ইচ্ছাশক্তি
ইচ্ছাশক্তি
মানুহে জীৱনত ইচ্ছাশক্তিৰ বলত অসাধ্যকো সাধন কৰি জীৱনত সফল হব পাৰে | ইচ্ছাশক্তিৰ প্রবলতাই মানুহৰ অক্ষমতাক সক্ষমতালৈ ৰূপান্তৰিত কৰি জীৱনত নতুন বাটৰ সন্ধান দিয়ে | এই পৃথিৱীত প্রতিজন মানুহৰে কিবা নহয় কিবা এটা অভাৱ থকাটো নিশ্চিত | এই অভাৱ বিভিন্ন ধৰণৰ হব পাৰে...কোনোবা আৰ্থিকভাৱে দুৰ্বল হব পাৰে, কোনোবা শাৰিৰীকভাৱে অক্ষম হব পাৰে, কোনোবা আকৌ উপযুক্ত পৰিৱেশৰ অভাৱতেই আগবাঢ়িব নোৱাৰে...আকৌ আন কোনোবাই মানসিক ভাৱে দুৰ্বল হৈ মানসিক শক্তিৰ অভাৱত ৰৈ যায় আধাবাটতে | সকলো অভাৱ বা দুৰ্বলতা পূৰ কৰাৰো উপায় আছে যদিও মানসিক অভাৱগ্রস্ততাৰ পৰা ওলাই অহাটো কিছু কষ্টকৰ হয় | যিয়েই নহওঁক আমি আলোচনা কৰিবলৈ লোৱা ইচ্ছাশক্তিৰ বলত কিন্তু যিকোনো ধৰণৰ অভাৱ বা দুৰ্বলতা নেওচি মানুহে লক্ষ্য ঢুকি পোৱাৰ বাবে মৰনপণ যুঁজ দিয়ে | পৃথিৱীত যিকোনো ৰোগৰ চিকাৰ নোহোৱা ব্যক্তি কতোৱেই নোলাব | বৰ্তমান বিশ্বৰ মূঠ জনসংখ্যাৰ প্রায় ১৫% লোকেই হেনো মানসিক ৰোগী | কিছুসংখ্যক লোক বিষাদগ্রস্ততা, কিছুমান আকৌ অস্থিৰতা, আন কোনোৱে মদ্যপান বা আন নিচাজাতীয় দ্রব্য সেৱনৰ ফলত আৰু আন কিছুৱে বিভ্রমতাৰ পৰা ওপজা বাতুলতাত ভোগা মানসিক ৰোগী | এইসকলৰ উপৰিও অন্যান্য শাৰিৰীক প্রতিবন্ধকতা আৰু সাধাৰণ ৰোগসমূহ আছেই | কিন্তু এনেকুৱা বহু ব্যক্তি আমি পাইছো যিসকলে এই সকলোধৰণৰ প্রতিবন্ধকতা নেওচি সময় বালিত নিজৰ পদচিহ্ন এৰি যাবলৈ সক্ষম হৈছে | এই প্রতিভাধৰ সকলৰ ভিতৰত কবি-সাহিত্যিক, সাংবাদিক, ৰাজনীতিবিদ, বৈজ্ঞানিক, দাৰ্শনিক, চিত্রকৰ, গায়ক, বাদক, খেলুৱৈ...সকলোবোৰেই আছে | ৰাচিয়াৰ বিখ্যাত লেখক-গল্পকাৰ ডষ্টয়েভস্কি আছিল মৃগীৰোগী | একেই ৰোগত ৰোগগ্রস্ত আছিল জুলিয়াছ ছিজাৰ, চেইন্ট পল, বিজ্ঞানী লুই পেষ্টিউৰ, ৰাজনীতিবিদ উইনষ্টন চাৰ্ছিল, মহান যোদ্ধা নেপোলিয়ন বোনাপাৰ্ট, চিত্রকৰ পাবলো পিকাচো আদিৰ দৰে প্রতিভাধৰ | একেদৰেই স্নায়ুৰ ৰোগত ভূগিও নিজৰ সৃষ্টিত তাৰ চাপ পৰিব দিয়া নাছিল মহান চিত্রকৰ ভিনচেন্ট ভেন গঘে | অসমৰ প্রথিতযশা সাহিত্যিক-সমালোচক, চিন্তাবিদ হোমেন বৰগোহাঞি দেৱ আকৌ মুৰৰ বিষত ভোগা লোক | একেদৰে ত্রৈলোক্যনাথ গোস্বামী, মহান ক্ৰিকেট খেলুৱৈ ৰঞ্জীত সিংজী আছিল হাঁপানী ৰোগী | ষ্টিফেন হকিং বা ছিগমণ্ড ফ্রয়েদৰ নিছিনা বিকলাংঙ্গ লোকেও হুইল ছেয়াৰত বহি নিজৰ সাধনাত ব্রতী হৈ ৰোৱা আমি দেখিছো |
অকল ৰোগগ্রস্ত শৰীৰ বা অসুস্থ মনেই যে বাধাৰ কাৰণ হৈ থিয় দিয়ে তেনেকুৱা নহয়...আনুষ্ঠানিক শিক্ষাৰ অভাৱেও আমাক কেতিয়াবা হীনমান্যতাত ভূগিবলৈ বাধ্য কৰায় | আনুষ্ঠানিক শিক্ষা গ্রহণ নকৰাকৈও কেনেদৰে নিজ প্রচেষ্টাৰ বলত নিজকে প্রতিষ্ঠা কৰি লক্ষ্যত উপনীত হব পাৰি তাৰ যথাৰ্থ উদাহৰণ হ'ল আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি জৰ্জ ৱাশ্বিংটন, বিহগী কবি ৰঘুনাথ চৌধাৰী, অম্বিকাগিৰি ৰায়চৌধুৰী, স্নেহ দেৱী আদি | একাধিকবাৰ বিফল হৈয়ো নিজ ইচ্ছাশক্তিৰ বলত ৩৫০ গৰাকী প্রকাশকৰ পৰা উপেক্ষিত হৈয়ো নিজৰ প্রথমখন উপন্যাস প্রকাশ কৰি পৰৱৰ্তী সময়ত বিখ্যাত লেখক হৈ পৰিছিল আমেৰিকান ঔপন্যাসিক লুই এল এম'ৰ | এনেকুৱা হাজাৰটা উদাহৰণে আমাক যুগে যুগে সোঁৱৰাই আহিছে যে ইচ্ছাশক্তিৰ প্রবলতাই মানুহক যিকোনো বাধা, যিকোনো প্রতিবন্ধকতাকো নেওচি পৰ্ব্বতসম উচ্ছ লক্ষ্যকো অতিক্রম কৰিবলৈ প্রেৰিত কৰে | এই ইচ্ছাশক্তিৰ লগত ওতঃপ্রোতঃ ভাৱে জড়িত হৈ থাকে আশাবাদ | আশাহীনতাই জীৱনৰ সকলো ৰং-ৰূপ নাইকিয়া কৰি জীৱন দূৰ্বিষহ কৰি তোলে | সেয়ে জীৱনৰ প্রতিটো ঘটনাক যোগাত্মক দৃষ্টিভংঙ্গীৰে পৰ্য্যবেক্ষণ কৰি সময়ত উচিত পদক্ষেপ লবৰ বাবে নিজকে সাজু কৰিব লাগে | নিজৰ নথকাখিনিক লৈ ব্যস্ত থকাতকৈ নিজৰ সামৰ্থ্য আৰু সম্পদসমূহক চিনাক্ত কৰি সদ্ব্যৱহাৰ কৰাৰ বাবে প্রযত্ন হ'লে সফলতা অৱশ্যম্ভাৱী | আহক, চেষ্টা কৰি চোৱাত কোনো বাধা নাই |
(কিছু তথ্য সংগ্রহ কৰা হৈছে)
Comments
Post a Comment