ৰাধা-কৃষ্ণ

ৰাধা--কৃষ্ণৰ সফলতাৰ আঁৰৰ নাৰী
---------------------------------------------------

"ৰাধা"...নামতেই সোমাই আছে নিৰংকুশ সৰলতা | প্ৰতিজন ভাৰতীয়ৰ বাবে খুবেই ওচৰৰ চিনাকি এই ৰাধাজনী | নিজৰ প্ৰেমৰ মাহাত্ম্যৰে, ত্যাগৰ গৰিমাৰে শ্ৰীকৃষ্ণৰ জীৱন মহীয়ান কৰা এইজনী ৰাধাৰ নাম নোলোৱাকৈ যেন আধৰুৱা হৈ ৰয় প্ৰেম সম্পৰ্কীয় প্ৰতিটো আলোচনা | ভাৰতীয় জীৱন দৰ্শনত আমি যিজন প্ৰেমময়, সকলোৰে সখা, শিক্ষক, অভিভাৱক, নীতি নিৰ্দেশক, দাৰ্শনিক, শাসক কৃষ্ণক পালো সেইজন কৃষ্ণৰ লগত প্ৰতি মূহুৰ্ততে ৰাধাৰ নামো একেলগেই উচ্ছাৰিত হয় | সেই ৰাধাৰ প্ৰেম লোকচক্ষুত আছিল পৰকীয়া অথচ আজি হাজাৰ হাজাৰ বছৰ পিছতো কৃষ্ণৰ লগতেই একেলগে পূজিত হৈ আহিছে সতী ৰাধা | সেই ৰাধাৰ অবিনশ্বৰ প্ৰেমেই যেন প্ৰাণ দিছে সত্যৱাণৰ সাৱিত্রী, বশিষ্ট মুনিৰ পত্নী মহাসতী অৰুন্ধুতী বা শ্ৰীৰাম পত্নী সীতাৰ সতীত্বতো | ৰাম আৰু সীতাৰ মাজত প্ৰেমৰ গাঢ়তা কিমান আছিল সেয়া আমাৰ জনাৰ উপায় নাই বা আছিল যদিও ৰামৰ অত্যাধিক দ্বায়িত্ববোধ আৰু কৰ্তব্যপৰায়ণতাই তাক ঢাকি ৰাখিলে | কিন্তু কৃষ্ণ...ৰাধাই নিজৰ প্ৰেমৰ বলেৰেইতো তেওঁক মহান কৰি তুলিলে | ৰাধাৰ সেই ত্যাগ অবিহনে আমি পৰৱৰ্তী সময়ত পোৱা বিশ্ববন্দিত কৃষ্ণজনক পালোহেঁতেন নে ?
         ৰাধা সম্পৰ্কত বহু ঠাইত বহু ধৰণৰ তথ্য পোৱা যায় | কৰবাত যদি ৰাধাক কৃষ্ণতকৈ বয়সত বহুখিনি ডাঙৰ বুলি কোৱা হৈছে আন কৰবাত দুয়োকে আকৌ সমবয়সীয়া বুলি কোৱা হৈছে | ৰাধাৰ চৰিত্রৰ জড়িয়তে ভগৱৎ প্ৰেমৰ মহাত্ম্য দাঙি ধৰা হৈছে | ৰাধা-কৃষ্ণৰ মিলনৰ মাজৰে আঁকিব খোজা হৈছে জীৱাত্মা আৰু পৰমাত্মাৰ মিলনৰ ছবি | প্ৰতিটো জীৱাত্মাই পৰমাত্মাৰ অভিন্ন অংঙ্গ যদিও জীৱাত্মাই সেই কথা নুবুজি জীৱনকালত ভোগ-বিলাসত মত্ত হৈ কেৱল মাত্র পাপ আৰু দুখ সঞ্চয় কৰে | ৰাধাই পৰমাত্মা কৃষ্ণৰ লগত বিলীন হৈ প্ৰেমেৰেই ভক্তিৰসো নিগৰাই জীৱন সাৰ্থক কৰিছে | প্ৰাপ্তিৰ সুখ বা অপ্ৰাপ্তিৰ বেদনাই চুব নোৱাৰাকৈ এক চিৰন্তন সুস্থিৰতা ৰাধাই আয়ত্ত্ব কৰিছে, যিটো সহজতে পোৱা সম্ভৱ নহয় | ৰাধাৰ অস্তিত্ব সম্পৰ্কত ব্ৰহ্মবৈৱৰ্ত পূৰাণ আৰু দেৱীভাগৱতত উল্লেখ থকা মতে ৰাধাৰ উৎপত্তি ভগৱান বিষ্ণুৰ বাওঁফালৰ পৰা হয় আৰু নাৰীয়েই ত্রেতাত শ্ৰীৰামচন্দ্ৰৰ পত্নী সীতাৰ ৰূপ লয় আৰু দাপৰত বৃষভানুৰ কন্যাৰ ৰূপত ৰাধা হৈ ওপজে | আন কিছুমান গ্ৰন্থত আকৌ লক্ষ্মীদেৱীৰ অংশৰ পৰাহে ৰাধাৰ সৃষ্টি বুলি উল্লেখ আছে | তেনেদৰে কৃষ্ণ সম্পৰ্কীয় আন বহুতো গ্ৰন্থত আকৌ ৰাধাৰ কোনো উল্লেখেই নাই | গোপনাৰী সকলৰ লগত কৃষ্ণৰ সু-সম্পৰ্কৰ কথা উল্লেখ থাকিলেও ৰাধা নামৰ সেই বিশেষ নাৰীৰ অস্তিত্ব অস্বীকাৰ কৰা হৈছে | ৰাধাৰ অস্তিত্ব সম্পৰ্কীয় বিতৰ্ক নকৰাকৈও আমি কিন্তু কিছুক্ষেত্রত ৰাধাৰ অস্তিত্ব মানি লোৱাৰ ক্ষেত্রতেই মত দিবলৈ আগ্ৰহী হ'ম | যি নহওঁক এতিয়া আমি কৃষ্ণৰ জীৱন ধন্য কৰা ৰাধাৰ কৃষ্ণৰ সৈতে যোগসূত্র স্থাপনৰ কথালৈ আহিছো | কংসৰ কাৰাগাৰত বসুদেৱ আৰু দৈৱকীৰ পুত্র হিচাপে জন্ম লোৱাৰ পিছত কৃষ্ণক সুৰক্ষাজনিত কাৰণত ব্ৰজভূমি গোকুললৈ স্থনান্তৰিত কৰাৰ কাহিনী আমাৰ সকলোৰে জ্ঞাত | গোকুলৰ মুখিয়াল নন্দৰাজৰ ঘৰত কৃষ্ণ ডাঙৰ হব ধৰিলে | মথুৰাৰ সীমান্তৱৰ্তী বৃন্দাবনৰ দুখন গাওঁ নন্দগাওঁ আৰু বৰ্ষণা গাওঁ | নন্দগাওঁৰ মুখিয়াল নন্দৰাজৰ ঘৰত কৃষ্ণ লালিত-পালিত হোৱাৰ লগতে বৰ্ষণা গাওঁৰ মুখিয়াল বৃষভানুৰ ঘৰত ৰাধা ডাঙৰ হৈছিল | কৃষ্ণৰ সৈতে ৰাধাৰ প্ৰথম পৰিচয় সম্পৰ্কে ব্ৰহ্মবৈৱৰ্ত পূৰাণত উল্লেখ থকা অনুসৰি ৰাধা কৃষ্ণতকৈ বয়সত ডাঙৰ দেখুওৱা হৈছে | বিৱৰণী মতে এদিন নন্দৰজাই  বৃন্দাবনৰ সৰোবৰৰ পাৰত গৰু চৰাই আছে | লাহে লাহে সূৰ্য্যাস্তৰ সময় সমাগত হ'ল আৰু হঠাৎ ক'লা ভাৱৰে আকাশ ছানি ধৰিলে আৰু বিজুলি ধেৰেকনিৰে আৰম্ভ হ'ল প্রচণ্ড বৰষুণ | নন্দৰাজ বিমোৰত পৰিল, এই প্ৰচণ্ড বৰষুণত তেওঁ গো-ধনৰ লগতে শিশু কৃষ্ণক কোলাত লৈ কেনেকৈ যাব তাৰ পৰা ?? সেই সময়তেই তাত উপস্থিত হৈছে ৰাধা...বৰষুণ শিলাবৃষ্টিকো নেওচি আগবাঢ়ি আহিছে ৰাধা | তেতিয়া ৰাধা বিবাহিতা, স্বামী তেওঁৰ অভিমন্যু | এজন প্ৰেমহীন পুৰুষ...কেৱল পত্নীক ভাত-কাপোৰ যোগান ধৰাতোকেই দ্বায়িত্ব বুলি ভবা এজন নিৰস মানুহ অভিমন্যু | ৰাধায়ো কৰি গৈছিল কেৱল পত্নীৰহে কৰ্তব্য...স্বামীৰ প্ৰেমহীনতাই তাইক কৰি ৰাখিছিল সদায়েই আধৰুৱা | এই ৰাধা জনীয়েই সেই বৰষুণৰ মাজত কৃষ্ণক কোলাত তুলি লৈ ঘৰত থৈ অহাৰ দ্বায়িত্ব লৈ নন্দৰাজক গোধন চম্ভালিবলৈ ক'লে | ৰাধাই কৃষ্ণক কোলাত তুলি তাৰপৰা লৈ গ'ল ঠিকেই কিন্তু কৃষ্ণক নন্দৰাজৰ ঘৰলৈ নিনি লৈ গ'ল নিৰ্জন বনৰ মাজলৈ | ৰাধাৰ কৃষ্ণৰ প্ৰতি প্ৰেম জাগ্ৰত হৈ উঠিল সেইখিনিতেই | ৰাধাই কৃষ্ণক সজোৰে সাৱটি ধৰিলে...অধৰত আঁকি দিলে চুমা | ৰাধাৰ মৰমৰ উত্তাপত যেন কৃষ্ণ সেইদিনাই যৌৱনপ্ৰাপ্ত হৈছিল | দুয়ো দুয়োকে পূৰ্ণতা দিবলৈ সেইদিনাই যেন পণ লৈছিল | ৰাধাৰ প্ৰেমে যেন কৃষ্ণক দেখুৱালে জীৱনৰ নতুন পোহৰ...পৰস্পৰৰ মাজত বিলীন হৈ গ'ল দুটি সত্ত্বা | পুৰাণত কিছু অলৌকিকতা সানি কৃষ্ণক সেই মূহুৰ্তত যৌৱনপ্ৰাপ্ত যুৱক সজোৱা হৈছে যদিওঁ তাৰ বৈজ্ঞানিক বিশ্লেষণো সম্ভৱ | যিহেতু ভাৰতবৰ্ষত পূৰ্ব্বৰ পৰাই বাল্যবিবাহ প্ৰচলিত আছিল তেনেক্ষেত্রত ৰাধা যদিও সেই সময়ত বিবাহিত আছিল তথাপি ৰাধাৰ বয়স আমি ১০/১২ বছৰ বুলি ধৰি ল'লেও যুক্তিযুক্ততা নিশ্চয় থাকিব | তেনেদৰে নন্দৰাজৰ লগত গৰু চৰাব যোৱা কৃষ্ণৰ বয়সো ৮/১০ বছৰ হোৱাটো একো আছৰিত কথা নহয় | পৰৱৰ্তী সময়ত কৃষ্ণ উপাসক সকলে কৃষ্ণৰ ওপৰত ঈশ্বৰত্ব আৰোপ কৰাৰ স্বাৰ্থতো কিছুমান ঘটনাত অলৌকিকতা অনাটো সিদ্ধ হৈছে | ঘটনাৰ বিজ্ঞানসন্মত আৰু যুক্তিযুক্ত আলোচনাৰ স্বাৰ্থত আমি কৃষ্ণ শিশু অৱস্থাৰ পৰা ৰাধাৰ চুম্বনৰ প্ৰভাৱত যৌৱনপ্ৰাপ্ত যুৱক হোৱাটো এৰাই চলিবই লাগিব | ৰাধাক পূৰ্ণতা দিবৰ বাবেই যেন কৃষ্ণৰ সেই সময় সমৰ্পিত হৈছিল সম্পূৰ্ণ আকুলতাৰে | দুয়ো প্ৰেমৰ মায়াময় পৃথিৱীত অৱতৰণ কৰি খোজ দিছিল আলোকময় পথত সেইদিনাই | এটা সময়ত ৰাধাই কৃষ্ণক কোলাত তুলি লৈ গৈ যশোদাৰ ওচৰত থৈ আহিছিলগৈ | তাৰ পৰৱৰ্তী দিনটোৰ পৰাই কৃষ্ণৰ ৰাধাপ্ৰিতী আৰম্ভ হৈ গৈছিল...ৰাধাক লগ পাবৰ বাবে প্ৰতিদিনেই ব্যকুল হৈ পৰিছিল শিশু কৃষ্ণ | তেওঁলোক প্ৰতিবাৰেই মিলিত হৈছে সংগোপনে...কেতিয়াবা যমুনাৰ বালিচৰত..কেতিয়াবা বৃন্দাবনৰ ঘোৰ বননিৰ মাজত | ৰাধা-কৃষ্ণৰ এই মিলনত প্ৰতিবাৰেই আহিছিল ভিন ভিন বাধা...কেতিয়াবা যদি সেই বাধা আছিল যশোদা তেনেদৰে কেতিয়াবা আকৌ সন্মুখত আহিছিল ৰাধাৰ শাহু জটিলাৰ বাধা | সকলো বাধা নেওঁচি দুয়ো সৃষ্টি কৰি লৈছিল এখন নিজস্ব পৃথিৱী...য'ত কেৱল বাসিন্দা ৰাধা আৰু কৃষ্ণ...কৃষ্ণ আৰু ৰাধা | দিনকদিনে ৰাধা হৈ পৰিছিল কৃষ্ণৰ অবিচ্ছেদ্য অংঙ্গ | প্ৰতি মূহুৰ্ততে এটাই আনটোক মনে-প্ৰাণে বিচাৰিবলৈ আৰম্ভ কৰিলে | ৰাধাৰ প্ৰেম আছিল সম্পূৰ্ণৰূপে কৃষ্ণসৰ্ব্বস্ব | প্ৰেমৰ তাগিদাত প্ৰিয়তমৰ মৰমৰ অত্যাচাৰো প্ৰতিদিনে সহ্য কৰি গৈছল ৰাধাই | যেতিয়া শাহু আৰু স্বামীৰ চকুত ঢুলি দি একমাত্র কৃষ্ণৰ আহ্বানত ৰাধা ঘৰৰ পৰা বাহিৰলৈ আহিছিল একমাত্র কৃষ্ণকেই লগ পোৱাৰ হেঁপাহত..তেতিয়া সেই কৃষ্ণজন নাহে...তেওঁ আন কোনো গোপিনীৰ লগত প্ৰেমালাপত ব্যস্ত থাকোতে ৰাধাৰ কথা পাহৰি যায় | ৰাধাই জানে কৃষ্ণ অকল ৰাধাৰ নহয়...কিন্তু ৰাধা যে কেৱল কৃষ্ণৰ | শৰৎকালৰ সেই পূৰ্ণিমা ৰাতি যেতিয়া যমুনাৰ পাৰত সেই প্ৰেমৰ উৎসৱত কৃষ্ণই সকলো গোপনাৰীৰ জীৱন ধন্য কৰিছে তাত ৰাধাও আছে, কিন্তু ৰাধাৰ কোনো ঈৰ্ষা নাই | কৃষ্ণৰ বিশালতাত ৰাধাই নিজকে মিলাই দি নিজকে মহান কৰাৰ যাত্রাত যেন অগ্ৰসৰ হৈছে তেতিয়াই | কৃষ্ণয়ো জানে যে ৰাধাৰ প্ৰেমেই কৃষ্ণকো মহীয়ান কৰিছে | জীৱনত যিমানবোৰ নাৰীৰ সংস্পৰ্শত তেওঁ আহিছে তাত কেৱল কৰ্তব্য জড়িত হৈ আছিল, কিন্তু ৰাধা...মাত্র প্ৰেমৰ বাবে, ভালপোৱাৰ বাবেই ৰাধাৰ জীৱনত আকোঁৱালি লৈছিল কৃষ্ণই | আমাৰ বাবে কেৱল চিৰযৌৱনৰ প্ৰতীক, উচ্ছাসৰ প্ৰতীক কৃষ্ণক তিল তিলৰৈ গঢ়ি তুলিছে বৃন্দাবনত ৰাধায়েই | এদিন কৰ্তব্যৰ খাতিৰতেই ৰাধাৰ জীৱনৰ পৰা আঁতৰি গৈছিল কৃষ্ণ | ৰাধাৰ কোনো আপত্তি নাছিল...প্ৰেমাস্পদক মুক্তমনে কৰ্তব্যৰ ফালে ধাৱমান হবলৈ দুগুন উৎসাহহে দিছিল ৰাধাই | সকলোৱে ৰাধাক সোধে..."কেনেকৈ ভাল পাব পাৰা এনে এজন মানুহক, যিয়ে তোমাৰ প্ৰতি নহয় দ্বায়িত্বশীল...যাৰ সম্পৰ্ক একাধিক নাৰীৰ লগত, যি এৰি যাব ওলাইছে তোমাক চিৰকালৰ বাবে ?" উত্তৰত ৰাধাই এই প্ৰশ্নক বাধা দি কয়.."তেওঁ মুক্ত মানুহ, তেওঁক মুক্তভাৱে বিচৰণ কৰিব দিয়া | তেওঁৰ কৰ্তব্য অজস্ৰ, মোৰ সৈতে ব্যস্ত থাকিলে তেওঁ কৰবাত হেৰাই থাকিব...তেওঁক কৰ্তব্য কৰিব দিয়া | তেওঁ যদি মোক সদায় অৱহেলাও কৰে, ৰুক্ষ ব্যৱহাৰো কৰে তথাপি হাজাৰ বছৰলৈ কেৱল তেওঁকেই ভাল পাই থাকিম, তেওঁৰেই দাসী হৈ থাকিম |" কিমান নিঃস্বাৰ্থ হব এইগৰাকী নাৰী...কেৱল প্ৰেমাস্পদক মহান কৰাৰ স্বাৰ্থতেই, পোহৰমুখী যাত্রা দিয়াৰ বাবেই পৃথিৱীৰ সমস্ত আন্ধাৰ নিজৰ চকুত সানি লব পৰাৰ শক্তি কেৱল ৰাধাৰ বাবেবে সম্ভৱ | এদিন যেতিয়া ৰাধাৰ এৰি, সকলো গোপ নাৰীক এৰি, সেই বৃন্দাবন এৰি, নন্দ-যশোদা সকলোকে এৰি মথুৰালৈ গুছি গৈছিল তেতিয়া কিন্তু ৰাধাৰ চকুত চকুলো নাছিল, চকুত আছিল আশাৰ তিৰবিৰনি | পুনৰ এদিন কৃষ্ণ আহিব, পুনৰ ৰাধাক আলফুলে সাৱটি লবহি, যমুনাৰ বালিত পুনৰ দুয়ো কেলি কৰিব পূৰ্ণিমাৰ ৰাতি....এই আশাৰেই কৃষ্ণপ্ৰেমত বন্দী হৈ ৰৈছিল ৰাধা | এইক্ষেত্রত কৃষ্ণকো আলোচনাৰ গণ্ডীলৈ আনিব লাগিব | সমগ্ৰ জীৱন কৰ্তব্যৰ বাবেই নিজকে সমৰ্পণ কৰা কৃষ্ণই মাত্র ৰাধাৰ ক্ষেত্রতহে যেন কৰ্তব্যহীন হৈ আঁতৰি গ'ল | অৱশ্যে এইক্ষেত্রত ৰাধা মহান হৈ ৰোৱাৰ ক্ষেত্রত কৃষ্ণও এক উপাদান বুলিয়েই ভাবিব পাৰোঁ | কৃষ্ণই যদি ৰাধাক সমাজৰ উৰ্দ্ধত গৈ নিজৰ কৰি লোৱাৰ চেষ্টা কৰিলেহেঁতেন তেন্তে সেয়া এক বিশৃংঙ্খলতাৰ আৰম্ভণি স্বৰূপ হ'লহেঁতেন | আৰু ৰাধা....যদি ৰাধাই সেই সময়ত প্ৰেমৰ নাগপাশেৰে মেৰাই কৃষ্ণক বন্দী কৰি ৰখাৰ চেষ্টা কৰিলেহেঁতেন, যদি কৃষ্ণৰ জীৱনসংঙ্গী হোৱাৰ বাঞ্চা কৰিলেহেঁতেন আমি পোৱা কৃষ্ণজন চাগে তেতিয়াই ভিৰৰ মাজত হেৰাই থাকিলহেঁতেন | কৃষ্ণৰ বিৰল বুদ্ধিমত্তা, দূৰদৰ্শিতা, বল-বিক্ৰম...সকলোবোৰৰ বিষয়ে জ্ঞাত হৈয়েই ৰাধাই তেওঁক মুক্ত কৰি দিছিল | জনগণৰ হিতৰ বাবে কৰিবলগা প্ৰতিটো কৰ্তব্য মুক্তমনে কৰিব পৰাকৈ কৃষ্ণক প্ৰেৰণাৰে ৰাধায়েইতো আগুৱাই দিছিল | প্ৰেম মানেই যে প্ৰাপ্তি নহয়, প্ৰেম মানেই যে বন্ধন নহয়, প্ৰেম মানেই যে দ্বায়িত্ব-কৰ্তব্যৰ ভৰত পৰিশ্ৰান্ত হোৱা এটা জীৱন নহয়...সেয়া আমাক ৰাধায়েইতো শিকাই গ'ল | মথুৰালৈ যোৱাৰ পিছত নন্দ-যশোদাৰ লগতে আন গোপ-গোপিনী সকলৰ খবৰ লবলৈ কৃষ্ণই মাজে সময়ে অক্ৰুৰক পঠিয়াইছিল....আন গোপিনী সকলৰ লগতে ৰাধায়ো অক্ৰুৰক বেঢ়ি ধৰি কৃষ্ণৰ বাতৰি সুধিছিল স্বাভাৱিকভাৱেই | কৃষ্ণৰ পৰা আঁতৰত থাকিও কোনো বিৰহ বেদনাত ক্লিষ্ট হোৱা নাছিল ৰাধা | কাৰণ নিজ স্বামীৰ প্ৰতি সমস্ত কৰ্তব্য নিয়মিত কৰাৰ পিছতো কিন্তু ৰাধাৰ মন-মন্দিৰত মাত্র কৃষ্ণৰ পূজাহে কৰা হৈছিল সদায় | নিজৰ পৰম পুৰুষক হৃদয়ত ৰাখি কোনোদিনেই অকলশৰীয়া অনুভৱ কৰা নাছিল ৰাধাই | প্ৰেমে মানুহক সাহস দিয়ে, প্ৰেৰণা দিয়ে, পৰ্ব্বতৰ সুউচ্ছ শিখৰ বগাব পৰাকৈ যোগ্য কৰি তোলে | সেই সকলোবোৰ ৰাধাৰ প্ৰেমৰ পৰা পাইছিল কৃষ্ণই | যোগ্য হৈ উঠিছিল এদিন সমগ্ৰ পৃথিৱী শাসন কৰিব পৰাকৈ, এক বিশাল ব্যক্তিত্বৰে গঢ়িছিল নিজকে য'ত ৰাধাৰ সেই প্ৰেমে অন্যতম মূখ্য ভূমিকা লৈছিল | আজিৰ সমাজৰ কিছুমান ছবিয়ে বহুসময়ত ৰাধাৰ অভাৱ অনুভৱ কৰায় | প্ৰেমাস্পদক কেৱল নিজৰ স্বাৰ্থৰ বাবে, নিজৰ সুখৰ বাবে ভাল পোৱাৰ যি অনুশীলন চলিছে সেয়া দুইপক্ষৰ বাবেই ক্ষতিকাৰক নহয় নে ? ইয়াত ৰাধাৰ চৰিত্রৰ মাজেৰে কথাবোৰ আলোচনা কৰিলেও কথাখিনি অলপ বেলেগকৈ চিন্তা কৰি কৃষ্ণৰ ফালৰ পৰাও ৰাধাসদৃশ ভূমিকা আশা কৰাটো একো আচহুৱা কথা নিশ্চয় নহব | আজিৰ সমাজত প্ৰেমৰ নামত  যিবোৰ চলি আছে তাৰ পৰা নতুনকৈ কৃষ্ণ সৃষ্টি হোৱাৰ ঘটনা খুবেই বিৰল বৰঞ্চ কিমানৰ জীৱন ধ্বংস হৈছে সেয়াহে এক চিন্তনীয় বিষয় হৈ পৰিছে | ভোগসৰ্ব্বস্ব পৃথিৱীত ত্যাগৰ একো মূল্য নাইকিয়া হৈ পৰাৰ বাবেই মানুহ অধিক স্বাৰ্থলোভী আৰু ঈৰ্ষাপৰায়ণ হৈ পৰিছে যাৰ বাবে ধ্বংসাত্মক কাৰ্য্য-কলাপ অধিক বৃদ্ধি পাইছে | প্ৰাপ্তিতেই প্ৰেমৰ পূৰ্ণতা বিচাৰ কৰাসকলে কোনোদিনেই প্ৰেমৰ পৰা একো পাব নোৱাৰে লগতে কাকো নিজৰ প্ৰেমেৰে ৰঞ্জিত কৰিবলৈ সমৰ্থ নহয় | জীৱনত শেষবাৰৰ বাবে ৰাধাই কৃষ্ণক লগ পাইছিল মহাভাৰতৰ যুদ্ধৰ অন্তত কুৰুক্ষেত্রত | সেই বিখ্যাত মহাভাৰতীয় যুঁজখনৰ শেষত কৃষ্ণ প্ৰতিজন ভাৰতীয়ৰ বাবে ইতিমধ্যে ঈশ্বৰত পৰিণত হৈছিল | কৃষ্ণৰ বুদ্ধিদীপ্ততা, ৰাজনৈতিক বিচক্ষনতা, চমৎকাৰী কূটনৈতিক কৌশলেৰেই পাণ্ডৱে যে সেই ৰণত জয়ী হৈছিল সেয়া সকলোৱে উপলব্ধি কৰিছিল | ৰাধাও গৈছিল আন বহুজনৰ লগত কৃষ্ণক সাক্ষাৎ কৰিবলৈ | হৃদয়ত কি এক আলোড়ন উঠিছিল চাগে ৰাধাৰ, প্ৰাণপুৰুষ জন যে আজি বিশ্ববন্দিত...তাতকৈ আৰু কি লাগে ৰাধাক | সেইদিনাই চাগে ৰাধাৰ জীৱনৰ সকলো আশা পূৰ্ণ হৈছিল | ৰাধাই বিচাৰিছিল তাইৰ প্ৰেমাস্পদ সকলোৰে শীৰ্ষত অধিষ্ঠিত হওঁক, তাৰ বাবে ৰাধাই যি ত্যাগ কৰিব লাগে যিমান কষ্ট সহিব লাগে সকলো সহিব | কৃষ্ণৰ মুখামুখি হৈ ৰাধাই স্বাভাৱিক ভাৱেই বাৰ্তালাপ কৰিছিল, নাছিল কোনো অস্বাভাৱিক প্ৰতিক্ৰিয়া | খুব কম সময়ৰ সেই সাক্ষাৎত কৃষ্ণয়ো চাগে উভতি চাব বিচৰা নাছিল পিছলৈ | তাৰ পিছত ৰাধা ঘুৰি গৈছিল এবুকু প্ৰশান্তি লৈ | পৰৱৰ্তী সময়ত পুনৰ ৰাধাৰ বিষয়ে কতো পোৱা নাযায় | কৃষ্ণৰ নিছিনা প্ৰভাৱশালী ব্যক্তিত্বৰ আঁৰত থকা সেই নাৰী এদিন হেৰাই গৈছিল নীৰৱে | সমাজক প্ৰতিনিধিত্ব কৰিবৰ বাবে প্ৰতিজন কৃষ্ণ সৃষ্টিৰ আঁৰতেই কোনোবা ৰাধাৰ ত্যাগ জড়িত হৈ থাকে, কোনোবাজনী ৰাধা দৃশ্যপঁটলৈ আহে আন কোনোবা লুকাই ৰৈ যায় অৱহেলিত ভাবেই | যুগ যুগ ধৰি ৰাধা পূজিত হৈ আহিছে সেই ত্যাগৰ বাবে কৃষ্ণৰ সৈতে একেটা শাৰীতেই | আমি প্ৰতিজনেই ৰাধাক পূজা দিছো কিন্তু ৰাধা হোৱাৰ সাহস আৰু সততা কাৰোৱেই নাই, তেনেদৰে কৃষ্ণৰ নাম জঁপ কৰা সকলৰো কৃষ্ণ হব পৰাকৈ সাহস কোনোজনৰেই নাই | ইতিহাসৰ পৰা জ্ঞান লৈ সেয়া ৱাস্তৱায়িত কৰিব নোৱাৰালৈকে প্ৰতিটো অধ্যয়নেই মূল্যহীন হৈ ৰয় | ৰাধা-কৃষ্ণৰ সেই অমৰ প্ৰেমগাঁথাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা কাহিনীৰ পৰাও আমাৰ শিকিবলগা খিনি শিকিব নোৱাৰালৈকে প্ৰেমৰ নামত বিশৃংঙ্খলতা, ব্যভিচাৰ আৰু ধ্বংসাত্মক কাৰ্য্য চলিয়েই থাকিব |

(মিৰ্জা আঞ্চলিক ৰাসক্ৰীড়া-২০১৯ৰ মুখপত্রত প্ৰকাশিত)

Comments