মহাভাৰত পৰ্য্যালোচনা:--১,২,৩,৪,৫ আৰু ৬
এই ব্লগৰ মাধ্যমেৰে মই মোৰ মহাভাৰত সম্পৰ্কীয় পৰ্য্যালোচনাৰ ধাৰাবাহিক লিখনীটো পঢ়ুৱৈৰ মাজলৈ আগবঢ়োৱাৰ প্রয়াস কৰিছো | আশাকৰোঁ আগ্রহী পঢ়ুৱৈ সমাজে ইয়াক আদৰি লব |
প্ৰস্তাৱনা:------
"মহাভাৰত".....নামতেই ইয়াৰ বিশালতা সোমাই আছে | ভাৰতীয় সভ্যতাৰ সাহিত্য-সংস্কৃতি, ৰাজনীতি, সমাজনীতি, কূটনীতি, অৰ্থনৈতিক ব্যৱস্থা, সমাজ ব্যৱস্থা.....এই সকলোবোৰ দিশৰ বৰ্ণনা সমৃদ্ধ এই বিশাল মহাকাব্যক বাদ দি ভাৰতীয় দৰ্শনো আধৰুৱা হৈ ৰয় | এই মহাকাব্যত বৰ্ণিত ঘটনাপ্রবাহক বৈজ্ঞানিক দৃষ্টিভংগীৰে বিচাৰ-বিবেচনা কৰি সাম্প্রতিক প্রেক্ষাপঁটত তাৰ গুৰুত্ব তথা সময়োপযোগীতাৰ ওপৰত নিজৰ সম্যক জ্ঞানৰ ভিত্তিত কিছু আলোচনা আগবঢ়োৱাৰ মানসেৰে এটা প্রচেষ্টা হাতত লবলৈ আগবাঢ়িছো | কাহিনীভাগৰ অলৌকিকতাক বাদ দিলে বৰ্তমান সময়ৰ লগত ক'ত কেনেকৈ ইয়াৰ বাস্তৱিকতাক সংযুক্ত কৰিব পাৰি বা কিছুমান চৰিত্র সম্পৰ্কত থকা আমাৰ বদ্ধমূল (ভুল-শুদ্ধ দুইটাই) ধাৰণাক প্রকৃত সত্যৰ পোহৰেৰে ব্যতিক্রমী চিন্তাৰে জুকিয়াই চোৱাৰ এক বিনম্র প্রয়াস মাথো কৰিব বিচাৰিছোঁ | প্রতি ইংৰাজী মাহৰ দ্বিতীয়টো দেওবাৰে নিশা ৯ বজাত ফেচবুকৰ পঢ়ুৱৈলৈ বুলি মই এই আলোচনা আগবঢ়াম বুলি থিৰাং কৰিছোঁ | এই যাত্রাত জ্যেষ্ঠ-কনিষ্ঠ প্রতিজন শুভাকাংঙ্খীৰ পৰা গঠনমূলক সহযোগিতা আশা কৰিলো |
প্ৰাৰম্ভতে নৃশংসতা কিয় ?
"মহাভাৰত" মহাকাব্যৰ কাহিনীভাগ আৰম্ভ হয় গংগা নৈৰ পাৰত মহাৰাজ শান্তনুৱে গংগাদেৱীৰ কৰা প্রেম নিবেদনৰ ঘটনাটোৰে | গংগাদেৱীৰ ৰূপ-লাৱণ্যত ধৰাশায়ী হৈ ৰজা শান্তনুৱে যেতিয়া তেওঁক বিবাহৰ প্রস্তাৱ দিলে প্রাণচঞ্চলা গংগাই এই বান্ধোনত সোমাবলৈ অস্বীকাৰ কৰিলে | কিন্তু প্রেমত অন্ধ হোৱা ৰজা শান্তনুৰ টনা-আঁজোৰাত এটা চৰ্তৰ বিনিময়ত সেই সম্পৰ্কত গংগাই সন্মতি দিলে | সেই চৰ্তানুসৰি শান্তনু আৰু গংগাৰ যুগ্ম-জীৱনৰ সাক্ষী হিচাপে এটাৰ পিছত সন্তান তেওঁলোকৰ মাজলৈ আহিল আৰু প্রতিবাৰেই শান্তনুৱে গংগাক লগত ৰখাৰ স্বাৰ্থত সেই সন্তানসকলক নৈত বিষৰ্জন দি গ'ল | এনেকৈ সাতটাকৈ সন্তানক জলসমাধি দিয়াৰ পিছত অষ্টম বাৰৰ বাবে যি সন্তান তেওঁলোকৰ মাজলৈ আহিল সেই সন্তানৰ তেজোদ্বীপ্ত মুখমণ্ডলৰ আভাই শান্তনুক মায়াপাশেৰে এনেকৈ মেৰিয়াই পেলালে যে সেই সন্তানক পৰিত্যাগ কৰিবলৈ তেওঁ অস্বীকাৰ কৰিলে | মহাভাৰতীয় ঘটনাপ্রবাহত "দেৱব্রত"ৰ আগমন অন্যতম উল্লেখযোগ্য অধ্যায় | দেৱব্রতক পুত্রৰ স্বীকৃতি দি লগত ৰখাৰ সিদ্ধান্ত লোৱা মাত্রকে সুযোগৰ অপেক্ষাত থকা গংগাদেৱীয়ে শান্তনুক পৰিত্যাগ কৰিলে | এই দেৱব্রতৰ জন্মৰ লগত বশিষ্ট মুনিয়ে অষ্টবসুক দিয়া অভিসাপৰ কাহিনীটো জড়িত হৈ আছে | মহাকাব্যৰ প্রণেতাই খুব কৌশলগতভাৱে এটা ঘটনাৰ লগত আনটো ঘটনাৰ যোগসূত্র স্থাপন কৰি সকলোবোৰ পূৰ্বনিৰ্ধাৰিত বুলি দাঙি ধৰাৰ চেষ্টা কৰিছে | কাহিনীভাগৰ প্রাৰম্ভতে পোৱা মতে অষ্টবসুৰ সাপমুক্তিৰ বাবে তেওঁলোকে গংগাদেৱীৰ গৰ্ভত স্থিতি লৈ পৃথিৱীত মানৱৰ ৰূপত জন্ম লোৱাটো সুনিশ্চিত হৈছিল লগতে গংগায়ো শান্তনুৰ পিতৃ প্রতীপৰ লগতহে বিবাহত বহাৰ কথা আছিল | মহাভাৰতৰ কিছুমান কাহিনীয়ে সঁচাকৈয়ে ইয়াৰ অলৌকিকতাক সুন্দৰকৈ দাঙি ধৰে | প্রতীপৰ লগত বিবাহৰ বাবে সাজু হোৱা সেই একেজনী গংগাই প্রতীপৰ পুত্র শান্তনুকো স্বামীৰূপে স্বীকাৰ কৰাটো আশ্বৰ্য্যকৰ নহয় নে ? এতিয়া আহো নৃশংসতাৰ কথালৈ | শান্তনুৰ প্রতি পিতৃ প্রতীপৰ কাঢ়া নিৰ্দেশ আছিল যে গংগাদেৱীয়ে যেতিয়া তেওঁৰ ওচৰত বিবাহৰ বাবে চৰ্ত আৰোপ কৰিব সেয়া শান্তনুৱে বিনাদ্বিধাই মানি লব লাগিব | কোনো কথা বিচাৰ-বিবেচনা কৰাৰ পৰা বিৰত থাকিবলৈ শান্তনুক পিতৃ প্রতীপে উপদেশ দিছিল | মহাকাব্যৰ প্রণেতাই সকলো পূৰ্বনিৰ্ধাৰিত বুলি কৈ দায় সৰাৰ চেষ্টা কৰিলেওঁ এজন পুত্রৰ প্রতি থকা এজন পিতৃৰ দ্বায়িত্বৰ পৰা প্রতীপ আঁতৰি অহা নাই নে ? কাৰোবাৰ স্বাৰ্থ পূৰণৰ বাবে আন কোনোবাই নিজ বিবেকক হত্যা কৰাৰ যি প্রক্রিয়া সেয়া মহাভাৰতীয় যুগতেই আৰম্ভ হোৱা বুলি আমি ভাবিব পাৰো | তাৰ পিছৰ দ্বিতীয়টো নৃশংসতা আমি দেখিলো দেৱীগংগাৰ কৰ্মত | অষ্টবসুৰ সাপমুক্তিৰ স্বাৰ্থত তেওঁ যি নৃশংসতা প্রদৰ্শন কৰিলে সেয়া এগৰাকী নাৰীৰ ক্ষেত্রত কল্পনাৰো অগোচৰ | সাতটাকৈ সন্তানক জন্মৰ পিছতেই নিঃসংকোচে পানীত উটুৱাই দি শান্তনুৰ প্রতিও তেওঁ অন্যায় কৰা নাই নে ? নাৰীৰ চৰিত্রবিৰুদ্ধ কৰ্মেৰে তেওঁ এজন পিতৃতো এক অসহায় জড়তাৰ মাজলৈ ঠেলি দিয়া নাই নে ? লগতে নিজৰ গৰ্ভজাত সন্তানৰ প্রতি দেখুওৱা চৰম নৃসংশতাৰে তেওঁ বহু যুগলৈ এক কলংকিত উদাহৰণ হৈ ৰ'ল যাৰ দ্বাৰা আজিৰ সমাজো প্রভাৱিত | মহাকাব্যৰ প্রণেতাই ঘননাক পূৰ্বনিৰ্ধাৰিতৰ ৰূপ দিবলৈ গৈ তাত যিবিলাক কাহিনী-উপকাহিনীৰ ৰহণ সানিলে তাত কোনো যুক্তি বিচাৰি পোৱাৰ বিপৰীতে অবাস্তৱিকতা আৰু অলৌকিকতাহে প্রভাৱহে বেছি হোৱা দেখা গ'ল | তথাপি মহাভাৰতীয় ঘটনাপ্রৱাহত ঘটিত এইসমূহ ঘটনাৰেই প্রভাৱান্বিত হৈয়েই আমাৰ সমাজো পৰৱৰ্তী সময়ত জড়াগ্রস্ত হ'ল বুলি ধাৰণা হয় | ইচ্ছা কৰা হ'লে তেতিয়াই এই মহাকাব্যৰ জড়িয়তে এখন যুক্তিনিষ্ঠ, সহনশীল, পৰিমাৰ্জিত সমাজৰ ছবি দাঙি ধৰি পৰৱৰ্তী সময়ৰ বাবে এক সুস্থ সামাজিক বতাবৰণ সৃষ্টি কৰি থৈ যোৱাৰ থল আছিল |কাৰণ সময় সলনি হ'লেও কোনো জাতিয়ে নিজৰ পূৰ্ব্বজৰ প্রবৃত্তি এৰিবলৈ খুবেই টান পায় |
মহাভাৰত পৰ্যালোচনা- ২
....কামনাত অন্ধ নৰপতি,
প্রজা তাৰ মন্দমতি...
প্রথমটো খণ্ডত আমি মহাভাৰতৰ আৰম্ভণিতেই দেখা পোৱা নৃশংসতা সম্পৰ্কত আলোচনা কৰিছিলো | দেৱী গংগাৰ নিজ গৰ্ভস্থ সন্তানৰ প্রতি নৃশংসতা আৰু মহাৰাজ শান্তনুৰ প্রতি তেওঁৰ যৌৱন কালত পিতৃ প্রতীপৰ নৃশংসতাই আমাক চুই গৈছে | এনেকৈ বিভিন্ন ঘটনাপ্রবাহৰ মাজেৰে আমি ক্রমান্বয়ে মহাভাৰতৰ মূল কাহিনীলৈ আগবাঢ়ি গৈ আছো | কালক্রমত দেৱী গংগাৰ সেই অষ্টম সন্তান দেৱব্রত যুৱক হ'ল | সৰ্বগুনসম্পন্ন এই যুৱকে সকলোকে প্রভাৱিত কৰিবলৈ সক্ষম হ'ল | ইফালে গংগাৰে বিচ্ছেদ হৈ মহাৰাজ শান্তনু খুব অকলসৰীয়া হৈ পৰিছিল | মৃগয়াসৰ্ব্বস্ব ৰজাই যেতিয়া এদিন অৰণ্যৰ মাজত সত্যৱতী নামৰ সেই ধীবৰ কণ্যাক দেখিলে তেতিয়া তেওঁৰ চিত্ত পুনৰবাৰ চঞ্চল হ'ল | তেওঁ সেই কণ্যাৰ পৰিচয় লৈ তেওঁৰ পিতৃৰ ওচৰত গৈ কণ্যাভিক্ষা কৰাত দাসৰাজে যি চৰ্ত আৰোপ কৰিলে তাতহে এক ভীষণ সমস্যাৰ সৃষ্টি হ'ল | চৰ্তটো আছিল ৰজা শান্তনুৰ অবৰ্তমানত সত্যৱতীৰ গৰ্ভস্থ সন্তানক হস্তিনাপুৰৰ ৰাজসংহাসনত বহুওৱাৰ নিশ্চিত প্রতিশ্রুতি দিলেহে সত্যৱতীক শান্তনুলৈ বিয়া দিব | দেৱব্রতৰ নিছিনা যোগ্য উত্তৰাধিকাৰী থাকোতে এনেকুৱা অদ্ভুত প্রস্তাৱত বিব্রত হৈ শান্তনুৱে দুখমনে সেই স্থান পৰিত্যাগ কৰিলে | তাৰ পিছত সত্যৱতীক পোৱাৰ পথত যি সমস্যাৰ সৃষ্টি হ'ল তাৰ চিন্তাত শান্তনুৰ খোৱা-শোৱা সকলো বন্ধ হ'ল | পিতৃৰ এনেকুৱা অস্বাভাৱিক অৱস্থাই দেৱব্রতকো চিন্তাত পেলালে | তেওঁ পিতৃক দুঃচিন্তাৰ কাৰণ সোধাত যথাযথ উত্তৰ নাপালে | পিছত এই সম্পৰ্কত মহামন্ত্রীৰ মুখৰ পৰা সকলো তথ্য জানিব পাৰি দেৱব্রত হতচকিত হ'ল | তেওঁ অকণো পলম নকৰি একমাত্র পিতৃ সুখৰ কাৰণে সত্যৱতীৰ ওচৰলৈ ৰাওনা হ'ল | সত্যৱতী আৰু দাসৰাজ ধীবৰৰ পৰা তেওঁলোকৰ চৰ্ত সম্পৰ্কে সকলো জনাৰ পিছত দেৱব্রতে যিটো প্রতিজ্ঞা কৰিলে তাৰ দ্বাৰা সমগ্র বিশ্ব কম্পনান হ'ল | দেৱব্রতৰ সেই প্রতিজ্ঞা পৰৱৰ্তী সময়ত এক মহাজাগতিক দূৰ্ঘটনা হিচাপে প্রতিপন্ন হ'ল | তেওঁ প্রতিজ্ঞাৰে বান্ধ খাই এই বুলি প্রতিশ্রুতি দিলে যে যদিহে সত্যৱতীয়ে ৰাজসিংহাসনত দেৱব্রত বহিব বুলি শংকিত হৈছে তেন্তে সেই শংকা অমূলক, কাৰণ ৰাজসিংহাসনত কোনোদিন নবহাৰ চুড়ান্ত পণ তেওঁ লৈ ল'লে | লগতে তেওঁৰ সতি-সন্ততিয়েও যাতে ৰাজসিংহাসনৰ দাবীদাৰ হব নোৱাৰে তাৰো ব্যৱস্থাস্বৰূপে তেওঁ আজীৱন অবিবাহিত হৈ থকাৰো প্রতিজ্ঞা কৰিলে | তেওঁৰ এই ভয়ংকৰ প্রতিজ্ঞাই মহাভাৰতৰ সমস্ত ঘটনাপ্রবাহক নিয়ন্ত্রিত কৰিলে | দেৱব্রতৰ পৰা ভীষ্ম হোৱা তেওঁৰ এই পৰিক্রমা সঁচাকৈয়ে খুব স্পৰ্শকাতৰ | দেৱব্রতৰ প্রতিজ্ঞাত আশ্বস্ত হৈ সত্যৱতীয়ে বিবাহৰ বাবে সন্মত হ'ল আৰু জাক-জমকতাৰে শান্তনুৰ সৈতে বিবাহো হ'ল | তাৰ পৰৱৰ্তী সময়ত কুৰুবংশ ৰক্ষাৰ বাবে সত্যৱতীৰ নেতৃত্বত যিমান ঘৃণনীয় ঘটনা সংঘটিত হ'ল সেয়া সময়ত আলোচনা কৰিম | এই যে দেৱব্রতৰ প্রতিজ্ঞা, দেৱব্রতৰ পৰা ভীষ্ম হোৱা যাত্রা, শান্তনুৰ নাৰীৰ প্রতি আসক্তি, নিজৰ ওপৰত নিয়ন্ত্রনহীনতা.....এইবোৰেই মহাভাৰতৰ কাহিনীভাগক নিয়ন্ত্রিত কৰি পৰৱৰ্তী সময়ত গতি দিলে | মহাভাৰত প্রণেতাই কৌশলেৰে বাৰে বাৰে সকলেবোৰ পূৰ্বনিৰ্ধাৰিত বুলি উল্লেখ কৰিলেও সভ্য সমাজৰ মানুহৰ বাবে কিছুমান কথা মানি লোৱা টান | নিজৰ উপযুক্ত পুত্র থকাৰ পিছতো বৃদ্ধাৱস্থাত নাৰীৰ প্রতি আসক্ত হৈ বিবাহৰ বাবে মন মেলা মহাৰাজ শান্তনুৰ ব্যক্তিত্বৰ প্রতিও সন্দেহ ওপজে | তেওঁৰ এই মানসিকতাৰ পৰিৱৰ্তে দেৱব্রতৰ নিছিনা সৰ্বগুনসম্পন্ন যুৱকক ৰাজকীয় কৰ্মত আগবঢ়াই নি দেশ তথা জনতাৰ কল্যাণৰ চিন্তাত মন দিয়াহে জৰুৰী আছিল | কিন্তু নিজৰ কামনা-বাসনাক নিয়ন্ত্রন কৰিব নোৱাৰি তেওঁ যি সিদ্ধান্ত ল'লে তাৰ দ্বাৰা আমি এজন সম্ভাৱনাপূৰ্ণ ৰাজকীয় নায়কক হেৰুৱালো | এজন পিতৃ হিচাপে বা এজন ৰজা হিচাপে তেওঁ কোনোফালেই সফল হব নোৱাৰিলে | তেওঁ দেৱব্রতক সেই প্রতিজ্ঞাৰ বান্ধোনৰ পৰা মুক্ত কৰি মহানতাৰ পৰিচয় দিব পাৰিলেহেতেন, কিন্তু তেওঁ সেয়া নকৰিলে |
ঠিক তেনেদৰে দেৱব্রতেও পিতৃক কেৱল মাত্র এগৰাকী নাৰীৰ সান্নিধ্যৰেই সুখী কৰি ৰাখিবৰ বাবেই এনেকুৱা ধ্বংসমুখী সিদ্ধান্ত লোৱাৰ একো যুক্তি বিচাৰি নাপালো | তেওঁৰ সেই সিদ্ধান্তৰ প্রভাৱতেই পৰৱৰ্তী সময়ত কিমান অধৰ্ম-অনিয়মৰ বীজ ফুটি ওলাইছিল সেয়া ভাবিলে তেওঁৰ কৰ্মৰ প্রতি ক্ষোভ ওপজে | নিজৰ পিতৃভক্তি অটুত ৰখাৰ স্বাৰ্থতেই দেশ তথা জাতিৰ স্বাৰ্থক পিছ দিয়াটো কোনোপধ্যেই গ্রহণযোগ্য হব নোৱাৰে | তেওঁ নিজৰ প্রতিজ্ঞাৰ আলম লৈ দেশ তথা জাতিৰ প্রতি থকা তেওঁৰ কৰ্তব্য আৰু দ্বায়িত্বৰ পৰা পলায়ন কৰিব বিচৰিছিল নেকি বাৰু !!?? তেওঁ ইচ্ছা কৰা হ'লে তেওঁৰ কৰ্মৰ পাৰদৰ্শিতাৰে ঘটনাপ্রৱাহক সম্পূৰ্ণ বিপৰীত গতি প্রদান কৰি এক সুস্থ আৰু নিকা বাতাবৰণ সৃষ্টিত মূখ্য ভূমিকা লব পাৰিলেহেতেন | আমাৰ উপৰিপুৰুষ সকলৰ এই কৰ্মবোৰেই পৰৱৰ্তী সময়ত আমাৰ জীৱনপ্রণালী নিৰূপণ কৰিছিল | ৰজাঘৰীয়াই কিছুমান অবিবেচকীয় কৰ্মকাণ্ডই অতীজৰে পৰাই সৰ্ব্বসাধাৰণক প্রভাৱিত কৰি আহিছে যি ধাৰা আজিও প্রৱহমান | সেইবাবেই একেষাৰেই কলো...
"কামনাত অন্ধ নৰপতি
প্রজা তাৰ মণ্ডমতি" |
মহাভাৰত পৰ্য্যলোচনা:--৩
সন্দেহৰ আৱৰ্তত তোমাৰ মহানতা
--------------------------------------------
আগৰ খণ্ডত আমি দেৱব্রতৰ প্রতিজ্ঞা প্রক্রিয়াৰে ভীষ্ম হোৱা যাত্রা, পিতৃ শান্তনুৰ প্রতি তেওঁৰ প্রয়োজনাধিক দৰদ আৰু মহাৰাজ শান্তনুৰ এজন ৰজা হিচাপে কৰ্তব্যৰ প্রতি পিছ দি কামনা-বাসনাত নিজকে বিলীন কৰাৰ ওপৰত আলোচনা কৰিছিলো | এনেদৰে আমি বিভিন্ন ঘটনাক্রমৰ মাজেৰে আহি আহি এতিয়া কিছুমান বিশেষ বিশেষ মহাভাৰতীয় ঘটনাৰ আলোচনা কৰিবলৈ গৈ আছো | কালক্রমত শান্তনুৰ ঔৰষত আৰু সত্যৱতীৰ গৰ্ভত দুটিকৈ পৰমসুন্দৰ পুত্র সন্তানৰ জন্ম হ'ল | সেই দুই পুত্রৰ নাম ৰাখা হ'ল চিত্রাঙ্গদ আৰু বিচিত্রবীৰ্য্য | শান্তনুৰ মৃত্যুৰ পিছত নিয়মমাফিক চিত্রাঙ্গদ ৰাজসিংহাসনত উপবিষ্ট হ'ল | মহাভাৰতত চিত্রাঙ্গদৰ মহাপৰাক্রমী মহাযোদ্ধা বুলি বৰ্ণনা কৰা হৈছে | কম সময়তে সমগ্র বিশ্বত তেওঁৰ বীৰত্বৰ গুণ-গান প্রচাৰিত হ'ল | তেওঁৰ বীৰত্বৰ প্রমান লবলৈ এবাৰ চিত্রৰথ নামৰ এজন গন্ধৰ্ব দেৱতাই কুৰুক্ষেত্রত তেওঁক প্রত্যাহ্বান জনালে | সৰস্বতী নৈৰ পাৰত তিনিবছৰ ধৰি দুয়োৰে মাজত ৰণ হ'ল | অবিশ্বাস্য যেন লাগিলেও এই তিনিবছৰীয়া যুঁজৰ অন্তত গন্ধৰ্বৰাজৰ মায়াবী যুদ্ধৰ ওচৰত সেও মানি চিত্রাঙ্গদ মৃত্যুমুখত পৰিল | এই দীৰ্ঘকালীন যুদ্ধত ভীষ্মৰ ভূমিকা সন্দৰ্ভত মহাভাৰতত কতোৱেই উল্লেখ নাই | কেৱল মাত্র ভীষ্মক মহান কৰি ৰখাৰ স্বাৰ্থেই মহাকাব্যৰ প্রণেতা নিৰৱ হৈ ৰ'ল নেকি ?? সমগ্র পৃথিৱীৰ ভিতৰত অন্যতম শ্রেষ্ঠ বীৰ বুলি স্বীকৃত সেই দেৱব্রত ভীষ্মই এই যুঁজত কিবা বিশেষ কৰাণত অংশগ্রহণেই নকৰিলে নেকি ?? ৰাজসিংহাসনৰ ৰক্ষনাবেক্ষণত গোটেই জীৱন উৎসৰ্গা কৰা এইজন মহাবীৰ যুঁজত পৰাজিত হৈছিল নেকি বাৰু ?? নহলেনো ভীষ্মৰ নিছিনা বীৰৰ চত্রছাঁয়াত থকাৰ পিছতো চিত্রাঙ্গদে মৃত্যুক আকোঁৱালি লব লগা হয় নে !!! নে বিশেষ ৰাজনৈতিক চক্রান্ত সিদ্ধিৰ বাবে তেওঁ চিত্রাঙ্গদক আহুতি হিচাপে আগবঢ়াইছিল ??!! মহাভাৰতীয় পৰিক্রমাত এইখিনিৰ পৰাই আমি ৰাজনীতিৰ (নিকৃষ্ট) গোন্ধ পোৱা আৰম্ভ হৈ গ'ল | কাৰণ চিত্রাঙ্গদৰ অকাল মৃত্যুৰ পিছত আৰু বিচিত্রবীৰ্য্যৰ ৰাজঅভিষেকৰ আগত যি বিষাদগাঁঠা বৰ্ণিত হব লাগিছিল সেয়া আমি নাপালো | মহাকাব্যৰ প্রণেতা এইক্ষেত্রত নিৰৱ হোৱাটো আমাৰ কাৰণে সঁচাকৈয়ে দুৰ্ভাগ্যজনক |
বিচিত্রবীৰ্য্য ৰাজসিংহাসনত অধিষ্ঠিত হোৱাৰ ৰাজমাতৃ সত্যৱতী আৰু ভীষ্ম ব্যস্ত হৈ পৰিল বিচিত্রবীৰ্য্যৰ বাবে কইনা বিচৰাত | সেই সময়তে কাশীৰাজে নিজৰ তিনি কণ্যাৰ সয়ম্বৰ সভা আয়োজন কৰিলে | ৰূপে-গুণে জাকত জিলিকা তিনি কণ্যাক নিজৰ কৰি লবলৈ বাৰাণসী নগৰত বিভিন্ন প্রান্তৰ ৰজা-মহাৰজাৰ সমাগম হ'ল | সেই সয়ম্বৰৰ বাতৰি পোৱা মাত্রকে ভীষ্মই বাৰাণসীলৈ ৰাওনা হ'ল | তেওঁ তাত গৈ সকলো ৰজা-মহাৰাজৰ সন্মুখৰ পৰা তিনি কণ্যাক বলপূৰ্বক ৰথত তুলি হৰণ কৰিবলৈ উদ্যত হ'ল | তেওঁ সকলোৰে আগত এইবুলি আত্মপক্ষ সমৰ্থনেৰে যুক্তি দিলে যে পৰাক্রম প্রদৰ্শনেৰে লাভ কৰা কণ্যাক বিবাহ কৰাটোও এক প্রশংসনীয় কাৰ্য্য | শাস্ত্রয়ো ইয়াৰ ভূয়সী প্রশংসা কৰা বুলি তেওঁ উল্লেখ কৰিলে | তাত উপস্থিত থকা অইন সভাসদ সকলে তেওঁক বাধা দি যুদ্ধৰ বাবে প্রত্যাহ্বান জনালে যদিও ভীষ্মৰ বীৰত্বত সকলো পৰাভূত হ'ল | এনেদৰে তেওঁ তিনি কণ্যা ক্রমে অম্বা, অম্বিকা আৰু অম্বালিকাক তেওঁলোকৰ ইচ্ছা-অনিচ্ছাৰ বিচাৰ নকৰাকৈ পণ্য সামগ্রীৰ দৰে ব্যৱহাৰ কৰি "যোৰ যাৰ মূলুক তাৰ" নীতিৰে হৰণ কৰিলে | হস্তিনাপুৰলৈ তিনি কণ্যাক লৈ আহি তেওঁ বিচিত্রবীৰ্য্যৰে বিবাহৰ আয়োজন কৰিলে | তেতিয়াই কাশীৰাজৰ জ্যেষ্ঠা কণ্যা অম্বাই ভীষ্মক মনৰ কথা অৱগত কৰাই জনালে যে তেওঁ সয়ম্বৰ সভাত শল্যক ইতিমধ্যেই মনে-প্রাণে বৰণ কৰিছিল | এই কথা জনা মাত্রকে ভীষ্মই অম্বাক মুক্ত কৰি শল্যৰ ওচৰলৈ পঠিয়ালে যদিও শল্যই অপহৃতা হৈ বদনামী হোৱা অম্বাক গ্রহণ কৰিবলৈ অমান্তি হ'ল | উপায়হীন হৈ অম্বা পুনৰ ভীষ্মৰ ওচৰলৈ আহিল যদিও ভীষ্মই ওলোটাই অম্বাকহে চৰিত্রহীনা, বেশ্যা আদি শব্দ প্রয়োগেৰে গালি দি আঁতৰোৱাৰ চেষ্টা কৰিলে | অৱশেষত সকলো অপযশৰ পৰা মুক্তিৰ বাবে অম্বাই আত্মহত্যাৰ দৰে কৰুণ পথ বাচি লব লগা হ'ল | এই সমস্ত প্রক্ৰিয়াটোত ভীষ্মৰ ভূমিকাক মহাকাব্যৰ প্রণেতাই কেনেকৈ নিৰ্দোষীতা প্রতিপন্নতাৰে উপস্থাপন কৰিব পাৰিলে সেয়া ভাবিলে আছৰিত লাগে | মহাভাৰতীয় সংস্কৃতিত সেই সময়ৰ পৰা নাৰীক পণ্য হিচাপে কিয় প্রতিষ্ঠা কৰা হ'ল ?? কিয় নাৰীৰ মনৰ ইচ্ছা-অনিচ্ছাক গুৰুত্ব নিদি কেৱল মাত্র কামনা-বাসনা পুৰণৰ আৰু সন্তান জন্ম দিয়া আহিলা হিচাপে ব্যৱহাৰ কৰা হ'ল ?? কিয় ?? ভীষ্মৰ দৰে মহাজ্ঞানী, মহাবলী, সৰ্বগুণসম্পন্ন ব্যক্তিয়ে নিজ ভাতৃৰ বিবাহৰ বাবে কিয় আসুৰিক পদ্ধতি অৱলম্বন কৰিব লগা হ'ল | তেওঁ তেওঁৰ পৰাক্রম, তেওঁৰ সৌৰ্য্য-বীৰ্য্য প্রতিষ্ঠা কৰাৰ বাবে আন এখন শ্রেষ্ঠ মঞ্চ নিশ্চয় পালেহেতেন | এয়াই চাগে মহাভাৰতীয় বিপৰ্য্যয় | সমাজৰ মুধাফুটা ব্যক্তিয়ে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে নিজৰ শক্তি প্রয়োগ কৰিছে অহৰহ | যাৰ ওপৰত জনতাই ভৰষা কৰিছে তেৱেই জনতাক আজি প্রতাৰণা কৰিছে | কিন্তু জনতাৰ কৃপাতেই সেই "মহান" ব্যক্তিৰ কিন্তু স্থানৰ পৰিৱৰ্তন হোৱা নাই, বৰঞ্চ তেওঁ প্রতিবাৰেই উচ্ছাসন পাইছে | মহাভাৰতীয় পৰিক্রমাৰ এনেবোৰ ঘটনাই সময়ত হাজাৰটা প্রশ্নৰ উন্মেশ ঘটোৱাৰ লগতে ভীষ্মৰ মহানতা সন্দৰ্ভতো আমাক সন্দিহান কৰি তুলিছে |
মহাভাৰত পৰ্য্যালোচনা:--৪
মহাভাৰতৰ ঘটনাপ্রবাহৰ ওপৰত আলোচনা আগবঢ়াই নিওতে আন এক গুৰুত্বপূৰ্ণ চৰিত্র সত্যৱতীৰ জীৱনত আমি এখন্তেক ভূমুকি নামাৰিলে আলোচনা আধৰুৱা হৈ ৰ'ব | সত্যৱতী আছিল একেবাৰে সাধাৰণভাৱে জীৱন যাঁপন কৰা কিন্তু অসাধাৰণ ৰূপ-লাৱন্যৰ অধিকাৰী এজনী কণ্যা | যমুনা নৈৰ পাৰত পিতৃআজ্ঞা পালন কৰি তেওঁ নাওৰে যাত্রী পাৰ কৰাই সময় কটাইছিল | এদিনাখন মহৰ্ষি পৰাশৰ সেই ঘাটলৈ আহিল নৈ পাৰ হোৱাৰ উদ্দেশ্যে | সত্যৱতীৰ ৰূপ-লাৱন্যত তেওঁ নিজৰ আত্মসংযম হেৰুৱালে আৰু সত্যৱতীক দুৰ্লভ বৰদানৰ প্রলোভনেৰে তেওঁৰ সৈতে শাৰিৰীক সম্পৰ্ক স্থাপনৰ বাবে অগ্রসৰ হ'ল | মহৰ্ষি পৰাশৰে নিজৰ মন্ত্রশক্তিৰ বলেৰে নদীৰ মাজত থকা নাওখনৰ ছৌদিশ কুৱলীৰ আচ্ছাদনেৰে ঢাকি তাতেই সত্যৱতীৰ সৈতে শাৰিৰীক সম্পৰ্কত লিপ্ত হ'ল | তেওঁ তৃপ্ত হোৱাৰ অন্তত সত্যৱতীক এইবুলি বৰদান দিলে যে পূৰ্বতে সত্যৱতীৰ শৰীৰত থকা মাছৰ গোন্ধ আঁতৰি (সত্যৱতীৰ আন এটা নাম মৎস্যগন্ধা) তেতিয়াৰ পৰা সুগন্ধ পুষ্পৰ গোন্ধৰে সুশোভিত হব আৰু মৃত্যুপৰ্য্যন্ত সত্যৱতীৰ কুমাৰীত্ব অটুত থাকিব | পৰৱৰ্তী সময়ত পৰাশৰ আৰু সত্যৱতীৰ মিলনত জন্ম হয় ব্যাসদেৱৰ | সেই যে শাৰিৰীক ক্ষুধা নিবাৰণ কৰি মহৰ্ষি পৰাশৰে বৰদান কৰি বিদায় ল'লে পৰৱৰ্তী সময়ত পুনৰবাৰ তেওঁ সত্যৱতীৰ খবৰ লোৱাৰ আহৰি নাপালে | এজনী নাৰীক কেৱল মাত্র কামনা-বাসনা চৰিতাৰ্থ কৰাৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ যি নিকৃষ্ট মানসিকতা সেয়া চাগে এইখিনিৰ পৰা আৰম্ভ হৈছিল | লগতে মহৰ্ষি পৰাশৰৰ সত্যক পোৱাৰ যি তপস্যা, ঈশ্বৰপ্রাপ্তিৰ যি সাধনা সেয়া কিমান বিশুদ্ধ আছিল সেয়া সন্দেহৰ আৱৰ্তত ৰৈ গ'ল | নিজৰ আৰ্জিত শক্তিক শাৰিৰীক ক্ষুধা নিবাৰণৰ দৰে কাৰ্য্যত ব্যৱহাৰ কৰি পুনৰাই তাৰ দ্বাৰাই এগৰাকী নাৰীৰ শৰীৰটোৰ মূল্যও তেওঁ দিবলৈ চেষ্টা কৰিছে | কিমআশ্বৰ্য্যম্......য'ত বিশাল মহাভাৰতীয় পৰিক্রমাত ব্রাহ্মনসকলক জ্ঞান, বুদ্ধি, সংযমৰ প্রতীক হিচাপে দাঙি ধৰা হৈছে তাত প্রথমবাৰৰ বাবে ব্রাহ্মনেই নাৰী মহিমাক অৱমাননা কৰা নাই নে ?? নাৰীক পণ্য বুলি প্রতিপন্ন কৰাৰ বাবে ইয়াতকৈ উৎকৃষ্ট উদাহৰণ কতো পোৱা নাযাব | সকলোতকৈ আশ্বৰ্য্যৰ কথা যে পৰৱৰ্তী সময়তো পৰাশৰে তেওঁৰ এই কৰ্মৰ বাবে কাৰো ওচৰত জবাবদিহি হব লগা হোৱা নাছিল | এই ঘটনাটোৰ পৰাই অপৰাধ প্রৱনতা বৃদ্ধিৰ বিষয়টোও সংযোজন কৰিব পাৰি | তেওঁৰ বগা সাজযোৰৰ আঁৰত থকা সত্যৱতীৰে সংগমৰ বাবে উদ্যত হোৱা শৰীৰটোৱে আন কোনো নাৰী চৰিত্রক কলংকিত কৰা নাইতো ???
এইখিনিতেই সত্যৱতী সম্পৰ্কতো আমি কিছুমান কথা আলোচনা কৰাটো উচিত | নিজৰ ৰূপৰ মায়াজালেৰে পৰাশৰক বশ কৰি কিবা পোৱাৰ আশাত তেওঁ শৰীৰদান কৰা নাইতো ?? অন্যথা প্রথম মিলনতেই প্রেম হোৱাটো সম্ভৱ যদিও শাৰিৰীক মিলন অলপ চিন্তনীয় কথা | নিজ স্বাৰ্থৰ বাবে শৰীৰদান কৰি লাভান্বিত হোৱাৰ লালসাৰ বাবেই আজিও আমাৰ সমাজত বিভিন্ন সময়ত বিভিন্ন দুষ্কাৰ্য্য সংঘটিত হৈ আছে | সাংঘাতিক স্বাৰ্থপৰ এইগৰাকী নাৰীৰ এই নিৰ্লজ্জ চৰিত্র পৰৱৰ্তী সময়তো সলনি হোৱা নাছিল | মহাৰাজ শান্তনুৰ লগত বিবাহপাশত আবদ্ধ হোৱাৰ প্রাকমূহুৰ্ততো তেওঁ নিজ স্বাৰ্থ আগত ৰাখি চৰ্ত নিক্ষেপ কৰিছিল, যাৰ পৰিণতিতেই আমি চিৰকুমাৰ ভীষ্মক পাব লগা হ'ল | নাৰীয়ে যেতিয়ালৈকে নিজৰ শৰীৰটোৰ মূল্য, মহত্ব সম্পৰ্কত সচেতন হৈ নুঠিব তেতিয়ালৈকে এচাম ধূৰ্তই ইয়াৰ সুযোগ লৈ অভিষ্ট সিদ্ধি কৰি যাব আৰু সমাজ ধ্বংসৰ মুখলৈ গৈ থাকিব | যেতিয়ালৈকে নাৰীৰ প্রতি পুৰুষ আৰু পৰুষৰ প্রতি নাৰী অকল দৈহিক বাসনাৰ বাবেই আকৰ্ষিত হব তেতিয়ালৈকে এই বৈষম্য আঁতৰ নহব | মহাভাৰতীয় ঘটনাপ্রবাহে আমাৰ জীৱনৰ প্রতিটো দিশ সুন্দৰকৈ উপস্থাপন কৰি থৈ গৈছে, প্রয়োজন মাথো কিছু গভীৰ অধ্যয়নৰ লগতে বিস্তৃত তথা বিজ্ঞানসম্মত আলোচনাৰ |
মহাভাৰত পৰ্যালোচনা-৫
ৰাজমাতৃ সত্যৱতী
মহাভাৰত সম্পৰ্কীয় আলোচনাসমূহৰ প্রতি থকা এক সাংঘাতিক দুৰ্বলতা আৰু কৌতুহলে মোক এই বিষয়টোৰ বহু গভীৰতালৈ লৈ গৈ আছে | পূৰ্বৱৰ্তী খণ্ডত আলোচনা কৰাৰ লেখীয়াকৈ এই খণ্ডটো মই সত্যৱতীৰ বিষয়ে কেইষাৰমান কথা সন্নিৱিষ্ট কৰিবলৈ লৈছো | ভীষ্মই অপহৰণ কৰি অনা কাশীৰাজৰ দুই কন্যা অম্বিকা আৰু অম্বালিকাক বিচিত্রবীৰ্য্যৰ সৈতে জাকজমকতাৰে বিয়া পাতি দিয়া হ'ল | সাত বচৰকাল সংসাৰ ধৰ্ম পালন কৰাৰ লগতে হস্তিনাপুৰৰ ৰাজপাত ভোগ কৰাৰ পিছত বিচিত্রবীৰ্য্যৰ যক্ষ্মা ৰোগত মৃত্যু হয় | তেওঁৰ অকাল মৃত্যুত ৰাজসিংহাসন উকা হোৱাৰ উপৰিও আন এক দুঃচিন্তাই সত্যৱতীক খুলি খাব ধৰিলে | বিচিত্রবীৰ্য্যৰ অকাল মৃত্যুৱে অম্বিকা-অম্বালিকাক সন্তান উৎপাদন কাৰ্য্যত বিঘিনি ঘটোৱাৰ বাবে বংশ ৰক্ষা তথা ৰাজসংহাসনৰ ভৱিষ্যত উত্তৰাধিকাৰী সম্পৰ্কত আহুকালে দেখা দিলে | তেওঁ এই বিপদকালত ভীষ্মৰ ওচৰত তেওঁৰ জীৱনৰ পূৰ্ব্ববৃত্তান্ত পৰ্য্যন্ত খুলি কৈ সহায় বিচাৰিলে | প্রথমতে তেওঁ ভীষ্মকেই ৰাজসিংহাসন ৰক্ষা কৰাৰ বাবে অনুৰোধ কৰিলে যদিও ভীষ্মই ক্ষন্তেকতে তেওঁৰ প্রতিজ্ঞাৰ কথা সোঁৱৰাই দি সেই অনুৰোধ প্রত্যাখ্যান কৰিলে | সত্যৱতীয়ে তেওঁৰ পূৰ্ব্বৰ সকলো কাহিনী বৰ্ণনা দিওতে পৰাশৰৰ ফালৰ পৰা পোৱা পুত্র ব্যাসৰ কথাও ক'লে | ব্যাসে তপস্যালৈ ৰাওঁনা হোৱাৰ প্রাকমূহুৰ্তত মাকক কৈ গৈছিল যে যদি মাকৰ কিবা বিপদ দেখা দিয়ে তেনেক্ষেত্রত সোঁৱৰণ কৰা মাত্রকে ব্যাসদেৱ মাতৃৰ ওচৰত থিয় দিবহি | সত্যৱতীয়ে ব্যাসদেৱক স্মৰণ কৰা মাত্রকে তেওঁ মাতৃৰ ওচৰত উপস্থিত হ'লহি | মই আগতেওঁ বহুবাৰ উল্লেখ কৰিছো যে মহাভাৰতৰ অতিৰঞ্জিত কাহিনীভাগ আঁতৰাই থৈহে আমি আলোচনাখিনি কৰিব লাগিব | ইয়াত অলৌকিকতাক দাঙি ধৰাৰ প্রয়াসেৰে মহাভাৰত প্রণেতাই বহু অৰিৰঞ্জিত ঘটনাৰ সংযোজন কৰিছে | ব্যাসদেৱ কিমান যোজন দুৰত আছিল বা কিমান সময়ৰ ভিতৰত তেওঁ আহি পাইছিল সেয়া আমাৰ বিচাৰ্য্য বিষয় নহয় | সত্যৱতীয়ে পুত্র ব্যাসৰ ওচৰত সকলো বিৱৰি ক'লে আৰু এই সমস্যা লাঘৱৰ ক্ষেত্রত তেওঁৰ নিশ্চিত সহযোগ বিচাৰিলে | মহাভাৰতত মাতৃৰ মৰ্য্যদা বহুসময়ত বহু ঠাইত বহু ওপৰলৈ লৈ যোৱাৰ বিপৰীতে বহুসময়ত আকৌ বহু নিম্নগামীও কৰা দেখা গৈছে | এই ঘটনাত মাতৃক সন্মান জনাই তেওঁৰ আদেশ শিৰোধাৰ্য্য বুলি ব্যাসদেৱে নিজকে মাতৃভক্ত বুলি দাঙি ধৰিলে | এইখিনিতেই আৰম্ভ হ'ল মহাভাৰতীয় বিপৰ্য্যয়ৰ আন এক অধ্যায় | হস্তিনাপুৰৰ সিংহাসনৰ ভৱিষ্যত উত্তৰাধিকাৰী সৃষ্টি কৰাৰ বাবে সত্যৱতীয়ে ব্যাসলৈ যি প্রস্তাৱ আগবঢ়ালে সেয়া আছিল সভ্য সমাজৰ বাবে এক কলংকিত অধ্যায় | বংশ ৰক্ষাৰ স্বাৰ্থত তেওঁ দুই বিধৱা বোৱাৰীৰ সৈতে ব্যসদেৱক শাৰিৰীক সম্পৰ্ক স্থাপনৰ বাবে আহ্বান জনালে | তেওঁ আনকি তেওঁৰ এই প্রস্তাৱৰ সমৰ্থনত বিভিন্ন যুক্তিও দাঙি ধৰিলে | ব্যাসদেৱে এই প্রস্তাৱ শুনাৰ পিছত তেওঁৰ মনত কেনে প্রতিক্রিয়া হৈছিল সেয়া জনাৰ উপায় আমাৰ নাই | কিন্তু তেওঁ মাতৃআজ্ঞা পালন কৰাৰ বাবে সকলো ধৰ্মৰ জ্ঞান সমায়িকভাৱে পাহৰি যোৱাটো আন এক মহাভাৰতীয় বিপৰ্য্যয় | কেৱল মাত্র বংশ ৰক্ষাৰ স্বাৰ্থত, ৰাজনৈতিক প্রতিপত্তি অক্ষুন্ন ৰখাৰ স্বাৰ্থত দুজনী বিধৱা নাৰীৰ সতীত্ব হৰণ কৰাৰ বাবে আন অগৰাকী নাৰীয়েই লোৱা এই ভূমিকাই পৰৱৰ্তী সময়ৰ বাবেও একে কৰ্মৰ বাবে বাট মোকলালে | কেৱল মাত্র সন্তান জন্ম দিয়া পাত্রৰ ৰূপ দি তেওঁলোকৰ ইচ্ছা-অনিচ্ছাক ভৰিৰে মোহাৰি সেই নাৰীদ্বয়ক সম্পূৰ্ণ পণ্য হিচাপে প্রতিপন্ন কৰিবলৈ মহাভাৰত প্রণেতাই লোৱা এই উদ্যোগ সঁচাকৈ চিন্তা কৰিবলগীয়া | নাৰীৰ সমস্ত বিপৰ্য্যয়ৰ কাৰন যে আন এগৰাৰী নাৰীয়েই হয় সেয়া প্রতীয়মান কৰাৰ বাবেই চাগে এই দুঃসাহসী প্রচেষ্টা লোৱা হ'ল | যদি ব্যাসদেৱে দুয়োগৰাকী ভাইৱোৱাৰীকে পত্নীৰ মৰ্য্যদা দি সেই কাৰ্য্যত লিপ্ত হ'লহেতেন তেন্তে আমাৰ কবলগা একোৱেই নাছিল | কিন্তু ইমান নিকৃষ্ট প্রচেষ্টাৰে বংশৰক্ষাৰ বাবে লোৱা সিদ্ধান্ত মানি লবলৈ সভ্য সমাজ নিশ্চয় সাজু নহয় | সত্যৱতীৰ এই হঠকাৰী সিদ্ধান্তৰ বাবে অকল দুগৰাকী বিধৱা বোৱাৰীৰ সতীত্ব হৰণেই হোৱা নাছিল, সমগ্র ভাৰতবংশই চিৰকালৰ বাবে একধৰণৰ পংগুত্বক আঁকোৱালি লব লগা হৈছিল; যি মানসিক পংগুত্বই আমাক আজিও লগ নেৰিলে | মহাভাৰত প্রণেতাই প্রতিটো কৰ্মৰ ফল যে কৰ্মানুযায়ী হয় সেয়া সুন্দৰকৈ দাঙি ধৰিছে | ব্যাসদেৱ আৰু দুই বিধৱা বোৱাৰীৰ মাজত হোৱা অবৈধ/জান্তব্য সংগমৰ ফলস্বৰূপে জন্ম হ'ল অন্ধ ধৃতৰাষ্ট্র আৰু শেতাপৰা শৰীৰৰ পাণ্ডুৰ | হস্তিনাপুৰৰ নিছিনা সাম্রাজ্য শাসন কৰিবলৈ উত্তৰাধিকাৰী সৃষ্টিৰ যি প্রক্রিয়া সত্যৱতীয়ে চলালে সেয়া সফল নহ'ল | তাৰ মাজতে ব্যাসদেৱে এগৰাকী দাসীৰ লগত কৰা সংগমৰ ফলত জন্ম হৈছিল এক সৰ্বগুনসম্পন্ন সন্তান বিদুৰৰ | দাসীজনীয়ে মনৰ সমস্ত ভক্তি আৰু প্রেমেৰে ব্যাসক স্বীকাৰ কৰি লোৱাৰ বাবেই সন্তানো পাইছিল স্বাভাৱিক আৰু সৰ্বগুনসম্পন্ন | তাৰ বিপৰীতে দুগৰাকী বোৱাৰীৰ বাবে ব্যাসক স্বীকাৰ কৰাটো আছিল কল্পনাৰো অগোচৰ, যিটো হোৱাটোৱেই স্বাভাৱিক | সকলো ফালৰ পৰা যোগ্য হোৱা স্বত্বেও ৰাজসিংহাসনৰ দৌৰত বিদুৰ অন্তৰ্ভূক্ত হোৱা নাছিল, কাৰন তেওঁৰ মাতৃ আছিল এগৰাৰী দাসী | উপযুক্ত জনেও প্রাপ্য সন্মানৰ পৰা বঞ্চিত হোৱাৰ প্রক্রিয়া মহাভাৰতীয় যুগৰেই অৱদান | এই সমগ্র প্রক্রিয়াটোত সত্যৱতীৰ ভূমিকা আছিল মূখ্য, এগৰাকী মাতৃ হৈ নিজে যে তেওঁ এটা বংশৰ কবৰ খান্দিব পাৰিব সেয়া মানি লোৱাটো কষ্টকৰ | ৰাজসিংহাসনৰ ৰক্ষনাৱেক্ষনত আজীৱন জাগ্রত থকাৰ প্রতিজ্ঞা কৰা ভীষ্মৰ নিৰ্লিপ্ত ভূমিকাও এক কৌতুহল মাত্র | প্রতিটো কৰ্মৰ উপযুক্ত ফল পূৰ্ব্বৰ পৰাই প্রতিজনে পাই আহিছে | কোনেও এই কৰ্মফলক বাধা দিব নোৱাৰে | তথাপি আমিবোৰে কিন্তু বেয়াক বেয়া বুলি জনাৰ পিছতো তাৰ সংঙ্গ নেৰো বা বেয়া কৰ্মৰ পৰা নিজৰে দুৰলৈ লৈ অহাৰ বাবে যত্নপৰ নহওঁ, এয়াও আমাৰ প্রতিজন মানুহৰ এক নৈতিক বিপৰ্য্যয় | মহাভাৰতীয় ঘটনাত আমি আৰু বহুতো উহাহৰণ পাম য'ত অবিবেচকী সিদ্ধান্তই সময়ত ধ্বংসাত্মক ৰূপ লৈছে | আমিও এই ঘটনাৰ পৰা শিকবলৈ চেষ্টা কৰো আহকচোন....
মহাভাৰত পৰ্যালোচনা-৬
অন্ধতা চকুৰ নে মনৰ ?
আগৰ খণ্ডত আমি সত্যৱতীয়ে বংশৰক্ষাৰ বাবে লোৱা প্রচেষ্টাৰ বিষয়ে আলোচনা কৰিছিলোঁ | তেওঁৰ এই প্রচেষ্টাৰ বলত দুই বিধৱা বোৱাৰীৰ গৰ্ভত দুটি সন্তানৰ জন্ম হ'ল | দুয়োটা সন্তানেই শাৰিৰীক বিসংগতি লগত লৈ জন্মলাভ কৰাৰ কাৰণো যে সত্যৱতী সেয়াও আমি গম পালোঁ | অম্বিকা-অম্বালিকাৰ গৰ্ভত জন্ম হোৱা ধৃতৰাষ্ট্র আৰু পাণ্ডুৰ শিক্ষাৰ ব্যৱস্থা ভীষ্মৰ দ্বাৰা যথাযথ কৰা হ'ল | জ্যেষ্ঠ সন্তান ধৃতৰাষ্ট্র অন্ধ হ'লেও শাৰিৰীৰ বল-বিক্রম আৰু বুদ্ধিগত ভাৱে আছিল অতুলনীয় | উপযুক্ত বয়সত ধৃতৰাষ্ট্রক ৰাজসিংহাসনত বহুৱাই আন কাৰিকৰী দিশসমূহ ভীষ্মই চোৱা-চিতা কৰাৰ দ্বায়িত্ব ল'লে | এতিয়া সময় আহিল ধৃতৰাষ্ট্রৰ বিবাহৰ বাবে এজনী উপযুক্ত কন্যা সন্ধান কৰাৰ | ধৃতৰাষ্ট্রৰ অন্ধতা যাতে এইক্ষেত্রত প্রতিবন্ধকতা হব নোৱাৰে তাৰ বাবে ভীষ্মই বিশেষ কৌশল অৱলম্বন কৰি আগবাঢ়িলে | এইক্ষেত্রত তেওঁ অকল ধৃতৰাষ্ট্রৰ বিবাহৰ বাবে কন্যা বিচৰাতেই ক্ষান্ত নাথাকি এক বিশেষ ৰাজনৈতিক সমীকৰণো সন্নিৱিষ্ট কৰিলে | এই প্রচেষ্টাৰ দ্বাৰা অকল বিবাহ সম্পন্ন হ'লেই নহব, ৰাজনৈতিক তথা কূটনৈতিক লাভালাভৰ বিষয় আগত লৈ তেওঁ আগবাঢ়িল | কুৰু সাম্রাজ্যক ৰাজনৈতিক দিশৰ পৰা অধিক প্রতিপত্তিশীল কৰাৰ বাবে ভীষ্মই বিভিন্ন দেশসমূহৰ লগত চলে-বলে কৌশলে মিত্রতা স্থাপন কৰি গৈছিল | সেই সময়ৰ অন্যতম শক্তিশালী যদুবংশৰ সম্রাট সুবলৰ গান্ধাৰী নামৰ এজনী অনিন্দ্যসুন্দৰী কন্যা আছিল | ভীষ্মই বহুহাজাৰ সৈন্য লগত লৈ সুবলৰ ৰাজ্যৰ সীমান্তত বাহৰ পাতি গান্ধাৰীক ধৃতৰাষ্ট্রৰ বাবে কন্যা হিচাপে বিচাৰি ৰজাৰ ওচৰলৈ দূত পঠিয়ালে | ভীষ্মই বেঁকা পথেৰে গৈ হ'লেও এই কাৰ্য্য সমাধা কৰাৰ মানসেৰেই তাত উপস্থিত হৈছিল | কিন্তু ৰজা সুবলো ভীষ্মৰ পাৰক্রমৰ বিষয়ে ভালদৰেই জ্ঞাত আছিল, যাৰ বাবে তেওঁ সকলো চৰ্ত মানি লৈছিল | এইফালে পুনৰবাৰ এজনী নাৰীক পণ্য সজাই ৰাজনৈতিক লাভালাভৰ সমীকৰণ সম্পন্ন কৰিলে দুই ৰাজ শক্তিয়ে | এজন অন্ধ পুৰুষৰ ওচৰত নিজকে সমৰ্পণ কৰাৰ বাবে কোনো নাৰীয়েই মানসিকভাৱে সাজু নাথাকে যদিহে সেই পুৰুষ বিশেষ কোনো প্রতিভাধৰ নহয় | এইক্ষেত্রত শাৰিৰীক শক্তিৰ বাহিৰে ধৃতৰাষ্ট্রৰ কোনো সক্ষমতা আমাৰ জ্ঞাত নহয় | সকলো অন্তৰ্দ্বন্দ সামৰি মাত্ৰ পিতৃ-মাতৃ আৰু দেশৰ সুৰক্ষাৰ স্বাৰ্থত নিজৰ ইচ্ছা-অনিচ্ছা, মান-অভিমানক জলাঞ্জলি দি এগৰাকী নাৰীয়ে নিজকে একুৰা জুঁইত সপি দিছিল | পৰৱৰ্তী সময়ত গান্ধাৰীক সতী সজোৱা হ'ল তেওঁৰ ত্যাগৰ স্বীকৃতিৰ ৰূপত | আজীৱন নিজৰ চকু ঢাকি ৰখা কথাটোত আমাৰ সমাজে এজনী নাৰীৰ পত্নীধৰ্মহে দেখা পালে, সেই বন্ধ দুচকুত জ্বলি থকা ক্ষোভৰ জুইকুৰা কোনোকালে নেদেখিলে | গান্ধাৰীক সতী সজাই এইটোৱেই প্রতীয়মান কৰিব বিচৰা হ'ল যে পুৰুষৰ স্বাৰ্থসিদ্ধিৰ বাবে যি নাৰীয়েই নিজক সমৰ্পণ কৰিব পাৰিছে তেৱেই "সতী"| সতীত্বৰ বৰমাল্য পিন্ধাই আজীৱন বোবা কৰি ৰখা হ'ল গান্ধাৰীক...কি জটিল সাঁথৰ !! এয়াই নেকি আমাৰ বৈদিক দৰ্শনৰ মানদণ্ড ?? এই সমস্ত ঘটনাত একমাত্র প্রতিবাদ কৰিছিল গান্ধাৰীৰ ভাতৃ শকুনিয়ে | শকুনিয়ে নিজ ভগ্নীৰ মনৰ অৱস্থা বুজি পাই ভীষ্মক প্রত্যাহ্বান জনাবলৈও সাজু হৈছিল | কিন্তু এজনী নাৰীৰ মনোকষ্ট বুজি সাহসী হৈ উঠিব খোজা শকুনিক সজোৱা হৈছিল জাতিদ্রোহী,অবিবেচক, কু-সন্তান | কিয় কিয় ?? মানুহ কেতিয়া বিদ্রোহী হয় সেয়াও আমি জানো, এই বিদ্রোহে পৃথিৱীত কিমান কি ঘটাইছে সেয়াও আমি দেখিছো....তথাপি কিন্তু আমি নিশিকো | কৰ্মফল প্রাপ্তিৰ যথোপযুক্ত উদাহৰণেৰে ভৰপুৰ মহাভাৰতীয় ঘটনা প্রবাহত গান্ধাৰীৰ সেই মৌনতাই পিছলৈ কেনেধৰণৰ প্রতিক্রিয়া কৰিছিল সেয়া আমাৰ সকলোৰে জ্ঞাত | লগতে সন্তানৰ প্রতি পিতৃ-মাতৃৰ দ্বায়িত্ব আৰু কৰ্তব্য সম্পৰ্কতো মহাৰাজ সুবলৰ অনাস্থাৰ বাবেই পৰৱৰ্তী সময়ত বিদ্রোহী আৰু খলনায়ক শকুনিক আমি পাব লগা হ'ল | এগৰাকী নাৰী মাতৃ হবলৈ আগবঢ়াৰ যাত্রাত আহৰণ কৰিবলগা দৃঢ় মানসিকতাৰ অভাৱে কেনেদৰে একো-একোটা প্রজন্মৰ কোঙা কৰে সেয়াও পৰৱৰ্তী সময়ত জিলিকি উঠিছে | সেয়ে আজিৰ নাৰীয়ে এই ঘটনা প্রবাহৰ পৰা শিক্ষা লৈ অকল মাত্র স্বামী বা পিতৃ-মাতৃৰ ভুল-শুদ্ধ প্রতিটো সিদ্ধান্ত মানি লৈ "সতী" হোৱাৰ পৰিৱৰ্তে নিজস্ব বিবেকেৰে স্বকীয় পৰিচয় সৃষ্টি কৰাৰ সময় সমাগত | অন্যথা এটাৰ পিছত এটাকৈ প্রতিটো প্রজন্মই উপযুক্ত মাতৃৰ অভাৱত কোঙা হৈয়েই ৰৈ যাব |
Comments
Post a Comment