ক্ৰীড়া প্ৰবন্ধ

--:বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ:--
ফাইনেললৈ সাজু কোহলি বাহিনী

অহা ১৮ জুনৰ পৰা ২২ জুনলৈ ইংলেণ্ডৰ ছাউদাম্পটন চহৰৰ ৰ'জ বাউল ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত মুখামুখি হ'ব ভাৰত আৰু নিউজীলেণ্ড | বৰ্তমান টেষ্ট ক্ৰিকেটৰ দলীয় ৰেংকিঙৰ শীৰ্ষত থকা ভাৰতীয় দলটোৰ সন্মুখত দ্বিতীয় স্থানত থকা কিৱি বাহিনীয়ে যে তীব্ৰ প্ৰত্যাহ্বান আগবঢ়াব সেয়া নিশ্চিত | ইতিমধ্যে ভাৰতে নিজৰ সাম্ভাব্য দলটো ঘোষণা কৰি প্ৰস্তুতি আৰম্ভ কৰিছে | দলটোত থকা খেলুৱৈসকল ক্ৰমে:-- বিৰাট কোহলি, ৰাহিত শৰ্মা, চেতেশ্বৰ পূজাৰা, আজিংক্যা ৰাহাণে, মায়াংক আগৰৱাল, শুভমন গিল, হনুমা বিহাৰী, ঋষভ পন্ট, কে এল ৰাহুল, ঋধিমান সাহা, ৱাশ্বিংটন সুন্দৰ, ৰবিচন্দ্ৰন আশ্বিন, ৰবীন্দ্ৰ জাডেজা, অক্ষৰ পেটেল, ছাৰ্দুল ঠাকুৰ, ঈশান্ত শৰ্মা, মহম্মদ ছামি, যশপ্ৰীত বুমৰাহ, উমেশ যাদৱ আৰু মহম্মদ ছিৰাজ | নিশ্চিতকৈ এটা সম্পূৰ্ণ ভাৰসাম্য যুক্ত দল ভাৰতে থিয় কৰাব পাৰিব খেলখনত | 
              আজিৰ আলোচনাত ভাৰতীয় দলৰ বেটিং শক্তি সম্পৰ্কে কিছু আলোচনা কৰাৰ চেষ্টা কৰিছো | টেষ্ট ক্ৰিকেটত ভাৰতীয় দলৰ বেটিঙত যোৱা তিনি-চাৰি বছৰৰ পৰা গুৰু দ্বায়িত্ব বহন কৰি আহিছে মূলতঃ বিৰাট কোহলি, চেতেশ্বৰ পূজাৰা আৰু আজিংক্যা ৰাহাণেই | তাৰ লগে লগে ৰোহিত শৰ্মাক টেষ্টতো অপেনিঙৰ দ্বায়িত্ব দিয়াৰ পিছৰ পৰা তেওঁ বেটিঙত ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰি আহিছে | প্ৰথমৰ পৰা আৰম্ভ কৰিলে অ'পেনিঙৰ এটা স্থানত ৰোহিত শৰ্মাৰ স্থান নিশ্চিত, তেওঁৰ সৈতে সংগী হিচাপে মায়াংক আৰু শুভমনৰ নাম একেলগে উচ্চাৰিত হ'লেও শেহতীয়া প্ৰদৰ্শনৰ যোগেদি এই দৌৰত শুভমন আগত থাকিব | শেহতীয়াভাৱে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টত শুভমনৰ প্ৰদৰ্শন আশানুৰূপ নহ'লেও অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত শুভমনৰ প্ৰদৰ্শনে সকলোৰে দৃষ্টি কাঢ়িছিল | অৱশ্যে মায়াংকৰ পূৰ্ব্বৰ প্ৰদৰ্শন যদি চোৱা যায় তেন্তে তেওঁকো বিবেচনালৈ আনিলে আচৰিত হ'বলগীয়া নাই | ৰোহিত শৰ্মাই প্ৰথম ১০/১২ অ'ভাৰ আউট নোহোৱাকৈ নিজকে চম্ভালি ইনিংছ আগুৱাব পাৰিলে দীঘলীয়া ইনিংছ খেলাটো নিশ্চিত | দ্বিতীয়জন অ'পেনাৰ যিয়েই নহওঁক নিজৰ প্ৰদৰ্শনেৰে দলত স্থান নিগাজী কৰাৰ সুযোগ পাব তেওঁলোকে | তৃতীয় স্থানত চেতেশ্বৰ পূজাৰা, চতুৰ্থ স্থানত অধিনায়ক কোহলি, পঞ্চমত ৰাহাণে নিশ্চিত | মূলতঃ এই তিনিজনৰ প্ৰদৰ্শনৰ ওপৰতেই মেছখনত ভাৰতৰ ভাগ্য বহুখিনি নিৰ্ভৰ কৰিব | অ'পেনাৰৰ বিদায়ৰ পিছত উইকেটৰ এটা মুৰ দৃঢ়তাৰে ধৰি ৰখাৰ দ্বায়িত্ব যেনেদৰে পূজাৰাই অতদিনে লৈ আহিছে তেনেদৰে দীঘলীয়া যুটি গঢ়াৰ দ্বায়িত্ব থাকিব কোহলি আৰু ৰাহাণেৰ ওপৰত | শেহতীয়াকৈ কোহলি পূৰ্ব্বৰ সেই দুৰ্দান্ত ফৰ্মত নাই যদিও এই গুৰুত্বপূৰ্ণ মেছখনত সথিক সময়ত তেওঁ ফৰ্মলৈ উভতিব বুলি অনুৰাগীয়ে আশা কৰিছে | বিদেশৰ মাটিত সদায়ে ত্রাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হোৱা ৰাহাণেৰ বেটৰ পৰা পুনৰ এবাৰ ভাল ইনিংছ আশা কৰিব দল আৰু অনুৰাগীয়ে | ছয় আৰু সাত নম্বৰত ঋষভ পন্ট আৰু ৰবীন্দ্ৰ জাডেজা নিশ্চিত বুলিব পাৰি | যোৱা সময়চোৱাত দুয়োজনেই যিধৰণে প্ৰদৰ্শন কৰি আহিছে তালৈ চাই গুৰুত্বপূৰ্ণ মেছখনত দুয়োজনে স্থান পোৱাত অসুবিধা হ'ব বুলি মনে নকয় |   ঋষভে বেটিঙত যথেষ্ট উন্নতি সাধন কৰি শেহতীয়াকৈ টেষ্টত বেটছমেনৰ ৰেংকিঙৰ ষষ্ঠ স্থানত উপনীত হৈছে | অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টত তেওঁ কৰা প্ৰদৰ্শন সম্পৰ্কে নতুনকৈ ক'বলগীয়া নাই | ভাৰতে যদি বলিং বিভাগত দুজন স্পিনাৰ আৰু তিনিজন পেচাৰৰ আঁচনিৰে খেলত নামে তেন্তে ৰবীন্দ্ৰ জাডেজা নিশ্চিত, অন্যথা যদি এজন স্পিনাৰৰ কথা আহে আৰু প্ৰথম পচন্দ হিচাপে ৰবি আশ্বিন বিবেচিত হয় তেনেকুৱাত সমীকৰণ অন্য হ'ব পাৰে | তথাপি বেটিং আৰু ফিল্ডিঙৰ অতিৰিক্ত নিৰ্ভৰযোগ্যতাৰ বাবে জাডেজাৰ স্থান সম্পৰ্কত নিশ্চিতি অধিক | যোৱা কেইবাটাও শৃংঙ্খলাত জাডেজা আৰু পন্টে বহুবাৰ টেইল এণ্ডাৰৰ লগত গুৰুত্বপূৰ্ণ যুটি বান্ধি দলক উদ্ধাৰ কৰিছে | পন্ট আৰু জাডেজাৰ বেটিং পৰিপক্কতাই ভাৰতীয় বেটিঙক অন্য এক মাত্রা দিছে | নিউজীলেণ্ডে আক্ৰমণ বিভাগত মূল শক্তি হিচাপে ব্যৱহাৰ কৰিব পেচাৰ কেইজনক | ট্ৰেন্ট ব'ল্ট, নীল ৱাগনাৰ আৰু টীম ছাউডীৰ নিছিনা দুদ্ধৰ্ষ বলাৰৰ মুখামুখি হোৱাৰ বাবে ভাৰতীয় বেটছমেনে পৰ্যাপ্ত অনুশীলন কৰাৰ সময় নিশ্চয় পাব | বিশেষকৈ অফ ষ্টাম্পৰ বাহিবলৈ ওলাই যোৱা বলত ৰোহিত, ৰাহাণে, কোহলি আদিৰ দৰে বেটছমেনৰ দুৰ্বলতা বহুবাৰ প্ৰমাণিত হৈছে | ইয়াৰোপৰি বৰ্তমান সময়ত ভাৰতীয় বেটছমেনে স্পিনাৰৰ বিৰুদ্ধেও অসহজ হোৱা পৰলক্ষিত হৈছে, যিটো সঁচাকৈয়ে দৃষ্টিকটু | নিউজীলেণ্ডে নিশ্চয়কৈ ভাৰতীয় দলৰ দুৰ্বল দিশসমূহত নজৰ ৰাখি আক্ৰমণৰ প্ৰস্তুতি চলাব |একেদৰে ভাৰতীয় দলত বৰ্তমান এখন প্ৰাচীৰৰ দৰে সেৱা আগবঢ়োৱা পূজাৰায়ো নিজৰ স্বভাৱসিদ্ধ খেল খেলাৰ সমান্তৰালকৈ ষ্ট্ৰাইক ৰেট বৃদ্ধি কৰাত সামান্য চকু দিব লাগিব | উইকেট বচাই ৰখাৰ দৌৰত অত্যাধিক ৰক্ষনাত্মক খেলেও উইকেটৰ আনটো মুৰত বেটছমেনৰ ওপৰত চাপ বৃদ্ধি কৰে আৰু সেই চাপে উইকেট পৰাৰ বাট মুকলি কৰে | এই সৰু সৰু ক্ৰুটিবোৰ শুধৰাই সথিক পৰিকল্পনাৰে খেলপথাৰত নামিলে ভাৰতীয় বেটিং বিশ্বৰ যিকোনো বলিং শক্তিৰ বাবেই মুৰৰ কামোৰণি হৈ উঠিবলৈ সক্ষম | দলৰ প্ৰতিজনে দ্বায়বদ্ধতাৰে নিজৰ দ্বায়িত্ব পালন কৰিলে কিৱি বলাৰৰ বাবে ভাৰতীয় বেটছমেনক কাবু কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিব | এতিয়া অপেক্ষা মাথো সময়লৈ |

Comments