কৰ্ম আৰু ফলপ্ৰাপ্তিৰ বাসনা

কৰ্ম কৰাৰ আনন্দ আৰু ফল প্ৰাপ্তিৰ বাসনা

"#কৰ্মণ্যেবাধিৰস্তে_মা_ফলেষু_কদাচন |
#মা_কৰ্মফলহেতুৰ্ভূৰ্মা_তে_সঙ্গো_অস্ত্বকৰ্মণি ||

কৰ্ম কৰাৰ অধিকাৰহে আমাৰ, কৰ্মফলৰ ওপৰত অধিকাৰ কাৰোৱেই নাথাকে | কৰ্মফলৰ প্ৰতি আসক্ত হৈ কোনো কৰ্মই কৰিব নালাগে, কৰ্মৰ প্ৰতি থকা আসক্তিয়ে কৰ্মফলৰ পথ ৰুদ্ধ কৰে লগতে কৰ্মফলৰ প্ৰতি থকা আসক্তিয়ে কৰ্ম কৰাৰ আনন্দ উপভোগত বাধা দিয়ে | যিকোনো কৰ্ম সফলতাৰে সম্পন্ন কৰাটোৱেই যদি নিজৰ উদ্দেশ্য মানি লৈ কৰ্ম কৰা যায় তেতিয়া সেই কৰ্ম ক্ৰুটিমুক্ত হয় আৰু সেই কৰ্মৰ পৰা আহিবলগীয়া ফল সুখদায়ক হোৱাটো অৱশ্যম্ভাৱী হৈ পৰে | কিন্তু যেতিয়াই ব্যক্তিয়ে কোনো কৰ্ম কৰাৰ পূৰ্ব্বেই ফলৰ ওপৰত বেছি গুৰুত্ব দিয়ে তেওঁ কোনোকালেই মনে বিচৰা ফলাফল লাভ নকৰে লগতে কৰ্মৰ সমাপ্তিয়েও তেওঁক আত্মসন্তুষ্টি প্ৰদান নকৰে | কৰ্মফলৰ প্ৰতি থকা আসক্তিৰ পৰা বহু মহান ব্যক্তিও আঁতৰি থাকিব পৰা নাছিল | স্বয়ং ৰামায়ণ মহাকাব্যৰ প্ৰণেতা বাল্মিকীও এই কৰ্মফলৰ আসক্তিত ভুগিছিল আৰু ৰামায়ণৰ নিচিনা মহাকাব্য ৰচনাৰ পিছতো তেওঁ ক্ৰন্দনত ভাঙি পৰিবলগা হৈছিল | ঘটনাটো এনেধৰণৰ:----
     যেতিয়া অশেষ সাধনাৰ অন্তত বাল্মিকীয়ে ৰামায়ণ লিখি সম্পূৰ্ণ কৰি উলিয়ালে তেওঁ সেইখন বহুকেইজন বিজ্ঞ লোকক দেখুৱালে, মন্তব্য বিচাৰিলে শ্ৰেষ্ঠতা সম্পৰ্কত | বহুকেইজনে ভালেই ক'লে... বাল্মিকী আশ্বস্ত হ'ল | শেষত তেওঁ যেতিয়া সেইখন দেৱৰ্ষি নাৰদক দেখুৱালে তেতিয়াহে তেওঁৰ মন ভাৰাক্ৰান্ত হৈ পৰিল | নাৰদে ক'লে যে সেইখন ঠিকেই আছে কিন্তু আন এজনে তাতকৈও হাজাৰগুণ শ্ৰেষ্ঠ ৰামায়ণ লিখি উলিয়াইছে, সেইখনৰ তুলনাত বাল্মিকীৰ ৰামায়ণ তেনেই সাধাৰণ মানদণ্ডৰ | বাল্মিকী আচৰিত হ'ল আৰু সেই ব্যক্তিক লগ কৰি সেইখন ৰামায়ণ পঢ়াৰ ইচ্ছা ব্যক্ত কৰিলে | বাল্মিকীয়ে সেই বিশেষ ব্যক্তিজনক লগ পাব পৰা ঠিকনা নাৰদৰ পৰা সংগ্ৰহ কৰি তেওঁৰ ওচৰলৈ ৰাওনা হ'ল | সেই বিশেষ ব্যক্তিৰ ওচৰ পাই বাল্মিকী অধিক আশ্বৰ্য্যচকিত হ'ল কাৰণ সেয়া আন কোনো নাছিল...তেওঁ আছিল ৰামভক্ত হনুমান | হিমালয়ৰ এটা বিশেষ শৃঙ্গত ৰামৰ নাম জঁপ কৰি আছিল তেওঁ | বাল্মিকীৰ আগমনত হনুমান উঠি আহি আদৰ-সম্ভাষণ জনাই আগমনৰ উদ্দেশ্য জানিব বিচাৰিলে | বাল্মিকীয়ে বিৱৰি ক'লে নাৰদে কোৱা কথাখিনি আৰু হনুমানে ৰচনা কৰা ৰামায়ণখন এবাৰ চোৱাৰ ইচ্ছা ব্যক্ত কৰিলে | তেতিয়া হনুমান উঠি গৈ জুপুৰিৰ ভিতৰৰ পৰা নুৰিয়াই ৰখা কলপাত কেইখিলামান লৈ আহি বাল্মিকীৰ হাতত দি ক'লে যে তেওঁ যি লিখিছে এই কল্পপত্রতেই সকলো আছে | বাল্মিকী আচৰিত হ'ল আৰু সেই সকলোবোৰ এফালৰ পৰা পঢ়িব ধৰিলে | দীৰ্ঘসময়ৰ অন্তত সকলো পৃষ্ঠা পঢ়ি শেষ কৰি বাল্মিকী কান্দোনত ভাঙি পৰিল | হনুমানে বাল্মিকীক কন্দাৰ কাৰণ সোধাত বাল্মিকীয়ে ক'লে যে হনুমানৰ এই ৰামায়ণ পৃথিৱীৰ মানুহে পঢ়াৰ পিছত বাল্মিকীৰ ৰামায়ণ কোনোৱেই নপঢ়িব | যি সুন্দৰ শ্লোক, উপমা, স্তুতি বন্দনাৰে ৰামৰ গুণ বৰ্ণনা কৰা হৈছে তাৰ স্তৰ আছিল এক বিশেষ পৰ্যায়ৰ | হনুমানৰ ৰামায়ণ পঢ়াৰ পিছত বাল্মিকীৰ নিজে লিখা ৰামায়ণখন তেনেই নগণ্য চেষ্টা যেন লাগিল | বাল্মিকীৰ কান্দোনত বাধা দি হনুমানে ক্ষন্তেকতে বাল্মিকীৰ হাতৰ পৰা কলপাতৰ পৃষ্ঠাবোৰ লৈ ল'লে আৰু চকুৰ পচাৰতে টুকুৰা-টুকুৰ কৰি ফালি পেলালে | বাল্মিকী হতবাক হ'ল আৰু এনে কৰাৰ কাৰণ সুধিলে | হনুমানে ক'লে যে তেওঁৰ ৰামৰ প্ৰতি থকা অগাধ ভক্তি, প্ৰেম আৰু সমৰ্পণ ভাৱাপন্নতাৰ বাবেহে এইসমূহ শ্লোক ৰচনা কৰিছিল, সেই শ্লোকবোৰ সম্পূৰ্ণৰূপে ৰামৰ প্ৰতি উৎসৰ্গিত আছিল আৰু তাত কোনো আকাংঙ্খা নাছিল | তেওঁ প্ৰতিমূহুৰ্ততে নিজৰ লগত ৰামক কঢ়িয়াই লৈ ফুৰিছে ৰামৰ প্ৰতি থকা ভক্তি আৰু প্ৰেমৰ মাজেৰে | তাৰ বাবে এই শ্লোকসমূহ চিৰকাল ৰাখি থোৱাটো প্ৰয়োজনীয় নহয় | যিহেতু বাল্মিকীয়ে এক মহান উদ্দেশ্য লৈ ৰামায়ণ ৰচনা কৰিছে তেনেক্ষেত্রত তেওঁ ৰচনা কৰা ৰামায়ণ খনে বাল্মিকীৰ ৰামায়ণৰ গৰিমাত আঘাত দিয়াতো তেওঁ নিবিচাৰে | হনুমানৰ এই বৈৰাগ্যতাই তেওঁক এক অন্য স্তৰলৈ লৈ গ'ল যদিও সমগ্ৰ বিশ্ব এক মহান সৃষ্টিৰ উমান পোৱাৰ পৰা বঞ্চিত হ'ল | এইক্ষেত্রত বাল্মিকীৰ দৰে মহান ব্যক্তিয়ে হনুমানৰ বদান্যতাতহে আমাৰ মাজত চিনাকি লাভ কৰাৰ সুবিধা পোৱাটোৱেও গুৰুত্ব বহন কৰিছে | হনুমানৰ কৰ্ম আছিল আসক্তিহীন...তেওঁ কেৱল কৰ্ম কৰিছিল, কোনো ফলাফলৰ আশা তেওঁৰ নাছিল ; সেয়ে তেওঁ আছিল মুক্ত, সুখী ব্যক্তি | কিন্তু বাল্মিকীৰ কৰ্মত আছিল কৰ্মফলৰ প্ৰতি চৰম আসক্তি | নিজকে ৰত্নাকৰৰ পৰ্যায়ৰ পৰা বাল্মিকীৰ ৰূপলৈ পৰিৱৰ্তিত কৰি সমাজত নিজকে প্ৰতিষ্ঠা কৰাৰ বাবেহে তেওঁ কৰ্ম কৰিছিল, কিন্তু সেই কৰ্ময়ো তেওঁক সুখী কৰিব পৰা নাছিল, আশ্বস্ত কৰিব পৰা নাছিল...একমাত্র কৰ্মফলৰ প্ৰতি থকা আসক্তিৰ বাবেই | আমি হনুমানকো জানো, বাল্মিকীকো জানো.... দুয়োজনৰ প্ৰতিজনৰ উচ্চতা সম্বন্ধেও আমি নিশ্চয় জ্ঞাত, ৰামায়ণ লিখিও কিন্তু বাল্মিকীয়ে হনুমানৰ উচ্চতাক কেতিয়াও চুব নোৱাৰিলে | আজিৰ সমাজতো আছে বাল্মিকী, হনুমান... বাল্মিকীয়ে প্ৰতিষ্ঠা লাভ ঠিকেই কৰিছে, কিন্তু নিজৰ সৃষ্টি চিৰি-ফালিও কিন্তু হনুমান সদায়েই থিয় দি ৰৈছে দৃঢ়তাৰে বাল্মিকীতকৈ বেছি উচ্চতাত.....
কৰ্ম প্ৰতিজনেই কৰিছে ; কোনোবা সফল, কোনোবা বিফল | আপোনাৰ চিন্তা, আপোনাৰ মানসিকতাই প্ৰথমতে আপোনাৰ কৰ্মৰ মান নিৰ্দ্ধাৰণ কৰিব আৰু পিছলৈ ফলাফলো নিশ্চিত কৰিব | নিজৰ কৰ্মেৰে আপুনি হনুমান হব বিচাৰে নে বাল্মিকী ?? সিদ্ধান্ত আপোনাৰ |

Comments