৰৌপদীয়ে পাঁচজন স্বামী বৰণ কৰা কথাটো এক অস্বাভাৱিক ঘটনা যদিও সেই সময়ৰ সমাজ ব্যৱস্থাত ই আছিল তেনেই সাধাৰণ কথা, কাৰন এইটো আছিল সময়ৰ আহ্বান ৷ দ্ৰৌপদীৰ এই ঘটনাটোৰ সম্পৰ্কত মহাভাৰতৰ পৃষ্ঠাত ক'তোৱেই দ্ৰৌপদীয়ে নিজে বা আন কোনোৱে ক্ষোভ বা প্ৰতিবাদ কৰাৰ উল্লেখ নথকাটোৱে একপ্ৰকাৰ সেই সময়ৰ নাৰীসমাজ এই নিয়ম বা বন্দীত্বত অভ্যস্ত আছিল বুলিয়েই মানি ল'বলৈ আমাক বাধ্য কৰাইছে ৷ মহাভাৰতৰ পৃষ্ঠাত এইবোৰৰ বিশদ বিৱৰণ নাই যদিও প্ৰতিটো কথাই অনুধাৱন কৰিব পৰাকৈ, বোধগম্য হোৱাকৈ হাজাৰটা উদাহৰণ মহাকাব্য প্ৰণেতাই আমাৰ বাবে এৰি থৈ গৈছে। ভ্ৰুণ হত্যাৰ বিষয়টো মহাভাৰতৰ সময়ৰ সৈতে সংযোগ কৰিব বিচৰাটো এটা দুঃসাহসিক প্ৰচেষ্টা যদিও ইয়াৰ যুক্তিযুক্ততা উলাই কৰিব পৰা বিধৰ একেবাৰেই নহয় ৷ হাজাৰ বছৰ পূৰ্ব্বৰ পৰা চলি অহা এই কুসংস্কাৰৰ শিকলিডালে আজিকোপতি আমাৰ শিক্ষিত আধুনিক সমাজকো বান্ধি ৰাখিছে । সৌ সিদিনালৈকে ভ্ৰুণৰ লিংগ পৰীক্ষাৰ কিমান ঘটনা ঘটি থকা নাছিলনে ? কিমান ভ্ৰুণ গৰ্ভতেই বা আন কিছু জন্ম হোৱাৰ কেইটামান মূহুৰ্তৰ পাছতেই কেৱল মাত্ৰ কন্যা সন্তান হোৱাৰ বাবে হত্যা কৰা হ'ল সেয়া এক বৰ্বৰতাৰ কংলকিত অধ্যায় হৈয়েই ৰৈ যাব ৷ সময় সলনিৰ লগে লগে বহু কথাৰ পৰিৱৰ্তন আহিছে যদিও আজিও বহু পৰিয়াল আছে য'ত নৱাগত শিশুটি কন্যসন্তান হ'লে পৰিয়ালৰ লগতে আত্মীয়-কুটুমৰ মুখবোৰ অন্ধকাৰাচ্চন্ন হয় আৰু এটা সন্তানতেই পৰিয়াল সামৰিম বুলি ভবা কোনো দম্পতীকো আন এটা সন্তান উৎপন্নৰ বাবে চাপ দিয়ে কিজানিবা এটা পুত্ৰ সন্তান আহেই ৷ আজিৰ বিজ্ঞানৰ জয়জয় ময়ময় অৱস্থাতো বহু শিক্ষিত (উচ্চশিক্ষিত) ব্যক্তি এনেধৰণৰ ঠেক পৰিসৰৰ মানসিকতাৰ পৰা মুক্ত হ'ব নোৱাৰাটোৱেও আমাৰ শিক্ষা-সংস্কাৰ তথা আধুনিকতাৰ আভিজাত্যক ভেঙুচালি কৰা নাইনে ?
🖋️দীপজ্যোতি শৰ্মা
Comments
Post a Comment