মহাভাৰত পৰ্য্যালোচনা--৭
মহাভাৰত পৰ্য্যালোচনা--৭
কন্যা সন্তানৰ প্ৰতি অন্যায় কিয় ??
মহাভাৰত সম্পৰ্কীয় আলোচনাসমূহে আমাক বহু সময়ত বহু কথাই ভবাই তুলিছে সময়ে সময়ে | সাম্প্রতিক সময়ৰ ঘটনাপ্রৱাহৰ লগত সেই সময়ৰ ঘটনাৰ এৰাব নোৱাৰা সাদৃশ্য দেখি বাৰে বাৰে চমকিত হৈছো আৰু চিন্তাবোৰক অধিক গভীৰতালৈ নিয়াৰ এক সুযোগ পাইছো | ঘটনাক্রমত ধৃতৰাষ্ট্র হস্তিনাপুৰৰ সম্রাট হব নোৱাৰিলে যদিওঁ ভীষ্মৰ কৃপাত অন্ধতাৰ প্রতিবন্ধকতা নেওচি তেওঁৰ বিবাহ সুকলমে সম্পন্ন হ'ল | শাৰিৰীক অক্ষমতাৰ বাবে ধৃতৰাষ্ট্রৰ পৰিৱৰ্তে পাণ্ডুক ৰাজসিংহাসনৰ মুৰব্বী পতা হ'ল | আগৰ খণ্ডত ধৃতৰাষ্ট্রৰ জীৱনসংগী হোৱাৰ বাটত গান্ধাৰীৰ প্রতি হোৱা অন্যায় আৰু সেই অন্যায়ক সহজে স্বীকাৰ কৰি মহিয়সী হৈ পৰা ঘটনা সম্পৰ্কত আলোচনা কৰিছিলো | অন্যায়ক প্রত্যক্ষভাৱে সমৰ্থন কৰা বা সেই অন্যায়ক নিৰ্বিকাৰভাৱে সহ্য কৰি মুখ নোখোলাকৈ থকা...দুয়োটা কথা এটা মুদ্রাৰ ইপিঠি-সিপিঠি | অন্যায় দেখা মাত্রকে সকলোৱে মুৰ দাঙি তাৰ বিৰুদ্ধে কথা কব পৰাৰ সাহস গোটাব নোৱাৰালৈকে সেই অন্যায়ৰ প্রভাৱ কম-বেছি পৰিমাণে সকলোৱে সহিবলগীয়া হৈয়েই থাকিব |
ধৃতৰাষ্ট্রৰ বিবাহৰ পিছত পাণ্ডুৰ বিবাহৰ বাবে ভীষ্ম ব্যস্ত হৈ পৰিল | মহাৰাজ কুন্তীভোজৰ কন্যা কুন্তী তেওঁৰ বাঁচনিত আহিল | সৰ্বগুনসম্পন্না কুন্তীক কুৰুবংশৰ বোৱাৰী হিচাপে পোৱাটো ভীষ্মৰ বাবে পৰম আকাংঙ্খিত আছিল | পিছে এই কুন্তীক বিবাহিত ৰূপত দেখাৰ আগতে আমি তেওঁৰ কিছু পূৰ্ব্ববৃত্তান্ত জানি লোৱাটো আৱশ্যক | আমি যদিও কুন্তীক ভোজৰাজৰ জিয়ৰী বুলি জানো প্রকৃতাৰ্থত কিন্তু তেওঁ ৰজা ভোজৰ পালিতা কন্যাহে আছিল | যাদৱবংশীয় ৰজা শূৰসেনৰ পেহীয়েকৰ পুতেক আছিল ৰজা কুন্তীভোজ | নিঃসন্তান ৰজা কুন্তীভোজৰ লগত শূৰসেনৰ বন্ধুত্ব যথেষ্ট গাঢ় আছিল বাবেই শূৰসেনে নিজৰ প্রথমটো সন্তান বন্ধুৰ হাতত অৰ্পণ কৰাৰ প্রতিশ্রুতি দিছিল | সেইমতেই তেওঁ প্রথমটো কন্যা সন্তান পৃথাক কুন্তীভোজৰ হাতত অৰ্পণ কৰিছিল | নিঃসন্তান কুন্তীভোজে প্রথমেই সেই কন্যাৰ নাম সলনি কৰি পৃথাৰ ঠাইত নিজৰ নামেৰে কুন্তী ৰাখিলে | ইয়াত কুন্তীভোজৰ পত্নীৰ ভূমিকা সম্পৰ্কত কতো উল্লেখ নথকাত আমি তেওঁৰ পত্নীৰ মৃত্যু হোৱা বুলি বা তেওঁক ত্যাগ কৰা বুলি ধৰি লব পাৰো | পৃথাৰ পৰা কুন্তীলৈ পৰিৱৰ্তিত হৈ সেই কন্যাই প্রথমেই নিজৰ নাম হেৰুৱালে দ্বিতীয়তে হেৰুৱালে মাকৰ মৰম | মাতৃৰ মমতাৰ লগত অপৰিচিত হৈ ৰোৱা কুন্তীৰ জীৱনত ইয়াৰ প্রভাৱ পৰাটো পৰৱৰ্তী সময়ত দৃষ্টিগোচৰ হৈছে | এখন নতুন ঘৰত নিজকে খাপ খুৱাই লৈয়েই তেওঁ পিতৃকো সন্তুষ্ট কৰিবলগা হৈছিল একমাত্র সন্তান হিচাপে | ৰাজমহলৰ ঐশ্বৰ্য্য-বিভূতিৰ মাজত এইগৰাকী কন্যাই সুখ-স্বাচ্ছন্দ্যৰ জীৱনৰ পৰিৱৰ্তে এগৰাকী গৃহিনীৰ ভূমিকা লব লগা হৈছিল সেই কৈশোৰ অৱস্থাতেই | এইক্ষেত্রত সেই কন্যাৰ পিতৃদ্বয়ৰ ভূমিকা সম্পৰ্কত কাৰো মতামত নাই যদিওঁ এয়াও আলোচনাৰ গণ্ডীলৈ অহাৰ প্রয়োজন আছে | সন্তান জন্ম দি সেই সন্তানক নিজ ইচ্ছাত আনৰ হাতত তুলি দিয়াৰ পূৰ্বে সন্তানৰ ভৱিষ্যত সম্পৰ্কত চিন্তা-চৰ্চা নকৰা পিতৃৰ দ্বায়বদ্ধতা সম্পৰ্কত আমাৰ মনত প্রশ্নৰ উদয় হোৱাটো স্বাভাৱিক | ঠিক তেনেদৰে যি গৰাকী ব্যক্তিয়ে নিজৰ সন্তানৰ অভাৱ পূৰণৰ বাবে সেই কন্যাৰ দ্বায়িত্ব মুৰ পাতি ল'লে তেখেতেও সম্পূৰ্ণ দ্বায়বদ্ধতাৰ পৰিচয় দি সেই কন্যাৰ সম্পূৰ্ণ নিৰাপত্তা সম্পৰ্কত সষ্টম থকাটো তেওঁৰ দ্বায়িত্ব-কৰ্তব্য দুয়োটাই নহয় জানো !!? অকল সোণৰ পালেঙত শুৱাই ঘি-মৌ খুৱালেই সন্তান পৰিপক্ক হৈ উঠিব বুলি ভৱাটো এক সাংঘাটিক ভুল | দুই বন্ধুৰ মিত্রতাৰ মাজত সোমাই পৃথাই নিজস্ব পৰিচয় হেৰুওৱাৰ লগতে শৈশৱ-কৈশোৰ সকলো জলাঞ্জলি দি অসময়তে দ্বায়িত্বৰ মাজত সোমাই পৰাটো কন্যা সন্তানৰ ওপৰত নিশ্চয় এক ভয়ংকৰ অন্যায় | এতিয়া হয়তো প্রশ্ন উত্থাপন হব পাৰে যে মইনো কোন সেই দুই বন্ধু বন্ধুত্বৰ সম্পৰ্কক লৈ ইমান আলোচনা কৰিবলৈ | কিন্তু কন্যা সন্তানৰ প্রতি অৱহেলা যে সেই সময়ৰ পৰাই আছিল সেয়া বাৰে বাৰে প্রমান হৈ আহিছে | বহুসময়ত বিভিন্ন ৰাজকন্যা মহাভাৰতীয় ঘটনাৰ বিৱৰণীত স্থান লাভৰ পৰা বঞ্চিত হৈছে | মহাভাৰত প্রণেতাই সত্য, ন্যায় আৰু ধৰ্ম প্রতিষ্ঠাৰ এই যাত্রাত কন্যা সন্তানক কিছুসময়ত এলাগী কৰাটো মানি লবলৈ কষ্ট হয় | পুৰুষতন্ত্রৰ প্রকোপত হয়তো বহু নাৰী প্রতিভা বিনষ্ট হৈছিল সেই সময়তেই | এয়াও নিশ্চয় এক দৃষ্টিকটু মহাভাৰতীয় বিপৰ্য্যয় |
Comments
Post a Comment