প্ৰবন্ধ
ক্ৰীড়াসুলভ মানসিকতা
আমি বিভিন্ন সময়ত বিভিন্ন খেল খেলিছো, উপভোগ কৰিছো, খেলুৱৈসকলকো ওচৰৰ পৰা পাইছো; মুঠতে ক্রীড়া আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ | স্কুলীয়া অৱস্থাৰ পৰাই খেলৰ সৈতে আমি চিনাকি হওঁ, পৰৱৰ্তী সময়ত এই শৈশৱৰ খেলকেই কিছু কিছুৱে জীৱনৰ লক্ষ্য হিচাপে বাছি লৈ আগুৱাইছে | কিছুমানে বেলেগ ক্ষেত্রত ব্যস্ত হৈ পৰিলেও খেল উপভোগ কৰিয়েই জীৱনত নতুন ৰস সংযোজন কৰিছে | এই খেলসমূহৰ জড়িয়তে খেলুৱৈসকলে প্ৰদৰ্শন কৰা দৃঢ় আত্মবিশ্বাস, শাৰিৰীক পাৰদৰ্শিতা, যুঁজ দিয়াৰ মানসিকতা, সহযোগিতাৰ মনোভাৱ আদি গুণবোৰে আমাক বহু সময়ত প্রেৰণা যোগাই আহিছে | কিন্তু যিকোনো খেলুৱৈৰেই থাকিবলগা নিতান্তই আৱশ্যকীয় এটা গুণ কিছুসময়ত আমি কিছুমান খেলুৱৈৰ ক্ষেত্রত দেখা নাপাওঁ | তাৰ বিপৰীতে যিসংখ্যক খেলুৱৈয়ে এই মহান তথা দুৰ্লভ গুণ আয়ত্ব কৰি মহানতা দেখুৱাইছে তেওঁলোক একোজন খেলুৱৈ হোৱাৰ উপৰিও একো-একোজন ভাল মানুহ হিচাপে স্বীকৃত হৈছে | খেলুৱৈ হিচাপে সফল হবৰ বাবে এটা সফলতা প্ৰয়াসী মনৰ অত্যন্ত প্রয়োজন | কিন্তু নিজৰ সফলতা অৰ্জন কৰিবলৈ গৈ প্রতিদ্বন্দীৰ প্রতি শত্রুভাৱাপন্ন দৃষ্টিৰে চালে সেই সফলতা মূল্যহীন হৈ পৰে | খেলত সদায় প্রতিদ্বন্দীক বন্ধুভাৱে গ্রহণ কৰি প্রতিযোগিতাত অৱতীৰ্ণ হ'লে পৰিৱেশ মধুৰ হয় আৰু সেই সুন্দৰ মনৰ খেলুৱৈসকল সমাজৰ আদৰ্শ হৈ পৰে | আমি বিশ্ব ক্রীড়াক্ষেত্রত এনেকুৱা বহুতো উদাহৰণ পাম যিবোৰে আমাক প্রেৰণা দি আহিছে | পৰাজয়ৰ পিছত মনোবল ভাগি পৰা বিপক্ষ দলৰ খৈলুৱৈৰ চকুপানী মচি বুকুত আকোৱালি লৈ সান্ত্বনা দিয়া বিজয়ী দলৰ খেলুৱৈও আমি দেখিছো, ট্রেকত একেলগে দৌৰি থকা প্রতিদ্বন্দী খেলুৱৈ আহত হৈ বাগৰি পৰা মাত্রকে নিজৰ দৌৰ সামৰি আহতজনৰ শুশ্রুষাত ব্যস্ত হোৱা এথলীটো দেখিছো, টেনিছ ৰাকেটৰ প্রচণ্ড শ্বটৰ বল মুৰত লাগি আহত হোৱা বলগাৰ্লৰ মুৰত চুমা খাই শুশ্রূষা কৰা খেলুৱৈও দেখিছো, খেল চলি থাকোতেই আঘাতপ্রাপ্ত হৈ পৰাজিত হোৱাৰ পিছত কান্দোনত ভাঙি পৰা চেবাইন লিছিকিক সাৱটি বুজনি দিয়া সেই ছেৰেনা উইলিয়ামছকো দেখিছো, পৰাজিত বিপক্ষ দলৰ মহান খেলুৱৈ ৰোনাল্ডিনহোক বিজয়ী ট্রফীৰ সৈতে ফটো উঠিবলৈ টানি অনা কাৰ্লোছ পুয়লৰ দৰে মহানুভৱকো আমি দেখিছো, ক্রিজৰ পৰা বাহিৰত নিজৰ অজ্ঞাতে থিয় হৈ থকা বেটচমেনক ৰাণ-আউট নকৰি ক্রিজৰ ভিতৰলৈ মাতি অনা ক্রিকেটাৰো আমি দেখিছো, মহান বেটছমেনক জীৱনৰ অন্তিম ইনিংছত আউট কৰি উল্লাস প্রকাশৰ বিপৰীতে আৱেগিক হৈ সেই মহান বেটচমেনৰ আশিষ বিচৰা বলাৰো আমি পাইছো.........এনে হাজাৰটা উদাহৰণে আমাক বহু সময়ত বহুবাৰ ভাবুক কৰি তুলিছে আৰু আমাক জীৱনত একোটা পাঠ দি গৈছে | এই মানসিকতাই খেলুৱৈসকলৰ ইজনৰ লগত সিজনৰ মাজৰ সম্পৰ্কও মধুৰ কৰি তোলে আৰু ইজনে আনজনৰ পৰা নিজৰ দুৰ্বল দিশ সম্পৰ্কত শিকাৰ পৰৱেশো মুকলি হয় |
এয়াই ক্রীড়াসুলভ মানসিকতা (Sporting Spirit) | ক্ৰীড়াসুলভ মানসিকতাৰে খেলত অংশ লোৱা খেলুৱৈসকলৰ বাবেই খেলৰ জনপ্ৰিয়তা বৃদ্ধি পায়, নতুন নতুন ক্ৰীড়াপ্ৰেমীৰ সৃষ্টি হয় এই বিশেষ ঘটনাবোৰৰ আকৰ্ষণত |
এই মহান খেলুৱৈসকলৰ মহানতাৰ বিপৰীতে এচামে আকৌ অখেলুৱৈসুলভ মানসিকতাৰে কেৱল মাত্র সফলতা অৰ্জনৰ বাবে খেলত অংশ লৈ ক্রীড়াক্ষেত্রক কলংঙ্কিতও নকৰা নহয় | বেয়া থাকিবই, বেয়া আছে বাবেই ভালৰো আদৰ আছে বুলি ভাবি আমি সদায় ভালটোক গ্রহণ কৰি আগুৱাব লাগে | খেলুৱৈসকলৰ এই মহান গুণবোৰ আয়ত্ব কৰি আমিও মহানুভৱৰ পৰিচয় দিব পাৰো আমাৰ ব্যৱহাৰিক জীৱনত | জীৱনৰ প্রতিটো কামত, বিভিন্ন সময়ত লগ পোৱা প্রতিজন মানুহৰ লগত আমি বন্ধুত্বপূৰ্ণ আচৰণেৰে কামবোৰ কৰিলে সময়বোৰ মধুৰ হব আৰু নিজকে সুখী অনুভৱ হব | আহকচোন, আমিও সেই মহান খেলুৱৈসকলক অনুকৰণ কৰি ক্রীড়াসুলভ মানসিকতাৰ গৰাকী হৈ নিজকে সুখী আৰু সফল বুলি ভবাৰ বাট মোকলাওঁ |
Comments
Post a Comment