কবিতা
কিয় কিয় কিয় ???
মোৰ মনটোৱে বিছাৰিছিল,
দেশে মোক নায়ক মানক;
কিয় মোৰ সপোণে-দিঠকে
মই দেখিবলৈ লৈছিলো
সেই জনসমাৱেশ।
হাতত গাণ্ডীৱধাৰী অৰ্জুনৰ নিছিনাকৈ
এদিন ওলাইছিলো,
বিপ্লৱৰ প্ৰথমটো পৃষ্ঠা লিখিবলৈ।
তোমালোকে কৰ্তালি বজাই
উপলুঙাৰ বিভৎস হাঁহিৰে
মোৰ বাট ভেটিছিলা।
আস্ ! কি যে দুঃসহনীয়……
শেষ হাঁহি তোমালোকৰেই আছিল।
আজিও শোৱাপাটী মুৰ শিতানত
মই সন্তৰ্পনে ৰাখি থও মোৰ হেংদান।
শুব নিদিয়ে মোক সেই জনসমাৱেশৰ
কোলাহলটোৱে।
আন্ধাৰৰে মিতিৰালি কৰি
এতিয়া মই
ফালি-চিৰি নিঃশেষ কৰো
স্মৃতিৰ একো একোখন
ম্যাদ উকলি যোৱা দলিল।
প্ৰশ্নৰ শেষত মাথো আকৌ প্ৰশ্ন……
কিয় দেখিছিলো সেই সপোঁন ?!
কিয় দেখিছিলো সেই সপোঁন………?!
Comments
Post a Comment