মহাভাৰত পৰ্য্যালোচনা--১২
মহাভাৰত পৰ্য্যালোচনা--১২
কৌৰৱ পাণ্ডৱৰ বাল্যক্ৰীড়া আৰু কিছু অন্য চিন্তা
কালক্রমত গাণ্ডাৰীৰ এশ পুত্র "কৌৰৱ" আৰু পাণ্ডুৰ পাঁচপুত্র "পাণ্ডৱ" বুলি জনাজাত হৈ পৰিল | গান্ধাৰীৰ এশপুত্রৰ পুথিগত বিদ্যাৰ লগতে সামৰিক শিক্ষাৰ দ্বায়িত্ব ভীষ্মদেৱে অৰ্পণ কৰিলে কৃপাচাৰ্য্যক | তেতিয়ালৈকে মহাৰাজ পাণ্ডু পত্নী-পুত্র সহিতে বনতেই আছিল | কিন্তু এদিন যেতিয়া পাণ্ডুৱে সংযম হেৰুৱাই মাদ্রীৰ সৈতে সংগমৰ বাবে উদ্যত হ'ল তেতিয়াই কিন্দম মুনিৰ অভিশাপ অনুসৰি তেওঁৰ থিতাতে মৃত্যু হ'ল | নিজকে স্বামীৰ মৃত্যুৰ কাৰণ বুলি গণ্য কৰি মাদ্রীয়েও নিজৰ দুই পুত্র নকুল-সহদেৱৰ দ্বায়িত্ব কুন্তীক সমৰ্পণ কৰি স্বামীৰ চিতাতেই আত্মজাঁহ দিলে | এই বাৰ্তা ভীষ্মৰ কাণত পৰা মাত্রকে পাঁচোটি ফুলকুমলীয়া সন্তান সহিতে কুন্তীক ৰাজকাৰেঙলৈ ওভতাই আনিলে | দুৰ্য্যোধন সহিতে তেওঁৰ ভাতৃসকলে নতুন সংগীকেইজনক প্রথমাৱস্থাত আঁতৰায় ৰাখিছিল যদিও লাহে লাহে সহজ হৈ পৰিল | এতিয়া কৃপাচাৰ্য্যৰ অধীনত এশ পাঁচজন পুত্রই একেলগে শিক্ষাগ্রহণ কৰিবলৈ ধৰিলে | পাণ্ডৱসকলৰ ভিতৰত দ্বিতীয় পাণ্ডৱ ভীম সৰুৰ পৰাই আছিল শাৰিৰীকভাৱে যথেষ্ট শক্তিশালী | আনসকলতকৈ তেওঁৰ বাবে প্রয়োজনীয় খাদ্যৰ পৰিমাণো আছিল যথেষ্ট বেছি | তেনেদৰে কৌৰৱসকলৰ ভিতৰত প্রথম দুজন দুৰ্য্যোধন আৰু দুঃসাশনক বাদ দি বাকীসকল বল-বিক্রমৰ ক্ষেত্রত সিমান লেখত লবলগীয়া নাছিল | ভীমে বহুসময়ত নিজৰ পৰাক্রম জাহিৰ কৰিবলৈ গৈ দুৰ্বল কৌৰৱকেইজনক বৰ নগুৰ-নাগতি কৰিছিল | ফলৰ বাগিছাত যেতিয়া কৌৰৱ ভাতৃসকলে ফল পাৰিবলৈ গছত উঠিছিল তেতিয়া বাহুবলী ভীমে গছডাল জোকাৰি দিছিল, ফলত সকলোবোৰ মাটিত সৰি পৰি যথেষ্ট আঘাত পাইছিল | তেনেদৰে কেতিয়াবা নদীত একেলগে স্নান কৰি থকা অৱস্থাত ভীমে কোনোবা কৌৰৱ ভাতৃক পানীৰ তলতেই বহুসময় গবা মাৰি ধৰি যি শাস্তি দিছিল সেয়া মৃত্যুৰ দুৱাৰদলি দেখি অহাৰ সমান আছিল | কেতিয়াবা চৰ-ভুকু মৰা বা দূৰলৈ দলি মাৰি পঠিওৱা বোৰতো আছেই | এই সকলোবোৰ কৰ্মকাণ্ড ভীমৰ বাবে বাল্যক্রীড়াৰ ৰসিকতা হ'লেও কৌৰৱসকলে কিন্তু যথেষ্ট কষ্ট সহ্য কৰিবলগীয়া হৈছিল | এইক্ষেত্রত এইটোও লক্ষণীয় যে দুৰ্য্যোধন-দুঃসাশন নথকা অৱস্থাতহে ভীমে আন ভাতৃসকলক এনেদৰে শাস্তি দিব পাৰিছিল | এই কথা ভাতৃসকলে যেতিয়া দুৰ্য্যোধন-দুঃসাশনক কৈছিল তেতিয়া তেওঁলোকে ভীমৰ বিষয়ে কুন্তী বা বিদুৰৰ ওচৰত অভিযোগ নিদিয়াকৈ থকা নাছিল | কিন্তু আশ্বৰ্য্যজনক ভাৱে তেওঁলোকৰ মতে এইবোৰ ভীমৰ ধেমালিহে আছিল | লগতে তেওঁলোকে দুৰ্য্যোধনক হিংসুক বুলিও ককৰ্থনা নকৰাকৈ থকা নাছিল | বিদুৰ আৰু কুন্তীৰ পৰা বিমুখ হৈ দুৰ্য্যোধন ক্রমাৎ বিদ্রোহী হৈ পৰিছিল | কাৰণ এই বিষয়ে তেওঁ ভীষ্মৰ ওচৰলৈ যোৱাৰ কথাই নাহে, যিহেতু পাণ্ডৱসকল দেখাদেখিকৈ ভীষ্মদেৱৰ অধিক প্রিয়পাত্র আছিল | লগতে পাণ্ডৱসকলক প্রত্যক্ষভাৱে কিবা অনিষ্ট কৰাৰো সাহস তেওঁৰ নাছিল একমাত্র ভীষ্মৰ ভয়তেই | দুৰ্য্যোধনে পাণ্ডৱসকলক বিশেষকৈ ভীমক অনিষ্ট কৰাৰ সুযোগ বিচাৰিবলৈ ধৰিলে | নিজ ভাতৃসকলক ভীমৰ অত্যাচাৰৰ পৰা সুৰক্ষা দিব নোৱাৰি দুৰ্য্যোধন আত্মগ্লানিত ভূগিছিল | প্রকৃততে দুৰ্য্যোধন সংকিত হৈ পৰিছিল যে এনেদৰে ভীমৰ হাতত লাঞ্চিত হৈ কেতিয়াবা কোনাবাজন ভাতৃ মৃত্যুমুখত পৰাটো নিশ্চিত | এদিনাখন তেওঁৰ বাবে সুযোগ ওলাল | সকলোবোৰ ৰাজপুত্রক বনভোজৰ বাবে অৰণ্যলৈ লৈ যোৱা হ'ল | তাত ৰাজকুমাৰ সকলৰ বাবে তৈয়াৰ কৰা বিভিন্ন খাদ্যৰ ভিতৰত ভীমৰ অতিকৈ প্রিয় পায়সত দুৰ্য্যোধনে কালকূট বিষ মিহলি কৰি ভীমক খুৱাই দিলে | তাৰ পিছত বালকগণে জলক্রীড়াত ব্যস্ত হ'ল য'ত ভীম এটা সময়ত অৱস হৈ পানীৰ পৰা উঠিব নোৱাৰি অৰ্ধমৃত অৱস্থাত গৈ পাতালপুৰী পালেগৈ | তাত নাগপুৰীত নাগসকলে তেওঁক উপৰ্য্যুপৰি দংশন কৰাৰ বাবে কালকূট বিষৰ প্রভাৱ নাইকিয়া হৈ ভীম জাগ্রত হ'ল | পৰৱৰ্তী সময়ত নাগৰাজ বাসুকিৰ সহায়ত ভীম জীৱন্তে পুনৰ উভতি আহিবলৈ সক্ষম হ'ল | মহাভাৰত প্রণেতাৰ মতে এয়াই আছিল পাণ্ডৱৰ বিৰুদ্ধে দুৰ্য্যোধনৰ ষড়যন্ত্রৰ আৰম্ভণি | কিন্তু এই ষড়যন্ত্র কৰিবলৈ দুৰ্য্যোধনৰ কি পৰিৱেশত কেনেদৰে কি চিন্তা মনলৈ আহিল সেই বিষয়ে মহাভাৰত প্রণেতা নিমাত | ভীমে কৰা বিকৃত বাল্যক্রীড়া যুধিষ্ঠিৰ, কুন্তী বা বিদুৰৰ বাবে কেৱল মাত্র ল'ৰাধেমালিহে আছিল যদিও এই ঘটনাসমূহৰ পৰাই দুৰ্য্যোধনৰ মনত এটা বিদ্রোহী আত্মাৰ জন্ম হৈছিল | জন্মতে কোণো শিশুৱেই কোনোধৰণৰ চৰিত্র লগত লৈ নাহে | সময়ে সময়ে লাভ কৰা পৰিৱেশ-পৰিস্থিতিয়ে শিশুৰ চৰিত্র গঠন কৰে, যিটো অভিভাৱকৰ তত্বাৱধানত সম্পন্ন হয় | দুৰ্য্যোধনে জন্মৰ পৰাই ৰাজকীয় পৰিৱেশত থাকি এটা ৰাজকীয় মন লাভ কৰিছিল | তেওঁ আছিল সাংঘাতিক আত্মবিশ্বাসী, স্বাভিমানী আৰু পৰাক্রমী | তেনেক্ষেত্রত তেওঁ পাণ্ডৱসকলৰ প্রভূত্ব স্বীকাৰ কৰিবলৈ কষ্ট পোৱাটো স্বাভাৱিক | লগতে আন এটা কথায়ো এইক্ষেত্রত আলোচনালৈ আহিব | যেতিয়া পাণ্ডৱসকলক বনৰ পৰা ৰাজভৱনলৈ অনা হ'ল তেতিয়া চৌদিশে আলোচনা হবলৈ ধৰিলে যে মাত্র কেইদিনমানৰ জ্যেষ্ঠ হোৱাৰ সূত্রে ৰাজসিংহাসনৰ প্রথম দাবীদাৰ যুধিষ্ঠিৰহে হব তেতিয়া সেই কথাই দুৰ্য্যোধনৰ মনৰ অশান্তি দুগুণে বঢ়ালে | জন্মৰ পৰাই ৰাজকাৰেঙত থাকিও বনৰ পৰা পিছত অহা পাণ্ডৱপুত্রসকলক ৰাজসিংহাসন এৰি দিবলৈ দুৰ্য্যোধনে কোনোমতে নোৱাৰে | এই সমস্ত কাৰণ লগ হৈ এটা সময়ক দুৰ্য্যোধন সম্পূৰ্ণ পাণ্ডৱবিদ্বেশী হৈ পৰিল | প্রথমাৱস্থাতেই ভীষ্ম, বিদুৰ বা কুন্তীয়ে সকলো ৰাজপুত্রক সমজ্ঞান কৰি সকলোৰে ভুল-ক্রুটি আঙুলিয়াই দিয়াৰ ব্যৱস্থা কৰাহেঁতেন প্রতিজনৰে চৰিত্র গঠন প্রক্রিয়া নিখুঁত হ'লহেঁতেন | এটা পৰিয়ালত থকা দুটা সন্তানৰ ভিতৰতেই যদি পিতৃ-মাতৃয়ে মৰমৰ কম-বেছি কৰে তেন্তে কমকৈ গুৰুত্ব পোৱাজন বিদ্রোহী হৈ সময়ত বিপথে যোৱাটো স্বাভাৱিক | মহাভাৰতৰ পৃষ্ঠাত পাণ্ডৱসকলৰ যিমান গুণানুকীৰ্তন কৰা হ'ল তাৰ বিপৰীতে কৌৰৱসকলক অকল নেতিবাচক ভাৱেহে উপস্থাপন কৰা হ'ল জনমানসত | এয়া মহাভাৰত সৃষ্টিৰ বাবেই চাগে অপৰিহাৰ্য্য আছিল | যিয়েই নহওঁক আমি এই সমূহ ঘটনাৰ পৰা শিশুৰ ভৱিষ্যত গঠনৰ ক্ষেত্রত অভিভাৱকৰ ভূমিকা সম্পৰ্কত পাঠ লব পাৰোঁ | কুন্তী অকল পাণ্ডৱৰহে মাতৃ হৈ ৰ'ল, মাতৃত্বৰ বিশালতাৰে কৌৰৱপুত্র সকলকো তেওঁ আৱৰি লব পৰাহেঁতেন হয়তো "মহাভাৰত"ৰেই সৃষ্টি নহ'লহেঁতেন | বিদুৰৰ নিৰপেক্ষতাৰ প্রতিও সন্দিঘ্ন হবলৈ সাহস নকৰিলোহেঁতেন যদিহে ভীমৰ সেই ধেমালিৰ নামত কৰা অত্যাচাৰ ৰোধত তেওঁ এষাৰ মাত দিলেহেঁতেন | কোনোবাখিনিত জ্যেষ্ঠ ভাতৃ যুধিষ্ঠিৰো ব্যৰ্থ হ'ল নিজ সহোদৰক সঠিক বাট দেখুওৱাত | সাম্প্রতিক সময়তো আমিবোৰে কেৱল ইজনে সিজনৰ দোষবোৰহে বিচৰাত ব্যস্ত থাকো, কিন্তু নিজৰ ভুলবোৰ শুধৰোৱাৰ বাবে খুব কমেই প্রযত্ন হওঁ | যাৰ দ্বাৰা ভুলৰ সংখ্যা ক্রমান্বয়ে বাঢ়ি যায় আৰু সময়ত অনৰ্থ হয় | বেলেগৰ ভুলটোক সমালোচনা কৰাৰ আগমূহুৰ্তত নিজৰ ফালৰ পৰা হোৱা বা হোৱাৰ সম্ভাৱনা থকা ভুলক মষিমুৰ কৰিব পাৰিলেহে আনৰ ভুলবোৰ শুধৰোৱাত আমি সফল হ'ম | যি কথা ইতিহাসে কৈ গৈছে, যি কথা আমাৰ পূৰ্ব্বজই কৈ গৈছে সেয়া অস্বীকাৰ কৰাৰ সাহস আমি কৰিব নোৱাৰোঁ |
Comments
Post a Comment