বৰ্ষাপাৰাৰ সেই খেলখন
বৰ্ষাপাৰাৰ পৰা--
কিছু স্মৃতি, কিছু অনুভৱ...
ভাৰত-শ্ৰীলংকাৰ মাজত গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হব টি-২০ মেছ...শুনাৰ দিন ধৰি মনত যে কি এক উন্মাদনা | এইবাৰ দৃঢ় হলো...খেল চামেই | টিকট মুকলি কৰা দিনটোলৈ অধীৰ অপেক্ষা | মাজতে খেলখন হব নে নহব তাক লৈয়ো অনিশ্চয়তাই দেখা দিলে, অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত চলি থকা আন্দোলনৰ পৰিপেক্ষিতত | পিছে সকলো জল্পনা-কল্পনাৰ অন্তত ঘোষিত হ'ল যে ৫ জানুৱাৰীত হব লগা খেলৰ টিকট ২৫ ডিচেম্বৰৰ ৰাতিপুৱা ৮ বজাত অনলাইন যোগে মুকলি হব | আহিল সেই দিনটো....ৰাতিপুৱা ৮.৩০ বজাত টিকট চালো...১৫০০ টকীয়া টিকট শেষ | উৎকণ্ঠা বাঢ়ি গ'ল...৯.৩০ বজালৈ ২২০০ টকীয়া টিকটো বহুখিনি বিক্ৰী হ'লগৈ | শেষত বন্ধু হেমেনৰ সহায়ত ১১ বজাত টিকট হ'লগৈ | ৫ জানুৱাৰীলৈ গভীৰ আগ্ৰহেৰে কৰা অপেক্ষাৰ মাজতে দুদিনমান বতৰে মনক শংকিত কৰিলে | বৰষুণ আৰু ক্ৰমাগত ডাৱৰীয়া বতৰে আমাক সকলোকে চিন্তিত ৰাখিলে | ৩ জানুৱাৰীত শ্ৰীলংকা দল পালেহি, সন্ধিয়ালৈ ভাৰতো পালেহি...বেয়া বতৰৰ বাবে অনুশীলন কৰিব নোৱাৰিলে তেওঁলোকে বিচৰা ধৰণে | ৪ জানুৱাৰীত বতৰ ভাল হ'ল...সকলোৰে মনবোৰ আকৌ আনন্দিত হৈ পৰিল | বহু প্ৰত্যাশিত ৫ জানুৱাৰীটো আহিল অৱশেষত...ৰাতিপুৱা আকৌ বতৰে ওফোন্দ পাতিলে | মহানগৰীৰ কোনো কোনো ঠাইত নামি আহিল ঘন বৰষুণ | দুপৰীয়ালৈ বৰষুণ কমিল, ৰ'দো ওলাল....বন্ধু সহিতে ৩ বজাত ঘৰৰ পৰা ওলালো ষ্টেডিয়ামলৈ বুলি | ৪ বজাত খুলিব প্ৰৱেশদ্বাৰ | তাত গৈ যি দেখিলো সেয়া আছিল অভূতপূৰ্ব্ব | সম্পূৰ্ণ ক্ৰিকেটীয় উন্মাদনাৰে জনতা ওলাই আহিছিল ৰাজপথলৈ মেছখন উপভোগৰ বাবে | ক্ৰিকেট জ্বৰত আক্ৰান্ত হৈ আমি গালে-মুখে আঁকি লৈছিলো ত্রিৰংঙ্গ | শেষত শাৰী পাতি ৪.১৫ মিনিটত ষ্টেডিয়ামত প্ৰৱেশ কৰিলোঁ | নিজৰ প্ৰিয় তাৰকাৰ খেল চকুৰ সন্মুখতে চোৱাৰ সেই সময় যেন ওচৰ চাপি আহিছে | গেলেৰীত গৈ প্ৰৱেশ কৰিলোঁ, নিজৰ নিৰ্দ্ধাৰিত আসনত গৈ উপস্থিত হলোঁ | সুন্দৰ ঠাই..মানে এটা এণ্ডৰ sight screen ৰ ঠিক ওপৰতেই আমাৰ আসন...য'ৰ পৰা খেল চাব পৰা যাব খুবেই সুন্দৰকৈ | এতিয়া কেৱল অপেক্ষা প্ৰিয় খেলুৱৈৰ দৰ্শন লাভলৈ | পাঁছ বজাত শ্ৰীলংকাৰ খেলুৱৈসকল ওলাল খেলপথাৰলৈ | প্ৰথমে উইকেট কীপাৰ নিৰোছন ডিকৱেলা আৰু কাছুন ৰজিথাই ক্ৰমে উইকেট কিপিং আৰু বলিঙৰ অনুশীলন আৰম্ভ কৰিলে | তাৰ মাজতে ধাৰাভাষ্যকাৰৰ দ্বায়িত্বত থকা ৰাছেল অৰ্ণল্ডক দেখিলো... এটা সময়ত অৰ্ণল্ড আছিল লংকা দলৰ নিয়মীয়া খেলুৱৈ | আমি আছিলো মালিংগাৰ অপেক্ষাত...কেতিয়া ওলাব সেই দুদ্ধৰ্ষ য়ৰ্কাৰমেন | শেষত আহিল তেওঁ...ষ্টেডিয়ামত হৰ্ষোধ্বনি | বলিং অনুশীলন কৰিলে তেৱো | এতিয়া ভাৰতীয় ক্ৰিকেটাৰ সকলক চাবলৈ সকলো উদগ্ৰীৱ হৈ পৰিল | এটা সময়ত শ্ৰেয়াছ আয়াৰ আৰু শিৱম ডুবে আহিল প্ৰথমতে খেলপথাৰলৈ...তাৰপিছত সঞ্জু চেমছন | এজন এজনকৈ আহিল ৰাহুল, ধাৱান, চহল, কুলদীপ, ছাৰ্দুল, নৱদীপ, পন্ট, মনিষ, জাড্ডু, ৱাশ্বিংটন....সকলোবোৰ....কিন্তু তথাপি যেন কিবা এটা পোৱা নাছিলো....কি ??? চকুৱে বিছাৰি ফুৰিছিল...দুজনক..বিৰাট আৰু বুমৰাহ | বহু দেৰিকৈ ওলাল দুয়োজন...বিৰাটৰ প্ৰৱেশৰ লগে লগে ষ্টেডিয়ামত কেৱল বিৰাট...বিৰাট ধ্বনি শুনা গ'ল | সঁচাকৈয়ে যে তেওঁ বৰ্তমান সময়ত অপ্ৰতিৰোধ্য, অপ্ৰতিদ্বন্দী | আৰু বুমৰা...কি সথিক বলিং...বেলেগতকৈ নিশ্চিতভাৱে অলপ হ'লেও বেলেগ | কিছুমান সুখ বৰ্ণনা কৰা নিস্প্ৰয়োজন | এই সুখবোৰ পাবলৈ হাজাৰজন ঢাপলি মেলে হাজাৰ মাইল দুৰৰ পৰা | ভাৰত-শ্ৰীলংকা উভয় দলে ৬.৩০ বজা পৰ্য্যন্ত পৰ্যাপ্ত অনুশীলন কৰিলে | তাৰ পিছত টছ হ'ল | সকলোৱে আশা কৰিছিলো ভাৰত টছত জয়ী হৈ বেটিং লওক, কাৰন বৰ্ষাপাৰাৰ উইকেট আছিল সম্পূৰ্ণ বেটিং সহায়ক...ভাৰত টছত জয়ী হ'ল ঠিকেই...কিন্তু বিৰাটে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত ল'লে | তাত নিশ্চয় দলীয় ৰণকৌশল সংযোজিত আছে | ৭ বজাৰ পৰা খেলখন আৰম্ভ হোৱালৈ অপেক্ষাত থাকোতেই হঠাৎ নামি আহিল আহুকলীয়া বৰষুণজাক | সেই বৰষুণৰ বাবে কোনোৱেই প্ৰস্তুত নাছিল, কাৰণ আবেলিলৈকে আকাশ আছিল সম্পূৰ্ণ ফৰকাল | অভাৱনীয়ভাৱে নামি অহা এই বৰষুণজাকে সকলোৰে মন আন্ধাৰ কৰি তুলিলে | লগে লগে পিটছ ঢকা হ'ল ক'ভাৰেৰে | মনটো বিষাদেৰে আৱৰি ধৰাৰ মূহুৰ্ততে এটা সময়ত বৰষুণ কমিল | চুপাৰ চ'ফাৰেৰে আউটফিল্ডৰ পানী বাহিৰ কৰা হ'ল....লাহে লাহে পিটছৰ পৰা ক'ভাৰ আঁতৰোৱাৰ প্ৰস্তুতি চলিল | পুনৰ জাগি উঠিল ষ্টেডিয়াম | সকলোৰে আশা খেল হব...বৰষুণ কমিল যেতিয়া কেইটামান অ'ভাৰ কমাই হ'লেও মেছখন হওক | গ্ৰাউণ্ডষ্টাফে পিটছৰ মেৰামতিত লাগিল | আম্পায়াৰ আহিল পিটছলৈ পৰ্য্যৱেক্ষনৰ বাবে | তাতেই আৰম্ভ হ'ল কেণা | কোনোবাপিনেদি হেনো পিটছত পানী সোমাল, গুডলেংথ এৰিয়াৰ কেইবাডোখৰো ঠাই সেমেকি উঠাত আম্পায়াৰে আৰু কিছু সময় ল'লে পিটছ শুকুওৱাৰ বাবে | এইফালে আউটফিল্ড সাজু হৈ উঠিছিল...আম্পায়াৰ-খেলুৱৈ উভয়েই সন্তুষ্ট আছিল আউটফিল্ডক লৈ | প্ৰায় ৪০,০০০ দৰ্শকে মনেৰে কল্পনাও কৰিব নোৱাৰা খবৰ এটা আহিল...পিটছত হেনো পানী সোমাল | কিন্তু ক'ভাৰ থকা স্বত্ত্বেও পানী সোমাল কেনেকৈ ??? ইমান কৌটি টকা খৰচ কৰি তৈয়াৰ কৰা এই ষ্টেডিয়াম খনত পিটছ ঢাকিবলৈ উপযুক্ত ক'ভাৰ নাই নে ?? যিখন ক'ভাৰ দিয়া হৈছিল সেইখন আছিল এখন ট্ৰীপাল | আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এখন খেলত পিটছ ঢাকিবলৈ এখন ট্ৰীপাল, ট্ৰীপালৰ তলত আকৌ পিটছত চটী কাপোৰ | হে ভগৱান...দৃষ্টিকটু হোৱাৰো এটা সীমা থকা উচিত | জীৱনত মই এতিয়ালৈ যোৱা বিশটা বছৰত কিমানখন খেল চালো (টেলিভিচনতহে দেই) গণনা কৰি হিচাপ কৰিব নোৱাৰিম | বহু খেলত বৰষুণ দেখিলো, বহু উন্নতমানৰ ক'ভাৰো দেখিলো | কিছুমান ফিল্ডত এনেকুৱা ক'ভাৰ দেখিলো এয়া ক'ভাৰ নহয় যেন একোটা সৰু ঘৰহে | বহুতেই আজিৰ খেলখনত এই ঘটনাটোত কেনেকৈ পানী সোমাল তাক লৈ বহু মুখৰোচক কথা ক'লেও আছৰিত হবলগা একো নাই, কাৰন অসম ক্ৰিকেট এচ'ছিয়েচন (ACA) বোলা সংস্থাটোৱে সেইদিনা নিজৰ "বাহিৰে ৰং-চং ভিতৰে কোঁৱাভাতুৰী" ৰূপটো নিজেই উদঙাই দেখুৱালে | ভাৰতীয় ক্ৰিকেট নিয়ন্ত্রন বোৰ্ড (BCCI) ৰ পৰা বছৰি পোৱা সাহায্য আমাৰ সংস্থাটোৱে ক্ৰিকেটৰ উন্নতিৰ বিপৰীতে ব্যক্তিগত উন্নতিত যে খৰচ কৰিছে সেয়া এশ শতাংশই নিশ্চিত | বহুসময়ত বহুতো ক্ৰিকেট প্ৰসাশকৰ দূৰ্নীতিৰ খবৰ ওলায়েই থাকে | এতিয়া সেই ফটা ট্ৰীপালেৰে পানী সোমাল ঠিকেই...কিন্তু শুকুৱাব লাগিব ন...আম্পায়াৰে পিটছ পৰ্য্যৱেক্ষন কৰি পিটছ মেৰামতিৰ বাবে নিৰ্দ্ধাৰিত সময় দিলে | উদ্যক্তাসকল এইবাৰ উঠিপৰি লাগিল পিটছ শকুওৱাৰ কামত | কিন্তু সকলোৰে চকু কপালত উঠিল তেতিয়া..যেতিয়া সেমেকা পিটছ সুকুৱাবলৈ তেওঁলোকে অনা সঁজুলি দৃষ্টিগোচৰ হ'ল | হয়, প্ৰথমে আহিল Hair Dryer ; সেমেকা চুলি শুকুৱাবৰ বাবে ব্যৱহাৰ কৰা যতনবিধো যে ক্ৰিকেটত পিটছত ব্যৱহৃত হব সেয়া আমাৰ সকলোৰে কল্পনাৰ অগোচৰ আছিল | পিছে পিছটখনতো আৰু চুলি নহয়...সেয়ে কাম নিদিলে, এইবাৰ আহিল Steam Iron (ইস্ত্রি) ; কাপোৰৰ ভাঁজ চিধা কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধে আজি এখন আন্তঃৰাষ্ট্ৰীয় খেলৰ ভাগ্য কৰিবলৈ ওলাইছে | এইবাৰো সফল নহ'ল উদ্যোক্তা | এইবাৰ ভাগ্য মুকলি হ'ল Vacuum cleaner (ভেকুৱাম ক্লীনাৰ)ৰ | নিয়ন্ত্রন কক্ষৰ পৰা দীঘল তাৰেৰে পিটছলৈ ভেকুৱাম ক্লীনাৰ সংয়োগ কৰা হ'ল | ক'মেও ২০-২৫ জন গ্ৰাউণ্ড ষ্টাফে অহৰহ কৰা চেষ্টাই কোনো কাম দিয়া নাছিল | তাৰ মাজতে বিৰাট কোহলি আৰু শিখৰ ধাৱানে পিটছ পৰ্য্যৱেক্ষন কৰি গ'ল এবাৰ, মুখত অসন্তুষ্টিৰ চাপ | এইফালে দৰ্শকৰ ধৈৰ্য্য হ্ৰাস হৈ আহিছিল | ৯.৩০ বজাত শেষৰটো পৰ্য্যৱেক্ষনৰ অন্তত যেতিয়া আম্পায়াৰে পেভেলিয়নলৈ খোজ লৈছিল তেতিয়াই একপ্ৰকাৰ সকলো নিশ্চিত হৈছিল খেল নোহোৱাক লৈ, বাকী আছিল মাত্র আনুষ্ঠানিক ঘোষণাৰ | গ্ৰাউণ্ড ষ্টাফেও কাম এৰি দিছিল হতাশাৰে | শেষত ৯.৫৫ বজাত ষ্টেডিয়ামত থকা স্ক্ৰীণত জিলিকি উঠিছিল ঘোষণাটো.."The match has been called off" | কবলৈ বা কৰিবলৈ আৰু একো নাছিল...আছিল মাত্র এবুকু বিষাদ | নিজৰ চিটতেই বহি আছিলো ১৫-২০ মিনিটমান | ষ্টেডিয়াম খালী হও হও হৈছেগৈ...নিজেও উঠিলো এইবাৰ | খেলখন নোহোৱাৰ বাবে যিমান দুখ পালো তাতোকৈ বেছি দুখ পালো আমাৰ এচ'ছিয়েচনৰ অকৰ্মণ্যতা দেখি | প্ৰথম কথা পিটছ ঢাকিবলৈ ব্যৱহাৰ কৰা ক'ভাৰ আছিল তেনেই সস্তীয়া | এখন সাধাৰণ ত্রীপালেৰে এখন আন্তঃৰাষ্ট্ৰীয় খেলৰ পিটছ ঢকা লগতে চটী কাপোৰ...হে ভগৱান...লাজ আমিহে পালো বিশ্ববাসীৰ সন্মুখত এজন দৰ্শক হিচাপে, কৰ্মকৰ্তা সকলে লাজ পোৱাহেঁতেন নিজৰ দোষ গা পাতি ল'লেহেঁতেন | বিশ্ব ক্ৰিকটৰ আটাইতকৈ ধনী বোৰ্ডখনে (BCCI) নিশ্চয় অসম ক্ৰিকেট সন্থাক টকা দিয়াৰ ক্ষেত্রত কৃপনালি কৰা নাই | কিন্তু সকলো ক্ষেত্রত নিজৰ পেত ভৰোৱাৰ চিন্তা যেতিয়া জড়িত হৈ থাকে তেতিয়া কামবোৰত বেমেজালি দেখা দিয়াটো নিশ্চিত | খেলখন অনুষ্ঠিত কৰাৰ আগত প্ৰস্তুতিৰ বাবে পৰ্য্যাপ্ত সময় পোৱাৰ পিছতো যাৱতীয় সামগ্ৰীবোৰ মজুত ৰাখিব নোৱাৰাটোৱে দ্বায়িত্বজ্ঞান হীনতাকেইতো সূচায় | অৰ্থৰ অভাৱত যে এয়া হোৱা নাই সেয়া সকলোৱেই জানে | এইক্ষেত্রত চৰকাৰৰ ভূমিকাও মন কৰিবলগীয়া | খেলখনৰ প্ৰস্তুতি সম্পৰ্কত তেওঁলোকে প্ৰতিটো মূহুৰ্ততে ধ্যান ৰখাটো প্ৰয়োজন আছিল | সকলোবোৰ সথিকভাৱে হোৱাৰ জোখেৰে সকলোবোৰ প্ৰস্তুত হৈ উঠিছে নে নাই সেয়া খবৰ ৰখাৰ বাবে উচ্ছস্তৰীয় বিষয়া নিয়োগ কৰাৰ প্ৰয়োজন আছিল | তাৰোপৰি পিটছ শুকুৱাবলৈ যি পদ্ধতি তেওঁলোকে অৱলম্বন কৰিলে তাতকৈ বহু হাজাৰগুণ উন্নত ফলপ্ৰসু পদ্ধতি আছে, যিবোৰ কৰিবলৈ তেওঁলোক সক্ষম নহ'ল | পিটছ শুকুৱাবৰ বাবে বহু সময়ত হেলিকপ্টাৰৰ পাংখাৰ বতাহৰো সহায় লোৱা হয়, আনকি এইখন গুৱাহাটীতেই ২০০৬ চনত নেহৰু ষ্টেডিয়ামত ভাৰত-ইংলেণ্ডৰ মাজত হবলগা এখন খেলত বৰষুণ দিয়াৰ পিছত পিটছ শুকুওৱাৰ ক্ষেত্রত হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছিল | পিছত অৱশ্যে বৰষুণৰ মাত্রাধিক্যতাৰ বাবে মেছখন খেলাটো সম্ভৱ নহ'ল | ইয়াতো এটা কথা আছে...যদিহে ভেকুৱাম ক্লীনাৰ, ষ্টীম আইৰণ বা হেয়াৰ ড্ৰায়াৰেৰে তেওঁলোকে পিটছ শুকুৱাই খেল পাতিব পাৰিলেহেঁতেন তেতিয়া তেওঁলোক নায়ক হৈ পৰিলহেঁতেন | ফলাফল যেতিয়া যোগাত্মক হয় তেতিয়া সমালোচনাৰ থল নাথাকে | কিন্তু ফলাফল পাবৰ বাবে যদি চেষ্টাৰ ক্ৰুটি ৰৈ তেতিয়া সমালোচনাই নহয় ককৰ্থনা শুনিবলৈও সাজু থাকিব লাগিব | অসমত বহু সময়ৰ ব্যৱধানৰ মুৰে মুৰে আন্তঃৰাষ্ট্ৰীয় খেল আহে...যিকেইখন আহে সেইকেইখন সুকলমে অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰকাৰৰ ব্যৱস্থা লোৱাৰ সদিচ্ছা থকাটো সংশ্লিষ্ট সংস্থা তথা চৰকাৰ উভয়ৰে দ্বায়িত্ব আৰু কৰ্তব্য | সেইখিনিত হেমাহি কৰাৰ বাবেই আজি এই খেলখন বাতিল হব লগা হ'ল | বৰষুণ ধাৰাষাৰ হোৱাহেঁতেন, আউটফিল্ডত পানী জমাহেঁতেন সকলোৱে মানি ল'লেহেঁতেন এইটো প্ৰাকৃতিক দূৰ্য্যোগৰ বাবে হোৱা বুলি | কিন্তু মাত্র ২০ মিনিটৰ কিনকিনীয়া বৰষুণ, তাৰ পিছত সুন্দৰ আউটফিল্ড সাজু হৈ উঠাৰ পিছত ঢাকি থোৱা পিটছত পানী সোমাই খেল পণ্ড কৰাটো মানি লোৱাটো খুবেই কঠিন | যি নহওঁক...ষ্টীম আইৰণ ব্যৱহাৰ কৰা সন্দৰ্ভত ভাৰতীয় প্ৰাক্তন তাৰকা ভি ভি এছ লক্ষ্মণৰ এক মন্তব্যই ACAক কিছু সকাহ দিছে | তেওঁ কৈছে যে পূৰ্ব্বতে এবাৰ ৱেষ্ট ইণ্ডিজত এখন খেলত পিটছ সেমেকি থকাত এই ব্যৱস্থা লোৱা তেওঁ দেখিছে | কিন্তু হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰাৰ বৃথা চেষ্টাটোক সকলোৱে তুচ্ছ-তাচ্ছিল্য কৰিছে | গোটেই বিশ্বতেই এই ফটোবোৰ আৰু ভিডঅ' ৰাতিৰ ভিতৰতে বিয়পি অসমবাসীক লজ্জাত পেলাইছে | ক্ৰিকেট সম্পৰ্কীয় সংস্থা "ক্ৰীক ইনফো" (Cric info) য়ে আনকি তাচ্ছিল্য কৰি লিখিছে যে আপোনালোকে আৰু কি কি অভিনৱ প্ৰচেষ্টা ল'লেহেঁতেন ইয়াৰ বাহিৰেও ? এতিয়া বিষয়ববীয়া সকলে নিজৰ দায় এৰাবৰ বাবে চালে-বেৰে কোবোৱা মন্তব্য কৰিছে, যিবোৰ শুনি তেওঁলোকৰ ক্ৰিকেট সম্পৰ্কীয় জ্ঞানৰ ওপৰতো সন্দেহ উপজিছে | সকলো সামৰি শেষত ষ্টেডিয়ামৰ পৰা ওলাই আহিলো বন্ধু সহিতে এক দোমোজা ভৰা মন লৈ | দোমোজা বুলি এইকাৰণেই কৈছো যে খেলখন নোহোৱাৰ বাবে যিমান দুখ পালো আন কিছুমান অভিজ্ঞতাই সেই দুখ কিছু পৰিমাণে কমাই ৰাখিছিল | বহুত ভালো বুটলি আনিলো সেইদিনা আন্ধাৰৰ মাজৰ পৰা পোহৰকণা বিচৰাৰ দৰে | খেলৰ বাবে অপেক্ষাৰত দৰ্শকক উজ্জিৱীত ৰখাৰ বাবে DJ জনে বজোৱা এ.আৰ. ৰহমানৰ "মা তুজে চালাম" গীতটোত সমগ্ৰ ষ্টেডিয়ামৰ দৰ্শকে মোবাইলৰ ফ্লাছ লাইট জ্বলাই একেলগে গোৱা মূহুৰ্তটো আছিল মোৰ জীৱনৰ অন্যতম শ্ৰেষ্ঠ মূহুৰ্ত | ৰাতিটোৰ ভিতৰতে এই মূহুৰ্তটোৰ ভিডিঅ' বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰিছিল আৰু ভাৰতীয় সকলৰ ক্ৰিকেটৰ লগত জড়িত হৈ থকা আৱেগ আৰু দেশপ্ৰেমে সকলোৰে সমাদৰ পাইছিল | একে সময়তে তাত বাজি উঠা জুবিন গাৰ্গৰ বিহুগীতে নিজৰ অসমীয়া মনটোক জগাই তুলিছিল | তাৰোপৰি ষ্টেডিয়ামত বাজি উঠা পঞ্জাৱী গীতৰ তালে-তালে ভাংৰা নাচি দৰ্শকক আমোদ দিলে ধাৰাভাষ্যকাৰৰ দ্বায়িত্ব লৈ থকা প্ৰাক্তন ভাৰতীয় তাৰকা হৰভজন সিঙে | ক্ৰিকেট সঁচাকৈয়ে এবিধ খেলেই নহয়...ইয়াত বহে কিছুমান ভদ্ৰ, সংস্কৃতিৱান মানুহৰ আড্ডা | ৭ বজাত আৰম্ভ হবলগা খেলখন যেতিয়া ১০ বজালৈও আৰম্ভ নহ'ল তেতিয়াও কিন্তু এজনো দৰ্শক নিজ আসনৰ পৰা আঁতৰি যোৱা নাছিল...তিনি ঘন্টাকৈ কেৱল অনিশ্চয়তাক আগত লৈ কেৱল ক্ৰিকেটৰ বাবেই অপেক্ষা....ইও কিন্তু সাধাৰণ কথা নহয় | সেই ভিৰৰ এজন হবলৈ পাই গৌৰৱবোধতো কৰিমেই ময়ো | ষ্টেডিয়ামৰ পৰা যেতিয়া সকলো দৰ্শক নিৰাশমনে ওলাই আহিছিল তেতিয়াও কোনো বিশৃংঙ্খলতা নাছিল...কেৱল খেলখন চাব নোৱাৰি দুখপ্ৰকাশ কৰিছিল | ষ্টেডিয়ামত যদি কোনোবাই "ইণ্ডিয়া...ইণ্ডিয়া" চিঞৰিছিল, আন কেনোবাই চিঞৰি উঠিছিল "জয় আই অসম" বুলি | অসমীয়া জাতিৰ গৌৰৱ গামোচাখন, পাট-মূগাৰ কাপোৰযোৰ, সত্রীয়া সাজযোৰকো বিশ্ববাসীৰ আগত চিনাকি কৰাই দিয়াৰ প্ৰয়াসো বহুজনেই কৰিছিল | মই ব্যক্তিগতভাৱে এই অভিজ্ঞতাক লৈ খুবেই সুখী..."অসম ক্ৰিকেট সন্থা"ৰ কাৰুকাৰ্য্য খিনি আঁতৰাই ৰাখিলে মোৰ বাবে এটা স্মৰণীয় দিন হৈ ৰ'ব ৫ জানুৱাৰী, ২০২০ তাৰিখটো | বিৰাট কোহলিৰ বেটিং অনুশীলন, বুমৰা, মালিংগা, জাড্ডু, কুলদীপৰ বলিং অনুশীলন দেখাটোও মোৰ বাবে এক ডাঙৰ প্ৰাপ্তি | বহুতেই চাগে ইমানবোৰ লিখা বাবে পাগলামি বুলিও ভাবিবও পাৰে...নিশ্চিতকৈ ভাবিব | কাৰন বাতিল হোৱা খেল এখনক লৈয়েই যদি ইমান সাহিত্য হয়...আৰুতো আছেই, সম্পূৰ্ণ খেল এখনৰ বেলিকা মহাভাৰত হব | প্ৰকৃততে কবলৈ গ'লে ক্ৰিকেট বুলিলে যি ৰোমাঞ্চ অনুভৱ কৰো..সেয়া আন কতোৱেই বিচাৰি নাপাওঁ | ক্ৰিকেটৰ কথা কৈ কেতিয়াও শেষ নহয়...কি যে অনুৰাগ | ক্ৰিকেটৰ প্ৰতি এই অনুৰাগৰ বাবে কিমান কি হেৰুৱাইছো...তাৰ বিচাৰ কোনোদিন কৰাৰ আহৰি পোৱাই নাই আজিলৈ | কিন্তু নিজকে উজ্জীৱিত কৰি ৰখাৰ বাবে মোৰ ক্ষেত্রত ক্ৰিকেটৰ সংঙ্গলাভৰ বিকল্প নাই | অসমবাসীয়ে নিজৰ ক্ৰিকেট প্ৰেমৰ বাবে, দেশপ্ৰেম, ধৈৰ্য্য আৰু ভদ্ৰতাৰ বাবে বিশ্ববাসীৰ পৰা প্ৰশংসা পালে এই খেলখনৰ ক্ষেত্রত | পৰৱৰ্তী সময়ত ACAয়েই নিজৰ ভুলবোৰ শুধৰাওঁক...অসমত যিহেতু ক্ৰিকেটৰ সাংঘাতিক আন্তঃগাঠনি নাই সেয়ে ইয়ালৈ অহা প্ৰতিখন আন্তৰাষ্ট্ৰীয় মেছ নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ ক্ষেত্রত বদ্ধপৰিকৰ হব লাগে | ক্ৰিকেটক ভাল পোৱা, ক্ৰিকেটৰ উন্নতি বিচৰা, নিজ ৰাজ্যৰ ক্ৰিকেটাৰেও দেশৰ হৈ খেলাটো বিচৰা এজন সাধাৰণ ক্ৰিকেটপ্ৰেমী হিচাপে চৰকাৰ যন্ত্র আৰু সংশ্লিষ্ট সংস্থাবোৰক নিজৰ দ্বায়িত্ব আৰু কৰ্তব্য সমূহ পদ্ধতিগতভাৱে পালন কৰিবলৈ আমি অনুৰোধহে কৰিব পাৰোঁ | পৰৱৰ্তী সময়ত অসমলৈ আৰু অধিক মেছ আহক...আকৌ এবাৰ বৰ্ষাপাৰা "ইণ্ডিয়া...ইণ্ডিয়া" ধ্বনিৰে মুখৰিত হৈ উঠক.....এই কামনাৰে.....
Cricket is our love
Cricket is our passion
Comments
Post a Comment