মহাভাৰত পৰ্য্যালোচনা:--২১
মহাভাৰত পৰ্য্যালোচনা:--২১
সতী-সাৱিত্রীৰ ধাৰণা আৰু অন্তৰালত থকা একপক্ষীয় পুৰুষতন্ত্র
#এই আলোচনাৰ আগৰটো খণ্ডত নাৰীয়ে সন্মুখীন হোৱা প্ৰতাৰণা আৰু লাঞ্চনাৰ কাহিনীৰে কিছু কথাৰ অৱতাৰণা কৰা হৈছিল | এইবাৰৰ আলোচনাত তাতোকৈ এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছো, যি আলোচনা সততে হোৱা মই দেখা নাই | মহাভাৰতত স্থানপ্ৰাপ্ত হাজাৰ হাজাৰ কাহিনী-উপকাহিনীৰ মাজেৰে প্ৰতিফলিত হৈছে সেই সময়ৰ সমাজ ব্যৱস্থাৰ এখন মুক্ত ছবি | আচৰিত কথা এইটোৱেই যে হাজাৰ বছৰ পুৰণি সেই সমাজ ব্যৱস্থাৰ প্ৰভাৱ আজিৰ আধুনিক সমাজ ব্যৱস্থাতো সুস্পষ্ট | এটা কাহিনী লৈ আহিছো যি কাহিনী জনপ্ৰিয় হোৱাৰ সম্পূৰ্ণ সমল থকাৰ পিছতো জনপ্ৰিয় নহ'ল কোনোকালেই, তাক লৈয়েই কৰা হব সম্পূৰ্ণ যুক্তিসংগত আলোচনা |
মহাভাৰতৰ যোগেদি জনপ্ৰিয় হোৱা আৰু জনমানসত সদায়ে সজীৱ হৈ ৰোৱা এটা কাহিনী হ'ল সাৱিত্রী-সত্যৱানৰ কাহিনী | হয়, সতী সাৱিত্রী-- আজিও সমাজত সুশীলা, সুসংস্কাৰী, পৰিমাৰ্জিতা আৰু স্বামীৰ প্ৰতি দ্বায়িত্বশীল প্ৰতিগৰাকী নাৰীক সতী সাৱত্রীৰ উপমাৰে সন্মান দিয়া হয় | সাৱিত্রীয়ে নিজৰ স্বামীৰ অকাল মৃত্যুত কেনেদৰে নিজৰ সাহসিকতাৰে পুনৰ স্বামীৰ জীৱন ওভতায় আনিছিল সেই কাহিনী সৰ্ব্বজনবিদিত, তাক আজি মই নতুনকৈ দোহৰাৰ প্ৰয়োজনীয়তা দেখা নাই | যিগৰাকী নাৰীয়ে নিজৰ স্বামী, সতি-সন্তাতি তথা স্বামীৰ পৰিয়ালৰ প্ৰতি নিজকে সমৰ্পিত কৰি নিজৰ জীৱনকো বিপন্ন কৰি কৰ্তব্য সম্পাদন কৰে তেৱেই "সতী সাৱিত্রী" ৰ অভিধাৰে সন্মানিত হয় | এইখিনিলৈকে সকলো থিকেই আছে, আপত্তি কৰাৰো কোনো প্ৰয়োজনীয়তা দেখা নাই | কাৰণ এগৰাকী নাৰী যেতিয়াই দ্বায়িত্বশীল হৈ উঠে তেতিয়াই একোখন ঘৰ, একোখন সমাজ সুচাৰুৰূপে পৰিচালিত হোৱাৰ বাট মুকলি হয় | কিন্তু !!!......আপোনালোকে নাভাবিব ইয়াত আকৌ কিহৰ কিন্তু | কিন্তু এইটোৱেই যে:--যদি এগৰাকী নাৰী "সতী সাৱিত্রী" হব লাগে তেন্তে এজন পুৰুষে কি হব ? তেনে কোনো বিশেষ অনুকৰণীয় দৃষ্টান্ত নাই নেকি যাক অনুকৰণ কৰি এজন পুৰুষো সমৰ্পিত হব পাৰে নিজৰ পত্নী, সন্তান, ঘৰখন বা সমাজখনৰ প্ৰতি ? প্ৰশ্ন প্ৰত্যেকৰে মনত উদয় হোৱাটো আৱশ্যক, কাৰণ পুৰুষে সৃষ্টি কৰা সমস্ত নিয়মৰ আলমত যদি এগৰাকী নাৰী "সতী" হব পাৰে তেন্তে এজন পুৰুষৰ বাবেও সমাৰ্থক শব্দৰ প্ৰয়োজনীয়তা নিশ্চয় আছে | মহাভাৰতে আমাক সকলো দিছে, কিন্তু আমি সমুদ্ৰ মন্থনৰ পৰা অমৃতভাগ আঁতৰাই বহু সময়ত গৰলহে পান কৰিছো | সতী হবলৈ যদি সাৱিত্রী আদৰ্শ হয় তেন্তে এজন পুৰুষৰ বাবে আছে ৰুৰুৰ কাহিনী | হয়, "ৰুৰু"--বিখ্যাত মহৰ্ষি ভৃগুৰ বংশধৰ প্ৰমতিৰ সন্তান আছিল ৰুৰু | ৰুৰুৰ পত্নী আছিল অপ্সৰা মেনকাৰ কন্যা প্ৰমদ্বৰা | ৰুৰু আৰু প্ৰমদ্বৰাৰ সুখৰ সংসাৰখনত এদিন কাল অন্ধকাৰ নামি আহিছিল চৰম নিষ্ঠুৰকাৰে | এদিনাখন ৰুৰুৰ পত্নী প্ৰমদ্বৰাক অৰণ্যৰ মাজত সৰ্পই দংশন কৰিলে আৰু তেওঁৰ লগে লগে মৃত্য হৈছিল | পত্নীৰ অকাল মৃত্যুত ৰুৰু পাগলৰ দৰে হৈ পৰিল আৰু কান্দোনত ভাগি পৰিল | আনকি ৰুৰুক সান্ত্বনা দিবলৈ সৰগৰ দেৱতাসকলো আহি উপস্থিত হ'ল | ৰুৰুই তেওঁলোকক প্ৰশ্ন কৰিলে যে কি অপৰাধত তেওঁ পত্নীহাৰা কৰা হ'ল, এতিয়া যিকোনো প্ৰকাৰে যিকোনো মূল্যৰ বিনিময়ত তেওঁৰ পত্নীৰ জীৱন ওভতাই দিলেহে তেওঁ শান্ত হব | তেতিয়া দেৱতাসকলে ক'লে যে প্ৰমদ্বৰাৰ জীৱন ওভতায় আনিবলৈ এটাই মাত্র উপায় আছে | সেয়া হ'ল যদি ৰুৰুই নিজৰ আয়ুসৰ পৰা আধা পত্নীৰ বাবে সমৰ্পণ কৰে তেন্তে প্ৰমদ্বৰা পুনৰ জী উঠিব | ৰুৰু বিনাবাক্যেই মান্তি হ'ল নিজৰ আধা আয়ুস দিবলৈ | কথামতেই স্বামী ৰুৰুৰ আধা আয়ুসৰ বলত প্ৰমদ্বৰা পুনৰ উঠি বহিল | সমগ্ৰ বিশ্বই ৰুৰুৰ প্ৰশংসাত পঞ্চমুখ হ'ল | নিজ পত্নীক লগত ৰুৰু মহা সন্তোষেৰে পুনৰ ঘৰলৈ ওভতি আহিল আহু বহুকাল সুখে-সন্তোষে জীৱন অতিবাহিত কৰিলে | মোৰ সমস্যাটোও এইখিনিতেই | মানে সতী সাৱিত্রীৰ কাহিনী যিদৰে জনপ্ৰিয় হৈ পৰিল সমগ্ৰ ভাৰতবৰ্ষত তেনেদৰে ৰুৰু কিমানৰ বাবে পৰিছিত বাৰু ? মই ন দি কব পাৰো যে আজিৰ সমাজত মহাভাৰত পঢ়ি গৱেষণা কৰা বহুজনেও চাগে ৰুৰু সম্পৰ্কে জ্ঞাত নহয় | কিন্তু কিয় ? ৰুৰুক উদ্দেশ্যপ্ৰণোদিত ভাৱে জনমানসত দাঙি ধৰাৰ পৰা আঁতৰি থকা হ'ল নেকি ? নে নিজৰ পত্নী, ভগ্নী, মাতৃ বা কন্যাসন্তানজনী "সতী সাৱিত্রী" হোৱাটো বিচৰা কোনোজন পুৰুষেই ৰুৰু হবলৈ প্ৰস্তুত নহয় ? আচলতে মোৰ দ্বিতীয়টো প্ৰশ্ন সম্পূৰ্ণ প্ৰাসংগিক বুলি ভাবো, মানে ৰুৰু হবলৈ কোনোৱেই প্ৰস্তুত নহয় | নিজৰ পত্নী বা পুত্রী, মাতৃ বা ভগ্নী যিয়েই নহওঁক সম্পূৰ্ণ সমৰ্পিত হওঁক..."সতী সাৱিত্রী" ৰ মুকুটো পিন্ধাবলৈ কোনো অসুবিধা নাই, কিন্তু যেতিয়াই সেই নাৰীৰ বাবে জীৱনৰ সৰ্ব্বোচ্চ ত্যাগ কৰি ৰুৰু হোৱাৰ সময় আহিব তেতিয়াই কিন্তু বেমেজালিয়ে দেখা দিয়ে | মই সৰলীকৃত নিশ্চয়কৈ কৰিব খোজা নাই, কিন্তু এই অভিযোগ খণ্ডন কৰিব পৰাকৈও যে আমাৰ হাতত যুক্তি নাই | ভাৰতীয় সমাজব্যৱস্থাত এগৰাকী নাৰীক "সতী সাৱিত্রী" হিচাপে গঢ়ি তোলাৰ বাবে সমাজ যিমান ব্যস্ত হৈ পৰে এজন পুৰুষক কিন্তু "ৰুৰু" হিচাপে গঢ় দিয়াৰ ক্ষেত্রত সমানে দ্বায়বদ্ধ নহয় | এই দ্বায়বদ্ধহীনতাই পৰিয়াল ধ্বংস কৰে, সমাজ তথা দেশৰো ধ্বংস মাতে পৰ্য্যায়ক্ৰমে | দ্ৰৌপদীৰ পাঁছজন স্বামী থকা সম্পৰ্কত যিমান আলোচনা হ'ল অৰ্জুন আৰু ভীমৰ বহুপত্নী থকাৰ ক্ষেত্রত সমাজে কিন্তু আলোচনা নকৰিলে | কৌশলগতভাৱে ইয়াক বৈধতা সমাজে প্ৰদান কৰিছে চৰম পক্ষপাতিত্বৰে | এই বিষয়ে বেলেগকৈ আলোচনা কৰাৰ অৱকাশ আছে | আজিৰ সমাজেও নিজৰ কন্যা সন্তানক যিদৰে নিয়ম আৰু সীমাবদ্ধতাৰ মাজত ৰাখি "সতী" হবলৈ শিক্ষা দিছে পুত্র সন্তানৰ ক্ষেত্রতো সমানেই দ্বায়িত্বসহকাৰে নিয়ম নিৰ্দ্ধাৰণ কৰিলে সমাজ লাভান্বিত হব | অভিভাৱক সকলৰ চিন্তাৰ দৈন্যতাৰ বাবে বহু সন্তানৰ জীৱন অন্ধকাৰাচন্ন হৈছে লগতে তাৰ ফল ভোগ কৰিছে সমাজে | পাৰিবাৰিক হিংসা, হত্যা-ধৰ্ষণ এই সকলোবোৰত সততে পুৰুষৰ (সময় সাপেক্ষে) প্ৰত্যক্ষ প্ৰভাৱ দেখাটোও অতীজৰে পৰা চলি অহা প্ৰথাসমূহৰেই সুদুৰপ্ৰসাৰী কুপ্ৰভাৱ বুলিব পাৰি | আজিৰ সমাজে ৰুৰু সৃষ্টি কৰাত আগভাগ ল'লে সমাজৰ পৰা বহুখিনি বিশৃংঙ্খলতা দুৰ হব বুলি মোৰ চিন্তাই কব খোজে | মহাভাৰতীয় পৰিক্ৰমাত ৰুৰুৰ সেই মহান কাহিনী হাজাৰ বছৰ পিছতো জনপ্ৰিয় নোহোৱাটোৱে আমাৰ সমাজৰ পুৰুষতান্ত্রিক নৈতিক দৈন্যতা আকৌ এবাৰ লাজলগা ধৰণে দাঙি ধৰিছে | ব্যক্তি তথা সমাজৰ উন্নতিৰ কল্পে নাৰী-পুৰুষ পৰিচয়ৰ ক্ষুদ্ৰ গণ্ডীৰ পৰা ওলাই আহি মানুহ হিচাপে নিজৰ দ্বায়িত্ব-কৰ্তব্যত নিয়োজিত হব লাগে প্ৰত্যেকেই | আপোনাৰ ত্যাগে আনজনক মহান কৰিব লগতে আপুনি নিজেও মহীয়ান হব | আহক, প্ৰত্যেকেই ত্যাগেৰে মহীয়ান হওঁ...কোনোবা ৰুৰু হওঁ, আন কোনোবা সাৱিত্রী হওঁ |
Comments
Post a Comment