মহাভাৰত পৰ্য্যালোচলা:--১৬
মহাভাৰত পৰ্য্যালোচনা:--১৬
একলব্যৰ জীৱন, সন্ত্রাসবাদ আৰু বিচ্ছিন্নতাবাদ
এই আলোচনাৰ পঞ্চদশ খণ্ডত আমি একলব্যৰ প্রতি দ্রোণে কৰা ঘোৰ অন্যায় আৰু সমাজ ব্যৱস্থাত অতীজৰে পৰা চলি অহা শিক্ষকৰ পক্ষপাতিত্বৰ ওপৰত আলোচনা কৰিছিলো | দ্রোণে যিধৰণে কেৱল মাত্র নিজ সুৰক্ষা আৰু স্বাৰ্থ ৰক্ষাৰ বাবে একলব্যৰ প্রতি নিৰ্দয় আচৰণ কৰিলে সেয়া আজিৰ যুগতো চলিয়েই থাকিল | সময় পৰিৱৰ্তনৰ লগে লগে সকলোবোৰ পৰিৱৰ্তন হ'লেও মানুহৰ মানসিকতা পৰিৱৰ্তন নোহোৱাৰ বাবেই একেই ঘটনাৰ পুনৰাবৃত্তি যুগে যুগে হৈয়েই থাকিল | এই প্রক্রিয়াত লাখ লাখ একলব্যৰ সৃষ্টি হ'ল আৰু এই একলব্যৰ পৰৱৰ্তী সময়ত কি হ'ল তাৰ খবৰ কিন্তু আমি কোনেও নাৰাখিলো | ইও এক দুৰ্ঘোৰ সামাজিক অন্যায় নহয় নে ?? আমি একলব্যৰ সেই সাহসিকতাপূৰ্ণ ত্যাগক প্রশংসাৰে ওপচায় দিলো ঠিকেই..কিন্তু জীৱনৰ কঠিন বাটত তেওঁ কেনেদৰে নিজকে প্রতিষ্ঠা কৰিলে বা প্রতিষ্ঠিত হ'ল নে নহ'ল তাৰ খবৰ ৰখাটো আমাৰ নিশ্চয় প্রয়োজন আছিল, যিটো আমি নকৰিলো | নিজৰ বৃদ্ধাংগুষ্টি হেৰুৱাই পৰৱৰ্তী সময়ত একলব্যই অধিক পৰিশ্রমেৰে নিজকে প্রতিষ্ঠা কৰাৰ বাবে যত্নপৰ হ'ল | তেওঁ নিজৰ সুবিধা হোৱাকৈ এখন বিশেষ আকৃতিৰ ধনু তৈয়াৰ কৰি লৈ সেইখনেৰে বুঢ়া আঙুলি নোহোৱাকৈ কেনেকৈ ক্ষিপ্রতাৰে বাণ নিক্ষেপ কৰিব পাৰি তাৰ চেষ্টাত নিজকে সমৰ্পণ কৰিলে | অতি কম সময়ৰ ভিতৰত তেওঁ চাৰিটা আঙুলিৰে কাঁড় মৰাত পাকৈত হৈ উঠিল আৰু আন আন অস্ত্রাভ্যাসো আৰম্ভ কৰিলে | অৰ্জুনৰ সমকক্ষ হব নোৱাৰিলেও আন শ্রেষ্ঠ বীৰসকলৰ শাৰীত তেওঁ নিজকে প্রতিষ্ঠা কৰিলে | বৰ্তমান সময়তো আমি বহুতো শাৰিৰীক ভাৱে অক্ষম ব্যক্তিকো অকল মনৰ জোৰ আৰু অত্যাধিক কষ্টকৰ অভ্যাসৰ যোগেদি বিভিন্ন ক্রীড়া বা নৃত্য আদিত সফল হোৱা দেখা পাওঁ | তথাপি তাতো সীমাবদ্ধতাই তেওঁলোকক সম্পূৰ্ণ মুক্ত কৰি নিদিয়ে | তেওঁ সমাজ ব্যৱস্থাৰ কূটিল ষড়যন্ত্রবোৰ লাহে লাহে বুজি উঠিছিল নিশ্চয়, ক্রমান্বয়ে এক বিদ্রোহ তেওঁৰ মনৰ মাজত থিতাপি ল'লেহি | সময় আগবঢ়াৰ লগে লগে তেওঁ নিজৰ বৰ্ণনাতীত সংগ্রামৰ বলত বীৰৰ শাৰীত শাৰী পোনাব পৰা ধনুৰ্দ্ধৰ হৈ উঠিলেও সামাজিক প্রতিষ্ঠাহীনতাই তেওঁ মন-মগজুক প্রতি মূহুৰ্ততে অতৃপ্ত কৰি ৰাখিলে | এইফালে অৰ্জুন, কৃষ্ণ, ভীম, দুৰ্য্যোধন আদি বীৰৰ গুণানুকীৰ্তন চৌদিশে বিয়পি পৰিছিল খুব সোনকালেই | সমাজৰ প্রতিষ্ঠিত শ্রেণীটোৰ ষড়যন্ত্রৰ বলি হৈ অহা পিছপৰা শ্রেণীবোৰে এনেকৈয়ে সকলো অন্যায়-অবিচাৰ সহ্য কৰি থকা বাবেই কথাবোৰ পোহৰলৈ অহা নাছিল | তেওঁলোকৰ মনত উদ্গীৰণ হোৱা ক্ষোভৰ খবৰ লোৱাৰ সময় কাৰোৱেই নাছিল, আনকি মহাভাৰত প্রণেতাৰ দৰে মহানুভৱৰো | জীৱনৰ প্রাৰম্ভতে সামাজিক অন্যায়ৰ বলি হৈ প্রতিষ্ঠা লাভৰ পৰা বঞ্চিত হোৱা একলব্যৰ মনত সৃষ্টি হোৱা ক্ষোভ আৰু হতাশাই তেওঁক ক্রমান্বয়ে বিদ্রোহী কৰি তোলাটো স্বাভাৱিক আছিল যাৰ বাবে তেওঁ পৰৱৰ্তী সময়ত এক বিচ্ছিন্নতাবাদী শক্তিৰ লগ লাগিছিল | ইতিমধ্যে কৌৰৱ-পাণ্ডৱৰ শত্রুতা ক্রমান্বয়ে বৃদ্ধি পোৱাৰ পৰিপেক্ষিতত সমগ্র ভাৰতবৰ্ষৰ ৰজা-মহাৰজা সকলৰ মাজতো কিছু শ্রেণীবিভাজন আৰম্ভ হৈছিল | কোনোবাই যদি পাণ্ডৱৰ পক্ষ লৈ কাম কৰিছিল আন কোনোবাই কৌৰৱ পক্ষক সমৰ্থন জনাবলৈ আগবাঢ়ি আহিছিল | পাণ্ডৱৰ মূল চালিকা শক্তি আছিল কৃষ্ণ | কৃষ্ণই নিজ মোমায়েক কংসক বধ কৰি নিজ পিতৃ-মাতৃক কাৰাগাৰৰ পৰা মোকলোৱাৰ পিছৰ পৰাই সেই সময়ৰ মহা পৰাক্রমী মগধৰাজ জৰাসন্ধ কৃষ্ণৰ প্রধান শত্ৰু হৈ পৰিছিল যিহেতু কংস আছিল জৰাসন্ধৰ জোঁৱায়েক | মহাভাৰতীয় ৰাজনীতিৰ মেৰপেচত জৰাসন্ধৰ মিত্রজোঁটত সোমাই পৰিছিল মহাবীৰ একলব্য | নিজৰ শাৰিৰীক অক্ষমতাক নেওঁচি একলব্যই ইতিমধ্যেই এজন মহাপৰাক্রমী যোদ্ধাৰ শাৰীত ঠাই পাইছিল | জৰাসন্ধৰ এই কৃষ্ণ তথা পাণ্ডৱ বিদ্বেশী মিত্রজোঁটত একলব্যৰ লগতে আছিল শিশুপাল, শাল্ব, পৌণ্ড্রক, বাসুদেৱ, কালযবন, দ্বিৱিদ, দন্তবক্র আদি বীৰসকল | জৰাসন্ধই এইসকলৰ সহযোগত বহুবাৰ মথুৰা আক্রমণ কৰিছল আৰু কৃষ্ণক পৰাস্তও কৰিছিল | শেষত বাৰম্বাৰ আক্রমণত ব্যতিব্যস্ত হৈ কৃষ্ণই একপ্রকাৰ পলাই গৈ সাগৰৰ মাজৰ এটা দ্বীপ দ্বাৰকাত নগৰ পাতি বাস কৰিবলৈ লৈছিল | কিন্তু ভাৰতীয় সভ্যতাত কৃষ্ণৰ গুৰুত্ব অনুভৱ কৰি সৰহভাগ কাব্য প্রণেতাই কৃষ্ণৰ এই পলায়নক যুদ্ধৰেই আন এক কৌশল হিচাপে অভিহিত কৰি তেওঁৰ সন্মান ৰক্ষা কৰিছিল | আমি সকলোবোৰ কথা যদি একপক্ষীয় ভাৱে বিচাৰ কৰো বা মহাকাব্যত লিখা তথ্যকেই যদি বাৰে বাৰে আওঁৰাই থাকো তেন্তে আমাৰ মন-মগজুৰ বিকাশ তথা চিন্তাশক্তিৰ উৎকৰ্ষ সাধন হব বুলি মোৰ মনে নধৰে | কৃষ্ণই নিজ শক্তিৰে নোৱাৰি ভীমৰ শক্তিক কামত খটুৱাই জৰাসন্ধক বধ কৰায় আৰু পাণ্ডৱৰ ৰাজসূয় যজ্ঞত কেৱল বাক-বিতণ্ডাৰ মাজেৰেই শিশুপালৰ শিৰচ্ছেদ কৰে | যিয়েই নহওঁক একলব্যই এইবোৰ যুদ্ধত মহাপৰাক্রমেৰে যুঁজ দি মিত্রজোঁটৰ বিশ্বাসযোগ্য সভ্য হৈ পৰিছিল | জৰাসন্ধ আৰু শিশুপালৰ মৃত্যুৰ প্রতিশোধ লবলৈ এবাৰ পৌণ্ড্রক আৰু একলব্যই নিশাৰ অন্ধকাৰত দ্বাৰকা আক্রমণ কৰিলে | নিশাৰ অন্ধকাৰত একলব্যই কালান্তক যমৰ সমান পৰাক্রমেৰে যুঁজি যাদৱ বাহিনীৰ মাজত ত্রাসৰ সৃষ্টি কৰিলে | সেই নিশাৰ যুদ্ধত কৃষ্ণ, বলৰাম, সাত্যকি, প্রদ্যুম্ন, শাল্ব আদি প্রধান যোদ্ধাসকল পৰাজিত হৈ প্রাণ লৈ পলাল | কৃষ্ণৰ এনেকুৱা শোচনীয় পৰাজয় অবিশ্বাস্য যদিও একলব্যৰ পৰাক্রমৰ বাবেই যে এই পৰাজয় সম্ভৱ সেয়া আমি মানি লবলৈ বাধ্য | পৰৱৰ্তী দিনটোত পুনৰ সুসজ্জিত হৈ যাদৱ বীৰসকল পুনৰ যুঁজত নামিল | সেইদিনাৰ মূল যুঁজ দুখন হ'ল একলব্য আৰু বলৰাম লগতে কৃষ্ণ আৰু পৌণ্ড্রকৰ মাজত | বলৰাম আৰু একলব্যৰ মাজৰ যুঁজত সাময়িকভাৱে কেতিয়াবা বলৰাম আৰু কেতিয়াবা একলব্যৰ পৰাজয় হৈছে যদিও দুইজনেই পুনৰ বিক্রমেৰে যুঁজত লিপ্ত হৈছে | একলব্যৰ ধনুখন তেওঁৰ অক্ষমতা অনুসৰি বিশেষভাৱে নিৰ্মিত আছিল যিটো বলৰামে নজৰত ৰাখিছিল | সুযোগ বুজি বলৰামে একলব্যৰ ধনুৰ গুণ কাটিলে আৰু একলব্য মাটিত বাগৰি পৰিল | ক্ষন্তেকতে তেওঁ পুনৰ গদা হাতত লৈ জপিয়াই পৰিল বলৰামৰ ওপৰত | গদাধুদ্ধত সেই সময়ৰ সৰ্বশ্রেষ্ঠ যোদ্ধা আছিল বলৰাম | বলৰামৰ ওচৰত শিক্ষাগ্রহণ কৰি ভীম আৰু দুৰ্য্যোধনেও গদাযুদ্ধত ব্যুৎপত্তি অৰ্জন কৰিছিল | বৃদ্ধাংগুষ্ঠি নথকা এইজন যোদ্ধাই বহুসময় পৰাক্রমেৰে বলৰামৰ সৈতে যুঁজাৰ অন্তত পৰাজয় বৰণ কৰিলে | তেওঁ ৰথৰ পৰা জাপ মাৰি পলোৱাত বলোৰামেও পিছে পিছে খেদি নি সাগৰৰ পাৰ পোৱালেগৈ | একলব্যই পানীত ডুব মাৰি পলাই গৈ সাগৰৰ মাজৰ এটা নিৰ্জন দ্বীপত গৈ ওলালগৈ | একলব্যৰ নিছিনা এজন পৰাক্রমী বীৰৰ বাবে এটা নিৰ্জন দ্বীপত দ্বীপান্তৰিত হৈ জীৱন অতিবাহিত কৰিবলগা কথাটো মৃত্যুৰেই নামান্তৰ আছিল | ইয়াৰ পিছত পুনৰ একলব্যৰ বিষয়ে কতো একো উল্লেখ নাই | এইফালে সেই যুদ্ধতেই পৌণ্ড্রকৰো কৃষ্ণৰ হাতত মৃত্যু হৈছিল | এনেদৰেই মহা পৰাক্রমী বীৰ, ত্যাগ, সাহস, দৃঢ়তাৰ জলন্ত প্রতীক একলব্যৰ বৈচিত্রময় জীৱনৰ কৰুণ সমাপ্তি ঘটিছিল |
এই যে একলব্যৰ এজন অধ্যাৱসায়ী ছাত্রৰ পৰা বিচ্ছিন্নতাবাদী সন্ত্রাসবাদী হোৱাৰ যাত্রা...তাত সেই সময়ৰ সমাজ ব্যৱস্থা তথা দ্রোণাচাৰ্য্যও কিছু পৰিমাণে দায়ী নহয় জানো ??? সাম্প্রতিক সময়তো আমাৰ সমাজতো একেদৰেই এনে বহুতো একলব্যক সন্ত্রাসবাদত বিশ্বাসী হবলৈ বাধ্য কৰোৱা হৈয়েই আছে | বহু প্রতিভাধৰ সম্ভাৱনাপূৰ্ণ যুৱক-যুৱতীয়ে বিভিন্ন পৰিস্থিতিত অন্যায়ৰ মুখামুখি হৈ বহু সুবিধাৰ পৰা বঞ্চিত হৈ চিৰাচৰিত ব্যৱস্থাৰ ওপৰত বিশ্বাস হেৰুৱাই বিদ্রোহী হৈ পৰিছে আৰু এটা সময়ত নিয়ন্ত্রন হেৰুৱাই সন্ত্রাসবাদৰ দৰে চৰম পন্থাত যোগ দি অকালতে জীৱনৰ পৰিসমাপ্তি ঘটাইছে | একলব্যৰ ঘটনা বিচাৰ কৰিবলৈ গ'লে বহু কথাই আমাক চুই যায় | গুৰু দক্ষিণা হিচাপে বুঢ়া আঙুলি কাঢ়ি লোৱাৰ পিছত এদিনৰ বাবেও দ্রোণে একলব্যৰ কাষত থিয় দিয়াৰ প্রয়োজনবোধ নকৰিলে কিয় ?? মহাভাৰতীয় ঘটনাপ্রৱাহত একলব্যৰ এই সাহসিকতাপূৰ্ণ ত্যাগক উপযুক্ত মৰ্য্যদা কিয় দিয়া নহ'ল ? কৃষ্ণৰ নিছিনা সমাজ সংস্কাৰক তথা মহানুভৱেও এবাৰৰ বাবেও একলব্যৰ জীৱনৰ সমস্ত ঘটনা জনাৰ পিছতো তেওঁৰ প্রতি সহানুভূতিশীল হৈ এক বিশেষ শান্তি আলোচনাৰ প্রস্তাৱ দিয়াৰ বাবে কিয় আগ্রহী নহ'ল ?? নে অকল পাণ্ডৱক সুৰক্ষা দিয়েই তেওঁ ধৰ্মৰক্ষাৰ আঁচনি তৈয়াৰ কৰিছিল য'ত একলব্যৰ নিছিনা সমাজৰ পিছপৰা শ্রেণীৰ প্রতিভাৱানৰো কোনো স্থান নাছিল !!!??? ৰামায়ণৰ কাহিনীৰ উদ্ধৃতি দি যদি কওঁ তেন্তে দস্যু ৰত্নাকৰৰ নিছিনা সন্ত্রাসবাদীক বাল্মিকী সজোৱাৰ ক্ষেত্রত নাৰদ আৰু ব্রহ্মাৰ প্রচেষ্টাৰ কথা কব পাৰোঁ | সমাজৰ পৰা অশান্তি-অসূঁয়া আতৰোৱাৰ বাবে কেৱল মৃত্যুৱে কিৰিলি পৰা ধংসযজ্ঞ পাতিলেই সেয়া কেতিয়াও নিৰ্মূল নিশ্চয় নহয় | ধংসযজ্ঞৰ বাকৰিতেই সৃষ্টি হব আন সহস্রজন বিদ্রোহীৰ, যিয়ে ক্ষন্তেকতে অস্থিৰ কৰিব পাৰে সমাজৰ ছবি | তাৰ পৰিৱৰ্তে "তমসো মা সদ্গময়, তমসো মা জ্যোতিৰ্গময়" নীতিৰে সমাজ সংস্কাৰৰ বাবে সকলোৱে প্রচেষ্টা ল'লে সুফল পাব পাৰি | কেৱল মাত্র নিজক প্রতিষ্ঠা কৰাৰ বাবেই আমাৰ পূৰ্ব্বপুৰুষ সকলে কৰি অহা কৰ্মকাণ্ডই আজিও আমাক শান্তিত থাকিব দিয়া নাই | সহস্র বৰ্ষ পিছতো একেই চৰিত্রৰ পুনৰাবৃত্তিৰে সমাজত সৃষ্টি হৈছে আন বহুতো দ্রোণ, কৃষ্ণ বা একলব্যৰ | মোৰ জীৱনত কৃষ্ণ, আচাৰ্য্য চাণক্য আৰু স্বামী বিবেকানন্দ...এই তিনিজন ব্যক্তিক আদৰ্শ হিচাপে লৈ আগবঢ়াৰ পিছতো আজি কৃষ্ণৰ কিছু কিছু কৰ্মৰ ওপৰত প্রশ্ন তুলিব লগা হোৱাটোক মোৰেই দুৰ্ভাগ্য বুলি ভাবিছো | সৰ্বশেষত এইটোৱেই কওঁ যে সমাজ সংস্কাৰক, প্রতিজন অভিভাৱক, প্রতিজন শিক্ষক সম্পূৰ্ণৰূপে নিৰপেক্ষ চিন্তাৰে পৰিচালিত হব নোৱাৰালৈকে হাজাৰজন একলব্যৰ জন্ম হব আৰু বিচ্ছিন্নতাবাদ, সন্ত্রাসবাদৰো কাহানিও অন্ত নপৰিব |
Comments
Post a Comment