মহাভাৰত পৰ্য্যালোচনা--১৫
মহাভাৰত পৰ্য্যালোচনা:--১৫
দ্ৰোণাচাৰ্য্যৰ কূটিলতাত বিনষ্ট একলব্যৰ প্ৰতিভা
মহাভাৰতৰ ঘটনাৱলীত দ্রোণাচাৰ্য্যই একলব্যৰ প্রতি কৰা অন্যায়ৰ ঘটনাই আমাক বহুবাৰ ব্যাথিত কৰাৰ উপৰিও মনত বিভিন্ন চিন্তাৰ উকমুকনিৰ সৃষ্টি কৰিছে | প্রথমতেই তেওঁ একলব্যক নীছ জাতিৰ বুলি শিষ্যত্ব প্রদান নকৰি অমানৱীয়তাৰ পৰিচয় দিছে | পৰৱৰ্তী সময়ত একলব্যই গুৰু দ্রোণৰ পৰা সঁহাৰি নাপাই অৰণ্যৰ মাজত দ্রোণাচাৰ্য্যৰ মৃণ্ময় মূৰ্তি সাজি সেই মূৰ্তিৰ সন্মুখতে অস্ত্রাভ্যাস কৰিবলৈ ধৰিলে | গুৰু দ্রোণৰ প্রতি থকা অটল শ্রদ্ধা-ভক্তিৰ বাবে একলব্যই দ্রোণৰ বাহিৰে আন গুৰুৰ ওচৰলৈ যোৱাৰ কথা চিন্তা কৰিব নোৱাৰিলে | সেই মৃণ্ময় মূৰ্তিতেই দ্রোণাচাৰ্য্যৰ উপস্থিতি অনুভৱ কৰি এক বিশেষ মনোযোগেৰে একলব্যই অস্ত্রবিদ্যা আহৰণত ব্যস্ত হ'ল | তেওঁ এই বিশেষ ধৰণৰ পদ্ধতিৰে অতি কম সময়ৰ ভিতৰতে অস্ত্রচালনাত নিজকে সিদ্ধহস্ত কৰি তুলিলে | একলব্যই এই অসাধাৰণ প্রক্রিয়াৰে যিধৰণে নিজকে সক্ষমতাৰ চুড়ান্ত পৰ্য্যায়লৈ লৈ গ'ল সেয়া আমাৰ নৱ-প্রজন্মৰ বাবে প্রেৰণাৰ উৎস হোৱা উচিত | কোনো প্রতিষ্ঠিত শিক্ষানুষ্ঠানত নামভৰ্তি নকৰাকৈ বা কোনো নামজ্বলা শিক্ষাগুৰুৰ পৰ্য্যৱেক্ষণ অবিহনে সম্পূৰ্ণ নিজস্ব একাগ্রতা, ধৈৰ্য্য আৰু অধ্যাৱসায়ৰ বলত তেওঁ লাভ কৰা শিক্ষা আছিল সম্পূৰ্ণ নিখুঁত আৰু অকৃত্রিম | বৰ্তমান সময়ৰ সমাজত আমাৰ অভিভাৱক সকল আৰু ছাত্র-ছাত্রী সকলে একলব্যৰ পৰা নৈতিক পাঠ লব পাৰে | অভিভাৱক সকলে নিজ নিজ সন্তানক শিক্ষাদান কৰাৰ ক্ষেত্রত নামী-দামী শিক্ষানুষ্ঠানক সদায়ে অগ্রাধিকাৰ দিয়ে, তেনেদৰে ছাত্র-ছাত্রীৰ মনতো এক বদ্ধমূল ধাৰণা গঢ় লৈ উঠিছে যে প্রতিষ্ঠিত শিক্ষানুষ্ঠানত বিশেষ কোনো শিক্ষাগুৰুৰ নিৰ্দেশনা অবিহনে তেওঁলোকে নিখুঁত শিক্ষা লব নোৱাৰিব | এই ধাৰণাই সমাজক দুভাগ কৰাত সহায় কৰিছে লগতে ছাত্র-ছাত্রীৰ চিন্তাক অধিক বস্তুবাদী কৰি তুলিছে | এতিয়া আমি পুনৰ উভতি আহিছো মহাভাৰতলৈ.....একলব্যই অৰণ্যৰ মাজত এনেদৰে দ্রোণৰ প্রতিমূৰ্তিৰ সন্মুখত শিক্ষাগ্রহণ কৰাৰ কথাটো দ্রোণৰ কাণত নপৰাকৈ নাথাকিল | কালক্রমত এদিন হস্তিনাপুৰৰ ৰাজকুমাৰ সকলক লগত লৈ তেওঁ অৰণ্যত প্রৱেশ কৰিলে অৱসৰ বিনোদনৰ বাবে | তাত ৰাজকুমাৰ সকলে অস্ত্রাভ্যাস কৰাৰ লগতে মৃগয়াও কৰিব | তেনেদৰে ৰাজকুমাৰ সকল গৈ ঘোৰ অৰণ্যত প্রৱেশ কৰিলে | ৰাজকুমাৰ সকলৰ লগত যোৱা কুকুৰটো আগে আগে গৈ একলব্যই ধ্যান কৰি থকা ঠাই পালেগৈ | অৰণ্যৰ মাজত এজন অচিনাকী মানুহে অকলশৰে ধ্যানমগ্ন হৈ থকা দেখি কুকুৰটোৱে ভুকিবলৈ ধৰিলে | কুকুৰৰ ভুকভুকনিত একলব্যই বিৰক্তিবোধ কৰিলে আৰু দুপাট কাঁড়েৰে কুকুৰটোক মুখ বন্ধ কৰি থলে, তাত আশ্বৰ্য্যৰ কথা এইটোৱেই আছিল যে কাঁড়বিদ্ধ হোৱা স্বত্বেও কিন্তু কুকুৰটোৰ মুখৰ পৰা এটোপালো ৰক্তপাত হোৱা নাছিল | এনেকুৱা সাংঘাতিক আক্রমনত বিতত হৈ কুকুৰটো উভতি আহি ৰাজকুমাৰ সকলৰ ওচৰ পালেহি | কুকুৰটোৰ এনেকুৱা দুৰৱস্থা দেখি কোনে তাৰ এই অৱস্থা কৰিলে তাক জানিবৰ বাবে তেওঁলোৰ ব্যগ্র হৈ উঠিল | এনেকুৱা সাংঘাতিক কৌশলপূৰ্ণ কাঁড় নিক্ষেপৰ কলাত্মক জ্ঞান তেওঁলোকৰ কাৰো ওচৰতেই নাই, তেন্তে কোন হব পাৰে এই ধনুৰ্দ্ধৰ ?? গুৰু দ্রোণে তেতিয়া কুকুৰৰ পিছে পিছে গৈ এখন আশ্রমসদৃশ ঠাইত উপস্থিত হ'ল | তাত গৈ তেওঁলোক সকলোৱে দেখিলে যে এজন সুঠাম যুৱকে দ্রোণৰ মৃণ্ময় মূৰ্তিৰ সন্মুখত ধ্যানমগ্ন হৈ আছে | পিছমূহুৰ্ততে যেতিয়া গুৰু দ্রোণ আৰু ৰাজকুমাৰ সকলৰ আগমনৰ কথা তেওঁ গম পালে লগে লগে সকলোকে আশ্বৰ্য্যচকিত কৰি কাঁড়ৰ কলাত্মক প্রয়োগেৰেই দ্রোণৰ চৰণত পুষ্পাঞ্জলি দি প্রণাম জনালে | এইখিনিতেই অৰ্জুনৰ মনত এক সন্দেহপূৰ্ণ প্রশ্নৰ উদয় হ'ল যে... গুৰু দ্রোণে সদায় তেওঁকেই প্রিয় শিষ্য বুলি জ্ঞান কৰি শিক্ষাদান কৰি আহিছে, তেনেস্থলত এইজন আকৌ কোন শ্রেষ্ঠ শিষ্য যিয়ে সফলতাৰ শিখৰ চুবলৈ ওলাইছে !!! ইতিমধ্যে একলব্যই সকলোকে আতিথ্য প্রদান কৰি নিজৰ পৰিচয় দাঙি ধৰিলে | একলব্যৰ এইধৰণৰ ভক্তি আৰু অধ্যাৱসায় দেখি স্বয়ং দ্রোণ হতবম্ব হৈ পৰিল | অৰ্জুনৰ মনত সৃষ্টি হোৱা সন্দেহ আৰু শংকা সম্পৰ্কেও তেওঁ ইতিমধ্যে তেওঁ জ্ঞাত হৈছিল | তেওঁ অৰ্জুনক সান্ত্বনা দিলে যে অৰ্জুনৰ শ্রেষ্ঠত্ব কোনেও কাঢ়ি নিব নোৱাৰে...সেয়া যিকোনো প্রকাৰেই অটুত থাকিব | কাৰণ যিহেতু গুৰু দ্রোণে হস্তিনাপুৰৰ ৰাজ পৰিয়ালৰ অনুগ্রহপ্রাপ্ত হৈ শিক্ষকতা কৰিছে সেয়ে ৰাজপৰিয়ালৰ বাহিৰৰ আন ছাত্রক শ্রেষ্ঠতা অৰ্জন কৰিবলৈ তেওঁ কেতিয়াওঁ দিব নোৱাৰে, প্রয়োজনত অন্যায় পথেৰে হ'লেও সেই শ্রেষ্ঠত্ব মষিমূৰ কৰিবই লাগিব | একলব্যৰ উত্থানে অৰ্জুনৰ লগতে তেওঁকো শংকিত কৰিছিল, কাৰণ অৰ্জুনে শ্রেষ্ঠত্ব নাপালে তেওঁ লাভ কৰা সমস্ত সন্মান আৰু স্বিকৃতি ক্ষন্তেকতে কাঢ়ি লোৱা হব পাৰে | তেওঁ একলব্যৰ শিক্ষাৰ সলাগ ল'লে আৰু আশীৰ্বাদ কৰিলে | লগে লগে এইটোও উল্লেখ কৰিলে যে যিহেতু একলব্যই তেওঁৰেই প্রতিমূৰ্তি সাঁজি গুৰুজ্ঞান কৰি শিক্ষা লাভ কৰিছে সেয়ে গুৰুদক্ষিনা দিয়াটোও একলব্যৰ কৰ্তব্য | তেতিয়া একলব্যই এই বুলি ঘোষণা কৰিলে যে গুৰুৱে বিচাৰিলে দক্ষিনা হিচাপে তেওঁ জীৱন দিবলৈয়ো প্রস্তুত আছে | কপটতাৰে পৰিপূৰ্ণ দ্রোণাচাৰ্য্যৰ মলিন মনটোৱে এই মূহুৰ্তটোলৈকেই বাট চাই আছিল | ক্ষন্তেকো অপেক্ষা নকৰি দ্রোণে যি দক্ষিনা বিচাৰিলে তাৰ দ্বাৰা হাজাৰ যুগলৈ এজন গুৰুৰ শিষ্যৰ প্রতি ভাবিব নোৱাৰা নৃশংসতাৰ চানেকি এৰি থৈ গ'ল | ধনুত গুন লগোৱাৰ বাবে ব্যৱহৃত হোৱা সোঁহাতৰ বুঢ়া আঙুলিটো গুৰু দক্ষিনা হিচাপে বিচাৰি কৌশলগতভাৱে একলব্যক পংগু কৰাৰ এই প্রচেষ্টাত দ্রোণাচাৰ্য্য সফল হ'ল | সমগ্র পৃথিৱীক আচৰিত কৰি একলব্যই ক্ষন্তেকতে বাওঁহাতত এখন সৰু চুৰী লৈ সোঁহাতৰ বুঢ়া আঙুলিটো কাটি আচাৰ্য্যৰ চৰণত অৰ্পণ কৰিলে | এইখিনিতেই উল্লেখ কৰা ভাল যে দ্রোণে একলব্যক পংগু কৰিবৰ বাবে দুটা বিকল্প লগত ৰাখিছিল | প্রথমটো আমি সকলোৱে দেখিলোৱেই, দ্বিতীয়টো হ'ল অগত্যা একলব্যই সেই দক্ষিনা দিবলৈ অস্বীকাৰ কৰাহেঁতেন দ্রোণাচাৰ্য্যই অভিশাপেৰে পংগু কৰিলেহেঁতেন | একলব্যই নিজৰ কৰ্মৰ শক্তিৰে দ্রোণৰ ওচৰত পৰাজিত নহৈ বৰঞ্চ দ্রোণকহে ইতিহাসৰ পাতত এজন প্রবঞ্চক গুৰু হিচাপে প্রতিষ্ঠিত কৰিলে | তেওঁৰ এই আত্মত্যাগৰ তুল্য কৰ্মৰ বাবে লগে লগে সৰগৰ পৰা পুষ্পবৃষ্টি হ'ল | দ্রোণাচাৰ্য্যই কূটিল চাৱনিৰে অৰ্জুনক বুজাই দিলে যে এতিয়া আৰু তেওঁৰ শ্রেষ্ঠ হোৱাৰ বাটত কোনো প্রতিবন্ধকতা আহিব নোৱাৰে | এনেদৰেই এজন গুৰুৰ চৰম নৃশংসতা, স্বাৰ্থপৰতা, প্রতিষ্ঠা লাভৰ বাসনাৰ বাবে এক উজ্বল প্রতিভা আধাতেই বিনষ্ট হোৱাৰ পথ প্রশস্ত হ'ল | একলব্যৰ আঙুলি কাঢ়ি তেওঁৰ সামৰ্থ্যতাক বাধা দিয়া ঘটনাটো এটা প্রতিকীহে মাত্র | বৰ্তমান সমাজতো একেই প্রক্রিয়াৰে হাজাৰজন দ্রোণাচাৰ্য্যই লাখ লাখ একলব্যক আগুওৱাত বাধা দি আহিছে একমাত্র নিজ স্বাৰ্থ পূৰণৰ বাবে | বহু এনেকুৱা শিক্ষকো আমি দেখিছো যে তেওঁলোকে শিক্ষানুষ্ঠানৰ পৰা পৰ্য্যাপ্ত পৰিমাণৰ পাৰিশ্রমিক পোৱাৰ পিছতো একমাত্র ঘৰুৱা শিক্ষক হোৱাৰ আশাত ছাত্র-ছাত্রীক শ্রেণীকোঠাত উচিত ধৰণে পাঠদান নকৰে | আনকি বহু শিক্ষকে ছাত্র-ছাত্রীক বা তেওঁলোকৰ অভিভাৱকক ব্যক্তিগতভাৱেও লগ কৰি ঘৰুৱা শিক্ষক হোৱাৰ আশা ব্যক্ত কৰে | এতিয়া এই পৰ্য্যায়ৰ শিক্ষকক আপুনি বা মই শিক্ষক বুলিম নে শিক্ষাবেপাৰী বুলিম !!?? তেনেদৰে একলব্যৰ লেখীয়াকৈ বহু প্রতিভাধৰ অথচ কিছু অৰ্থনৈতিক ভাৱে বা সামাজিক ভাৱে পিছপৰা স্তৰৰ ছাত্র-ছাত্রীয়ে শিক্ষকৰ গুৰুত্ব আৰু সহযোগিতাৰ অভাৱত আগবাঢ়ি যোৱাৰ সপোঁণ আধাতে সামৰিবলগীয়া হয় | অৰ্থনৈতিক ভাৱে স্বচ্ছল আৰু সামাজিক প্রতিপত্তিশীল পৰিয়ালৰ সন্তানে অৰ্জুনৰ লেখীয়াকৈ শিক্ষাগুৰুৰ পৰা সৰ্ব্বতোপ্রকাৰৰ সঁহাৰি লাভ কৰিছে...প্রয়োজনত শিক্ষকে আন কোনোবাজনক খাঁৱৈত পেলাই হ'লেও সেইজন ছাত্রক আগুৱাই লৈ গৈছে | সেয়ে মোৰ ব্যক্তিগত দৃষ্টিৰ পৰা অৰ্জুন কোনোদিনেই শ্রেষ্ঠ নাছিল আৰু সমাজেও সেই শ্রেষ্ঠতাক মানি লোৱাটো দুৰ্ভাগ্যজনক বুলি ভাবো | মহাভাৰত প্রণেতাই মহাভাৰতৰ ঘটনাৰ মাজেৰে ন্যায় স্থাপনৰ বচন আওঁৰালেও একলব্যৰ লগত ঘটা ঘটনাৰে কাৰ লগত কেনেধৰণৰ ন্যায় কৰিলে সেয়া মোৰ বোধগম্য নহ'ল | শেষত দ্রোণাচাৰ্য্যৰ এই কৰ্মৰ মুক্তকণ্ঠে ধিক্কাৰ দি কব বিচাৰোঁ যে তেওঁ কোনোকালে শ্রেষ্ঠ গুৰু হব নোৱাৰে | সমাজ যিহেতু ব্যক্তিৰ সমষ্টি সেয়ে সমাজত চিন্তাৰ প্রসাৰতা বৃদ্ধিৰ লগে লগে দ্রোণাচাৰ্য্যৰ শিৰত ওলমি থকা শ্রেষ্ঠ গুৰুৰ ধাৰণাও সময়ত নিশ্চয় সলনি হব | কাৰণ এজন অৰ্জুনৰ সৃষ্টিত এজন গুৰুৰ সফলতা নিশ্চয় নিৰ্ভৰ নকৰে, সমাজত সমভাৱাপন্নতাৰে হাজাৰজনক যোগ্য কৰি তুলিব পাৰিলেহে এজন শিক্ষকৰ কৰ্তব্য সম্পূৰ্ণ হব | আজিৰ সমাজৰ বিশৃংঙ্খলতাৰ কাৰণ বহুসময়ত শিক্ষকসকলৰ দ্বায়বদ্ধতাহীন কৰ্মই যে হয় সেয়া বহুবাৰ প্রমাণ হৈছে | সেয়ে প্রতিজন শিক্ষকক নিজৰ কৰ্মৰ গুৰুত্ব বুজি সমাজ তথা দেশৰ উত্তৰোত্তৰ প্রগতিৰ স্বাৰ্থত নিৰ্মোহভাৱে কৰ্মত প্ৰবৃত্ত হবলৈ অনুৰোধ জনালোঁ |
Comments
Post a Comment