মহাভাৰত পৰ্য্যালোচনা--৯
মহাভাৰত পৰ্য্যালোচনা--৯
মমতাহীন মাতৃ
মহাভাৰত পৰ্য্যালোচনাত কুন্তীৰ জীৱন সম্পৰ্কত কৰা আলোচনাৰ পৰা আমাৰ মনত হাজাৰটা প্রশ্নই ভিৰ কৰিছেহি | কুন্তীৰ যৌৱনৰ দুৱাৰদলিতেই ঘটা সেই বিশেষ ঘটনাই আমাক সকলোকে বহু কথাই ভাবিবলৈ বাধ্য কৰালে | ঋষি দুৰ্বাসাৰ পৰা আশীৰ্বাদ স্বৰূপে লাভ কৰা মন্ত্র অপ্রয়োজনীয় ভাৱে ব্যৱহাৰ কৰি কুন্তীয়ে নিজকে আত্মনিয়ন্ত্রনহীন বুলি ইতিমধ্যেই প্রমাণিত কৰিলে | কুন্তীৰ আমন্ত্রনক্রমে উপস্থিত হোৱা সূৰ্য্যদেৱতাৰ ভূমিকাও আশ্বৰ্য্যজনক | ইমান প্রভাৱশালী ব্যক্তিত্বৰ গৰাকী সূৰ্য্যদেৱতাই অকল মাত্র দুৰ্বাসাৰ মন্ত্রৰ মান ৰাখিবলৈ কুন্তীক অন্তঃসত্বা কৰোৱাটো মানি লবলৈ কষ্ট হয় | মহাৰাজ কুন্তীভোজৰ ভূমিকা সম্পৰ্কত আমি ইতিমধ্যেই কথা পাতিছো | এই সমস্ত ঘটনাৰ ফলশ্রুতিত কুমাৰী অৱস্থাতে গৰ্ভৱতী হৈ কুন্তীয়ে সময়ত এটা পুত্র সন্তান প্রসৱ কৰিলে | ধাত্রীৰ সহযোগত সুকলমে সকলো কাম কৰি উঠি এইবাৰ কুন্তী ব্যস্ত হৈ পৰিল সমাজৰ আগত নিজকে কলংকিত হিচাপে প্রতিপন্ন হোৱাৰ পৰা পৰিত্রান পোৱাৰ চিন্তাত | এই পুত্র সন্তানটোৱেই কুন্তীৰ বাবে সমস্ত অন্ধকাৰ কঢ়িয়াই আনিব পাৰে বুলি কুন্তী নিশ্চিত হ'ল | সেয়ে সেই সন্তানক পৰিত্যাগ কৰাৰ বাহিৰে আন বিকল্প কুন্তীয়ে বিচাৰি নাপালে | এনেকৈ এদিনাখন সকলোৰে অজ্ঞাতে কুন্তীয়ে এটা খৰাহীত শুৱাই সন্তানটিক যমুনা নৈত উটুৱাই দিলে | নিষ্পাপ সন্তানটোৰ অবুজ চাৱনি আৰু কান্দোনে কুন্তীক ক্ষন্তেক সময়ৰ বাবে বিচলিত কৰিছিল যদিওঁ জনমানসত নিজৰ ভাৱমূৰ্তি নিকা কৰি ৰখাৰ স্বাৰ্থত তেওঁ সেই আৱেগ পৰিহাৰ কৰিলে | এগৰাকী মাতৃ হিচাপে সন্তানৰ প্রতি যি কৰণীয় থাকে সেইখিনি কৰাৰ বাবে মাতৃয়ে নিজৰ জীৱন পৰ্য্যন্ত ত্যাগ কৰিবলৈ সাজু থাকে | তেনেস্থলত কুন্তীয়ে নিজৰ অপৰিপক্ক মস্তিষ্কৰ বাবেই নে সংস্কাৰহীনতাৰ বাবেই সেই মাতৃসুলভ মমতা আহৰণ কৰিব নোৱাৰিলে সেয়াও এক চিন্তনীয় বিষয় | আমি যদি প্রত্যেকেই অকল নিজৰ নিৰাপত্তা, নিজৰ সামাজিক স্থিতি আৰু নিজৰ স্বাৰ্থৰক্ষাৰ ওপৰত গুৰুত্ব দিয়েই প্রতিটো পদক্ষেপ লওঁ তেতিয়াহ'লে হয়তো পৃথিৱীত ন্যায়-অন্যায়, ভুল-শুদ্ধ, সঁচা-মিছাৰ ধাৰণাবোৰ এদিন ধুৱলী-কুঁৱলী হৈ পৰিব | এই নিষ্পাপ শিশুটোৰ অধিকাৰখিনি কাঢ়ি তাক অনাথ হবলৈ এৰি দিয়াৰ অধিকাৰ কুন্তীক কোনে দিলে ? এগৰাকী সাহসী মাতৃৰ পৰিচয় দি সেই সন্তানৰ মুৰৰ ওপৰত ছাতি ধৰি এদিন কিয় সূৰ্য্যদেৱৰ সন্মুখত থিয় হৈ সেই পুত্রৰ পিতৃত্ব স্বীকাৰ কৰিবলৈ সূৰ্য্যদেৱক বাধ্য কৰোৱাৰ সাহস কুন্তীয়ে কৰিব নোৱাৰিলে ?এইকাৰণেই নোৱাৰিলে যে এই সমস্ত ঘটনাৰ প্রথম দোষী হ'ল কুন্তী নিজেই, যি দুৰ্বলতাই কুন্তীক সাহসী হোৱাৰ বাটত হেঙাৰ হৈ ৰ'ল | মহাৰাজ ভোজ, মুনি দুৰ্বাসা, সূৰ্য্যদেৱ আৰু কুন্তীৰ এই ভুলবৃত্তত সোমাই পৰিল সেই নিষ্পাপ শিশুটো, যাৰ কোনো পাপেই নাছিল | কুন্তীয়ে পৰৱৰ্তী সময়ত নিজকে সুযোগ্যা ৰাজকন্যা হিচাপে দাঙি ধৰিলে, ৰজা ভোজেও নিজ ৰাজ্য সুন্দৰকৈ শাসন কৰিলে, সূৰ্য্যদেৱৰো স্থানৰ পৰিৱৰ্তন নহ'ল বা মুনি দুৰ্বাসায়ো কোনো কষ্ট পাবলগীয়া নহ'ল | এই সকলোকেইজনৰ প্রত্যক্ষ আৰু পৰোক্ষ ভুলৰ পৰিণতিত সেই শিশু অনাথ হৈ নদীয়েদি উটি গ'ল, পিতৃয়ে মাথো পোহৰেই বিলালে...যি পোহৰে পুত্রক ঢুকিয়েই নাপালে, মাতৃয়ে নিজৰ দাগ মোহাৰি নিকা হ'ল, সময়ত ৰজাৰ ঘৈনীও হ'ল...সকলো চম্ভালি, সংঘাত সামৰি তেওঁ জিলিকি ৰ'ল....যি এদিন হৈ পৰিল আমাৰ দৃষ্টিত "সতী"...."সতী কুন্তী"| হায় মানৱতা ! হে মহান ব্যাসদেৱ...কিয় তুমি এবাৰো কুন্তী বা সূৰ্য্যক জবাবদিহি কৰাব নোৱাৰিলা ? নিজে কলংকিত হোৱাৰ ভয়ত পুত্রক পৰিত্যাগ কৰি নিকা হৈ ৰোৱা কুন্তীৰ ভূমিকাৰ পিছত অন্ততঃ সূৰ্য্যদেৱে সেই সন্তানক স্বীকৃতি দি সুৰক্ষা দিয়াৰ প্রয়োজনবোধ কিয় নকৰিলে ? দলনিত পোণা মেলি নিজৰ পেছাগত ব্যস্ততাৰ দোহাই দি পুত্র-কন্যাৰ প্রতি অন্যায় কৰাটোৱেই যদি পিতৃৰ কৰ্তব্য হয়, সেই পিতৃত্বও নিশ্চয়কৈয়ে কলংকিত | অধিৰথ আৰু ৰাধাই যথাসময়ত সেই সন্তানক উদ্ধাৰ কৰি সুৰক্ষিত নকৰাহেতেন হয়তো সময়ৰ ধুমুহাত সেই সন্তানৰ মৃত্যু পৰ্য্যন্ত হোৱাৰ সম্ভাৱনা আছিল | সেই সন্তান যদি মৃত্যুমুখত পৰিলহেঁতেন তাৰ বাবে দায়ী কোন হ'লহেঁতেন ? মহাভাৰত সম্পৰ্কীয় কিছুমান কাহিনীত কুন্তীৰ সেই সন্তানক ত্যাগ কৰা মূহুৰ্তটো কৰুণভাৱে বৰ্ণনা কৰা হৈছে যদিওঁ যিকোনো যুক্তিৰ বিনিময়তেই কুন্তীৰ নৃশংসতাক আমি উলাই কৰিব নোৱাৰোঁ | সূৰ্য্যদেৱে সংগমৰ অন্তত সন্তান জন্মৰ নিশ্চয়তাৰ লগতে আন এক আশীৰ্বাদো দি গৈছিল যে সন্তান জন্ম হ'লেওঁ কুন্তীয়ে পুনৰ আগৰ কুমাৰীত্ব একেদৰেই ঘুৰাই পাব | এইখিনিতেই কুন্তীক ভীষণ স্বাৰ্থপৰ হিচাপে আমি আৱিষ্কাৰ কৰাৰ অৱকাশ পালোঁ | অসময়ত অবৈধভাৱে লাভ কৰা সেই সন্তানৰ বোজা বহন কৰি একাকী জীৱন কটোৱাতকৈ কুন্তীয়ে ঐশ্বৰ্য্য-বিভূতিৰে ভৰা নিজৰ ভৱিষ্যতৰ স্বাৰ্থত এগৰাকী নৃশংস মাতৃ হোৱাৰ পৰা নিজকে আঁতৰাই আনিব নোৱাৰিলে | এইক্ষেত্রত আমি কুন্তীৰ ক্ষেত্রত অলপ নৰম হোৱাৰ অৱকাশ পালোহেঁতেন যদিহে কুন্তীয়ে পাণ্ডুৰ লগত বিবাহৰ সময়ত নিজৰ সমস্ত পূৰ্ব্ববৃত্তান্ত অসংকোচে বিৱৰি কোৱাৰ সাহস কৰিলেহেঁতেন |সময়ৰ সোঁতত যুগ পৰিৱৰ্তন হ'লেও আজিৰ প্রজন্মৰ মাজতো একেই ঘৃণনীয় মানসিকতাৰ অন্ত পৰিল জানো ? যৌৱনৰ অসংযত মনৰ অবাধ্য প্রেমৰ পৰিণতিত কিমান ছোৱালীয়ে অকালতে কুমাৰীত্ব হেৰুৱাইছে সেয়া আমাৰ হিচাপৰ বাহিৰত | নিজৰ কলংক মচিবলৈ কিমানগৰাকী মাতৃয়ে সেই অবৈধ সম্পৰ্কৰ স্বাক্ষৰ বহন কৰা কিমানটা সন্তানক জাৱৰৰ দমত বা নদীৰ পানীত নিক্ষেপ কৰিছে তাৰো পৰিসংখ্যা বহুত বিশাল | প্রেমৰ আচিলা লৈ শাৰিৰীক সম্পৰ্কৰ দ্বাৰা প্রেয়সীক সন্তানসম্ভৱা কৰাৰ পিছত কিমানজন যুৱকে প্রেয়সীক পৰিত্যাগ কৰিছে সেয়াও হিচাপ ৰখা অসম্ভৱ | এই নাৰকীয়, অমানৱীয় প্রক্রিয়া কুন্তী আৰু সূৰ্য্যদেৱতাৰ প্রচেষ্টাতেই প্রথমবাৰৰ বাবে সংঘটিত হৈছিল বুলি ভবাৰ থল নিশ্চয় আছে | যদি সেয়াই হয় তেন্তে কোনটো দিশৰ পৰা কুন্তীক "সতী" আক্ষ্যা দিয়া হ'ল সেয়া মোৰ বাবে দুৰ্বোধ্য বিষয় | কোন "সতী" বা কোন "অসতী" সেয়া মোৰ বিচাৰ্য্য বিষয় নহয়, কিন্তু মোৰ প্রশ্ন এইটোৱেই যে এনেধৰণৰ সমাজক বিপথে পৰিচালিত কৰা ঘটনা সংঘটিত কৰাসকলক কিয় দণ্ড বিহা নহ'ল ? কিয় তেওঁলোকক সমাজত উচ্ছাসন দি সামাজিক ন্যায়ক বিকৃত কৰা হ'ল ? কুন্তীৰ দ্বাৰা পৰিত্যক্ত হৈ সেই সন্তানে সৌভাগ্যক্রমে এহাল মানৱদৰদী পিতৃ-মাতৃৰ সান্নিধ্য পালে | হস্তিনাপুৰৰ ৰজাৰ ৰথৰ চকাৰ কাৰিকৰ সেই অধিৰথ আৰু ৰাধাৰ তত্বাৱধানত সেই সন্তান কম সময়তে প্রভাৱশালী হৈ উঠিল সকলো দিশৰ পৰা | "কৰ্ণ" নামধাৰী সেই সন্তান এদিন যুৱক হ'ল আৰু নিজকে প্রতিষ্ঠা কৰাৰ বাবে হিংসাত্মক পথত ভৰি দিবলৈও পিছ পৰি নৰ'ল | নিজৰ প্রতিভাক দাঙি ধৰাৰ উপযুক্ত মঞ্চ নাপাই ধৰফৰাই থকা সেই যুৱকে এদিনাখন দুৰ্য্যোধনৰ সান্নিধ্যলৈ আহিছিল আৰু নিজকে প্রতিষ্ঠা কৰাৰ বাট বিচাৰি পাইছিল | প্রয়োজনত দুৰ্য্যোধনৰ যিকোনো কু-অভিসন্ধিটো তেওঁ সহযোগ কৰি গৈছিল | এটা বিৰল প্রতিভাৰ অধিকাৰী এই যুৱকৰ সমস্ত সম্ভাৱনীয়তা অথলে গৈছিল এই প্রক্রিয়াত | যাৰ পৰাক্রমৰ সাহসতেই দুৰ্য্যোধন সময়ত স্বৈৰাচাৰীও হৈ পৰিছিল, সেই পৰাক্রমী বীৰৰ মৃত্যু হৈছিল কিন্তু কৰুণভাৱে | কৰ্ণৰ জীৱনৰ সমস্ত ঘটনাৰ বাবে প্রত্যক্ষভাৱে বা পৰোক্ষভাৱে কোনোবাখিনিত কুন্তী দায়ী নহয়নে বাৰু ? কৰ্ণৰ দোষ সম্পৰ্কত পৰৱৰ্তী খণ্ডবোৰত নিশ্চয়কৈ আলোচনা কৰা হব | কিন্তু এগৰাকী মাতৃৰ যৌৱনৰ কিছুমান অসংযত তথা ভুলেৰে ভৰা কৰ্মৰ ফলত সন্তানে এনেকৈ গোটেই জীৱন কষ্ট পাবলগীয়া কথাটো খুবেই অসহনীয় | নাৰীয়ে সন্তান জন্মৰ পিছত প্রথম কৰ্তব্য "মমতা"ৰে যদি সন্তানক মেৰিয়াব নোৱাৰে তেন্তে সেই নাৰী মাতৃ হোৱাৰ যোগ্যই নহয় | সাম্প্রতিক সময়তো এই বিশৃংঙ্খলতা বোৰ চলিয়েই আছে, চলিয়েই থাকিব | কিন্তু ইয়াৰ ফলাফল যে সদায়েই ধংসাত্মক সেয়া বুজি নুঠালৈকে এইবোৰ কেতিয়াওঁ বন্ধ নহ'ব |
Comments
Post a Comment