অনুভৱ
জয়ৰ বাসনা কাৰনো নাই
মসৃণ নহয় জয়ৰ এই বাট
জীৱনৰ প্ৰতিটো ক্ষেত্রতেই প্ৰতিটো খোজতেই আমি জয়ৰ বাবেই যুঁজো | পৰাজিত হোৱাৰ ইচ্ছা বা পৰাজিত হোৱাৰ মানসিকতাৰে কোনোৱেই নিশ্চয় কোনোটো খোজ নিদিয়ে | নিজৰ লক্ষ্য-উদ্দেশ্য স্থিৰ কৰি লোৱা প্ৰতিজনেই নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে জীৱনটোক এটা সাধনা হিচাপে আগবঢ়াই নিয়াৰ বাহিৰে জয়প্ৰাপ্তিৰ চমু পথ নিশ্চয় নাই | জয়ৰ পথ ইমানো মসৃণ নহয় | প্ৰকৃততে জয়ী কোন ??? হয়, নিজকে প্ৰশ্ন কৰি চাইছো নে আমি...জয়ী কোন ?? বস্তুবাদী চিন্তাৰ দৌৰত নিজেও পুৱাৰ পৰা নিশা দুপৰলৈ যি দৌৰত অংশ লৈছো প্ৰতিজনেই সেয়া জয়ৰ সুগন্ধ লবৰ বাবেই কৰা সাধনা বুলিয়েইতো ভবাৰ ধাৰণা গঢ় লৈ আছে যুগ যুগ ধৰি | সঁচাবোৰ দাঙি ধৰাৰ... সঁচাক সঁচা বুলি কোৱাৰ... সত্যৰ সৈতে সাহসেৰে মুখামুখি হোৱাৰ... সত্যক জীৱনৰ সাৰথি সজোৱাৰ সাহস আয়ত্ব কৰিছেই বা কেইজনে...!! জয়ৰ ধাৰণা যদি প্ৰাপ্তিতেই সীমাবদ্ধ হৈ ৰয় তেন্তে ন্যায়-অন্যায়, ভাল-বেয়া, সৎ-অসৎ, ধৰ্ম-অধৰ্ম এই ধাৰণাবোৰ সাৰশূণ্য হৈ পৰিব | ইতিমধ্যেই সেইটোৱেই হৈছেগৈ | হোৱাৰ কাৰণ বিস্তৃতভাৱে বৰ্ণনা কৰাৰ নিশ্চয় প্ৰয়োজন নাই | যেতিয়াই জয়ৰ সূত্রক প্ৰাপ্তিৰে সাঙোৰা হয় তেতিয়াই ওপৰোক্ত ধাৰণাবোৰ মূল্যহীন হৈ পৰে | মই বাৰে বাৰে ক'ম... হাজাৰবাৰ ক'ম---সত্যক স্বীকাৰ কৰি সেই পথেৰে আগবঢ়াতো সঁচাকৈয়ে কঠিন, কঠিনেই নহয় বৰ্তমান পৰিস্থিতিত দুৰূহ বুলিলেও অত্যুক্তি নিশ্চয়কৈ কৰা নহব | মই সত্যবোৰ কবলৈ প্ৰস্তুত...কিন্তু মই নিজে কিমান সত্যৰ গণ্ডীত নিজকে ৰাখিব পাৰিছো সেয়াতো এটা ডাঙৰ প্ৰশ্নবোধক---এই শংকাই প্ৰত্যেককে সত্যৰ পৰা পুনৰবাৰ হাজাৰ যোজন দুৰলৈ লৈ যায় | আপুনি যদি সত্যৰ পৰা নিলগতেই ৰ'ল...তেন্তে জয়ৰ ধাৰণাক চুই চোৱাৰো অধিকাৰ আপোনাৰ নাই | জয় আৰু সত্যৰ মিতিৰালি হাজাৰ যুগ পুৰণি | এজন শিক্ষাৰ্থীয়ে নিজৰ শিক্ষা জীৱন সাং কৰি পৰৱৰ্তী লক্ষ্য হিচাপে যি নিৰ্ধাৰণ কৰে সেয়া প্ৰাপ্তিতেই যদি তেওঁৰ জয়ৰ প্ৰক্ৰিয়া সমাপ্ত হয় তেন্তে সেয়া অজ্ঞানতাৰ এক নিদৰ্শনহে হৈ ৰ'ব | জয় সেইখিনিতেই হয় যেতিয়া আপোনাৰ আৰ্জিত বা আপোনাৰ কৃত কোনো কৰ্মই আন শতেক জনৰ বা কোনো জনসমষ্টিৰ বা কোনো বিশেষ এজনৰ হ'লেও উপকাৰ সাধে...কিন্তু সেয়া হব লাগিব সত্যক ত্যাগ নকৰা পথেৰে | জয়ী হবৰ বাবে আপুনি বিত্তৱান হবৰো দৰকাৰ নাই, আপুনি হব নালাগে কোনো সমাজৰ নেতৃত্বত থকা লোক, আপুনি হব নালাগে কোনো শাসক, আপুনি হব নালাগে কোনো ঈশ্বৰ | সত্যৰ শুদ্ধ ধাৰণাই আপোনাক জয়ী কৰিব পাৰে প্ৰতিটো খোজতে | নিজৰ মনৰ লগত, আকাংক্ষাৰ লগত, আৱেগৰ লগত, হতাশাৰ লগত, ক্ষোভৰ লগত, ক্ৰোধৰ লগত, হিংসাৰ লগত, অহংকাৰৰ লগত...জয়েই যে প্ৰকৃত জয় সেয়া বুজিব পৰাকৈ কিমানজন জ্ঞানী আছে সেয়া আজিও বিচাৰ্য্য বিষয় | পণ্ডিত সকলোৱেই....ভাষণো দিয়ে সকলোৱেই....নিজক প্ৰশ্ন কৰিছে কেইজনে ?? আত্মানুসন্ধান জীৱনৰ সুখপ্ৰাপ্তি, আত্মশুদ্ধি আৰু জয়ৰ মূলমন্ত্র | আমি এই বিশাল পৃথিৱীৰ এটা ক্ষুদ্ৰ অংশৰ নিচেই এখুদমান পৰিসৰত আধিপত্য বিস্তাৰ কৰিয়েই যেতিয়া জয়ী হোৱা বুলি সদম্ভে নিজকে দাঙি ধৰো সেইদিনাই জীৱন পৰাজিত হয় চিৰদিনৰ বাবে | আচলতে খুব সুক্ষ্ম চিন্তাৰেহে বুজিব পাৰি কথাবোৰ....জয় আচলতে কি ?? আপোনাৰ সন্মুখত কোনোবা পৰাজিত হোৱাটোৱেই আপোনাৰ জয় যদি হয়, কাৰোবাৰ হতাশাৰ কাৰণ হৈ আপুনি উৎফুল্লিত হোৱাটোৱেই যদি জয় হয়...তেন্তে সেয়া বন্য উন্মাদনাৰো অন্য নামেই নিশ্চয় | হাজাৰ বছৰ আগৰ পৰাই সমাজত জয়ৰ ধাৰণাক উপস্থাপন কৰা হৈছে বিকৃত ভাৱে | আকৌ সেই হাজাৰ বছৰ আগতেই জয়ৰ প্ৰকৃত ধাৰণাও দিয়া হৈছে সাৰ্ব্বজনীন ভাৱেই.....
কিন্তু---আমি গ্ৰহণ কৰলো উজু পথটো ; কাৰণ জয়ৰ বিকৃত ধাৰণাৰে নিজকে জয়ী বুলি ঘোষণা কৰা বা আত্মসন্তুষ্টি লভাটোৱেই যে আমাৰ পৰম্পৰা হৈ পৰিল | কাঁইটৰ আঁচোৰ সহি তেজেৰে দুভৰি ৰাঙলী কৰি পৰ্ব্বতাৰোহণ কৰিবলৈ আপুনি-মই কোনোৱেই সাজু নহয় বা কাৰো আহৰিও নাই | সত্যক সহযাত্রী কৰা যিমান কঠিন তাতোকৈ অধিক কঠিন জয়ী হোৱা....হয় জয়ী হোৱা ইমানো সহজ নহয় | মসৃণ নহয় কোনোকালেই জয়ৰ বাট | শেষত কওঁ---বিদ্বানসকলে জয়ক প্ৰাপ্তিৰে নুজুখিব |
Comments
Post a Comment