ক্ৰীড়া প্ৰবন্ধ
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰদৰ্শন
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলখনলৈ মাজত মাত্র কেইটামান দিন বাকী থকা অৱস্থাত এই চেম্পিয়নশ্বিপৰ দীঘলীয়া সময়ত ভাৰতৰ প্ৰদৰ্শন সম্পৰ্কে আলোচনা কৰিব বিচাৰিছোঁ | ২০১৯ চনৰ ১ আগষ্টৰ পৰা আৰম্ভ হোৱা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাৰতে ছটা শৃংখলাত সৰ্ব্বমুঠ ১৭ খন টেষ্ট খেলে | দলটোৱে নিজ দেশত খেলা তিনিটা শৃংখলাত ক্ৰমে দক্ষিণ আফ্ৰিকা, বাংলাদেশ আৰু ইংলেণ্ডৰ বিৰুদ্ধে ৯ খন টেষ্ট খেলে | তেনেদৰে বিদেশত ৱেষ্ট ইণ্ডিজ, নিউজীলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মুখামুখি হৈ ৮ খন টেষ্ট খেলে | সামগ্ৰিক ভাৱে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰদৰ্শন ঈৰ্ষণীয় আৰু পইন্ট তালিকাৰ শীৰ্ষত থাকি দলটোৱে ফাইনেললৈ উন্নীত হৈছে | ফাইনেললৈ যোগ্যতা লভাৰ পথত ১৭ খন টেষ্ট খেলি দলটোৱে ১২ খনত জয়ী হোৱা বিপৰীতে ৪ খনত পৰাজিত হয় আৰু ১ খন টেষ্ট অমিমাংসিত ৰূপে সমাপ্ত হয় | ভাৰতে ছয়খন দেশৰ বিৰুদ্ধে খেলা ৬টা শৃংখলাৰ ভিতৰত ৫টা শৃংখলা দখল কৰাৰ বিপৰীতে মাত্র এটা শৃংখলা হেৰুৱাইছে | আটাইকেইটা শৃংখলাৰ প্ৰদৰ্শনৰ বিষয়ে কিছু আভাস দিয়াৰ চেষ্টা কৰিলোঁ |
ৱেষ্ট-ইণ্ডিজত ভাৰত
------------------------------
প্ৰথম টেষ্ট:-
ভাৰত:- ২৯৭/১০ ৰাণ (ৰাহাণে ৮১, জাডেজা ৫৮, ৰাহুল ৪৪) আৰু ৩৪৩/৭ ৰাণ (ৰাহাণে ১০২, বিহাৰী ৯৩, কোহলি ৫১)|
ৱেষ্ট-ইণ্ডিজ:-২২২/১০ ৰাণ (ঈশান্ত ৪৩/৫, ছামি ৪৮/২, জাডেজা ৬৪/২, বুমৰাহ ৫৫/১) আৰু ১০০/১০ ৰাণ (বুমৰাহ ৭/৫, ঈশান্ত ৩১/৩, ছামি ১৩/২)
ফলাফল:- ভাৰত ৩১৮ ৰাণৰ ব্যৱধানত জয়ী | শ্ৰেষ্ঠ খেলুৱৈ:- আজিংক্যা ৰাহাণে |
দ্বিতীয় টেষ্ট:-
ভাৰত:- ৪১৬/১০ ৰাণ (বিহাৰী ১১১, কোহলি ৭৬, মায়াংক ৫৫, ঈশান্ত ৫৭) আৰু ১৬৮/৪ ৰাণ (ৰাহাণে ৬৪*, বিহাৰী ৫৩*)
ৱেষ্ট-ইণ্ডিজ:-১১৭/১০ ৰাণ (বুমৰাহ ২৭/৬, মহম্মদ ছামি ৩৪/২) আৰু ২১০/১০ ৰাণ (জাডেজা ৫৮/৩, ছামী ৬৫/৩, ঈশান্ত ৩৭/২)
ফলাফল:- ভাৰত ২৫৭ ৰাণৰ ব্যৱধানত জয়ী | শ্ৰেষ্ঠ খেলুৱৈ:- হনুমা বিহাৰী | ভাৰতে বেটিং-বলিং উভয় বিভাগতে দুদ্ধৰ্ষ প্ৰদৰ্শন কৰি দুয়োখন টেষ্টত জয়েৰে শৃংখলাটো ২-০ ব্যৱধানত হস্তগত কৰে |
ভাৰতত দক্ষিণ-আফ্ৰিকা
------------------------------------
প্ৰথম টেষ্ট:-
ভাৰত:- ৫০২/৭ ৰাণ (মায়াংক ২১৫, ৰোহিত ১৭৬) আৰু ৩২৪/৪ ৰাণ (ৰোহিত ১২৭, পূজাৰা ৮১, জাডেজা ৪০)
দক্ষিণ-আফ্ৰিকা:- ৪৩১/১০ ৰাণ (আশ্বিন ১৪৫/৭, জাডেজা ১২৪/২) আৰু ১৯১/১০ ৰাণ (ছামি ৩৫/৫, জাডেজা ৮৭/৪)
ফলাফল:- ভাৰত ২০৩ ৰাণৰ ব্যৱধানত জয়ী |
শ্ৰেষ্ঠ খেলুৱৈ:- ৰোহিত শৰ্মা |
দ্বিতীয় টেষ্ট:-
ভাৰত:- ৬০১/৫ (কোহলি ২৫৪*, মায়াংক ১০৮, জাডেজা ৯১, ৰাহাণে ৫৯, পূজাৰা ৫৮)
দক্ষিণ-আফ্ৰিকা:- ২৭৫/১০ ৰাণ (আশ্বিন ৬৯/৪, উমেশ ৩৭/৩, ছামি ৪৪/৩) আৰু ১৮৯/১০ ৰাণ (উমেশ ২২/৩, জাডেজা ৫২/৩, আশ্বিন ৪৫/২)
ফলাফল:- ভাৰত এক ইনিংছ আৰু ১৫৭ ৰাণৰ ব্যৱধানত জয়ী |
শ্ৰেষ্ঠ খেলুৱৈ:- বিৰাট কোহলি |
তৃতীয় টেষ্ট:-
ভাৰত:-৪৯৭/৯ ৰাণ (ৰোহিত ২১২, ৰাহাণে ১১৫, জাডেজা ৫১)
দক্ষিণ-আফ্ৰিকা:-১৬২/১০ (উমেশ ৪০/৩, ছামি ২২/২, জাডেজা ১৯/২, নাদিম ২২/২) আৰু ১৩৩/১০ (ছামি ১০/৩, উমেশ ৩৫/২, নাদীম ১৮/২)
ফলাফল:- ভাৰত এক ইনিংছ আৰু ২০২ ৰাণৰ ব্যৱধানত জয়ী |
শ্ৰেষ্ঠ খেলুৱৈ:-ৰোহিত শৰ্মা
শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ:-ৰোহিত শৰ্মা |
দক্ষিণ-আফ্ৰিকাৰ বিৰুদ্ধে তিনিওখন টেষ্টত সহজ জয়েৰে ভাৰতে শৃংখলাটো ৩-০ ব্যৱধানত হস্তগত কৰে |
ভাৰতত বাংলাদেশ:-
-----------------------------
প্ৰথম টেষ্ট:-
বাংলাদেশ:-১৫০/১০ ৰাণ(ঈশান্ত ২০/২, ছামি ২৭/৩, উমেশ ৪৭/২, আশ্বিন ৪৩/২) আৰু ২১৩/১০ ৰাণ (ছামি ৩১/৪, আশ্বিন ৪২/৩, উমেশ ৫১/২)
ভাৰত:-৪৯৩/৬ ৰাণ (মায়াংক ২৪৩, ৰহাণে ৮৬, পূজাৰা ৫৪, জাডেজা ৬০*)
ফলাফল:-ভাৰত এক ইনিংছ আৰু ১৩০ ৰাণৰ ব্যৱধানত জয়ী |
শ্ৰেষ্ঠ খেলুৱৈ:- মায়াংক আগৰৱাল |
দ্বিতীয় টেষ্ট:-
বাংলাদেশ:-১০৬/১০ ৰাণ (ঈশান্ত ২২/৫, উমেশ ২৯/৩, ছামি ৩৬/২) আৰু ১৯৫/১০ ৰাণ (ঈশান্ত ৫৬/৪, উমেশ ৫৩/৫)
ভাৰত:-৩৪৭/১০ ৰাণ (কোহলি ১৩৬, পূজাৰা ৫৫, ৰাহাণে ৫১)
ফলাফল:-ভাৰত এক ইনিংছ আৰু ৪৬ ৰাণৰ ব্যৱধানত জয়ী |
শ্ৰেষ্ঠ খেলুৱৈ:- ঈশান্ত শৰ্মা
শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ:-ঈশান্ত শৰ্মা |
বাংলাদেশৰ বিৰুদ্ধেও দুয়োখন টেষ্টত জয়েৰে ভাৰতে শৃংখলাটো ২-০ ব্যৱধানত জয় কৰে |
নিউজীলেণ্ডত ভাৰত:-
------------------------------
প্ৰথম টেষ্ট:-
ভাৰত:-১৬৫/১০ ৰাণ (ৰাহাণে ৪৬, মায়াংক ৩৪) আৰু ১৯১/১০ ৰাণ (মায়াংক ৫৮, ৰাহাণে ২৯)
নিউজীলেণ্ড:-৩৪৮/১০ ৰাণ (ঈশান্ত ৬৮/৫, আশ্বিন ৯৯/৩) আৰু ৯/০ ৰাণ |
ফলাফল:- নিউজীলেণ্ড ১০ উইকেটত জয়ী |
শ্ৰেষ্ঠ খেলুৱৈ:-টিম ছাউডী |
দ্বিতীয় টেষ্ট:-
ভাৰত:-২৪২/১০ ৰাণ (পৃথ্বি শ্ব' ৫৪, পূজাৰা ৫৪, বিহাৰী ৫৫) আৰু ১২৪/১০ ৰাণ (পূজাৰা ২৪)
নিউজীলেণ্ড:-২৩৫/১০ ৰাণ (ছামি ৮১/৪, বুমৰাহ ৬২/৩, জাডেজা ২২/২) আৰু ১৩২/৩ ৰাণ (বুমৰাহ ৩৯/২)
ফলাফল:-নিউজীলেণ্ড ৭ উইকেটত জয়ী |
শ্ৰেষ্ঠ খেলুৱৈ:- কাঈল জেমিছন
শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ:-টীম ছাউডী |
দুয়োখন টেষ্টত পৰাজয়েৰে এই শৃংখলাটো ভাৰতে ০-২ ব্যৱধানত হেৰুৱায় |
অষ্ট্ৰেলিয়াত ভাৰত:-
----------------------------
প্ৰথম টেষ্ট:-
ভাৰত:-২৪৪/১০ ৰাণ (কোহলি ৭৪, পূজাৰা ৪৩, ৰাহাণে ৪২) আৰু ৩৬/৯ ৰাণ (মায়াংক ৯)
অষ্ট্ৰেলিয়া:-১৯১/১০ ৰাণ (উমেশ ৪০/৩, বুমৰাহ ৫২/৩, আশ্বিন ৫৫/৪) আৰু ৯৩/২ ৰাণ |
ফলাফল:- অষ্ট্ৰেলিয়া ৮ উইকেটত জয়ী |
শ্ৰেষ্ঠ খেলুৱৈ:- টিম পেইন |
দ্বিতীয় টেষ্ট:-
অষ্ট্ৰেলিয়া:-১৯৫/১০ ৰাণ (বুমৰাহ ৫৬/৪, আশ্বিন ৩৫/৩, ছিৰাজ ৪০/২) আৰু ২০০/১০ ৰাণ (ছিৰাজ ৩৭/৩, জাডেজা ২৮/২, বুমৰাহ ৫৪/২, আশ্বিন ৭১/২)
ভাৰত:-৩২৬/১০ ৰাণ (ৰাহাণে ১১২, জাডেজা ৫৭, শুভমন ৪৫) আৰু ৭০/২ ৰাণ (শুভমন ৩৫*, ৰাহাণে ২৭*)
ফলাফল:- ভাৰত ৮ উইকেটত জয়ী |
শ্ৰেষ্ঠ খেলুৱৈ:-আজিংক্যা ৰাহাণে
তৃতীয় টেষ্ট:-
অষ্ট্ৰেলিয়া:-৩৩৮/১০ ৰাণ (জাডেজা ৬২/৪, ছাইনী ৬৫/২, বুমৰাহ ৬৬/২) আৰু ৩১২/৬ ৰাণ (আশ্বিন ৯৫/২, ছাইনী ৫৪/২)
ভাৰত:-২৪৪/১০ ৰাণ (শুভমন ৫০, পূজাৰা ৫০, পন্ট ৩৬) আৰু ৩৩৪/৫ ৰাণ (পন্ট ৯৭, পূজাৰা ৭৭, ৰোহিৰ ৫২, আশ্বিন ৩৯*, বিহাৰী ২৩*)
ফলাফল:-মেছ ড্ৰ |
শ্ৰেষ্ঠ খেলুৱৈ:-ষ্টিভ স্মিথ |
চতুৰ্থ টেষ্ট:
অষ্ট্ৰেলিয়া:-৩৬৯/১০ ৰাণ (নটৰাজন ৭৮/৩, ছাৰ্দুল ৯৪/৪, সুন্দৰ ৮৯/৩) আৰু ২৯৪/১০ ৰাণ (ছিৰাজ ৭৩/৫, ছাৰ্দুল ৬১/৪)
ভাৰত:-৩৩৬/১০ ৰাণ (ছাৰ্দুল ৬৭, সুন্দৰ ৬২, ৰোহিত ৪৪, মায়াংক ৩৮, ৰাহাণে ৩৭) আৰু ৩৩৯/৭ ৰাণ (শুভমন ৯১, পন্ট ৮৯*, পূজাৰা ৫৬)
ফলাফল:-ভাৰত ৩ উইকেটত জয়ী |
শ্ৰেষ্ঠ খেলুৱৈ:-ঋষভ পন্ট
শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ:-পেট কামিংছ
প্ৰথম টেষ্টত লজ্জাজনক প্ৰদৰ্শন কৰি পৰাজিত হ'লেও পৰৱৰ্তী তিনিখন টেষ্টৰ দুখনত জয়ী হৈ ভাৰতে শৃংখলাটো ২-১ ব্যৱধানত হস্তগত কৰে |
ভাৰতত ইংলেণ্ড
-----------------------
প্ৰথম টেষ্ট:-
ইংলেণ্ড:-৫৭৮/১০ ৰাণ (বুমৰাহ ৮৪/৩, আশ্বিন ১৪৬/৩, ঈশান্ত ৫২/২, নাদীম ১৬৭/২) আৰু ১৭৮/১০ ৰাণ (আশ্বিন ৬১/৬, নাদীম ৬৬/২)
ভাৰত:-৩৩৭/১০ ৰাণ (পন্ট ৯১, সুন্দৰ ৮৫*, পূজাৰা ৭৩) আৰু ১৯২/১০ ৰাণ (কোহলি ৭২, শুভমন ৫০)
ফলাফল:-ইংলেণ্ড ২২৭ ৰাণত জয়ী |
শ্ৰেষ্ঠ খেলুৱৈ:- জ' ৰুট |
দ্বিতীয় টেষ্ট:-
ভাৰত:-৩২৯/১০ ৰাণ (ৰোহিত ১৬১, ৰাহাণে ৬৭, পন্ট ৫৮) আৰু ২৮৬/১০ ৰাণ (আশ্বিন ১০৬, কোহলি ৬২)
ইংলেণ্ড:-১৩৪/১০ ৰাণ (আশ্বিন ৪৩/৫, ঈশান্ত ২২/২, অক্ষৰ ৪০/২) আৰু ১৬৪/১০ ৰাণ (অক্ষৰ ৬০/৫, আশ্বিন ৫৩/৩, কুলদীপ ২৫/২)
ফলাফল:- ভাৰত ৩১৭ ৰাণৰ ব্যৱধানত জয়ী |
শ্ৰেষ্ঠ খেলুৱৈ:-ৰবিচন্দ্ৰন আশ্বিন
তৃতীয় টেষ্ট:-
ইংলেণ্ড:-১১২/১০ ৰাণ (অক্ষৰ ৩৮/৬, আশ্বিন ২৬/৩) আৰু ৮১/১০ ৰাণ (অক্ষৰ ৩২/৫, আশ্বিন ৪৮/৪)
ভাৰত:১৪৫/১০ ৰাণ (ৰোহিত ৬৬, কাহলি ২৭) আৰু ৪৯/০ ৰাণ (ৰোহিত ২৫*, শুভমন ১৫*)
ফলাফল:-ভাৰত ১০ উইকেটত জয়ী |
শ্ৰেষ্ঠ খেলুৱৈ:-অক্ষৰ পেটেল
চতুৰ্থ টেষ্ট:-
ইংলেণ্ড:-২০৫/১০ ৰাণ (অক্ষৰ ৬৮/৪, আশ্বিন ৪৭/৩, ছিৰাজ ৪৫/২) আৰু ১৩৫/১০ ৰাণ (অক্ষৰ ৪৮/৫, আশ্বিন ৪৭/৫)
ভাৰত:-৩৬৫/১০ ৰাণ (পন্ট ১০১, সুন্দৰ ৯৬*, ৰোহিত ৪৯, অক্ষৰ ৪৩)
ফলাফল:- ভাৰত এক ইনিংছ আৰু ২৫ ৰাণৰ ব্যৱধানত জয়ী |
শ্ৰেষ্ঠ খেলুৱৈ:-ঋষভ পন্ট
শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ:- ৰবিচন্দ্ৰন আশ্বিন |
প্ৰথম টেষ্টত পৰাজিত হ'লেও পৰৱৰ্তী তিনিওখন টেষ্টতেই জয়লাভ কৰি ভাৰতে শৃংখলাটো ৩-১ ব্যৱধানত দখল কৰে |
সামগ্ৰিকভাৱে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাৰতে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছে | নিউজীলেণ্ডৰ মাটিত দলটো সম্পূৰ্ণৰূপে ধৰাসায়ী হ'লেও পৰৱৰ্তী শৃংখলা সমূহত প্ৰতিবাৰেই পৰাজিত হৈয়ো বিপক্ষক উভতি ধৰিবলৈ সক্ষম হৈছে | বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ আগমূহুৰ্তত দলটোলৈ আমাৰ ফালৰ পৰাও অশেষ শুভকামনা জনালোঁ | আশাকৰো বহুদিনৰ পৰা "নক আউট" মেছসমূহত কৰা দুৰ্বল প্ৰদৰ্শনৰ ধাৰা এই খেলখনতেই সমাপ্তি ঘটাই দলটোৱে সফলতা কঢ়িয়াই আনিব |
দীপজ্যোতি শৰ্মা
বেলতলা, গুৱীহাটী-২৮
দুৰভাষ:-৮৬৩৮৭৬৩২৪৫
Comments
Post a Comment