মহাভাৰত পৰ্য্যালোচনা:--১৯
মহাভাৰত পৰ্য্যালোচনা:--১৯
পুনৰবাৰ লাঞ্চিত, প্ৰতাৰিত জ্যেষ্ঠ কৌন্তেয়
এই আলোচনাৰ আগৰটো খণ্ডত এগৰাকী মাতৃৰ বিবেকশূণ্য কৰ্মই কিদৰে নিজ সন্তানৰ জীৱনক অনিশ্চয়তাৰ গৰাহলৈ ঠেলি দিছিল সেই সম্পৰ্কে আলোচনা কৰিছিলো | সকলোৱেই জানে বা সেই কৰ্মকাণ্ড সমূহ অগ্ৰাহ্য কৰাৰ কাৰোৱেই শক্তি নাই যিবোৰ অন্যায় কৰ্ণৰ প্ৰতি দেখদেখকৈ হৈছিল | অৱশ্যে মই আজিৰ খণ্ডত যিখিনি কথা আলোচনালৈ আনিব বিচাৰিছো সেইখিনি কথা ইয়াৰ আগৰটো খণ্ডৰ কথাখিনিতকৈ আগতেই ঘটা | যেতিয়া কৰ্ণই বিদ্যালাভৰ বাবে হস্তিনাপুৰৰ ৰাজকুমাৰ সকলৰ বিদ্যাদানৰ বাবে নিয়োজিত শিক্ষক দ্যোণাচাৰ্য্যৰ কাষ চাপিছিল তেতিয়া দ্ৰোণে পোনচাটেই কৰ্ণৰ অনুৰোধ প্ৰত্যাখ্যান কৰিছিল | অপ্ৰকাশ্য সত্য এইটোৱেই আছিল যে কৰ্ণ আছিল এজন নিম্নবৰ্গৰ কৰ্মচাৰীৰ সন্তান, তেনেক্ষেত্রত ৰাজপুত্রসকলৰ লগত একেলগে শিক্ষাগ্ৰহণ কৰাৰ অৰ্হতা কৰ্ণৰ নাছিল দ্ৰোণৰ দৃষ্টিত | দ্বিতীয়তে দ্ৰোণৰ শিক্ষাদানৰ বাবে দিবলগীয়া পৰিতোষিক দিয়াৰো সক্ষমতা নিশ্চয়কৈ অধিৰথ পৰিয়ালৰ নাছিল | সেইবাবে উপায়হীন হৈ কৰ্ণ কাষ চাপিছিলগৈ অৱতাৰী পুৰষ বুলি পৰিচিত পৰশুৰামৰ | পৰশুৰাম সম্পৰ্কে আলোচনা কৰাৰ খুবেই প্ৰয়োজন আছিল যদিও এইটো খণ্ডত সেই আলোচনা কৰিবলৈ নিবিচাৰিম | তেওঁল দীৰ্ঘ জীৱন আৰু বিশাল কৰ্মৰাজিৰ বিষয়ে অন্য এটা খণ্ডত কিছু কথা উপস্থাপন কৰাৰ প্ৰয়াস কৰিম | এতিয়া পুনৰ আহিছো কৰ্ণৰ প্ৰসংঙ্গলৈ---যেতিয়া কৰ্ণ নিশ্চিত হ'ল যে দ্ৰোণৰ ওচৰত তেওঁৰ শিক্ষাগ্ৰহণ সম্ভৱ নহয় তেতিয়া তেওঁ নিজৰ আকাংঙ্খা বোৰক পূৰ্ণ ৰূপ দিয়াৰ বাবে পৰশুৰামৰ ওচৰত নিজকে সমৰ্পণ কৰিলে | কিন্তু তোতো আছিল বাধাৰ প্ৰাচীৰ | পূৰ্ব্বৰ বহুতো ঘটনা-পৰিঘটনাৰ পৰিণতিত ক্ষত্রিয় জাতিৰ প্ৰতি পৰশুৰামৰ আছিল সাংঘাতিক বিদ্বেষ মনোভাব | তেওঁ কোনোকালে কোনো ক্ষত্রিয়ক তেওঁৰ শিষ্য হিচাপে গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈ থৈছিল | সেই সম্পৰ্কে কৰ্ণ জ্ঞাত আছিল আৰু তেওঁ নিশ্চিত আছিল যে যদি কৰ্ণৰ ক্ষত্রিয় চিনাকি পৰশুৰামে পায় তেন্তে অগ্ৰাহ্য কৰাটো নিশ্চিত | সেয়ে কৰ্ণই অসত্যৰ আশ্ৰয় লৈ এজন ব্ৰাহ্মণ সন্তানৰ বেশত গৈ পৰশুৰামৰ শিষ্যত্ব গ্ৰহণ কৰিলে | নিজৰ গভীৰ অধ্যাৱসায় আৰু লক্ষ্যপ্ৰাপ্তিৰ উদগ্ৰ বাসনাৰ বলেৰে কৰ্ণই খুব কম সময়তে নিজকে এজন শ্ৰেষ্ঠ ধনুৰ্দ্ধৰ হিচাপে গঢ়ি তুলিলে | পৃথিৱীৰ সৰ্ব্বকালৰ অন্যতম শ্ৰেষ্ঠ যোদ্ধা, মহান অৱতাৰী পুৰুষ পৰশুৰামৰ তত্বাৱধানত কৰ্ণ অপ্ৰতিদ্বন্দী হৈ উঠিল | কৰ্ণৰ লক্ষ্য-উদ্দেশ্য আছিল সুদুৰপ্ৰসাৰী | শৈশৱ অতিক্ৰমি কৈশোৰত ভৰি দিয়াৰ পৰাই কৰ্ণই অনুভৱ কৰিব পাৰিছিল সেই সময়ৰ সমাজ ব্যৱস্থাৰ শ্ৰণীবিভাজনে দি অহা বাধা | সমাজৰ পিছপৰা শ্ৰণীৰ বুলি সকলোতে সদায় বঞ্চনাৰ মুখামুখি হৈ আৰু বেছি দৃঢ় হৈ উঠিছিল কৰ্ণ | সকলো ধৰণৰ সা-সুবিধাবোৰ বিশেষকৈ ৰাজসাহায্যবোৰ ভোগ কৰিছিল প্ৰধানতঃ ব্ৰাহ্মণ আৰু ধনীক শ্ৰেণীয়ে | ৰাজ পৰিয়ালৰতো কথাই নাই...তেওঁলোকেই নিয়ন্ত্রন কৰিছিল সমাজ | এই কথাবোৰে কৰ্ণক ভিতৰি ভিতৰি বিদ্ৰোহী কৰি তোলাৰ উপৰি মিছাৰ আশ্ৰয় লৈ হ'লেও নিজকে বিশেষভাৱে প্ৰতিষ্ঠিত কৰি তোলাৰ বাবে প্ৰোথিত কৰিছিল | যথাসময়ত কৰ্ণৰ শিক্ষা সমাপ্ত হ'ল....কৰ্ণই গুৰুগৃহ ত্যাগ কৰি নিজ গৃহলৈ উভতি যাবলৈ সাজু হ'ল | সেই অন্তিম সময়তেই ঘটিল দূৰ্ঘটনাটো | এদিনাখন কৰ্ণৰ কোলাত মুৰ থৈ পৰশুৰামে বিশ্ৰাম কৰি আছিল, এটা সময়ত তেওঁৰ টোপনি আহিছিল | সেই সময়তে এটা পৰুৱা আহি কৰ্ণৰ উৰুৰ তলফালে প্ৰৱেশ কৰি কৰ্ণক কামুৰিলে | কৰ্ণই পীৰা অনুভৱ কৰিলে যদিও গুৰুৰ টোপনিত ব্যাঘাট জন্মিব বুলিয়েই সেই পীৰা সহ্য কৰিলে | পৰুৱাটোৱে ওলাই যাবলৈ বাট বিচাৰি নাপাই এটা সময়ত কৰ্ণৰ উৰুৰ মাংস ভেদ কৰি শৰীৰৰ ভিতৰেৰেই বাট উলিয়াব ধৰিলে | কৰ্ণই সকলো গম পায়ো গুৰুৰ প্ৰতি থকা অচল ভক্তিৰ বাবে সকলোবোৰ সহ্য কৰিলে | বহুসময় পিছত পৰুৱাটোৱে কৰ্ণৰ মাংস খুলি খুলি ওপৰফালে ওলালহি আৰু পৰশুৰামৰ কাণত প্ৰৱেশ কৰিলেহি | লগে লগে পৰশুৰাম টোপনিৰ পৰা সাৰ পাই উঠি বহিল আৰু পৰুৱাটো উলিয়াই পঠিয়ালে | লগতে তেওঁ লক্ষ্য কৰিলে যে কৰ্ণৰ উৰু তেজে তুমৰলি হৈ আছে | কৰ্ণক সোধাত তেওঁ ক'লে যে গুৰুৰ টোপনিত ব্যাঘাট নজন্মাবৰ বাবেই পৰুৱাই দিয়া সেই আঘাট তেওঁ সহ্য কৰিলে | কৰ্ণৰ এই সহ্যগুণে পৰশুৰামৰ মনত সন্দেহ ওপজালে, তেওঁ লগে লগে ধ্যানত বহিল আৰু কৰ্ণৰ ইতবৃত্ত জনাৰ বাবে ব্যস্ত হ'ল | ক্ষন্তেক সময়ৰ পিছতে তেওঁ ধ্যান শেষ কৰি কৰ্ণৰ ফালে চাই গৰজি উঠিল | ইতিমধ্যে তেওঁ কৰ্ণ যে ব্ৰাহ্মণ সন্তান নহয় সেই সম্পৰ্কে নিশ্চিত হৈছিল আৰু কৰ্ণ সম্পৰ্কে সকলো সত্য জ্ঞাত হৈছিল | তেওঁ কৰ্ণক ভীষণ অভিশাপেৰে দণ্ডিত কৰিলে | কৰ্ণই আয়ত্ব কৰা সকলো বিদ্যা পাহৰি যাবলৈ প্ৰথমে অভিশাপ দিলে যদিও কৰ্ণই কৰা অনুনয়-বিনয়ৰ অন্তত অভিশাপৰ তীব্ৰতা কিছু হ্ৰাস কৰিলে আৰু খুব প্ৰয়োজনত বিশেষকৈ জীৱন-মৰণৰ সন্ধিক্ষণত কৰ্ণই তেওঁৰ আৰ্জিত সকলো অস্ত্রবিদ্যা, মন্ত্রৰ গুণাগুণৰ স্মৃতি লোপ পাব বুলি ক'লে | অৱশেষত সেই সমাজখনে কৰ্ণক অভিশপ্ত কৰিহে এৰিলে | কৰ্ণৰ সমস্ত সাধনা, সকলো অধ্যাৱসায় পলকতে সাৰশূণ্য হৈ পৰিল | অতি প্ৰয়োজনীয় মূহুৰ্ততেই যদি নিজৰ আৰ্জিত সকলো বিদ্যা নিজৰ আয়ত্ত্বত নাথাকে তেন্তে সেই বিদ্যাৰ গৰাকী হোৱা নোহোৱা একেটাই কথা | বহুকেইটা প্ৰশ্নই মনক খুন্দিয়াইছেহি | প্ৰথম কথা পৰশুৰাম ইমান গুণী-জ্ঞানী হোৱাৰ পিছতো কেৱল নিজৰ প্ৰতিজ্ঞা ৰক্ষাৰ দেহাই দি প্ৰতিজন ক্ষত্রিয়কেই কিয় এটা শাৰীতেই থিয় কৰালে ? যেতিয়া তেওঁ পৃথিৱীত শান্তি প্ৰতিষ্ঠাৰ বাবে ক্ষত্রিয় ধ্বংসযজ্ঞ চলাইছিল তেতিয়াও একে নীতিকেই অৱলম্বন কৰিছিল | তেওঁৰ দৃষ্টিত প্ৰতিজন ক্ষত্রিয়ই আছিল দুস্কৃতিকাৰী | কিন্তু বহু প্ৰজাহিতৈষী, ধাৰ্মিক ৰজা বা জনপ্ৰতিনিধিও কেৱল ক্ষত্রিয় হোৱাৰ বাবেই তেওঁৰ আক্ৰোশৰ বলি হৈছিল | তেওঁ এটা সময়ত ক্ষত্রিয় ধ্বংসৰ কাম সামৰি সকলোকে ক্ষমা কৰা বুলি ঘোষণা কৰিছিল যদিও বহুবছৰ পিছত কৰ্ণৰ ক্ষেত্রত পুনৰ তেওঁৰ জিঘাংসা কিয় জাগ্ৰত হৈ উঠিল ? "অৱতাৰী পুৰুষ" বুলি তেওঁৰ নামৰ লগত লাগি থকা বিশেষণে তেওঁৰ প্ৰতিটো কৰ্মকেই মহান বুলি প্ৰতীয়মান কৰাত বেছি সহায় কৰিলে | দ্বিতীয় কথা যদি তেওঁ ধ্যানৰ জড়িয়তে কৰ্ণৰ বিষয়ে সমস্ত তথ্য জানিছিলেই তেন্তে কৰ্ণৰ জন্ম ৰহস্যও নিশ্চয়কৈ তেওঁৰ অজ্ঞাত নাছিল | যদি তেওঁ সেয়া জানিছিল তেন্তে কৰ্ণৰ প্ৰতি হোৱা অন্যায়ৰ পৰা কৰ্ণক বচাবলৈ তেওঁৰ "পৰশু" আকৌ এবাৰ কিয় গৰজি নুঠিল ? নে অকল প্ৰতিষ্ঠা লাভতেই সকলোৰে অংক শেষ ??? অম্বাৰ লগত হোৱা অন্যায়ৰ বাবে যদি তেওঁ ভীষ্মৰ সৈতে যুঁজ দিব পাৰিছিল তেন্তে কৰ্ণক ন্যায় দিয়াৰ ক্ষেত্রত তেওঁ কিয় নিমাত হৈ ৰ'ল ??? সকলো চালিজাৰি চালে এইটোৱেই ওলাই পৰে যে যেনেকৈয়ে নহওঁক সমাজৰ আগশাৰীৰ মানুহখিনিক সদায় সুৰক্ষিত কৰি ৰাখিব লাগে, প্ৰয়োজনত পিছপৰা সকলৰ হাজাৰজনৰ লগত অন্যায়েই নহওঁক কিয় | কৰ্ণক ন্যায় দিয়া মানেই কুন্তীৰ সকলো কথা ওলাই পৰা আৰু কুন্তীৰ বিৰুদ্ধে কাম কৰাৰ সাহস পৰশুৰামে ভীষ্মৰ লগত হোৱা পূৰ্ব্বৰ সেই ৰণতেই হেৰুৱাইছিল | তৃতীয় কথা দ্ৰোণে একলব্যক যিধৰণে পংগু কৰিছিল তাতোকৈ বহু বেছি ভয়াৱহ আৰু নিষ্ঠুৰ আছিল পৰশুৰামৰ অভিশাপ | দ্ৰোণাচাৰ্য্যৰ কূটিলতাত একলব্য পংগু হ'লেও অন্ততঃ জীয়াই থাকিব পৰাকৈ সকলোখিনিয়েই আছিল | কিন্তু পৰশুৰামে যি অভিশাপেৰে কৰ্ণক দণ্ডিত কৰিলে তাৰ দ্বাৰা কৰ্ণক পৰোক্ষভাৱে মৃত্যমুখলৈ ঠেলি দিয়া হ'ল | কেৱল মাত্র নিজৰ প্ৰতিজ্ঞাৰক্ষাৰ স্বাৰ্থতেই কাৰোবাক মৃত্যুমুখলৈ ঠেলি দিয়াৰ নৈতিক অধিকাৰ কাৰোৱেই নাই, কাৰণ সেই প্ৰতিজ্ঞাৰ যুক্তিযুক্ততাও এটা শূণ্য মাত্র | কৰ্ণৰ পক্ষত থিয় হবলৈ কোনো নাছিল তেতিয়া, কৰ্ণৰ অপৰাধ এটাই--তেওঁ প্ৰভাৱশালী পৰিয়াল বা বংশ পৰিচয়েৰে পৰিচিত নাছিল | হায় !!! ভাষা হেৰাই যায় কেতিয়াবা...কৰ্ণৰ প্ৰতি হোৱা অন্যায়, একলব্যৰ প্ৰতি হোৱা কূটিল ষড়যন্ত্রই বাৰে বাৰে আঘাত কৰে | হাজাৰ বছৰ আগৰ ঘটনাবোৰেই আজিও একেদৰেই সংঘটিত হৈছে | সলনি হৈছে মাত্র সময় আৰু ব্যক্তি | প্ৰভাৱশালী শ্ৰেণীৰ প্ৰভাৱত বাৰে বাৰে পিষ্ট হোৱা সৰ্ব্বসাধাৰণে আজিও ককবকাই আছে কৰ্ণ-একলব্যৰ ৰূপতেই | পৰশুৰাম বা দ্ৰোণক প্ৰশ্ন কৰাৰ প্ৰয়োজনীয়তা বা সাহস কোনো এটাই নাছিল সেই সময়ৰ সমাজৰ, কেৱল কৰ্ণক জবাবদিহি কৰিলে তেওঁলোকে | কৰ্ণই কিয় মিছাৰ আশ্ৰয় লৈ বিদ্যাগ্ৰহণ কৰিলে তাক লৈ ব্যস্ত হৈ পৰশুৰামক "অৱতাৰী পুৰুষৰ" আসনতেই বাহাল ৰাখিলে সমাজে | কৰ্ণই কি উদ্দেশ্যেৰে, কি পৰিৱেশত বা কি তাড়নাত সেই মিছাৰ আশ্ৰয় লবলগা হৈছিল সেই বিষয়ে চিন্তা কৰিব পৰাকৈ সেই সময়ৰ সমাজ বা পৰশুৰামৰ নিছিনা প্ৰতিষ্ঠিত ব্যক্তি কোনোৱেই সজাগ নাছিল | অৱশ্যে এই ঘটনাৰ দ্বাৰা এইটোও প্ৰতীয়মান হ'ল যে যিকোনো কামেই হওঁক বা যিকোনো সম্পৰ্কই হওঁক সেয়া যদি অসত্যৰ ওপৰত প্ৰতিষ্ঠিত হয় সি কেতিয়াও সফল নহয়, তাৰ অন্তৰালত যিমানেই মহান উদ্দেশ্য নিহিত নাথাকক কিয় অসত্যৰ পথ সদায়েই বিফলতাৰে ভৰা হয় | এনেকৈয়ে...একেদৰেই অতিবাহিত হ'ল হাজাৰ বছৰ........ মহাভাৰতৰ পৰা শিক্ষা লৈ মহাভাৰতৰ সেই অন্যায়-অবিচাৰৰ পুনৰাবৃত্তি নকৰিবলৈ হ'লে মহাভাৰতৰ গৱেষণাত্মক অধ্যয়নৰ প্ৰয়োজন আছে | তাকে নকৰি "মহাভাৰত"ক থাপনাত তুলি ৰখালৈ প্ৰতিখন ঘৰতেই অন্যায়ৰ বীজ ৰোপিত হৈ থাকিব |
🖋দীপজ্যোতি শৰ্মা
Comments
Post a Comment