শিৱ আৰু কিছু নিজা অনুভৱ

শিৱ আৰু কিছু অনুভৱ

খুব সাধাৰণ পৰিৱেশত জন্ম হৈছিল তেওঁৰ, কোনো প্ৰতিষ্ঠিত পৰিয়ালৰ পৰা চিনাকি লৈ তেওঁ অহা নাছিল | সত্যৰ সাধনা, অধ্যাৱসায়, জীৱন  আৰু জগৎ সম্পৰ্কে গভীৰ অধ্যয়ন, সাধাৰণ জনতাৰ সুখ-দুখত নিজকে একাকাৰ কৰি মিলি যোৱা আদি বিভিন্ন গুণৰ বাবে তেওঁ হৈ পৰিছিল সকলোৰে প্ৰিয় | ৰাজনীতি, কূটনীতিৰ পৰা হাজাৰ যোজন নিলগত থাকি নিস্বাৰ্থতাৰে জগৎকল্যাণৰ বাবে উজাৰি দিছিল নিজকে | প্ৰতিষ্ঠা লাভৰ যুঁজত তেওঁৰ প্ৰতিপক্ষ হৈ বহুবাৰ বহুজন আহি থিয় হৈছিল যদিও তেওঁ প্ৰতিষ্ঠা লাভৰ নিমিত্তে কোনোদিনেই দৌৰা নাছিল | তেওঁৰ সুপ্ৰতিষ্ঠাই বহুতৰে প্ৰতিষ্ঠা লাভত হেঙাৰ হোৱা বাবেই প্ৰতিপক্ষই তেওঁক লৈ উলিয়াইছিল বহু মুখৰোচক কাহিনী, তুচ্ছ-তাচ্ছিল্যৰে বহুবাৰ তেওঁক জনমানসত হ্যেয় প্ৰতিপন্নৰ চেষ্টা কৰা হৈছিল যদিও তেওঁৰ প্ৰতিষ্ঠাত ঘুণে ধৰা নাছিল কোনোদিনেই....খুব সাধাৰণ এটা জীৱনশৈলী আদৰি লোৱা তেওঁৰ বেশভূষা বা খাদ্যাভ্যাসত কোনোদিনেই নাছিল আভিজাত্য বা প্ৰতিষ্ঠাৰ গোন্ধ | সমাজৰ পিছপৰা শ্ৰণীটোৰ উন্নতিৰ বাবে তেওঁ সদায়ে নিজকে সমৰ্পিত কৰিছিল, যাব বাবে তেওঁ গা পাতি লৈছিল বহু অপযশ | তেওঁ আছিল মাটিৰ মানুহ |.......সময় বাগৰিছিল, তেওঁৰ কাহিনীবোৰ মুখ বাগৰি এটা সময়ত বহু অলৌকিক ৰূপ লৈছিল | মানুহৰ মাজত তেওঁৰ অনুপস্থিতিয়ে তেওঁৰ প্ৰতি মানুহক আৰু বেছি অনুসন্ধিৎসু কৰি তুলিছিল | তেওঁক সময়ে ঈশ্বৰত্ব প্ৰদান কৰিলে......তেওঁৰ ঈশ্বৰত্বই মানুহক তেওঁৰ গুণবোৰ আয়ত্ব কৰাত বাধা দিলে | মানুহে তেওঁক থাপনাত ৰাখি পূজিলে, তেওঁৰ পূজাৰ নামত উৎসৱ পাতিলে...কিন্তু তেওঁৰ সজ গুণবোৰ আয়ত্ব কৰাত কোনোৱেই আগ্ৰহ নেদেখুৱালে | মানুহ আৰু তেওঁৰ মাজত এতিয়া হাজাৰ যোজনৰ ব্যৱধান....মানুহে তেওঁক পূজা কৰাতহে ব্যস্ত...কাৰণ এই পূজাৰ আঁৰতেই আকৌ সোমাই আছে বহুতৰে ব্যক্তিগত লাভালাভৰো অংক | কাৰোবাৰ বাবে এই পূজা মোক্ষপ্ৰাপ্তিৰ পথ, কাৰোবাৰ বাবে ব্যৱসায়.....হায় হায় !! মই মহাদেৱৰ কথাই কৈছো...হয় তেওঁক আমি সদাশিৱ, শংকৰ, কেদাৰ, ভোলানাথ, দিগম্বৰ, মহেশ্বৰ...... বিভিন্ন নাম দিছো সময়ানুযায়ী.........তোমাক আজি প্ৰণামিছো | আজি মানুহবোৰে আকৌ এবাৰ তোমাৰ পূজাৰ প্ৰস্তুতি চলাইছে, কিন্তু তোমাৰ কল্যাণবাণীবোৰ আওঁৰোৱাৰ চেষ্টা কোনেও কৰা নাই...দুখ সেইখিনিতেই |

Comments