মহাভাৰত পৰ্য্যালোচনা:--১৭

মহাভাৰত পৰ্য্যালোচনা:--১৭

প্ৰতিশোধেই আনে হিংসাৰ দাবানল

            গুৰু দ্ৰোণাচাৰ্য্যই কুৰু ৰাজকুমাৰ সকলক বিদ্যাদান পৰাৰ পিছত এইবাৰ তেওঁলোকৰ পৰা গুৰুদক্ষিণা লোৱাৰ সময় সমাগত হ'ল | হস্তিনাপুৰৰ ৰাজকুমাৰ সকলক বিদ্যাদান কৰাৰ আঁৰত যে তেওঁৰ ব্যক্তিগত স্বাৰ্থসিদ্ধিৰ কথা জড়িত হৈ আছিল সেয়া মই আগতেই উল্লেখ কৰিছো | প্রথম কথাটো আছিল নিজকে দাৰিদ্রতাৰ পৰা মুক্ত কৰি নিজৰ লগতে সন্তান অশ্বত্থামাৰ জীৱন সুৰক্ষিত কৰি প্রতিষ্ঠা লাভ কৰা...দ্বিতীয়তে বাল্যবন্ধু দ্ৰুপদে কৰা অপমানৰ প্ৰতিশোধ লোৱা | মহাভাৰত অধ্যয়ন কৰি আমি প্রতিটো পৃষ্ঠাতেই প্রতিশোধ পূৰণৰ আকাংঙ্খা আৰু কৰ্মফলৰ প্রভাৱৰ বিষয়ে অৱগত হওঁ | পিতামহ ভীষ্ম আৰু গুৰু দ্ৰোণাচাৰ্য্যৰ নিচিনা জ্যেষ্ঠ ব্যক্তিসকলৰ আত্মহংকাৰ, দ্বায়িত্ববোধৰ অভাৱ, প্রতিশোধৰ মানসিকতা আদি প্রবৃত্তিৰ বাবেই নিশ্চিতভাৱে পৰৱৰ্তী সময়ত কুৰুক্ষেত্র ৰণৰ নিচিনা ৰক্তক্ষয়ী অধ্যায় আমি পাব লগা হ'ল | ভৰদ্বাজৰ নিচিনা এজন সাত্ত্বিক ব্ৰাহ্মণৰ সন্তান হৈয়ো কেৱল নিজৰ উচ্ছাকাংঙ্খাক বশ কৰিব নোৱাৰি শাস্ত্র অধ্যয়নতেই ক্ষান্ত নাথাকি অস্ত্রচালনাৰো শিক্ষা লোৱা দ্ৰোণৰ চাৰিত্রিক দিশটোও ক্ষত্রিয়সকল দৰেই উগ্র, যুদ্ধবিলাসী তথা প্রতিশোধপৰায়ণ হৈ উঠিছিল | চৰম আত্মহংকাৰী দ্ৰোণে ৰজা দ্ৰুপদৰ পৰা পোৱা সেই অপমান কোনোকালেই পাহৰিব পৰা নাছিল, যাৰ বাবেই তেওঁ এক দীৰ্ঘম্যাদী আঁচনি যুগুত কৰি হস্তিনাপুৰৰ ৰাজপুত্রসকলৰ অস্ত্রচালনাৰ শিক্ষক হিচাপে নিযুক্ত হৈছিল | দ্ৰুপদৰ পৰাজিত মুখখন চোৱাৰ তীব্র বাসনাৰে তেওঁ ৰাজপুত্রসকলক নিজৰ সৰ্ব্বোস্ব উজাৰি শিক্ষাদান কৰিছিল যাতে তেওঁৰ ছাত্রশক্তিয়ে তেওঁৰ হৈ প্রতিশোধ প্রক্ৰিয়া সম্পন্ন কৰিব পাৰে | নিজ পুত্র অশ্বত্থামা আৰু তৃতীয় পাণ্ডৱ অৰ্জুনক বিশেষভাৱে পাৰ্গত কৰি তুলিবলৈ কৰা তেওঁৰ চেষ্টাৰ বিষয়েও পূৰ্ব্বতে উল্লেখ কৰা হৈছে | শিক্ষাদান প্রক্ৰিয়া সম্পন্ন হোৱাৰ পিছত শিক্ষাৰ্থীসকলৰ অস্ত্রচালনা প্রদৰ্শন আৰু কুন্তী আৰু সূৰ্য্যৰ অবাঞ্চিত সন্তান কৰ্ণৰ মহাভাৰতৰ ঘটনাৱলীত পদাৰ্পণৰ আন এক অধ্যায় আছে যদিও সেয়া পিছত আলোচনা কৰিম | ৰাজপুত্রসকল নিজ নিজ ক্ষেত্রত যথেষ্ট প্রভাৱশালী হৈ উঠিল....উদাহৰণ স্বৰূপে যুধিষ্ঠিৰ ৰথ আৰু যাঁঠি চালনাত, ভীম আৰু দূৰ্য্যোধন গদা চালনা আৰু মল্লযুদ্ধত, অৰ্জুন ধনুচানলাত, নকুল তৰোৱাল যুদ্ধত আদি | তেওঁলোকৰ প্রদৰ্শনে দ্ৰোণৰ আত্মবিশ্বাস বঢ়াই তুলিলে | তেওঁ তেওঁৰ গুৰুদক্ষিণা লোৱাৰ সুযোগত নিজৰ প্রতিশোধ পূৰণৰ অধ্যায়টো সমাপন কৰিবলৈ আগবাঢ়িল | তেওঁ ৰাজপুত্রসকলক গুৰুদক্ষিণাৰ কথা উল্লেখ কৰি পাঞ্চাল নৰেশ দ্ৰুপদৰ পৰা অপমান সম্পৰ্কত বিৱৰি ক'লে | লগতে এইটো ক'লে যে যিদিনালৈকে দ্ৰুপদ আহি তেওঁৰ ভৰিত নপৰিবহি তেতিয়ালৈকে তেওঁ শান্তি নাপাব | গতিকে ৰাজপুত্রসকলে যৌথ প্রচেষ্টাৰে দ্ৰুপদক বন্দী কৰি আনি তেওঁৰ ওচৰত হাজিৰ কৰিব লাগে....আৰু এয়াই হব সৰ্ব্বশ্ৰেষ্ঠ গুৰুদক্ষিণা | ৰাজকুমাৰ সকলে এই প্রস্তাৱ পাই একপ্রকাৰ আনন্দত জপিয়াই উঠিল | কাৰণ তেওঁলোকে তেওঁলোকৰ অৰ্জিত বিদ্যা ব্যৱহাৰিক ক্ষেত্রত প্রয়োগ কৰি চোৱাৰ বাবে অত্যুৎসাহী হৈয়েই আছিল | নতুনকৈ উঠি অহা প্রজন্মৰ প্রতিজনৰ ক্ষেত্রতেই এইটো হোৱাটো নিশ্চিত | নতুনকৈ শিকা কিবা এটা বিষয় আমি ব্যৱহাৰিক ক্ষেত্রত প্রয়োগ কৰিবৰ বাবে আতুৰ হৈ থাকো | ৰাজকুমাৰ সকলেও গুৰু দ্ৰোণাচাৰ্য্যক গুৰুদক্ষিণা দিয়াৰ আচিলা লৈ পোৱা এই সুযোগৰ সদ্ব্যৱহাৰ কৰি নিজকে প্রমাণ কৰিবলৈ সাজু হ'ল | হস্তিনাপুৰত বীৰৰ অভাৱ নাছিল....মুখ্য সেনাধ্যক্ষ পিতামহ ভীষ্মৰ নেতৃত্বত সমগ্র পৃথিৱী জয় কৰিব পৰা সামৰ্থ্য  হস্তিনাপুৰৰ আছিল | কিন্তু গুৰুৰ পৰমৰ্শমতে এই অভিযানত জ্যেষ্ঠসকলৰ অংশগ্রহণ বাতিল কৰি কেৱল ৰাজকুমাৰ সকলক দ্বায়িত্ব অৰ্পণ কৰা হ'ল | যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ, দূৰ্য্যোধন, দুঃসাশন সমন্বিতে এশ পাঁচজন ৰাজকুমাৰ আৰু সৈন্যবাহিনীৰ এটা মিছিল অস্ত্র-শস্ত্রেৰে সুসজ্জিত হৈ পাঞ্চাল ৰাজ্যাভিমুখে যাত্রা কৰিলে | ৰাজ্যৰ সীমান্তত হস্তিনাপুৰৰ ৰাজকুমাৰ সকলৰ আগমনৰ বাতৰি পোৱা মাত্রকে তেওঁলোকক আদৰিবলৈ পঞ্চালৰাজ দ্ৰুপদে মন্ত্রী পৰিষদক নিয়োগ কৰিলে | যেতিয়া পাৰিষদবৰ্গই ৰাজকুমাৰ সকলক আদৰিব  গ'ল তেতিয়া যুদ্ধপিয়াসী ৰাজকুমাৰ সকলে ক'লে যে তেওঁলোকে ৰাজ আতিথ্য লবলৈ তালৈ অহা নাই | ৰজাৰ বিৰুদ্ধে যুঁজ দিবলৈহে তাত তেওঁলোক মিলিত হৈছে | মন্ত্রীসকলে এই কথা গৈ ৰজাৰ ওচৰত ব্যক্ত কৰাত দ্ৰুপদৰ বুজিবলৈ বাকী নাথাকিল যে সেয়া দ্ৰোণৰেই কু-অভিসন্ধি | তেওঁ যুদ্ধৰ বাবে সাঁজু হৈ যুদ্ধক্ষেত্রত প্রৱেশ কৰিলে | তেওঁ ৰাজকুমাৰ সকলৰ লগত প্ৰাণপণে যুঁজ দিলে যদিওঁ এটা সময়ত তেওঁৰ শক্তি কমি আহিল | এই আকস্মিক আক্ৰমণত তেওঁ কোনোধৰণৰ যুদ্ধসজ্জা কৰাৰ সময় নাপালে লগতে দ্ৰোণৰ শিক্ষাপ্রাপ্ত অৰ্জুন, ভীম, দূৰ্য্যোধন, অশ্বত্থামা আদি বীৰৰ প্রতাপ তেওঁক পৰাজিত কৰাৰ বাবে যথেষ্ট আছিল | এই যুঁজখনতো মহাভাৰত প্রণেতাই অৰ্জুনৰ বীৰত্বক প্রাধান্যতা দিয়া দেখা গ'ল | পাঞ্চালৰাজক পৰাজিত কৰিব পৰাকৈ প্রতিজন ৰাজকুমাৰেই সক্ষম আছিল যদিও অৰ্জুনৰ হাততহে শেষ মূহুৰ্তত তেওঁৰ পৰাজয় আমি দেখিবলৈ পালোঁ | যি নহওঁক পৰাজিত দ্ৰুপদক ৰথত বহুৱাই যেতিয়া অৰ্জুনে হস্তিনাপুৰ অভিমুখে ধাৱমান হ'ল তেতিয়া ক্ৰুৰ দূৰ্য্যোধনে এইবুলি ক'লে যে তেওঁক তেনেদৰে নিয়াৰ পৰিৱৰ্তে হাতে-ভৰিয়ে শিকলি লগাই ৰথৰ চকাত বান্ধি চোঁচোৰাই নিয়া হওঁক | সেইমতেই কাম হ'ল | দ্ৰুপদৰ সকলো সন্মান, ৰাজকীয় ঐশ্বৰ্য্য-বিভূতি, অহংকাৰ ক্ষন্তেকতে মাটিত মিহলি হৈ গ'ল | তেওঁক দ্ৰোণাচাৰ্য্যৰ ওচৰত হাজিৰ কৰা হ'ল আৰু দ্ৰোণেও সকলো পুৰণা হিচাপ-নিকাচ কৰাত ব্যস্ত হ'ল | দ্ৰোণে ছাত্র শক্তিৰ প্ৰভাৱেৰে তেওঁৰ প্রতিশোধ পূৰণ প্ৰক্ৰিয়া সম্পন্ন কৰিলে ঠিকেই...কিন্তু তাৰ পটভূমিতেই আন বহুকেইটা প্ৰতিশোধপৰায়ণ চিন্তাৰ উকমূকনি আৰম্ভ হ'ল | দ্ৰুপদেও মনে মনে প্রতিজ্ঞাবদ্ধ হ'ল যে এই ঘোৰ অপমানৰ প্রতিশোধ তেৱো এদিন লৈহে এৰিব | তেওঁ উভতি গৈ দ্ৰোণ আৰু ভীষ্মৰ হত্যাকাৰী সৃষ্টিৰ বাবে ঘোৰ তপস্যাত ব্ৰতী হ'ল | তাৰ পৰিণতিতেই জন্ম হ'ল শিখণ্ডী আৰু ধৃষ্টদ্যুম্নৰ | পৰৱৰ্তী সময়ত কুৰুক্ষেত্রৰ ৰণত পৰোক্ষভাৱে হ'লেও শিখণ্ডী আৰু ধৃষ্টদ্যুম্নৰ হাততেই ভীষ্ম আৰু দ্ৰোণৰ মৃত্যু হৈছিল | এই একেখন যজ্ঞতেই অগ্নিসম্ভূতা হৈ নামি আহিছিল দ্ৰৌপদী | মহাভাৰতৰ মূল ঘটনাৱলীত দ্ৰৌপদীৰ ভূমিকা সম্পৰ্কে নিশ্চয় কবলগা নাই |
           এতিয়া আহিছো প্রতিশোধ পৰায়ণতাৰ কথালৈ | এই ঘটনাটোৰ আগলৈ ভূমুকিয়াই চালে আমি কিন্তু মহাভাৰতৰ পাতত ভীষ্মৰ প্রতি অম্বাৰ প্রতিশোধাত্মক ভাৱৰ বাহিৰে আন ঘটনা দেখিবলৈ নাপাওঁ | গতিকে দ্ৰোণাচাৰ্য্যই নিজৰ অপমানৰ প্ৰতিশোধ লবলৈ ৰাজকুমাৰ সকলক ব্যৱহাৰ কৰা ঘটনাটোৱে খুব গভীৰভাৱে ক্ৰিয়া কৰিলে আৰু ইয়াৰ সূদুৰপ্রসাৰী প্রভাৱো আমাৰ চকুত পৰিল | মোৰ দৃষ্টিত এটা কথা সদায় সত্য যে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে আনক ব্যৱহাৰ কৰাটো যিকোনো ক্ষেত্রতেই নিন্দনীয় | গুৰুৱে নিজ ছাত্রৰ পৰা নিজ স্বাৰ্থসিদ্ধিৰ বাবে যুদ্ধৰ নিছিনা দক্ষিণা বিচৰাটো কিমান দুৰ্ভাগ্যজনক হব পাৰে সেয়া সহজেই অনুমেয় | পৃথিৱীৰ সৰ্ব্বোস্ব শক্তিটো নিহিত আছে ছাত্রশক্তিৰ মাজত | ছাত্রশক্তিৰ সমন্বয়ে পৃথিৱীত কিমান বিপ্লৱৰ সূচনা কৰিছে সেয়া ইতিহাসে আঙুলিয়াই আহিছে | দ্ৰোণে যদি ৰাজকুমাৰ সকলকলক অকল অস্ত্রবিদ্যা দিয়াতেই ক্ষান্ত নাথাকি ধৈৰ্য্য, অনুশাসন, ক্ষমা, দয়াৰো পাঠ দিলেহেঁতেন তেন্তে চাগে মহাভাৰতৰ কাহিনীয়েই সলনি হৈ গ'লহেঁতেন | ৰাজকুমাৰ সকলক অনুশাসনৰ শিক্ষা দিয়া দুৰৰ কথা নিজৰ মনৰ ওপৰতেই তেওঁ নিয়ন্ত্রন ৰক্ষা কৰিব নোৱাৰিলে | প্রতিশোধৰ উকমুকনিত তেওঁ নিজৰ হিতাহিত জ্ঞান হেৰুৱাই মায়া-মোহ, জিঘাংসাৰে জৰ্জৰিত এজন সাধাৰণ মানৱৰ ৰূপ লৈ ৰাজকুমাৰ সকলৰো সৰ্ব্বনাশ নিশ্চিত কৰিলে | আজিৰ সমাজতো দ্ৰোণাচাৰ্য্যৰ পদাংঙ্ক অনুসৰণ কৰি বহুতেই ছাত্রসমাজক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি অহা পৰিলক্ষিত হৈছে | বহুতো ৰাজনৈতিক লাভালাভ সন্নিৱিষ্ট হৈ থকা বিষয়তো ছাত্র সমাজক জড়িত কৰাই লক্ষ্যভ্ৰষ্ট হোৱাৰ বাট মুকলি কৰি দিয়া হৈছে | সাম্প্রতিক সময়ত এনে বহুতো প্রতিবাদকাৰীৰ সমদল দেখিছো য'ত অংশগ্রহণকাৰী সকলৰ বহুতেই প্রতিবাদৰ কাৰণ সম্পৰ্কেও জ্ঞাত নহয় | মানুহৰ আৱেগসৰ্বস্ব মনৰ দুৰ্বল অংশত আঘাত কৰি তাৰ পৰা ব্যক্তিগত লাভালাভ আদায়ত সদায়েই ব্যস্ত থাকে সমাজৰ এটা শ্রেণী | তাত বহুসময়ত নতুনকৈ উঠি অহা বিবেকে গজালি নেমেলা শ্রেণীটো বেছিকৈ সাঙোৰ খাই পৰে | দ্ৰোণাচাৰ্য্যই নিজৰ সংগ্ৰামপূৰ্ণ অতীত জীৱনৰ কাহিনীৰে ৰাজকুমাৰ সকলক প্ৰেৰণা দিয়া সুযোগ পাইছিল যদিওঁ তেওঁ নিজেই আত্মনিয়ন্ত্রনহীন হৈ এজন অতি সাধাৰণ কাম-ক্ৰোধ, লোভ-মোহ, অহংকাৰেৰে পৰিপূৰ্ণ জড়গ্ৰস্ত লোকলৈ পৰ্য্যৱসিত হ'ল | পৰৱৰ্তী সময়ত তেওঁ নিজৰ কৃতকৰ্মৰ যথাযথ ফলো পালে সকলোৰে সন্মুখতেই | যি হিন্দু ধৰ্মত ব্ৰহ্মহত্যা মহাপাপ বুলি উল্লেখ আছে তাতেই দ্ৰোণৰ দৰে এজন শাস্ত্রজ্ঞ ব্ৰাহ্মণৰ শিৰ কটা গ'ল ধৃষ্টদ্যুম্নৰ দৰে এজন ক্ষত্রিয়ৰ হাতত | দ্ৰোণৰ কৰ্ম আৰু চৰিত্রৰ আঁত ধৰি পৰৱৰ্তী সময়ত আমি প্রধানতঃ দূৰ্য্যোধন, দুঃসাশন আৰু কিছুক্ষেত্রত ভীম বা অৰ্জুনৰ কৰ্মত নৃশংসতা, আত্মহংঙ্কাৰ দেখা পোৱাটো তেনেই স্বাভাৱিক | আজিৰ শিক্ষক সমাজে এইক্ষেত্রত প্রথমেই লব লগা পদক্ষেপটোৱেই হ'ল আত্মনিয়ন্ত্রন আৰু আত্মসমালোচনা | যি গুৰুৱে নিজৰ দোষবোৰ প্রথমে আঁতৰাই নিজকে এক আদৰ্শৰ ৰূপ দিব নোৱাৰে তেওঁ কেতিয়াও শ্রেষ্ঠ গুৰু হবই নোৱাৰে | প্ৰকৃততে শিক্ষাদান কাৰ্য্যক যেতিয়ালৈকে মাত্র এটা বৃত্তি বুলিয়েই কাম সামৰা হব তেতিয়ালৈকে মই উল্লেখ কৰা দ্বায়িত্ববোধ আশা কৰিব নোৱাৰি | নেতাজী সুভাষ চন্দ্ৰ বসুৱে কোৱাৰ দৰে নিজে জ্বলি আনক পোহৰ দিয়া মমবাতিৰ দৰে শিক্ষকতাৰ উদাহৰণ আজিৰ সমাজত তেনেই তাকৰ | তাৰ মাজতো এচাম শিক্ষকে নিজৰ হাতৰ ধন খৰচ কৰিও ছাত্র-ছাত্রীক আগুৱাই যোৱাৰ সুবিধা কৰি দিয়াৰ কথাও আমি স্বীকাৰ কৰিব লাগিব | ভাৰতীয় সমাজ ব্যৱস্থাত প্রচলিত কিছু বদ্ধমূল ধাৰণাক পৰিৱৰ্তন কৰি প্রতিজন শিক্ষক "দ্ৰোণাচাৰ্য্য বঁটা"ৰ প্রতি আগ্রহী নহৈ স্বকীয়তাৰে নিজ নিজ আদৰ্শক প্রতিষ্ঠা কৰাৰ প্রয়াসত ব্রতী হওঁক | লগতে সমাজহিতৈষী প্রতিজনলৈয়ো গোঁহাৰি জনাওঁ যে ব্যক্তিগত লাভালাভ বা ৰাজনৈতিক উদ্দেশ্যপ্রণোদিত প্ৰতিটো বিষয়ত ছাত্রসমাজক জড়িত কৰি কলূষতাৰ পৃথিৱীত ভৰি দিয়াৰ বাট মুকলি নকৰে যেন | লগতে এইটোও মনত ৰখা উচিত যে আজি এটা সামান্য যেন লগা কামেই ভৱিষ্যতত ভয়াৱহ ৰূপ লৈ দ্ৰোণাচাৰ্য্যৰ শিৰচ্ছেদসম পৰিণতিৰ সম্ভাৱনা বহন কৰে | সেয়েই প্রতিজনে প্রতিটো সিদ্ধান্ত সদায়েই আৱেগেৰে নলৈ বিবেকেৰেহে লব লাগে, কাৰণ আৱেগ সদায়েই অন্ধ |

Comments