প্ৰবন্ধ

আমাৰ চিন্তা আৰু জীৱন দৰ্শন
******************************


এই পৃথিৱীত মানুহ হিচাপে জন্ম লৈ আমি নিজকে যিমান সৌভাগ্যৱান বুলি ভাবো তেনেদৰে কিছুসময়ত সথিক পথেৰে জীৱনক আগুৱাই নিব নোৱাৰাৰ বাবে হতাশায়ো আৱৰি ধৰে | কিন্তু এই হতাশাক জয় কৰি কঠিন শিলাময় পৰ্ব্বত অতিক্রমি হ'লেও জীৱনৰ শুদ্ধ পথ বাঁচি লব পৰাজনেহে প্রকৃত মানুহ হিচাপে জীয়াই থকাৰ সমল লাভ কৰে | আমি বহুসময়ত নিজৰ সুবিধা অনুসৰি সত্যকো ভিন্নৰূপ দিওঁ, নিজৰ সুখৰ বাবেই ভালকো বেয়া বোলো...কেতিয়াবা বেয়াকেই ভাল বোলো | কিন্তু আপোনাৰ মোৰ সুখৰ বাবে বা কাৰোবাৰ স্বাৰ্থসিদ্ধিৰ বাবে সত্যই কেতিয়াও ৰূপ নশলায়...সত্য সদায় নিজৰ কক্ষ্যপথত একেদৰেই ঘুৰে | আমি নিজৰ সুখবোৰৰ নাম দি লওঁ নিজৰ সুবিধামতে...সেই সুখ বৈষয়িক হব পাৰে...সেই সুখ ক্ষন্তেকীয়াই নহওঁক কিয়, তাক পাবৰ বাবে আমি পৃথিৱীৰ প্রকৃত সত্যৰ পৰা নিজকে আঁতৰাই ৰাখি নিজৰ বাবে এখন পৃথিৱী সৃষ্টি কৰো...য'ত থাকে মাত্র নিজৰ আৱেগ-অনুভূতি, নিজৰেই আশা-আকাংঙ্খা, নিজৰ সপোঁণ, নিজৰ সুখ-দুখ....সমস্ত নিজৰ এখন মনেসঁজা পৃথিৱী | এই পৃথিৱীৰ মূল চালিকাশক্তি হ'ল আৱেগ....যি আৱেগে সময়ত মানুহৰ ভুল-শুদ্ধ, নৈতিকতা-অনৈতিকতা, বৈধ-অবৈধৰ বিচাৰ কৰিব পৰা ক্ষমতাও কাঢ়ি নিয়ে | প্রেম, বন্ধুত্বকে ধৰি পৃথিৱীৰ প্রতিটো সম্পৰ্কত আৱেগে প্রধান ভূমিকা লৈ আহিছে সঁচা, কিন্তু সময়ত এই আৱেগে আমাক অন্ধতাও দি থৈ গৈছে | যি অন্ধতাই আমাৰ জীৱন অন্ধকাৰাছন্ন কৰিছে সেই আন্ধাৰকেই আমি বুকুত ঠাই দিছো বাৰে বাৰে....মানহে যেতিয়া কিবা এটা ভুল কৰে তেতিয়া তেওঁ আন্ধাৰৰ সুৰংঙ্গত ভৰি দিয়ে....কিন্তু তেওঁ কোনোবা শুভাকাংঙ্খী বা প্রিয়জনে সেই আন্ধাৰ পথৰ পৰা তেওঁক আঁতৰাই আনি পোহৰৰ পথ দিয়া চেষ্টা চলালে সেই পথ আদৰি লোৱা উচিত | অন্যথা এটাৰ পিছত আন এটাকৈ সহস্ৰ ভুলৰ শেষত এদিন সমস্ত পৃথিৱীৰ পোহৰৰ বাট তেওঁৰ বাবে বন্ধ হৈ যায় | আমি বহুসময়ত নিজৰ কৰ্তব্য আৰু দ্বায়িত্বক পাহৰি থকাৰ বাবেই এই ক্ষুদ্রস্বাৰ্থবোৰে আমাৰ ওপৰত প্রভূত্ব বিস্তাৰ কৰি আমাক এক অনিশ্চিত পথলৈ লৈ যায় | কৰ্তব্য আৰু চিন্তাৰ বিশালতাই ব্যক্তিক নিজৰ জীৱনতকৈ ব্যক্তি তথা সমাজৰ কথা বেছিকৈ চিন্তা কৰিবলৈ প্রেৰিত কৰে | আমি যেতিয়াই কেৱল নিজৰ আশা-আকাংঙ্খা পূৰণৰ বাবে কিবা এটা আয়ত্ব কৰিব বিচাৰিম তেতিয়াই আমাৰ ভুল আৰু দুখপ্রাপ্তিৰ যাত্রা আৰম্ভ হয়, সেই যাত্রা বেছিভাগৰ বাবে মৃত্যুপৰ্য্যন্ত চলিয়েই থাকে | কিন্তু সমস্ত ব্যক্তিস্বাৰ্থ পৰিহাৰ কৰি ত্যাগৰ মানসিকতাৰে নিৰ্মোহ হৈ আত্মবিশ্লেষণ আৰু সত্যসন্ধানী চিন্তাৰে কৰ্মত প্রবৃত্ত হব পৰাজনে সুখ ঢুকি পাব পাৰে অনায়াসে | আজিৰ সাময়িক সুখপ্রাপ্তিৰ বাবে কৰা আমাৰ কৰ্মই ভৱিষ্যতত আমাক হাজাৰগুণে দুখী কৰিব পৰাৰ যি শক্তি সেই সম্পৰ্কত দূৰদৰ্শী লোকে চিন্তা কৰি সদায় নিজৰ যাত্রা বাঁচি লয়...সেইখিনিতেই "প্রকৃত মানুহ" আৰু "দুঠেঙীয়া মানুহ"ৰ প্রভেদ নিৰূপণ হয় | আমাৰ চিন্তা, আমাৰ কৰ্ম, আমাৰ কথা-বতৰা, আমাৰ আত্মনিয়ন্ত্রন, সমাজ জীৱনত আমাৰ প্রভাৱ...এই সকলোবোৰে আমাৰ ব্যক্তিত্বক দাঙি ধৰে | আমি নিজৰ ব্যক্তিত্বক দাঙি ধৰাৰ বাবে আমাৰ কৰ্মই যথেষ্ট....এই কৰ্মৰ সমান শক্তিশালী আন কোনোৱেই নাই | সেয়ে মদ্ভাগৱত গীতাতো শ্রীকৃষ্ণই অৰ্জুনৰ সন্মুখত এই কৰ্ম সম্পৰ্কত বিস্তৃত বক্তৃতা দিছে | আমি কৰ্তব্যক পাহৰি আৱেগত ভৰ দি জীৱনৰ বেছিভাগ সময়েই নিজে সৃষ্টি কৰা নকল পৃথিৱীতেই বাস কৰি যাওঁ...যাৰ বাবে পৰ্য্যায়ক্রমে বৃদ্ধি পায় সমস্যা, দুখ, অভাৱ-অনাটন, উদাশীনতা আদিবোৰৰ | কিন্তু একমাত্র নিজ আত্মনিয়ন্ত্রনৰ বলত সেই গণ্ডীৰ পৰা ওলাই আহি বিশাল আকাশৰ মুক্ততাত নিজকে বিলাই দি পৃথিৱীৰ সেউজীয়া চাবলৈ চেষ্টা কৰিলেহে বুজা যায় পৃথিৱী কিমান সুন্দৰ...আমি মানুহ হিচাপে জনম লৈ কিমান ভাগ্যৱান....সঁচাকৈ জীৱন বৰ অনুপম |

Comments