মহাভাৰত পৰ্য্যালোচনা:--২০
মহাভাৰত পৰ্য্যালোচনা:--২০
পুনৰবাৰ পণ্য মহাভাৰতীয় নাৰী
"মহাভাৰত" বুলিলে বহুতৰ বাবে কৌৰৱ আৰু পাণ্ডৱৰ মাজত সংঘটিত বিভিন্ন ঘটনাৰ বিৱৰণীহে মাত্র | কিন্তু এই মহাভাৰত গ্ৰন্থই সেই সময়ৰ সমগ্ৰ ভাৰতবৰ্ষৰ সমাজ জীৱনৰ ছবি অংকন কৰি থৈ গৈছে বিভিন্ন ঘটনাৰ সংযোজনৰ যোগেদি | সেই ঘটনাসমূহে আমাৰ চহকী ভাৰতীয় সমাজব্যৱস্থাক বহু সময়ত ভেঙুচালি কৰিছে, প্ৰশ্ন উদয় হৈছে বহুবাৰ বহুতৰ মনত |
পূৰ্ব্বৰ কেইবাটাও খণ্ডত মহাভাৰতীয় সমাজ ব্যৱস্থাত নাৰীয়ে সন্মুখীন হোৱা বিপৰ্য্যয়ৰ কথা উল্লেখ কৰা হৈছে | হয়তো আৰু বহুকেইটা খণ্ড একেই বিপৰ্য্যুস্ত কাহিনীৰ পৃষ্ঠাৰ বিশ্লেষণেৰে ভৰাই তুলিব লাগিব | এইটো খণ্ডতো তেনে এটা অপ্ৰকাশিত সত্য উন্মোচনৰ বাবে জনচক্ষুৰ আঁৰত থকা কাহিনীক আলোচনালৈ লৈ আহিছো | এই ঘটনাটো মূল মহাভাৰতৰ নহয়, মহাভাৰত যুগৰ বহু আগৰ এই ঘটনাটো এক বিশেষ প্ৰসংঙ্গত মহাভাৰতৰ লগত সংযুক্ত হৈছে | ইয়াত নাগৰাজ বাসুকিৰ ভগ্নী জৰৎকাৰীৰ জীৱনৰ কথা লৈ আহিছো | পৃথিৱীত এক মহৎ কাৰ্য্য সম্পাদনৰ বাবে এই কন্যাৰ জন্ম হৈছিল | ইয়াৰ লগত নাগবংশই নিজ মাতৃৰ পৰা পোৱা এক অভিশাপৰ কাহিনীও সংপৃক্ত হৈ আছে | নাগবংশৰ মাতৃয়ে নাগ সকলক তেওঁলোকৰ অত্যাধিক কুকৰ্ম আৰু অতপালিৰ বাবে এদিন সমগ্ৰ নাগবংশ ধ্বংশ হব বুলি অভিশাপ দিছিল | পৰৱৰ্তী সময়ত নাগৰাজ বাসুকিয়ে ব্ৰহ্মাক তপস্যাৰে সন্তুষ্ট কৰি নাগকুলক ধ্বংসৰ পৰা বচোৱাৰ উপায় বিচৰাত ব্ৰহ্মাই ক'লে যে বাসুকিৰ ভগ্নী জৰৎকাৰীক জটাচাৰ্ব্ব বংশৰ যাযাবৰ মুনি জৰৎকাৰুৰ লগত বিয়া দিলে তেওঁলোকৰ পৰা উৎপত্তি হোৱা সন্তানে নাগকুলক ধ্বংসৰ পৰা বচাব পাৰিব | বাসুকিয়ে আস্বস্ত হৈ জৰৎকাৰু মুনিৰ সন্ধানত নামি পৰিল | বাসুকিয়ে তেওঁক লগ পালে আৰু নিজ ভগ্নীক তেওঁলৈ বিয়া দিয়াৰ প্ৰস্তাৱ ৰাখিলে | কিন্তু মুনিজন আছিল সম্পূৰ্ণৰূপে মায়া-মোহহীন এজন যোগী | তেওঁক বিবাহৰ বান্ধোনেৰে বান্ধি ৰাখিব পৰাটো আছিল কঠিন কাম | অৱশ্যে অৱশেষত সেই মুনিজনেও নিজৰ পূৰ্ব্বপুৰুষক শ্ৰাদ্ধ-তৰ্পণাদি কৰ্মৰ জড়িয়তে মুক্তি দিয়াৰ বাবে বিবাহপাশত সোমাবলৈ সাজু হ'ল | বাসুকিয়েও মুনিৰ ফালৰ পৰা সন্মতিৰ অপেক্ষাতেই আছিল | মুনি জৰৎকাৰুৰ লগত নাগকন্যা জৰৎকাৰীৰ বিবাহ সম্পন্ন হ'ল | সময় বাগৰিল | এদিনাখন বাসুকিয়ে ভগ্নীক লগ পাই সংসাৰৰ খবৰ ল'লে আৰু স্বামীৰো বতৰা সুধিলে | ভগ্নীয়ে দুখমনে ক'লে যে স্বামী ক'ত যায়, ক'ত থাকে, কি কৰে সেই সম্বন্ধে তেওঁ একো ভুৱেই নাপায় | ঘৰত স্বামী একেবাৰেই নাথাকে আৰু পত্নীৰ খবৰ লোৱাৰ সৌজন্যতাও নেদেখুৱায় | ভগ্নীৰ কথাবোৰ শুনি বাসুকি ব্যথিত হ'ল আৰু বৈনায়েকৰ সন্ধানত ওলাল | তেওঁ জৰৎকাৰুক লগ পাই সকলো কথা সুধিলে | জৰৎকাৰুয়ে ক'লে যে তেওঁৰ এই সংসাৰৰ প্ৰতি কোনো আগ্ৰহ নাই, মায়া-মোহৰ বান্ধোনত তেওঁ বান্ধ খাব নোখোজে | তথাপি এটা চৰ্তত তেওঁ সংসাৰ ধৰ্মত পুনৰ নিজকে সংৰোপিত কৰিব পাৰে; সেয়া হ'ল তেওঁৰ কোনো কথাত পত্নীয়ে হকা-বাধা কৰিব নোৱাৰিব, তেওঁক কোনো কথা শুনাব বা প্ৰশ্ন কৰিব নোৱাৰিব লগতে তেওঁৰ আপত্তি থকা কোনো কাম কৰিব নোৱাৰিব | এই চৰ্ত উলংঘা হবৰ দিনাই পুনৰ তেওঁ সংসাৰ এৰি যাযাবৰী জীৱনলৈ উভতি যাব | বাসুকিয়ে মুনিক নিশ্চয়তা দি ক'লে যে তেওঁ বিচৰামতেই সকলো হব মাত্র তেওঁ সংসাৰ ধৰ্ম পালন কৰিব লাগে | এনেদৰে মুনিবৰ উভতি আহিল | সময়ান্তৰত জৰৎকাৰী গৰ্ভৱতী হ'ল | এদিনাখন সন্ধিয়া সময়ত মুনিবৰ বিশ্ৰামত থাকোতেই সন্ধিয়া সময়ত কৰা ধ্যানৰ সময় পাৰ হওঁ হওঁ হ'ল | তাকে দেখি পত্নী জৰৎকাৰীয়ে ভাবিলে যে যদি স্বামীক জগাই দিয়া নাযায় তেন্তে সাৰ পাই উঠি স্বামী ক্ৰোধত জ্বলি উঠিব | সেয়ে তেওঁ স্বামীক জগাই দিলে আৰু ধ্যানৰ সময় উকলি যোৱাৰ কথা সোঁৱৰাই দিলে | নিদ্ৰাভংগ হ'লত মুনি ক্ৰোধিত হৈ উঠিল আৰু পূৰ্ব্বে আৰোপিত চৰ্ত ভংগ হোৱা বুলি কৈ সংসাৰ ত্যাগ কৰিবলৈ উদ্যত হ'ল | জৰৎকাৰী শিল পলা কপৌৰ দৰে হ'ল--- স্বামীৰ ধৰ্ম ৰক্ষা কৰিব গৈ এতিয়া স্বামীকেই হেৰুৱাব লগাৰ দৰে ভয়ানক পৰীক্ষাৰ সন্মুখীন হ'ল | তেওঁ মুনিক বাৰে বাৰে বুজাবলৈ চেষ্টা কৰিলে যে নিদ্ৰাভংগ কৰাৰ আঁৰত তেওঁৰ কোনো অধিকাৰ বা অহংকাৰ জাতীয় মনোভাৱ নাছিল, একমাত্র সন্ধ্যাধ্যানৰ সময় উকলি গৈ পতিদেৱৰ ধৰ্ম নষ্ট হোৱাৰ ভয়তহে তেওঁ স্বামীক জগাবলগীয়া হ'ল | মুনি কিন্তু নাচোৰবান্দা | শেষত গৰ্ভত থকা সন্তানৰ কথা কৈ নাগকন্যাই স্বামীৰ ভৰিত পৰি বিলাপ কৰাতো মুনিৰ হিয়া নপমিল | পত্নীক কুশলে থকাৰ আশীষ দি মুনিয়ে পত্নীক ত্যাগ কৰিলে | জৰৎকাৰীৰ জীৱন অন্ধকাৰ হৈ পৰিল, এফালে গৰ্ভত সন্তান...এফালে স্বামীহীন জীৱন | তেওঁ নিৰাপত্তাহীনতাত ভুগিলে, চিন্তিত হ'ল আগন্তুক নৱজাতকৰ চিন্তাত | অৱশেষত ককায়েক বাসুকিয়ে অৱশ্যে নিজ গৃহত স্থান দি ভগ্নীক সুৰক্ষিত জীৱন এটা দিলে | যথাসময়ত সেই সন্তানৰ জন্ম হ'ল, সন্তান জন্মৰ খবৰ লবলৈও কিন্তু মুনি জৰৎকাৰুৰ সময় বা সদিচ্ছাৰ অভাৱ হ'ল | সন্তান ডাঙৰ হ'ল--- সেই মহান সন্তানেই হ'ল আস্তিক | যিয়ে জন্মেজয়ৰ সৰ্পমেধ যজ্ঞৰ ভয়াৱহতাৰ পৰা নাগকুলক সবংশে নিৰ্মূল হোৱাৰ পৰা ৰক্ষা কৰিছিল | কিন্তু জৰৎকাৰীৰ কি হ'ল...কোনোবাই তেওঁৰ খবৰ ৰাখিলে নে ?নাগৰাজ বাসুকিয়ে নিজ ভগ্নীক অগ্নিপিণ্ডত সঁপি দি নিজ স্বাৰ্থসিদ্ধি কৰিলে, নিজ পূৰ্ব্বপুৰুষক পিণ্ড দিয়াৰ বাবে সন্তান লাভাৰ্থে মুনিয়ে বিয়া পাতি জৰৎকাৰীক পৰিত্যাগ কৰিলে বিনা দোষত চৰম নিষ্ঠুৰতাৰে | মহৎ কাৰ্য্য সম্পাদনৰ বাবে নাৰীক বলিৰ পঠা সজোৱাটো সেই সময়ৰ পৰম্পৰা আছিল নে তথাকথিত সভ্য সমাজৰ ঢাক খাই থকা নগ্নতা আছিল ?! মুনিয়ে দিয়া চৰ্ত ভগ্নীৰ মতামত নোলোৱাকৈ মানি লবলৈ বাসুকিক অধিকাৰ কোনে দিছিল ? মুনিয়েও নিজৰ ধৰ্মৰক্ষাৰ নিমিত্তে এজনী নিৰপৰাধী নাৰীৰ জীৱনৰ লগত কিয় হেতালি খেলিলে ?? এনেকুৱা একপক্ষীয়, যুক্তিহীন তথা হঠকাৰী চৰ্ত আৰোপ কৰিবলৈ মুনিক কোনখন শাস্ত্রই অনুমতি দিছিল ? নাৰীক কেৱল সন্তান জন্ম দিয়া যন্ত্র বা প্ৰয়োজনত সাৱটি লৈ প্ৰয়োজন পূৰ হোৱাৰ পিছত দলিয়াই দিয়া পুতলা সজাই এইসকলে সেইসময়ৰ ভাৰতীয় সমাজব্যৱস্থাৰ প্ৰদূষিত ছবি দাঙি ধৰা নাই নে ??! মুনিজনৰ যি নিষ্ঠুৰতা সেয়া আজিৰ সমাজতো সততেই উপলব্ধ | মানে কথাটো এনেধৰণৰ:--- আপুনি যদি উচ্ছ শিক্ষিত হয়, আপুনি যদি আঢ্যৱন্ত হয়, আপুনি যদি ক্ষমতাশীল হয় তেন্তে আপোনাৰ কূ-কৰ্মৰ বিষয়ে প্ৰশ্ন কৰিবলৈ বা আপোনাক দণ্ডিত কৰিবলৈ সততে কোনেও সাহস নকৰিব | মুনিবৰ আছিল বেদ-বেদান্তৰ শিক্ষাৰে শিক্ষিত তথা সমাজ জীৱনত প্ৰভাৱশালী লোক | ৰজা-বিষয়া সকলোৱে তেওঁক সমীহ কৰি চলিবই লাগিব, অন্যথা "অভিশাপ'' নামৰ ব্ৰহ্মাস্ত্র যেতিয়াই তেতিয়াই বৰ্ষিত হব পাৰে | আচলতে অভিশাপৰ ধাৰণাটো মহাকাব্যত বা অইন গ্ৰন্থবিলাকত বহুখিনি বিকৃত কৰি অলৌকিকতা সানি অতিৰঞ্জিত ভাৱে উপস্থাপন কৰা হৈছে | যি নহওঁক মুনিৰ সোঁৱে-বাঁৱে যিহেতু সকলো প্ৰকাৰৰ নিৰাপত্তা নিশ্চিত তেনেৱস্থাত এগৰাকী অৱলা নাৰীক পণ্য হিচাপে ব্যৱহাৰ কৰাটো তেওঁৰ বাবে সহজ হৈ পৰিল | আনফালে নাগৰাজ বাসুকি---নিজ ভগ্নীক মহৎ কাৰ্য্যৰ বাবে উৎসৰ্গা কৰি মহান হৈ ৰ'ল | সমাজে বাসুকিক মহান সজোৱাৰ চেষ্টাত লাঞ্চিত-প্ৰতাৰিত হোৱা জৰৎকাৰীৰ দৰে নাৰীৰ সুৰক্ষা সম্পৰ্কত একো মত নিদিলে | সাম্প্ৰতিক সময়তো একেই জুই জ্বলিয়েই আছে ঘৰে ঘৰে, মাথো ভদ্ৰতাৰ মুখাবোৰে বহু কলংকিত কাহিনীক গাপ দি ৰাখে, মহান হৈ ৰয় বহু জৰৎকাৰু, লাঞ্চিত হৈ উচুপি ৰয় হাজাৰজনী জৰৎকাৰী | এটা ভাল কামৰ বাবে কাৰোবাৰ ত্যাগ নিতান্তই জৰুৰী...কিন্তু কাৰোবাক কৰা লাঞ্চনা-প্ৰতাৰণাক ত্যাগৰ ৰূপ দিব খোজাতো সমাজৰ নৈতিক দৈন্যতাৰ অন্যৰূপ | অৱশ্যে সাম্প্ৰতিক সময়ত বিনা প্ৰতিবাদে স্বামীৰ আগ্ৰাসন স্বীকাৰ কৰাৰ মানসিকতা বহুলাংসে লোপ পাইছে যদিও সম্পূৰ্ণ নিৰ্মূল হবলৈ এতিয়াও বহু বাকী | নাৰীৰ স্বাধীন চিন্তাই, সিদ্ধান্ত লব পৰা ক্ষমতাই একোখন ঘৰক স্বৰ্গসদৃশ কৰি তোলে | সমাজ সৃষ্টিৰ প্ৰথমটো উপাদানেই হ'ল একোটা পৰিয়াল | একোটা পৰিয়ালৰ পৰা ভৱিষ্যতৰ একোখন সমাজৰ ছবি অংকন প্ৰক্ৰিয়া আৰম্ভ হয় | পৰিয়ালত নাৰীক স্বাধীনতা দিয়ক, সন্মান দিয়ক....দেশসেৱা বা সমাজসেৱা কৰিবলৈ ৰাজপথত চিঞৰাৰ দৰকাৰ নাই, নিজৰ পৰিয়ালটো সুচাৰুকৈ নিয়মৰ মাজেৰে চলোৱাটোও একপ্ৰকাৰ সমাজ তথা দেশৰ সেৱা | মহাভাৰতীয় ঘটনাৰ মাজেৰে নিজকো এবাৰ প্ৰশ্ন কৰক....আমি ক'ত আছো...কলৈ গৈ আছো |
(পতি-পত্নীৰ নাম প্ৰায় একেই,
পতি=জৰৎকাৰু
পত্নী= জৰৎকাৰী |)
Comments
Post a Comment