জীৱন আৰু গীতা

পৌৰাণিক সাহিত্যত উল্লেখিত নীতি-নিৰ্দেশনা সমূহ আমাৰ ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰাৰ চেষ্টাত ব্ৰতী হব নোৱাৰালৈকে আমি কেৱল দৌৰিবহে পাৰিম, সুখপ্ৰাপ্তি সপোঁণৰো অগোচৰ | মানৱ জাতিৰ সুখ আৰু মোক্ষ প্ৰাপ্তিৰ হাজাৰ হাজাৰ বছৰ আগতেই ৰচিত হৈছিল "#গীতা"ৰ দৰে পথপ্ৰদৰ্শক গ্ৰন্থ | মানৱ জাতিক এই গ্ৰন্থ অধ্যয়নৰ মাধ্যমেৰে ইয়াৰ তত্ত্বসমূহ হৃদয়াংঙ্গম কৰি জীৱন ধাৰণৰ উত্তম পথ নিৰ্ধাৰণ কৰিবলৈ কৃষ্ণই আহ্বান জনাইছে | ইমানো সহজ নহয়, সঁচাকৈয়ে সহজ নহয় কৃষ্ণৰ সেই বাণী সম্পূৰ্ণৰূপে জীৱনত প্ৰয়োগ কৰাটো | তথাপি আমি ইয়াৰ সম্যৰ ধাৰণাৰেও যদি জীৱন সজোৱাৰ চেষ্টা কৰিলোহেঁতেন তথাপিও কিন্তু আমাৰ জীৱনৰ অৰ্থ, জীয়াই থকাৰ প্ৰয়োজনীয়তা, পৃথিৱীৰ কল্যাণ...এই সকলোবোৰ কিছু পৰিমাণে হ'লেও সাধন হ'লহেঁতেন | গ্ৰন্থৰ বাণী গ্ৰন্থতেই সোমাই ৰ'ল, গ্ৰন্থক লৈ গৱেষণাও হ'ল....সমগ্ৰ পৃথিৱী বিয়পি পৰিল এই গ্ৰন্থৰ সুবাসেৰে....আমি গৰ্বিত হলোঁ | কিন্তু.....আমি জীৱনৰ পৰা এই গ্ৰন্থৰ সুষমাক আঁতৰাই ৰাখিলোঁ...সুখৰ সংজ্ঞা বিচাৰি দুখৰ সাগৰত বুৰ মাৰি কেৱল মৰিচীকাহে খেদিলোঁ | ধন-ঐশ্বৰ্য্য, বিভূতি-বৈভৱ, মায়া-মোহ, ক্ৰোধ-জিঘাংসা আদিৰে নিজক মেৰিয়াই লৈ আমিবোৰে নিজকে কম ঠগি আছোনে প্ৰতিদিনে !! প্ৰাপ্তিয়ে যে মানুহক প্ৰকৃত সুখ দিব নোৱাৰে সেয়া কোনোবাই বুজি উঠিছে জানো...সম্ভৱেই নহয় বৰ্তমানৰ বস্তুবাদী পৃথিৱীত | #সাত্ত্বিক ৰ ধাৰণা সকলোৰে মনত আছে কিন্তু নিজৰ জীৱনত এই ধাৰণা প্ৰয়োগ কৰিবলৈ কোনোৱেই আগ্ৰহী নহয় | কৃষ্ণই গীতাত কৈছে---
 "#মুক্তসঙ্গোঅনহংবাদী #ধৃত্যুৎসাহসমন্বিতঃ |
  #সিদ্ধ্যসিদ্ধ্যোৰ্নিৰ্বিকাৰঃ #কৰ্তা #সাত্ত্বিক #উচ্যতে ||

অৰ্থাৎ--- যিজন ব্যক্তি কৰ্মফলৰ আসক্তিৰ পৰা মুক্ত, যাৰ মনত 'ময়েই কৰ্তা' ভাব নাই, যিজন ধৈৰ্য্যশীল আৰু উৎপাদনশীল, যিজন সিদ্ধি-অসিদ্ধি (সফলতা-বিফলতা) উভয়তে মনৰ অৱস্থা একেই ৰাখে...তেৱেকেই সাত্ত্বিক কৰ্তা বোলে |
       কিন্তু আমি এই তত্ত্বৰ পৰা হাজাৰ যোজন নিলগত, আমি সদায়ে নিজৰ কৰ্ম কৰাৰ আগতেই ফলাফলৰ ওপৰত নিৰ্ভৰশীল হৈহে আগবাঢ়ো | ফলাফলৰ প্ৰতি থকা চিন্তাই আমাৰ কৰ্ম নৈপূন্যতাত ব্যাঘাত জন্মায় কৰ্ম সঠিকভাৱে সম্পন্ন হোৱাত বাধাৰ সৃষ্টি কৰে | যাৰ বাবেই কৰ্মোৎপাদিত ফলাফলো অপূৰ্ণ হৈ ৰয় আৰু আমি অপূৰ্ণতাৰ দুখেৰে আবৃত হওঁ | কৰ্মৰ বিফলতাই আমি প্ৰতি মূহুৰ্ততে বিচলিত কৰে, আমি হেৰায় পেলাওঁ কৰ্ম কৰাৰ শক্তি..আমি হৈ পৰো উৎপাদন বিমুখ | কৰ্মৰ ফফলতাতো আমি হৈ পৰো অধিক উচ্চসিত...যাৰ বাবে মনত সৃষ্টি হয় চঞ্চলতা, অহংকাৰ আদিৰ দৰে ৰিপুৰ | চঞ্চলতাই আমাৰ ব্যক্তিসত্ত্বাত আঘাত হানে আৰু আমি কৰ্মৰ প্ৰতি নিৰুৎসাহী হওঁ | অহংকাৰে আমাৰ মনত সৃষ্টি কৰা জুয়ে নিজৰ ভুল বিচাৰিব নোৱাৰাকৈ আমাক অন্ধত্বৰে বান্ধে, নিজকেই শ্ৰেষ্ঠ বুলি ভাবি আনক পদাঘাত কৰিবলৈও আমাক অহংকাৰেই প্ৰেৰিত কৰে | সৰ্ব্বশেষত আমি শূণ্যতাক আকোৱালি কেৱল হাহাকাৰ কৰো...দিনৰ পোহৰতো আন্ধাৰে আমাক ঘেৰি ৰাখে অহৰহ...জীৱনৰ অন্তিম সময়ত আমি এক অতৃপ্ত মন লৈ চকুত চকুপানী লৈ এই পৃথিৱী ত্যাগ কৰোঁ | এয়াইতো হৈ আছে...হৈয়েই থাকিব | আত্মনিয়ন্ত্রন, আত্মশুদ্ধি, নিৰ্মোহ চিন্তাৰে যেতিয়ালৈকে আমি নিজক সঁজাব নোৱাৰিম তেতিয়ালৈকে আমি চগা পোকৰ দৰেই জুইত আত্মাহুতি দি যাব লাগিব | কৃষ্ণই অৰ্জুনক উদ্দেশ্যি শ্লোকৰ মাধ্যমত কৈছে....
"#যথা #প্ৰদীপ্তং #জ্বলনং #পতঙ্গা #বিশন্তি #নাশায় #সমৃদ্ধবেগাঃ |
#তথৈব #নাশায় #বিশন্তি #লোকাস্তবাপি #বক্ত্ৰাণি #সমৃদ্ধবেগাঃ ||
         অৰ্থাৎ---"যিদৰে পতঙ্গবোৰে মৰণৰ বাবে দ্ৰুতবেগেৰে আহি জ্বলি থকা জুইত নিজকে সমৰ্পণ কৰে, তেনেদৰে মানুহবোৰেও মৰিবৰ বাবেই তোমাৰ সন্মুখত থিয় দিছেহি |"
       বৰ্তমান পৰিস্থিতি এই কথাবোৰ উপলব্ধি কৰি আমি আগবাঢ়িব পাৰিলে কিছু হ'লেও আত্মৰক্ষা সম্ভৱ বুলি মই বিশ্বাসী | #আত্মনিয়ন্ত্রন মূল কথা...সংযমৰ আন এটা নামেই ধৈৰ্য্য...সহনশীলতা অবিহনে কোনো বিবাদেই অসমাপ্ত হৈ ৰয় | কোনো এটা পক্ষই সহনশীল হৈ মুৰ দোৱালেহে সমস্যাৰ ওৰ পৰে | এই সহনশীলতাৰ লগত অৱশ্যেই ন্যায়ৰ কথাও আহি পৰিব, সেয়ে কোনখিনিত নিজকে সহনশীল কৰিলে ন্যায় প্ৰতিষ্ঠা হব সেইটোও দৃষ্টিত ৰাখিব লাগিব | সহনশীলতাৰ এটা উদাহৰণেৰে শেষ কৰিব বিচাৰিছো.... কুৰুক্ষেত্রৰ মহাৰণৰ অন্তত কৌৰৱসকলৰ মাতৃ গান্ধাৰীয়ে পুত্রশোকত দগ্ধ হৈ হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল | তেওঁক সান্ত্বনা দিবলৈ অহা কৃষ্ণকেই তেওঁ সমস্ত ঘটনাৰ বাবে জগৰীয়া কৰি অভিশাপেৰে দণ্ডিত কৰিলে | তেওঁ কৃষ্ণক ক'লে যে কৃষ্ণই যিদৰে সমগ্ৰ কৌৰৱ কুল নাশ কৰিলে তেনেদৰে এদিন কৃষ্ণৰ সমস্ত কুল নাশ হব | কৃষ্ণৰ ক্ষেত্রত এয়া নিশ্চয় অন্যায় আছিল, কাৰণ কৃষ্ণই মহাভাৰতৰ ৰণ লগোৱা নাছিল | কুৰুক্ষেত্র ৰণ অৱশ্যম্ভাৱী হৈ পৰিছিল একমাত্র দূৰ্য্যোধনৰ আকোঁৰগোজালিৰ বাবেহে | গান্ধাৰীয়ে পুত্রমোহত অন্ধ হৈ বৰ্ষণ কৰা এই অভিশাপে কৃষ্ণৰ পৰিয়াল-পৰিজন সকলোকে বিনা অপৰাধতে দণ্ডিত কৰিলে | কিন্তু কৃষ্ণই এই অন্যায় সহ্য কৰিলে একমাত্র এক বিষাক্ত অধ্যায় সামৰণি পৰাৰ স্বাৰ্থতেই | যদি কৃষ্ণই ওলোটাই গান্ধাৰীৰ প্ৰতি প্ৰতিশোধ পৰায়ণতা প্ৰদৰ্শন কৰিলেহেঁতেন তেন্তে সেইখিনিতেই আন এক জিঘাংসাৰ পৃষ্ঠা উন্মোচিত হ'লহেঁতেন | এই সহনশীলতাৰে কৃষ্ণই নিজক আহুতি দি হ'লেও পৃথিৱীক শান্তি দান দিলে |

(সাম্প্ৰতিক সময়ৰ দূৰ্যোগত কম-বেছি পৰিমাণে সকলোৱেই ক্ষতিগ্ৰস্ত হৈছে | এই ক্ষতিৰ ক্ষতিপূৰণ কোনোৱেই দিব নোৱাৰিব | আমি মাথো কিছু ধৈৰ্য্য আৰু সাহসেৰে এই দূৰ্যোগৰ মুখামুখি হ'লেই পুনৰ পূৰ্ব্বৰ পৃথিৱীখন ঘুৰাই পাম | অন্যথা এসাঁজ ভাত, এটুকুৰা মাংসৰ পিছত দৌৰি ফুৰিলে আমি অচিৰেই চগা পোকৰ নিছিনাকৈয়ে জ্বলি থকা জুইকুৰাত জাঁহ যাম |)

Comments